ইষ্টেৰ 2
1এই সকলো ঘটনাৰ পাছত, ৰজা অহচবেৰোচৰ ক্ৰোধ শান্ত হ’ল, তাৰ পাছত তেওঁ ৰাণী ৱষ্টী, আৰু তেওঁ কৰা কাৰ্যৰ বষয়ে চিন্তা কৰিলে। তেওঁ ৰাণীৰ বিৰুদ্ধে দিয়া আজ্ঞাৰ বিষয়েও চিন্তা কৰিলে।
2তেতিয়া ৰজাৰ পৰিচৰ্যা কৰা যুৱক জনে তেওঁক ক’লে, “মহাৰাজৰ বাবে সুন্দৰী যুৱতী কুমাৰী বিচাৰ কৰা হওক।
3মহাৰাজে নিজৰ ৰাজ্যৰ সকলো প্ৰদেশত বিষয়া সকলক নিযুক্ত কৰক। যাতে তেওঁলোকে সকলো ফালৰ পৰা সুন্দৰী যুৱতী কুমাৰী চুচন ৰাজ-প্রসাদৰ অন্তঃপুৰলৈ আনি গোটাব পাৰে। ৰজাৰ কৰ্মচাৰী নপুংসক হেগয় মহিলা সকলৰ দায়িত্বত আছিল। তেওঁৰ তত্বাৱধানত সুন্দৰী কুমাৰী সকলক ৰখা হওক; আৰু হেগয়ে তেওঁলোকক তেওঁলোকৰ প্রসাধনবোৰ দিয়ক।
4যি গৰাকী যুৱতীয়ে মহাৰাজক সন্তুষ্ট কৰিব, সেই গৰাকীয়েই ৱষ্টীৰ স্থানত ৰাণী হওক।” এই পৰামৰ্শত ৰজাই সন্তুষ্ট হৈ সেই দৰেই কৰিলে।
5সেই সময়ত মৰ্দখয় নামেৰে চুচন ৰাজপ্রসাদত এজন যিহুদী লোক আছিল। তেওঁৰ পিতৃ যায়ীৰ, যায়ীৰৰ পিতৃ চিমিয়ী, আৰু চিমিয়ীৰ পিতৃ কীচ আছিল। কীচ এজন বিন্যামীনীয়া লোক আছিল।
6বাবিলৰ ৰজা নবূখদনেচৰে বন্দী কৰি নিয়া যিহূদাৰ ৰজা যকনিয়াৰ লগত যি লোকসকলক বন্দী কৰি লৈ গৈছিল, তেওঁলোকৰ লগত যিৰূচালেমৰ পৰা মৰ্দখয়কো বন্দী কৰি লৈ গৈছিল।
7মৰ্দখয়ে নিজৰ দদায়েকৰ জীয়েক হদচ্ছাক অৰ্থাৎ ইষ্টেৰক প্ৰতিপালন কৰিছিল; কাৰণ তেওঁৰ পিতৃ-মাতৃ নাছিল। সেই যুৱতীৰ দেহৰ গঠন সুন্দৰ আৰু বাহ্যিক ৰূপ আকৰ্ষণীয় আছিল। মৰ্দখয়ে তেওঁক নিজৰ ছোৱালীৰ দৰে প্ৰতিপালন কৰিছিল।
8ৰজাৰ আদেশ আৰু নিৰ্দেশ ঘোষণা কৰাৰ পাছত, চুচন ৰাজপ্ৰাসাদলৈ অনেক যুৱতীক অনা হৈছিল। তেওঁলোকক নপুংসক হেগয়ৰ তত্ত্বাৱধানত ৰখা হৈছিল। তেওঁলোকে ইষ্টেৰকো ৰাজপ্ৰাসাদলৈ আনি, মহিলাক তত্বৱাধান লোৱা হেগয়ৰ অধীনত ৰাখিছিল।
9ইষ্টেৰে হেগয়ক সন্তুষ্ট কৰি তেওঁৰ অনুগ্রহ লাভ কৰিলে। লগে লগে তেওঁ ইষ্টেৰক প্রসাধন আৰু তেওঁৰ ভাগৰ খাদ্য দিলে। ৰাজপ্রসাদৰ পৰা সাত গৰাকী দাসী তেওঁৰ বাবে নিযুক্ত কৰিলে, আৰু দাসী সকলৰ সৈতে তেওঁক মহিলা গৃহৰ উত্তম ঠাইলৈ স্থানান্তৰ কৰিলে।
10ইষ্টেৰে নিজৰ লোকসকলৰ বা সম্পৰ্কীয় সকলৰ বিষয়ে কাকো একো কোৱা নাছিল, কাৰণ মৰ্দখয়ে তেওঁক সেই কথা ক’বলৈ নিষেধ কৰিছিল।
11ইষ্টেৰ কেনে দৰে আছে, আৰু তেওঁলৈ কি কৰা হ’ব, সেই কথা জানিবলৈ মৰ্দখয়ে প্ৰতিদিনে মহিলা গৃহৰ বাহিৰত থকা চোতালেদি অহা যোৱা কৰিছিল।
12ৰজা অহচবেৰোচৰ ওচৰলৈ যাবৰ বাবে যেতিয়া কোনো এগৰাকী যুৱতীৰ পাল পৰে, তেতিয়া যুৱতী সকললৈ কৰা নিয়ম অনুসাৰে, প্রতি গৰাকী যুৱতীয়ে বাৰমাহ সৌন্দৰ্য চৰ্চা কৰিব লাগে। তাৰে ছমাহ গন্ধৰস তেল, আৰু ছমাহ সুগন্ধি-দ্ৰব্য আৰু প্রসাধনেৰে নিজকে প্রস্তুত কৰিব লাগে।
13এগৰাকী যুৱতীক যেতিয়া ৰাজপ্রসাদত ৰজাৰ ওচৰলৈ লৈ যোৱা হয়, তেতিয়া সেই যুৱতীয়ে যি ইচ্ছা কৰে, সেয়াই সকলো মহিলা গৃহৰ পৰা তেওঁক দিয়া হয়।
14তেওঁ সন্ধিয়া-বেলা ভিতৰলৈ যাব লাগে, আৰু ৰাতিপুৱা মহিলাৰ দ্বিতীয় গৃহলৈ উভটি আহিব লাগে। উপপত্নী সকলৰ দায়িত্বত থকা ৰজাৰ কৰ্মচাৰী নপুংসক চাচগজৰ তত্ত্ৱাৱধানত তেওঁক ৰখা হয়। ৰজাই তেওঁত সন্তুষ্ট হৈ পুনৰ তেওঁক নমতালৈকে তেওঁ ৰজাৰ ওচৰলৈ পুনৰ নাযায়।
15ৰজাৰ ওচৰলৈ যাবৰ বাবে যেতিয়া ইষ্টেৰৰ (অবীহয়িলৰ ছোৱালী ইষ্টেৰৰ দদায়েক মৰ্দখয়ে তেওঁক নিজৰ ছোৱালী দৰে প্রতিপালন কৰিছিল) সময় হ’ল, তেতিয়া তেওঁ মহিলা সকলৰ তদাৰক ৰাজ-নপুংসক হেগয়ে পৰামৰ্শ কৰা বস্তুৰ বাহিৰে তেওঁ আন একো নুখুজিলে। ইষ্টেৰক দেখা সকলোৰে পৰা তেওঁ দয়া লাভ কৰিলে।
16ৰজা অহচবেৰোচৰ ৰাজপ্রসাদলৈ তেওঁৰ ৰাজত্বৰ সপ্তম বছৰৰ দশম মাহ টেবেৎত ইষ্টেৰক তেওঁৰ ওচৰলৈ লৈ যোৱা হৈছিল।
17ৰজাই আন সকলো মহিলাতকৈ ইষ্টেৰক বহুত ভাল পালে, আৰু আনসকলো কুমাৰীতকৈ তেওঁ ৰজাৰ দৃষ্টিত অধিক মৰম আৰু অনুগ্ৰহ পালে। সেয়ে ৰজাই তেওঁৰ মুৰত ৰাজমুকুট দি ৱষ্টীৰ পদত তেওঁক ৰাণী পাতিলে।
18তাৰ পাছত ৰজাই তেওঁৰ সকলো কৰ্মচাৰী আৰু দাস সকলৰ বাবে “ইষ্টেৰৰ ভোজ” বুলি এটা ডাঙৰ ভোজ দিলে; আৰু সকলো প্ৰদেশৰ কৰ ৰেহাই দিবলৈ অনুমতি দিলে। তেওঁ ৰাজকীয় দানশীলতা অনুসাৰে উপহাৰো দিলে।
19দ্বিতীয়বাৰ কুমাৰী সকল গোট খোৱাৰ সময়ত মৰ্দখয়ে ৰাজ-দুৱাৰত বহি আছিল।
20মৰ্দখয়ৰ নিৰ্দেশ অনুসাৰে সেই সময়লৈকে ইষ্টেৰে নিজৰ সম্পৰ্কীয় বা লোকসকলৰ বিষয়ে কাকো কোৱা নাছিল। ইষ্টেৰে মৰ্দখয়ৰ ওচৰত প্ৰতিপালিত হোৱা সময়ত যি দৰে তেওঁৰ পৰামৰ্শ মানি চলিছিল সেই দৰে এতিয়াও চলি আছে।
21মৰ্দখয় ৰাজ-দুৱাৰত বহি থকা দিন বোৰত ৰজাৰ কৰ্মচাৰী বিগথন আৰু তেৰচ নামেৰে দুজন দুৱৰীয়ে খং কৰি আৰু চিঞৰি ৰজা অহচবেৰোচৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিলে।
22সেই কথা মৰ্দখয়ে যেতিয়া গম পালে, তেতিয়া তেওঁ ৰাণী ইষ্টেৰক জনালে। ইষ্টেৰে মৰ্দখয়ৰ হৈ ৰজাক সেই কথা ক’লে।
23সেই কথা বিচাৰ কৰি সত্য বুলি প্ৰমাণিত হোৱাৰ পাছত, তেওঁলোক দুয়োকো ফাঁচিকাঠত ফাঁচি দিয়া হ’ল। সেই কথা ৰজাৰ সাক্ষাতে বংশাৱলীত লিপিৱদ্ধ কৰা হ’ল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath