দ্বিতীয় বিৱৰণ 4
1এতিয়া, হে ইস্ৰায়েলীয়াসকল শুনক! আপোনালোক যেন জীয়াই থাকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশত প্রৱেশ কৰি আপোনালোকে যেন তাক অধিকাৰ কৰিব পাৰে, সেয়ে মই আপোনালোকক যি বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাব বিচাৰিছোঁ, সেইবোৰ মানি চলিব।
2মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিব।
3আপোনালোকেতো বাল-পিয়োৰৰ কাৰণে যিহোৱাই কি কি কৰিছিল, তাক নিজ চকুৰেই দেখিলে; আপোনালোকৰ মাজৰ যিমান লোকে বাল-পিয়োৰক অনুসৰণ কৰিছিল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোক সকলোকে আপোনালোকৰ মাজৰ পৰা উচ্ছন্ন কৰিলে।
4কিন্তু আপোনালোক যিসকলে আপোনালোকৰ ঈশ্বৰ যিহোৱাক খামুচি ধৰি আছিল, আপোনালোক সকলো এতিয়াও জীয়াই আছে।
5শুনক, মই মোৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা মানি আপোনালোকক বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাইছোঁ; যি দেশ অধিকাৰ কৰিবৰ কাৰণে আপোনালোকে প্রৱেশ কৰিবলৈ গৈ আছে, সেই দেশত যেন এইবোৰ মানি চলিব পাৰে।
6আপোনালোকে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব; কিয়নো এইসকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোকসকলৰ দৃষ্টিত আপোনালোকৰ জ্ঞান আৰু বুদ্ধি প্রকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক’ব, “সঁচাকৈয়ে এই মহাজাতিৰ লোকসকল জ্ঞানী আৰু বুদ্ধিমান।”
7চাওঁক, যেনেকৈ আমাৰ ঈশ্বৰ যিহোৱাক আমি মাতিলেই আমাৰ কাষত পাওঁ, তেনেকৈ এনে কোন মহাজাতি আছে যি সকলৰ এজন দেৱতা তেওঁলোকৰ অতি ওচৰত থাকে?
8মই আজি আপোনালোকৰ আগত যি সকলো বিধান শিকাইছোঁ, তেনেকুৱা ধর্মময় বিধান আৰু অনুশাসন আন কোন মহাজাতিৰ আছে?
9যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে আপোনালোকে নিজৰ বিষয়ে সতর্কতাৰে চলি আপোনালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিব; আপোনালোকে নিজ চকুৰে যি যি দেখিলে, সেইবোৰ যেন পাহৰি নাযায় আৰু আপোনাৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যেই আপোনালোকে আপোনালোকৰ সন্তান-সন্ততি আৰু আপোনালোকৰ নাতি-নাতিনীসকলক এই সকলোবোৰৰ বিষয়ে শিকাব।
10যি দিনা হোৰেব পর্বতত আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিল, সেই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোকসকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তান সকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিব পাৰে।”
11সেয়ে আপোনালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিল। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল।
12সেই সময়তে যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল; আপোনালোকে যিহোৱাৰ মাত শুনিছিল; কিন্তু আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল, কেৱল এক মাতৰ শব্দহে শুনিছিল।
13তেওঁ আপোনালোকৰ ওচৰত নিজৰ নিয়ম অর্থাৎ দহ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দহ আজ্ঞা আপোনালোকক পালন কৰিবলৈ নির্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল।
14সেই সময়ত যিহোৱাই আপোনালোকক বিধি আৰু নিয়মবোৰ শিকাবলৈ মোক আদেশ দিলে যাতে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈ আছে, সেই ঠাইত সেইবোৰ মানি চলিব পাৰে।
15যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল, তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল; সেয়ে আপোনালোক নিজে অতি সাৱধান হওঁক।
16সাৱধান হওঁক! আপোনালোক নিজে ভ্ৰষ্ট নহ’ব; কোনো প্রাণীৰ আকৃতিৰে খোদিত কৰা কটা প্রতিমা বা পুৰুষ কি স্ত্রীৰ আকাৰ নির্মাণ কৰি,
17পৃথিবীত থকা কোনো পশুৰ আকৃতিৰে বা আকাশত উড়ি ফুৰা ডেউকা লগা চৰাইৰ আকৃতিৰে
18নাইবা কোনো সৰীসৃপ জীৱ বা ভূমিৰ তলৰ পানীত থকা কোনো মাছৰ আকৃতি নির্মাণ কৰি ভ্রষ্ট নহ’ব।
19আকাশৰ ফালে যেতিয়া আপোনালোকে চকু তুলি চায় আৰু সূৰ্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখে, তেতিয়া আপোনালোক সাৱধান হ’ব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হ’ব।
20যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।
21তাৰ উপৰি আপোনালোকৰ কাৰণে যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈছিল আৰু তেওঁ প্রতিজ্ঞা কৰি কৈছিল যে মোক যৰ্দ্দন নদী অতিক্রম কৰি যাব নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ দিছে, মই সেই উত্তম দেশত প্রৱেশ কৰিব নোৱাৰিম।
22মই এই ঠাইতেই মৰিম; মই যৰ্দ্দন নদী পাৰ হৈ যাব নোৱাৰিম; কিন্তু আপোনালোকে নদী পাৰ হৈ গৈ সেই উত্তম দেশ অধিকাৰ কৰিব।
23এই কাৰণে আপোনালোকে মনোযোগেৰে নিজৰ কাৰণে সর্তক হৈ থাকক, প্রভু ঈশ্বৰ যিহোৱাই আপোনালোকৰ লগত যি নিয়মৰ চুক্তি কৰিছিল তাক নাপাহৰে আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক নিষেধ কৰা কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা যেন নাসাজে।
24কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।
25যি সকল আপুনি জন্ম দিয়া শিশু আৰু পো-নাতি হ’ব আপুনিও সেই ঠাইত বহু কাল বাস কৰাৰ পাছত, যদি আপোনালোকে ভ্ৰষ্ট হৈ কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা সাজি তেওঁৰ দৃষ্টিত যি বেয়া তাকে কৰি ঈশ্বৰ যিহোৱাক উত্তেজিত কৰি ক্রোধ জন্মায়।
26মই আজি আপোনালোকৰ বিৰুদ্ধে আকাশ আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ, আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন নদী পাৰ হৈ যাব; সেই দেশত আপোনালোকৰ বৃদ্ধি নহব শীঘ্ৰেই বিনষ্ট হ’ব; আৰু সম্পুর্ণভাৱে সকলো ধ্বংস হ’ব।
27যিহোৱাই আপোনালোকক মানুহৰ মাজত সিচঁৰিত কৰিব আৰু যিহোৱাই যি ঠাইলৈ আপোনালোকক লৈ যাব, তাত ক’ম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব।
28সেই ঠাইত আপোনালোকে, মানুহৰ হাতেৰে নির্মাণ কৰা কাঠ আৰু শিলৰ দেৱ-মুৰ্ত্তিবোৰ যিবোৰে নেদেখে, যিবোৰে নুশুনে, যিবোৰে খাব নোৱাৰে আৰু গোন্ধও ল’ব নোৱাৰে এনে কাঠ আৰু শিলক সেৱা পুজা কৰিব।
29কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব।
30যেতিয়া আপুনি সঙ্কতত পৰিব, আৰু এই সকলো ঘটনা আপোনালৈ ঘটিব, তেতিয়া সেই ভৱিষ্যত কালত আপুনি নিজ ঈশ্বৰ যিহোৱালৈ উলটিব; আৰু তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পাব।
31কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসও নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।
32এই কাৰণে পূর্বে হৈ যোৱা দিনৰ বিষয়ে এতিয়া চাওঁক, আপোনাৰ আগত যে আছিল; আগতে যিদিনা, ঈশ্বৰে পৃথিৱীত মানুহ সৃষ্টি কৰিলে আৰু আকাশৰ আৰম্ভণিৰ পৰা অন্তলৈকে সোধক, যদি কোনোবাই এনে মহৎ কাৰ্য জানো কেতিয়াবা কৰিব পাৰিছে, অথবা মহৎ কাৰ্যৰ কথা শুনিবলৈ পাইছে?
33আপোনালোকৰ মাজৰ কোনোলোক অগ্নিকুণ্ডৰ মাজৰ পৰা, ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনি কোনো জাতি জীয়াই থকা আপুনি শুনিছে নে?
34ঈশ্বৰ যিহোৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্ঠা কৰিছে নে, তেওঁ তেওঁৰ বিচাৰ, চিন আৰু আচৰিত কার্য, যুদ্ধ আৰু ক্ষমতাশালী হাত, আৰু তেওঁৰ মহান শক্তি প্রর্দশন কৰি আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই মিচৰত যিহোৱাই আপোনাৰ সন্মুখত এই সকলো কার্য কৰা নাছিল নে?
35যিহোৱা যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই ইয়াক জানিবৰ কাৰণে এই সকলো আপোনাকহে দেখুউৱা হ’ল।
36তেওঁ আপোনাক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে। পৃথিবীত নিজৰ অনন্ত অগ্নিশিখা আপোনাক দেখুৱালে; আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পালে।
37কাৰণ তেওঁ আপোনাৰ পূর্বপুৰুষসকলক প্ৰেম কৰিছিল, এই কাৰণে আপোনাৰ অর্থাৎ তেওঁলোকৰ পাছত ভাৱি-পূৰুষসকলক মনোনিত কৰিছিল। এই কাৰণে আপোনালোকক তেওঁ আপোনালোকৰ লগত থাকি মহাপৰাক্রমেৰে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে;
38আপোনাতকৈ বৃহত আৰু ক্ষমতাশালী জাতীবোৰৰ মাজৰপৰা আপোনাক উলিয়াই তেওঁৰ দেশলৈ আনিলে, তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিবলৈ; যিবোৰ হ’ল ঠিক আজিও তেনে হবলৈ ধৰিছে।
39এই হেতুকে, আপোনালোকে অৱশ্যেই জ্ঞাত হওঁক, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱা যে ঈশ্বৰ; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
40সেয়ে আজি মই আপোনালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলোঁ, সেইবোৰ আপোনালোকে অৱশ্যেই মানি চলিব। আপোনাৰ আৰু ভাবীসন্তান সকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন আপোনালোক দীর্ঘাযু হয়।
41ইয়াৰ পাছত মোচিয়ে যৰ্দ্দন নদীৰ পূব ফালে তিনখন নগৰ বাচি বেলেগ কৰি ৰাখিলে।
42সেয়ে যদি কোনো ব্যক্তিয়ে দুর্ঘটনাক্রমে, আগৰ কোনো শত্রুতা নথকাতো আন এজনক বধ কৰে, আৰু তেওঁ পলাই গৈ সেই তিনিখন নগৰৰ মাজৰ এখনত সোমাই বাচি থাকিব।
43সেই নগৰ কেইখন আছিল: অৰণ্যৰ সমথল ভূমিত থকা ৰূবেণীয়াসকলৰ কাৰণে বেচৰ; আৰু গাদীয়াসকলৰ বাবে গিলিয়দত থকা ৰমোৎ, মনচিয়াসকলৰ বাবে বাচানত থকা গোলন।
44এইবোৰ বিধি-ব্যৱস্থা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মূখত মোচিয়ে স্থাপন কৰিছিল।
45এইবোৰ চুক্তি কৰি শিক্ষা, বিধি-বিধান মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক মিচৰৰ পৰা উলিয়াই অনা সময়ত দিছিল।
46যেতিয়া তেওঁলোক যৰ্দ্দনৰ পূবফালে অর্থাৎ বৈৎ-পিয়োৰৰ বিপৰীতৰ উপত্যকাত, চিহোন দেশত বস-বাসকৰা ইমোৰীয়াসকলৰ ৰজা, যি জন হিচবোন-নিবাসি আছিল। মিচৰ দেশৰ পৰা ওলাই অহা সময়ত ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজিত কৰিছিল।
47তেওঁলোকে চীহোন অধিকাৰ কৰি ল’লে আৰু ইয়াৰ বাহিৰেও বাচানৰ ৰজা ওগৰ দেশ অধিকাৰ কৰি লৈছিল। ইমোৰীয়াসকলৰ এই ৰজা দুজন যৰ্দ্দন নদীৰ পূবদিশত বাস কৰিছিল।
48এই অঞ্চলটো অৰ্ণোনৰ পৰা আৰম্ভ, উপত্যকাৰ দাঁতিত থকা অৰোয়েৰৰ পৰা চীয়োন অৰ্থাৎ হৰ্মোণ পৰ্ব্বতলৈকে বিস্তাৰিত হৈ আছে;
49এই পর্বতলৈকে থকা সকলো দেশ আৰু পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা যৰ্দ্দন নদীৰ পূবফালৰ সমগ্র যর্দন উপত্যকা এই দেশৰ অন্তর্ভুক্ত আছিল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath