খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

ইফিচীয়া পত্ৰ 4

1এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই আপোনালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে আপোনালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰক।

2আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক।

3শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নৱান হওক।

4শৰীৰ এক আৰু আত্মাও এক; ঠিক সেইদৰে আপোনালোক সকলো এক আমন্ত্রণৰ আশাৰ কাৰণে আমন্ত্ৰিত হ’ল৷

5এজনেই প্ৰভু, এক বিশ্বাস, এক বাপ্তিস্ম আৰু

6এজনেই ঈশ্বৰ, যি জন সকলোৰে পিতৃ; তেওঁ সকলোৰে ওপৰত, সকলোতে ব্যাপ্ত আৰু সকলোৰে অন্তৰত আছে।

7খ্ৰীষ্টই যি পৰিমাণৰ বৰ দান আমাৰ কাৰণে ৰাখিছে, সেই পৰিমাণ অনুসাৰে আমাক প্ৰতিজনকে দান কৰিছে।

8শাস্ত্রত লিখাৰ দৰে, তেওঁ ওপৰলৈ উঠিল, বন্দীয়াৰ সকলক বন্দী কৰি নিলে, আৰু লোক সকলক নানা বৰ দান দিলে।

9যেতিয়া কোৱা হৈছে, “তেওঁ ওপৰলৈ উঠিল” ইয়াৰ অর্থ কি? এই কথাত এইটোৱে বুজা নাযায় নে, যে তেওঁ পৃথিৱীৰ তল ভাগলৈও নামিছিল?

10যি জন নামিছিল, তেওঁ সেই একেই ব্যক্তি; যি জনে সকলো পূর্ণ কৰিবৰ কাৰণে আকাশতকৈ বহুত ওপৰলৈ উঠিল।

11সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হবলৈ ক্ষমতা দিলে।

12ঈশ্বৰৰ পবিত্ৰ লোক সকলক প্রস্তুত কৰিবৰ বাবে পৰিচর্যাৰ কার্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰ দান দিলে।

13যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যতাত এক নহও আৰু সম্পূর্ণ সিদ্ধতা অর্থাৎ খ্ৰীষ্টৰ নিচিনাকৈ সম্পূর্ণ সিদ্ধ নহওঁ, তেতিয়ালৈকে আমি কার্য কৰি বৃদ্ধি পাই থাকিম।

14তেতিয়া পুণৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ।

15কিন্তু প্ৰেমৰ সৈতে সত্য কথা কম আৰু সকলোভাৱে যি খ্ৰীষ্ট মূৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত আমি বৃদ্ধি পাম।

16মানুহৰ শৰীৰৰ অঙ্গবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কার্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী, খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে। কিয়নো শৰীৰৰ অঙ্গ-প্রত্যঙ্গ পৰস্পৰৰ ওপৰত নির্ভৰশীল।

17এতেকে প্ৰভু যীচুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ।

18কিয়নো ভাল-বেয়া বিষয়ত তেওঁলোকৰ হৃদয় অন্ধকাৰময় আছিল। তেওঁলোকে হৃদয়েৰে কঠিনতাৰ কাৰণে তেওঁৰ বার্তা শুনিবলৈ নিবিচাৰে আৰু সেই বাবেই যীচুৱে আমাক দিয়া অনন্ত জীৱনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে।

19তেওঁলোকৰ বিবেক অসাৰ হৈছে; তেওঁলোক সকলো প্রকাৰৰ লোভত পৰি অশুচি কর্মবোৰত লিপ্ত হৈ কামনাৰ হাতত নিজক শোধাই দিছে।

20কিন্তু আপোনালোক হলে খ্ৰীষ্টৰ বিষয়ে এইবোৰ শিক্ষা পোৱা নাই;

21আপোনালোকে তেওঁৰ বিষয়ে শুনিছে আৰু যীচুত থকা সত্যতাৰ বিষয়েও শিক্ষা পালে,

22আপোনালোকে প্ৰৱঞ্চনাপূর্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূর্বকালৰ জীৱন-যাপনৰ বন্ধন সোলোকাই থবলৈ শিক্ষা পালে।

23সেই শিক্ষা অনুসাৰে আপোনালোক যেন নিজৰ নিজৰ মনৰ আত্মাত পুনৰায় নতুন হৈ উঠি,

24সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক যেন পিন্ধিব পাৰে।

25সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ।

26ক্ৰুদ্ধ হৈ তাৰ প্ৰভাৱত পাপ নকৰিব; বেলি মাৰ নৌ যাওঁতেই আপোনালোকৰ কোপ শান্ত হওক;

27আপোনালোকে চয়তানক সুযোগ নিদিব।

28যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক।

29আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক।

30মুক্তি দিনৰ অর্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মাত আপোনালোকক মোহৰ মৰা হল, তেওঁক অসন্তুষ্ট নকৰিব।

31সকলো কটুবাক্য, খং, ক্ৰোধ, দ্বন্দ-কাজিয়া, নিন্দা আটাই হিংসাৰে সৈতে এই সকলো আপোনালোকৰ পৰা দূৰ হওক।

32পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক; ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath