উপদেশক 5
1ঈশ্বৰৰ গৃহলৈ যোৱা কালত তোমাৰ ভৰি সাৱধানে ৰাখিবা। যিসকলে নিজে কৰা অন্যায় কামবোৰ বুজি নাপায়, তেনে অজ্ঞানী লোকৰ দৰে বলিদান কৰাতকৈ বৰং তাত শুনিবলৈ ওচৰ চপাই ভাল।
2তোমাৰ মুখে কেতিয়াও বেগা-বেগীকৈ কথা নকওঁক। ঈশ্বৰৰ আগত বেগা-বেগীকৈ কোনো কথা উচ্চাৰণ নকৰিবা; কিয়নো ঈশ্বৰ স্বৰ্গত আৰু তুমি পৃথিবীত আছা; এই হেতুকে তোমাৰ কথা যেন অলপ হয়।
3অধিক কাৰ্যৰ ভাৱ-চিন্তা থাকিলে মানুহে যেনেকৈ সপোন দেখে, তেনেকৈ আৰু অধিককৈ কথা ক’লে অজ্ঞানতা প্রকাশ পায়।
4ঈশ্বৰৰ আগত সংকল্প কৰিলে, তাক সিদ্ধ কৰিবলৈ পলম নকৰিবা; কিয়নো তেওঁ অজ্ঞানসকলত সন্তোষ নাপায়। তুমি যি সংকল্প কৰা, তাক সিদ্ধ কৰা।
5সেয়ে সংকল্প কৰি সিদ্ধ নকৰাতকৈ সংকল্প নকৰাই ভাল।
6তোমাৰ মুখে যেন তোমাৰ শৰীৰক পাপৰ পথলৈ লৈ নাযায়; “মোৰ সংকল্প কৰা ভুল হ’ল” এই কথা প্রার্থনা গৃহৰ পুৰোহিতৰ আগত নকবা; মিছা সংকল্পৰে তোমাৰ কথাৰ কাৰণে তোমাৰ হাতৰ কাৰ্য নষ্ট কৰিবলৈ ঈশ্বৰক কিয় ক্ৰোধিত কৰা?
7কিয়নো অধিক সপোন আৰু অধিক কথাৰ সৈতে অসাৰতা আহে; কিন্তু তুমি ঈশ্বৰক ভয় কৰিবা।
8তোমাৰ এলেকাত যদি কোনো দৰিদ্ৰক অত্যাচাৰ কৰা দেখা নাইবা কোনোবাই ন্যায় বিচাৰ আৰু নায্য অধিকাৰ নোপোৱা যেন দেখা, তেন্তে সেই কথাত আচৰিত নামানিবা; কিয়নো উচ্চ পদত থাকোঁতা ক্ষমতাশালী লোকসকলে তেওঁলোকৰ অধীনত থকাসকলৰ ওপৰত দৃষ্টি ৰাখে আৰু তেওঁলোকৰ ওপৰতো আন উচ্চতম পদত লোক আছে।
9কিন্তু ভূমিত উৎপাদন কৰিবলৈ এজন ৰজা থাকিলে এখন দেশৰ বাবে সকলোপ্রকাৰে এক লাভ হয়।
10যি মানুহে ধন-ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন-ৰূপত তৃপ্ত নহয়; যি মানুহে অধিক ধন-সম্পত্তি বিচাৰে, তেওঁ আয়ত তৃপ্ত নহয়। ইও অসাৰ।
11ধন-সম্পত্তি বাঢ়িলে খাওঁতাও বাঢ়ে; এতেকে তাক চকুৰে দেখাৰ বাহিৰে সেই সম্পত্তিত গৰাকীৰ কি লাভ?
12যি জনে পৰিশ্রম কৰে, তেওঁ কম খাওঁক বা বেচি খাওঁক, তেওঁৰ টোপনি ভাল হয়। কিন্তু ধনৱানৰ অধিক ধন-সম্পত্তিয়ে তেওঁক টোপনি যাব নিদিয়ে।
13সূৰ্যৰ তলত মই এক ভীষণ দুখৰ বিষয় দেখিলোঁ: ঐশ্বর্যৰ গৰাকীয়ে নিজৰ দুর্দশাৰ কাৰণেহে ধন জমা কৰি ৰাখে।
14দুৰ্ঘটনাত সেই ধন ধ্বংস হৈ যায়। তাতে তেওঁৰ পুত্ৰৰ কাৰণে একোৱেই নাথাকে।
15মাকৰ গৰ্ভৰ পৰা মনুষ্য যেনেকৈ উদঙে আহে, তেনেকৈ তেওঁ উদঙে এই জীৱন এৰি পুনৰায় গুছি যায়। নিজৰ পৰিশ্ৰমৰ একোৱেই তেওঁ হাতত লৈ যাব নোৱাৰে।
16ইও এক ভীষণ দুখৰ বিষয় যে, এজন ব্যক্তি যেনেকৈ আহে, তেনেকৈয়ে গুছি যায়; সেয়ে তেওঁৰ কি লাভ? তেওঁতো বতাহক ধৰিবলৈহে পৰিশ্ৰম কৰে।
17তেওঁ অতি পীড়িত হৈ ৰোগ-ব্যাধি আৰু খঙেৰে জীৱন কটায় আৰু গোটেই জীৱনকাল আন্ধাৰত বসবাস কৰে ।
18তাৰ পাছত মই উত্তম আৰু উপযুক্তভাৱে থাকিবৰ বাবে ইয়াকে বুজিব পাতিলোঁ: ঈশ্বৰে যি কেইটা দিন মানুহক জীয়াই থাকিবলৈ দিছে, সেই সকলো দিনত খোৱা-বোৱা কৰি থাকিবলৈ আৰু সূর্যৰ তলত কৰা সকলো পৰিশ্রমেৰে সৈতে সন্তুষ্ট উপভোগ কৰিবলৈ দিছে; কিয়নো এয়ে আমাৰ কার্য।
19তেনেকৈয়ে ঈশ্বৰে কোনো মানুহক ধন-সম্পত্তি দিয়ে আৰু সেইবোৰ ভোগ কৰিবলৈ দিয়ে; নিজৰ কাৰণে প্রাপ্যৰ অংশ পাবলৈ সমর্থৱান কৰে আৰু নিজৰ পৰিশ্রমত আনন্দ কৰিবলৈ দিয়ে; এই সকলোও ঈশ্বৰৰ এক দান।
20তেওঁ নিজৰ আয়ুসৰ দিনবোৰৰ কথা মনলৈ নানে, কিয়নো ঈশ্বৰে তেওঁৰ মনত আনন্দ দি তেওঁক ব্যস্ত ৰাখে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath