খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

উপদেশক 11

1তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া ; কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা।

2তোমাৰ কার্য সাধনৰ উপায়বোৰ, সাত বা আঠজনৰ সৈতে ভাগ বাঁটি লোৱা; কিয়নো পৃথিবীত কি দুর্যোগ ঘটিব, তাক তুমি নাজানা।

3যেতিয়া মেঘবোৰ বৃষ্টিৰে পূৰ্ণ হৈ থাকে, তেতিয়া তাৰ পৰা পৃথিবীত বৰষুণ পৰে; গছ উত্তৰ বা দক্ষিণ যি দিশতেই পৰক, কিন্তু যি ঠাইত পৰে, সেই ঠাইতেই পৰি থাকে।

4যি কোনোৱে বতাহক নিৰীক্ষণ কৰে, তেওঁ বীজ ৰোপন কৰিব নোৱাৰে, যি কোনোৱে বৰষুণক নিৰীক্ষণ কৰে, তেওঁ শস্য দাব নোৱাৰে।

5বতাহ কোন দিশৰ পৰা বলিব, তুমি নাজানা; তুমি নাজানা মাতৃগর্ভত এটি শিশুৰ হাড়বোৰ কেনেকৈ বৃদ্ধি হয়; সেইদৰে যিজন সকলো বস্তুৰে সৃষ্টিকর্তা, সেই ঈশ্বৰৰ কার্যও তুমি বুজিব নোৱাৰা।

6ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা, আৰু গধূলি পৰত তোমাৰ হাতক কর্মহীন নকৰিবা; কিয়নো পুৱা বা গধূলি কৰা কোনটো কার্যত তুমি সফল হ’বা, তুমি নাজানা; এই কার্যত নে সেই কার্যত, অথবা দুয়োটাই একে সমানেই ভাল হ’ব, তাক নাজানা।

7স্বৰূপেই পোহৰ সুন্দৰ আৰু চকুৰ বাবে সূৰ্যক দেখা পোৱা এক সন্তোষজনক বিষয়

8কোনো মানুহ যদি অনেক বছৰ জীয়াই থাকে, তেন্তে তেওঁ যেন নিজৰ সেই দিনবোৰত আনন্দ উপভোগ কৰে; কিন্তু অন্ধকাৰৰ আগন্তুক দিনবোৰৰ কথাও যেন তেওঁ মনত ৰাখে; কিয়নো সেই দিনবোৰ হ’ব অনেক। যি যি ঘটিব সেই সকলোৱেই অস্থায়ী, অসাৰ।

9হে যুবক, তুমি তোমাৰ যৌৱনকালত আনন্দ কৰা; যুবা বয়সৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰক; তুমি তোমাৰ হৃদয়ৰ সৎ ইচ্ছাবোৰৰ পথত চলিবা আৰু নিজ চকুৰ দৃষ্টিত যি ভাল তাকে কৰিবা। কিন্তু জানিবা যে, ঈশ্বৰে এই সকলো বিষয়ৰ কাৰণে তোমাক বিচাৰৰ ঠাইলৈ আনিব।

10এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্রোধ দূৰ কৰা; তোমাৰ শৰীৰৰ কষ্টলৈ মনোযোগ নিদিবা; কিয়নো যৌৱন আৰু যুবা কালৰ শক্তি ভাপ-স্বৰূপ।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath