খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

দ্বিতীয় বিৱৰণ 31

1পাছত মোচিয়ে ইস্ৰায়েলীয়া লোকসকলক এইবোৰ কথা ক’লে,

2“মোৰ বয়স এতিয়া এশ বিশ বছৰ হ’ল; মই চলা-ফুৰা কৰিব নোৱাৰা হৈছোঁ; যিহোৱাই মোক কৈছে, ‘তুমি এই যৰ্দ্দন নদী পাৰ হৈ নাযাবা।’’

3আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ আগে আগে পাৰ হৈ যাব; তেৱেঁই আপোনালোকৰ সন্মুখৰ পৰা এই সকলো জাতিবোৰক বিনষ্ট কৰিব আৰু আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব। যিহোৱাৰ আজ্ঞা অনুসাৰে যিহোচূৱাই নদী পাৰ হৈ আপোনালোকৰ আগেয়ে পাৰ হৈ যাব।

4ইমোৰীয়াসকলৰ ৰজা চীহোন আৰু ওগ এই দুজনক আৰু তেওঁলোকৰ দেশক যিহোৱাই যেনেকৈ বিনষ্ট কৰিছিল, তেনেকৈয়ে তেওঁ এই সকলো জাতিকে বিনষ্ট কৰিব।

5যুদ্ধক্ষেত্রত যিহোৱাই তেওঁলোকক আপোনালোকৰ হাতত শোধাই দিব আৰু মই আপোনালোকক দিয়া সকলো আজ্ঞা অনুসাৰে আপোনালোকে তেওঁলোকৰ প্রতি ব্যৱহাৰ কৰিব।

6আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।

7তাৰ পাছত মোচিয়ে যিহোচূৱাক মাতিলে আৰু সকলো ইস্ৰায়েলীয়া লোকৰ সন্মুখত তেওঁক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো তুমিয়েই এই লোকসকলৰ লগত সেই দেশলৈ যাব লাগিব, যি দেশ দিবলৈ যিহোৱাই তেওঁলোকৰ পূর্বপুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিল; সেই দেশত এই লোকসকলৰে সৈতে তুমিহে সোমাবা আৰু এওঁলোকক তুমিহে সেই দেশত অধিকাৰ কৰাবা।

8যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”

9মোচিয়ে এই ব্যৱস্থা লিখি যিহোৱাৰ নিয়ম চন্দুক কঢ়িয়াই নিয়া লেবী গোষ্ঠীৰ পুৰোহিতসকলক আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলৰ হাতত দিলে।

10মোচিয়ে তেওঁলোকক এই আজ্ঞা দিলে, “প্রত্যেক সপ্তম বছৰৰ অন্তত, ধাৰ ক্ষমাৰ বছৰত অর্থাৎ যেতিয়া পঁজা-পৰ্ব্বৰ সময় আহিব,

11যি সময়ত ইস্ৰায়েলীয়া সকলো লোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত উপস্থিত হ’বৰ কাৰণে তেওঁৰ মনোনীত ঠাইলৈ আহিব, তেতিয়া আপোনালোকে এই ব্যৱস্থা অৱশ্যেই লোক সকলৰ আগত তেওঁলোকে শুনাকৈ পাঠ কৰিব।

12আপোনালোকে পুৰুষ, মহিলা, ল’ৰা-ছোৱালীকে আদি কৰি নগৰৰ দুৱাৰৰ ভিতৰত আপোনালোকৰ মাজত বাস কৰা বিদেশী লোক সকলোকে একগোট কৰিব। তেওঁলোকেও এই ব্যৱস্থা শুনি শিকিব পাৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিব। তেওঁলোকে এই ব্যৱস্থাৰ সকলো বাক্য পালন কৰিব।

13তেওঁলোকৰ সন্তান সকলে যদি এইবোৰ কথা নজনাকৈ থাকে, তেন্তে তেওঁলোকেও শুনিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ শিকিব; যি দেশ অধিকাৰ কৰিবলৈ আপোনালোকে যৰ্দ্দন নদী পাৰ হৈ যাব, সেই দেশত যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে তেওঁলোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ আপোনালোকে এইদৰে কৰিব।”

14পাছত যিহোৱাই মোচিক ক’লে, “এতিয়া তোমাৰ মৃত্যুৰ সময় ওচৰ চাপি আহিছে; যিহোচূৱাক মাতি আনি তুমি সাক্ষাৎ তম্বুত উপস্থিত হোৱা। সেই ঠাইতে মই যিহোচূৱাক তেওঁৰ কার্যৰ আজ্ঞা দিম।” সেয়ে মোচি আৰু যিহোচূৱা গৈ সাক্ষাৎ কৰা তম্বুত উপস্থিত হ’ল।

15তেতিয়া যিহোৱাই মেঘস্তম্ভৰ মাজত সেই তম্বুত দেখা দিলে; সেই মেঘস্তম্ভ তম্বুৰ দুৱাৰৰ ওপৰত ৰৈ আছিল।

16যিহোৱাই মোচিক ক’লে, “শুনা, তুমি তোমাৰ ওপৰ-পিতৃসকলৰ লগত নিদ্রিত হ’বা; এই লোকসকলে উঠি যি দেশত সোমাবলৈ গৈ আছে, তেওঁলোক সেই ঠাইৰ লোকৰ মাজত থাকিব; তেওঁলোকে সেই দেশৰ আন দেৱতাবোৰৰ পাছত চলি ব্যভিচাৰৰ দৰে কার্য কৰিব আৰু মোক ত্যাগ কৰিব; মই তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিও তেওঁলোকে ভাঙিব।

17যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে?

18তেওঁলোকে দেৱতাবোৰলৈ ঘুৰি যি সকলো কুকৰ্ম কৰিব, সেইবাবে মই অৱশ্যেই সেইদিনা মোৰ মুখ ঢাকিম।

19তোমালোকে এতিয়া তোমালোকৰ বাবে এই গীত লিখি ৰাখা। এই গীত ইস্ৰায়েলৰ লোকসকলক শিকাবা আৰু তেওঁলোকক মুখস্থ কৰিবলৈ দিবা। তাতে এই গীত ইস্ৰায়েলৰ লোকৰ অহিতে মোৰ সাক্ষী হৈ থাকিব।

20কিয়নো, যি দেশ দিম বুলি মই তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিলোঁ, সেই গাখীৰ আৰু মধু বোৱা দেশলৈ যেতিয়া মই তেওঁলোকক লৈ যাম আৰু যেতিয়া তেওঁলোকে তৃপ্তিৰে ভোজন কৰি হৃষ্টপুষ্ট হ’ব, তেতিয়া তেওঁলোকে মোক তুচ্ছ কৰিব আৰু মোৰ নিয়মটি অগ্রাহ্য কৰি আন দেৱতাবোৰলৈ উলটি সেইবোৰৰ সেৱা পূজা কৰিব।

21তাৰ ফলত তেওঁলোকলৈ বহুত দুখ-কষ্ট আৰু বিপদ- আপদ ঘটিব; তেতিয়া এই গীতেই সাক্ষীস্বৰূপে তেওঁলোকৰ আগত সাক্ষ্য দিব; কাৰণ তেওঁলোকৰ বংশধৰসকলে মুখস্থ কৰা এই গীত নাপাহৰিব। কিয়নো, যি দেশ দিম বুলি মই প্রতিজ্ঞা কৰিছিলোঁ, তেওঁলোকক সেই দেশলৈ নিয়াৰ আগেয়েই তেওঁলোকে কৰা মনৰ পৰিকল্পনা মই জানো।”

22সেয়ে মোচিয়ে সেইদিনাই এই গীত ইস্ৰায়েলৰ লোকসকলক শিকালে।

23তাৰ পাছত যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাক আজ্ঞা দি ক’লে, “তুমি বলৱান হোৱা, আৰু অতিশয় সাহিয়াল হোৱা; কিয়নো, মই ইস্ৰায়েলৰ সন্তান সকলক যি দেশ দিম বুলি প্রতিজ্ঞা কৰিছিলোঁ, সেই দেশলৈ তুমিহে তেওঁলোকক লৈ যাবা আৰু মই তোমাৰ সঙ্গী হম।”

24মোচিয়ে সম্পূৰ্ণকৈ এই নিয়মৰ সকলো কথা এখন পুস্তকত লিখিলে।

25তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক বৈ নিওঁতা লেবীয়াসকলক তেওঁ এই আজ্ঞা দিলে,

26“এই ব্যৱস্থা পুস্তকখন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ কাষত ৰাখক; সেই ঠাইতে এইখন ইস্রায়েলীয়াসকলৰ বিৰুদ্ধে সাক্ষী হৈ থাকিব।

27কিয়নো আপোনালোক যে কিমান বিদ্রোহী আৰু ঠৰ-ডিঙীয়া তাক মই জানো; মই আপোনালোকৰ মাজত আজি জীয়াই থাকোঁতেও যেতিয়া আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিছে, তেন্তে মোৰ মৃত্যুৰ পাছত যে ইয়াতকৈ আৰু কিমান অধিককৈ কৰিব!

28আপোনালোকৰ নিজৰ নিজৰ গোষ্ঠীৰ সকলো পৰিচাৰক আৰু বিষয়াসকল মোৰ সন্মুখত একগোট হওঁক যাতে মই তেওঁলোকক এই সকলোবোৰ কথা শুনাব পাৰোঁ; আকাশ আৰু পৃথিবীক তেওঁলোকৰ বিৰুদ্ধে সাক্ষী কৰি ৰাখিব পাৰোঁ।

29কিয়নো মই জানো যে, মোৰ মৃত্যুৰ পাছত আপোনালোক একেবাৰে ভ্ৰষ্ট হৈ যাব আৰু যি পথত চলিবলৈ মই আপোনালোকক আজ্ঞা দিছো, সেই পথৰ পৰা আপোনালোক আতৰি যাব; ভৱিষ্যত কালত আপোনালোকলৈ বিপদ নামি আহিব; কাৰণ যিহোৱাৰ দৃষ্টিত যি বেয়া আপোনালোকে তাকে কৰিব আৰু আপোনালোকে নিজ হাতেৰে কৰা কার্যৰ দ্বাৰাই যিহোৱাক ক্রোধিত কৰি তুলিব।”

30তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ গোটেই সমাজক এই গীতৰ কথাবোৰ শেষলৈকে গাই শুনালে।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath