দ্বিতীয় বিৱৰণ 24
1কোনো পুৰুষে কোনো যুৱতীক বিয়া কৰাৰ পাছত, যদি তাইত কোনো দোষ পোৱাৰ কাৰণে, তাই তেওঁৰ দৃষ্টিত অনুগ্ৰহ নাপায়, তেন্তে সেই পুৰুষে এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দিব আৰু তাইক নিজ ঘৰৰ পৰা বিদায় দিব পাৰিব।
2সেই মহিলাই তেওঁৰ ঘৰৰ পৰা ওলাই গৈ, আন পুৰুষৰে সৈতে বিয়া হ’ব পাৰিব।
3কিন্তু পাছত দ্বিতীয় স্বামীয়েও যদি তাইক পছন্দ নকৰে আৰু এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দি, নিজৰ ঘৰৰ পৰা তাইক বিদায় দিয়ে বা সেই দ্বিতীয় স্বামীৰ যদি মৃত্যু হয়,
4তেন্তে তাইৰ প্রথম স্বামী, যি জনে তাইক বিদায় দিছিল তেওঁ তাইক পুনৰ ভার্যা কৰি ল’ব নোৱাৰিব। কাৰণ তাই অশুচি হ’ল। এই ধৰণৰ বিয়া যিহোৱাৰ দৃষ্টিত ঘিণলগীয়া। আপোনালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিব, আপোনালোকে এইভাৱে সেই দেশক পাপত নেপেলাব।
5অলপতে বিয়া কৰা পুৰুষে সৈন্য সমূহৰ লগত যুদ্ধলৈ ওলাই নাযাব নাইবা তেওঁৰ ওপৰত কোনো কামৰ ভাৰ দিয়া নাযাব। তেওঁ যাক বিয়া কৰি আনিছে, তাইৰ আনন্দৰ কাৰণে এবছৰলৈকে এই সকলো কামৰ পৰা ৰেহাই দি তেওঁক স্বচ্ছন্দে নিজ ঘৰত থাকিব দিব লাগিব।
6ঋণৰ বন্ধক হিচাবে কাৰো জাঁত শিল বা তাৰ ওপৰৰ পাথৰটো নলব। তেনে কৰিলে মানুহজনৰ জীয়াই থকাৰ উপায়কে বন্ধক লোৱা হয়।
7কোনো মানুহে যদি ইস্ৰায়েলীয়া নিজ ভাইসকলৰ মাজত কোনোক চুৰ কৰি নি দাস হিচাবে ব্যৱহাৰ কৰে বা বিক্রী কৰি দিয়ে, তেন্তে সেই চোৰৰ মৃত্যুদণ্ড হ’ব। এইদৰে আপোনালোকৰ মাজৰ পৰা আপোনালোকে দুষ্টতা দূৰ কৰিব লাগিব।
8চর্মৰোগে দেখা দিলে আপোনালোক সতর্ক হ’ব লাগিব আৰু লেবীয়া পুৰোহিতসকলে যি নির্দেশ দিব, সেই সকলোকে যত্ন সহকাৰে পালন কৰিব লাগিব; মই তেওঁলোকক যি যি আজ্ঞা দিছিলোঁ, তাক পালন কৰি আপোনালোকে সেই মতে কাৰ্য কৰিব।
9মিচৰ দেশৰ পৰা আপোনালোক ওলাই অহাৰ সময়ত বাটত আপোনালোকৰ ঈশ্বৰ যিহোৱাই মিৰিয়মলৈ কি ব্যৱস্থা কৰিছিল তাক সোঁৱৰণ কৰিব।
10ওচৰ-চুবুৰীয়াক আপোনালোকে কিবা ধাৰ দিলে, বন্ধক হিচাবে কিবা বস্তু আনিবৰ কাৰণে আপোনালোক তেওঁৰ ঘৰৰ ভিতৰত নোসোমাবা।
11বাহিৰত থিয় হৈ থাকিব আৰু যি জনক ধাৰ দিয়ে, তেওঁকেই বন্ধকী বস্তু উলিয়াই আপোনালোকৰ ওচৰলৈ আনিব দিয়ক।
12মানুহজন যদি দুখীয়া হয়, তেন্তে তেওঁৰ বন্ধকী বস্তু নিজৰ ওচৰত ৰাখি নিদ্ৰা নাযাব।
13সূৰ্য মাৰ যোৱাৰ সময়ত তেওঁৰ সেই বন্ধকী বস্তু অৱশ্যেই ওলোটাই দিব যাতে তেওঁ নিজৰ কাপোৰ গাত লৈ টোপনি যাব পাৰে। তাতে আপোনালোকক আশীৰ্ব্বাদ দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত সেই ঘূৰাই দিয়া কার্যই ধাৰ্মিকতা হ’ব।
14আপোনালোকে ভাড়ালৈ অনা কোনো দুখীয়া আৰু অভাৱী দাসৰ প্রতি অন্যায় নকৰিব - তেওঁ আপোনালোকৰ কোনো ইস্রায়েলীয়া ভাইয়ে হওক, বা আপোনালোকৰ দেশত নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীয়েই হওক।
15প্রতিদিনে আপোনালোকে তেওঁৰ মজুৰি দিব। সূৰ্য মাৰ যোৱাৰ আগেয়ে তাক আপোনালোকে পৰিশোধ কৰিব। কিয়নো তেওঁ দুখীয়া আৰু সেই মজুৰিৰ ওপৰতে তেওঁ ভাৰসা কৰে। আপোনালোকে এই কার্য কৰিব যাতে তেওঁ আপোনাৰ অহিতে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আপোনালোকৰ পাপ হ’ব।
16সন্তানৰ পাপৰ কাৰণে পিতৃ-মাতৃক বা পিতৃ-মাতৃৰ পাপৰ কাৰণে সন্তানক প্ৰাণ দণ্ড দিয়া নহ’ব; প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব লাগিব।
17বিদেশী বা পিতৃহীনৰ প্রতি অন্যায় বিচাৰ নকৰিব আৰু কোনো বিধৱাৰ কাপোৰ বন্ধক স্বৰূপে নল’ব।
18মনত ৰাখিব, মিচৰ দেশত আপোনালোক দাস আছিল আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰা আপোনালোকক মুক্ত কৰি আনিলে। এইবাবেই মই আপোনালোকক এই সকলো কাৰ্য কৰিবলৈ আজ্ঞা দিছোঁ।
19আপোনালোকৰ খেতিৰ শস্য দোৱাৰ সময়ত যদি শস্যৰ কোনো মুঠি লগত আনিবলৈ পাহৰি যায়, তেন্তে তাক আনিবলৈ উলটি নাযাব; সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে হ’ব। তাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতে কৰা সকলো কাৰ্যতে আপোনালোকক আশীৰ্ব্বাদ কৰিব।
20জিত পৰাৰ সময়ত আপোনালোকে একেবোৰ ডালৰ পৰা দুবাৰ ফল পাৰিবলৈ নাযাব। যি থাকি যাব সেয়ে বিদেশী, পিতৃহীন আৰু বিধৱাসকলৰ বাবে ৰাখিব।
21আপোনালোকে দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপোৱাৰ সময়ত, একেডাল ডালৰ পৰা দুবাৰ আঙুৰ নিছিঙিব। যি থাকি যাব, সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে ৰাখিব।
22পাহৰি নাযাব যে আপোনালোকো মিচৰ দেশত দাস আছিল। সেইবাবেই মই আপোনালোকক এই সকলো কৰিবলৈ আজ্ঞা দিছোঁ।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath