খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

দ্বিতীয় বিৱৰণ 9

1হে ইস্ৰায়েলীয়াসকল শুনক; যি সকলো জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী, আপোনালোকে এতিয়া তেওঁলোকৰ আকাশলঙ্ঘা দেৱালেৰে আবৃত বৃহৎ নগৰবোৰ অধিকাৰ কৰিবৰ কাৰণে যৰ্দ্দন নদী পাৰ হ’বলৈ গৈ আছে।

2সেই ঠাইৰ লোকসকল অনাকীয়। তেওঁলোক শক্তিশালী আৰু ওখ। আপোনালোকে অনাকীয়াসকলৰ বিষয়ে জানে। তেওঁলোকৰ বিষয়ে এইবুলি কোৱা আপোনালোকে শুনিছিল যে, “অনাকীয় সন্তান সকলৰ আগত থিয় হ’ব পৰা কোন লোক আছে?”

3কিন্তু আজি আপোনালোকে এই কথা জানি ৰাখক যে, আপোনালোকৰ ঈশ্বৰ যিহোৱা গ্ৰাসকাৰী অগ্নিৰ নিচিনাকৈ আপোনালোকৰ আগে আগে যাওঁতা; তেওঁ তেওঁলোকক ধ্বংস কৰি দিব; তেঁৱেই আপোনালোকৰ সন্মুখত তেওঁলোকক তল কৰিব। আপোনালোকৰ ওচৰত যিহোৱাই যি আশ্বাস দিছিল সেই অনুসাৰে আপোনালোকে তেওঁলোকক খেদি পঠিয়াব আৰু মূহূর্ততে তেওঁলোকক বিনষ্ট কৰিব।

4আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠোৱাৰ পাছত আপোনালোকৰ কোনেও যেন মনতে এনে কথা নকয়, মোৰ ধাৰ্মিকতাৰ কাৰণেই যিহোৱাই মোক এই দেশ অধিকাৰ কৰিবলৈ লৈ আনিছে।’ আচলতে এইসকলো জাতিৰ লোকসকলৰ দুষ্টতাৰ কাৰণেই যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠাব।

5আপোনালোকৰ ধাৰ্মিকতা বা অন্তৰৰ সততাৰ কাৰণেই যে আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিবলৈ গৈছে, সেয়ে নহয়, বৰং এই জাতিবোৰৰ দুষ্টতাৰ কাৰণেহে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাব যাতে আপোনালোকৰ তেওঁ আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, তাক পূর্ণ কৰিব পাৰে।

6এই হেতুকে আপোনালোকে জানিব যে, আপোনালোকৰ ধাৰ্মিকতাৰ বাবেই যে ঈশ্বৰ যিহোৱাই এই উত্তম দেশ আপোনালোকৰ অধিকাৰৰ অৰ্থে দিছে, সেয়ে নহয়; কিয়নো আপোনালোক এক ঠৰডিঙীয়া জাতি।

7আপোনালোকে মৰুভূমিত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কেনেদৰে ক্রোধ জগাই তুলিছিল, তাক মনত ৰাখক, কেতিয়াও পাহৰি নাযাব। মিচৰ দেশ এৰি অহা দিনৰে পৰা আৰম্ভ কৰি এই ঠাই পোৱালৈকে আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছে।

8হোৰেবতো আপোনালোকে যিহোৱাৰ ক্ৰোধ জন্মাইছিল; তাতে যিহোৱাই আপোনালোকৰ ওপৰত ক্ৰোধিত হৈ আপোনালোকক ধ্বংস কৰিব খুজিছিল।

9যি সময়ত যিহোৱাই আপোনালোকৰ সৈতে স্থাপন কৰা নিয়ম লিখা শিলৰ ফলি দুখন গ্রহণ কৰিবলৈ মই পর্বতলৈ উঠি গৈ চল্লিশ দিন আৰু চল্লিশ ৰাতি সেই ঠাইতে আছিলোঁ। তেতিয়া মই আহাৰ কি পানী নোখোৱাকৈয়ে আছিলোঁ।

10যিহোৱাই নিজৰ আঙুলিৰে লিখা এনে দুখন শিলৰ ফলি মোক দিলে; যিদিনা আপোনালোক সকলোৱে যিহোৱাৰ সন্মুখত গোট খাইছিল, সেইদিনা তেওঁ পাহাৰৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক যি যি আজ্ঞা ঘোষণা কৰিছিল, সেইবোৰ সেই ফলি দুখনত লিখা আছিল।

11সেই চল্লিশ দিন আৰু চল্লিশ ৰাতিৰ শেষত যিহোৱাই মোক এই শিলৰ ফলি দুখন দিছিল।

12যিহোৱাই মোক কৈছিল, “উঠা, তুমি শীঘ্রেই এই ঠাইৰ পৰা তললৈ নামি যোৱা; কিয়নো তুমি তোমাৰ যি লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোক ভ্ৰষ্ট হৈছে। মই আজ্ঞা কৰা পথ এৰি তেওঁলোকে নিজৰ কাৰণে সাঁচত ঢলা এটা মূৰ্ত্তি নিৰ্ম্মাণ কৰি লৈছে।”

13যিহোৱাই মোক পুনৰ কৈছিল, “মই এই লোকসকললৈ চাই দেখিলোঁ, তেওঁলোক এক ঠৰডিঙীয়া জাতি।

14তুমি মোক বাধা নিদিবা; মই তেওঁলোকক বিনষ্ট কৰিম আৰু আকাশৰ তলৰ পৰা তেওঁলোকৰ নাম লুপ্ত কৰিম; তাৰ পাছত তোমাৰ পৰাই মই এক শক্তিশালী আৰু মহান জাতি সৃষ্টি কৰিম।”

15সেয়ে মই পৰ্বতৰ পৰা উলটি তললৈ নামি আহিলোঁ; তেতিয়াও পৰ্বতত জুই জ্বলি আছিল আৰু মোৰ দুখন হাতত নিয়ম লিখা দুখন ফলি আছিল।

16তাৰ পাছত মই দেখিলোঁ, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰি পূজাৰ অর্থে আপোনালোকে সাঁচত ঢলা এটা দামুৰি নিৰ্ম্মাণ কৰিলে; যিহোৱাই আপোনালোকক যি পথত চলিবলৈ আজ্ঞা দিছিল, মুহূর্ততে আপোনালোকে সেই পথৰ পৰা আঁতৰি গৈছিল।

17তাতে মই সেই ফলি দুখন মোৰ হাতৰ পৰা দলিয়াই পেলাই দিছিলোঁ; আপোনালোকৰ চকুৰ আগতে সেই দুখন ভাঙি পেলাইছিলোঁ।

18যিহোৱাৰ দৃষ্টিত যি বেয়া, এনে সকলো পাপ কৰি আপোনালোকে তেওঁৰ ক্রোধ জগাই তুলিছিল বাবে মই পুনৰ যিহোৱাৰ সন্মুখত পূর্বৰদৰে চল্লিশ দিন চল্লিশ ৰাতি উবুৰি হৈ পৰিছিলোঁ; আহাৰ-পানী একো নোখোৱাকৈ আছিলোঁ।

19যিহোৱাৰ প্রচণ্ড ক্রোধত মই ভয় খাইছিলো; কিয়নো, আপোনালোকক বিনষ্ট কৰিবলৈ তেওঁ আপোনালোকৰ বিৰুদ্ধে ক্রোধিত হৈ পৰিছিল। কিন্তু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল।

20ধ্বংস কৰি পেলাব পৰাকৈ যিহোৱা হাৰুণৰ ওপৰতো অতিশয় ক্রুদ্ধ হৈছিল; মই তেতিয়া হাৰোণৰ নিমিত্তেও প্ৰাৰ্থনা কৰিছিলোঁ।

21মই আপোনালোকৰ পাপ, অৰ্থাৎ আপোনালোকে নিৰ্ম্মাণ কৰা দামুৰিটো জুইত পুৰি দিছিলোঁ। তাৰ পাছত মই তাক ধুলিৰ নিচিনাকৈ গুড়ি কৰি পৰ্বতৰ পৰা বৈ অহা নদীৰ সোঁতত ধুলিবোৰ পেলাই দিছিলোঁ।

22ইয়াৰ পাছত, তবিয়েৰাত, মচ্ছাত আৰু কিব্ৰোৎ-হত্তাবাত আপোনালোকে যিহোৱাক ক্ৰোধ জগাই তুলিছিল।

23তাৰ পাছত, যিহোৱাই কাদেচ-বৰ্ণেয়াৰ পৰা আপোনালোকক পঠোৱাৰ সময়ত ক’লে, “তোমালোক উঠি যোৱা, মই তোমালোকক যি দেশ দিছো তোমালোকে তাক অধিকাৰ কৰা।” কিন্তু সেই সময়ত আপোনালোকে নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্রোহ কৰিলে। আপোনালোকে তেওঁক বিশ্বাসো নকৰিলে আৰু তেওঁৰ কথালৈ কাণষাৰ নিদিলে।

24মই যেতিয়াৰে পৰা আপোনালোকক জানিছোঁ, তেতিয়াৰে পৰা আপোনালোক সকলো সময়তে যিহোৱাৰ অবাধ্য হৈছে।

25যিহোৱাই আপোনালোকক ধ্বংস কৰিম বুলি কোৱাৰ কাৰণে মই যিহোৱাৰ আগত চল্লিশ দিন আৰু ৰাতি উবুৰি হৈ পৰি আছিলোঁ।

26মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি কৈছিলোঁ, “হে মোৰ প্ৰভু যিহোৱা, তুমি তোমাৰ লোকসকলক ধ্বংস কৰি নেপেলাবা। তেওঁলোক তোমাৰেই; নিজ মহিমাৰে মুক্ত কৰি, তোমাৰ ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা উলিয়াই অনা তোমাৰ উত্তৰাধিকাৰী লোকসকলক ধ্বংস নকৰিবা।

27তোমাৰ দাস অব্ৰাহাম, ইচহাক, আৰু যাকোবক সোঁৱৰণ কৰা; এই লোকসকলৰ ঠৰডিঙীয়া স্বভাৱ, দুষ্টতা আৰু পাপলৈ দৃষ্টি নকৰিবা;

28কৰিলে, তুমি আমাক যি দেশৰ পৰা উলিয়াই আনিলা, সেই দেশৰ লোকসকলে ক’ব, ‘যিহোৱাই তেওঁলোকক যি দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেই দেশলৈ নিবলৈ অসমর্থ হোৱাৰ কাৰণে আৰু তেওঁলোকক ঘিণ কৰাৰ কাৰণে তেওঁ মৰুপ্রান্তৰত তেওঁলোকক বধ কৰিবলৈ উলিয়াই আনিলে।’

29কিন্তু তথাপিও তেওঁলোক তোমাৰেই লোক আৰু আধিপত্য, যাক তুমি তোমাৰ পৰাক্রমী শক্তিৰ দ্বাৰা আৰু তোমাৰ ক্ষমতাৰ প্রর্দশনেৰে উলিয়াই আনিছিলা।”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath