দ্বিতীয় বিৱৰণ 30
1মই আপোনালোকৰ আগত আশীৰ্ব্বাদ আৰু শাওৰ বিষয়ে যি যি কথা কলোঁ, সেইবোৰ আপোনালোকৰ ওপৰলৈ আহিব। তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো জাতিবোৰৰ মাজত আপোনালোকক উলিয়াই পঠিয়াব, সেই জাতিবোৰৰ মাজত থাকোতে এইবোৰ কথা আপোনালোকে সোঁৱৰণ কৰিব।
2সেই সময়ত আপোনালোক আৰু আপোনালোকৰ সন্তান সকলে যদি সকলো মনেৰে আৰু সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱালৈ ঘূৰি আহে আৰু আজি মই আপোনালোকক যিসকলো আজ্ঞা দিছো সেই সকলো পালন কৰে,
3তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ বন্দী-অৱস্থা সলনি কৰিব, আৰু আপোনালোকক কৃপা কৰিব আৰু যি জাতিবোৰৰ মাজত তেওঁ আপোনালোকক সিচঁৰিত কৰিব, সেইসকল জাতিৰ মাজৰ পৰা পুনৰায় আপোনালোকক আনি গোটাব।
4এনেকি দেশান্তৰিত হোৱা আপোনালোকৰ কোনো আকাশৰ তলত দূৰৈৰ শেষ সীমাতো যদি থাকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰাও আপোনালোকক গোটাই আনিব; তাৰ পৰাও তেওঁ আপোনালোকক লৈ আনিব।
5আপোনালোকৰ পূর্ব-পুৰুষসকলৰ দেশলৈকে তেওঁ আপোনালোকক ঘূৰাই আনিব আৰু আপোনালোকে তাক পুনৰ অধিকাৰ কৰিব। তেওঁ আপোনালোকৰ মঙ্গল কৰিব আৰু পূর্বপুৰুষসকলতকৈও আপোনালোকৰ জনসংখ্যা বৃদ্ধি কৰিব।
6আপোনালোকে যাতে আপোনালোকৰ সকলো মন ও সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰি জীয়াই থাকে, সেইবাবেই তেওঁ আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰসকলৰ হৃদয়ৰ চুন্নত কৰিব।
7যিসকলে আপোনালোকক ঘৃণা আৰু তাড়না কৰিব, এই সকলো শাও যিহোৱাই আপোনালোকৰ সেই শত্রুবোৰৰ ওপৰত আনিব
8তেতিয়া আপোনালোকে পুনৰ উলটি আহি যিহোৱাৰ বাধ্য হৈ চলিব আৰু তেওঁৰ যি সকলো আজ্ঞা আজি মই আপোনালোকক দিছো, সেইবোৰ পালন কৰিব।
9আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতে কৰা সকলো কার্যতে প্রচুৰ আশীর্বাদ কৰিব। আপোনালোকৰ গর্ভফল, পশুধনৰ গর্ভফল আৰু ভূমিৰ শস্য বৃদ্ধি কৰি আপোনালোকক ঐশ্বর্যশালী কৰিব। কিয়নো আপোনালোকৰ পূর্বপুৰুষসকলক লৈ যিহোৱাই যি আনন্দ কৰিছিল, আপোনালোকৰ ঐশ্বর্যৰ বাবে তেওঁ পুনৰ আপোনালোকক লৈ আনন্দ কৰিব।
10অৱশ্যে তেওঁ এইদৰে কৰিব, যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা আৰু নিয়মবোৰ পালন কৰে; সকলো মন আৰু সকলো প্রাণেৰে সৈতে আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ঘূৰে।
11মই আজি আপোনালোকক যি আজ্ঞা দিছোঁ, তাক পালন কৰাটো আপোনালোকৰ কাৰণে কঠিন নহয় বা আপোনালোকৰ সাধ্যৰ বাহিৰতো নহয়।
12এই আজ্ঞা স্বর্গতো ৰখা হোৱা নাই যে, আপোনালোকে ক’ব, “কোনে স্বর্গলৈ গৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ?”
13এই আজ্ঞা সমুদ্রৰ সিপাৰেও নাই যে আপোনালোকে ক’ব, “কোনে সমুদ্র পাৰ হৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ?”
14কিন্তু বাক্য আপোনালোকৰ নিচেই ওচৰতে আছে; আপোনালোকৰ মুখত আৰু হৃদয়তে আছে যাতে আপোনালোকে তাক পালন কৰিব পাৰে।
15শুনক, মই আজি আপোনালোকৰ আগত জীৱন আৰু মৃত্যু, মঙ্গল আৰু অমঙ্গল ৰাখিছোঁ।
16আজি আপোনালোকৰ ওচৰত মোৰ আজ্ঞা এই যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব, তেওঁৰ পথত চলিব, আৰু তেওঁৰ আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিব। তেনে কৰিলে আপোনালোক জীয়াই থাকিব আৰু সংখ্যাত বৃদ্ধি পাব; যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।
17কিন্তু যদি আপোনালোকৰ অন্তৰ প্রভুৰ পৰা আঁতৰি যায় আৰু আপোনালোক তেওঁৰ অবাধ্য হয়; যদি আপোনালোকে আন দেৱ-দেৱীৰ প্রতি আকৰ্ষিত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰি সেৱা পূজা কৰে,
18তেন্তে আজি মই আপোনালোকক জনাইছোঁ যে, আপোনালোক নিশ্চয়ে ধ্বংস হৈ যাব। যৰ্দ্দন নদী পাৰ হৈ যি দেশ আপোনালোকে আধিপত্যৰ অৰ্থে গৈ আছে, সেই দেশত আপোনালোক দীৰ্ঘজীৱি নহ’ব।
19মই আপোনালোকৰ বিৰুদ্ধে আকাশ-মণ্ডল আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ যে, আজি মই আপোনালোকৰ সন্মুখত জীৱন আৰু মৃত্যু, আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ; সেয়ে, আপোনালোক আৰু আপোনালোকৰ ভাবীবংশ যেন জীয়াই থাকিব পাৰে আপোনালোকে জীৱনক মনোনীত কৰক।
20আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক, তেওঁৰ বাক্যলৈ কাণ দিয়ক আৰু তেওঁতেই আসক্ত হৈ থাকক। কাৰণ প্রভুৱেই আপোনালোকৰ জীৱন আৰু তেঁৱেই আপোনালোকক দীর্ঘজীৱি কৰিব। আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবক যি দেশ দিম বুলি তেওঁলোকৰ আগত যিহোৱাই প্রতিজ্ঞা কৰিছিল, সেই দেশত বাস কৰিবৰ অৰ্থে আপোনালোকে জীৱনক মনোনীত কৰক।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath