খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

দ্বিতীয় বিৱৰণ 23

1যি পুৰুষৰ অণ্ডকোষ চূর্ণ বা গুপুত অঙ্গ কটা হৈছে, তেওঁ যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।

2কোনো জাৰজ সন্তান যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।

3কোনো অম্মোনীয়া বা মোৱাবীয়া লোক যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।

4কিয়নো মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত আপোনালোকৰ যাত্রা পথত তেওঁলোকে অন্ন আৰু জল লৈ অহা নাছিল, বৰং আপোনালোকক শাও দিবলৈ তেওঁলোকে অৰাম-নহৰয়িম দেশৰ পথোৰ নগৰৰ পৰা বিয়োৰৰ পুতেক বিলিয়মক ধন দি আনিছিল।

5কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই বিলিয়মৰ কথা নুশুনিলে; আপোনালোকক প্ৰেম কৰাৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনালোকৰ পক্ষে সেই শাও আশীৰ্ব্বাদত পৰিণত কৰিলে।

6আপোনালোক জীয়াই থাকেমানে কেতিয়াও তেওঁলোকৰ মঙ্গল কি উন্নতিৰ চেষ্টা নকৰিব।

7কোনো ইদোমীয়া লোকক আপোনালোকে ঘৃণা নকৰিব; কিয়নো তেওঁ আপোনালোকৰ ইস্রায়েলীয়া ভাই। কোনো মিচৰীয়া লোকক আপোনালোকে ঘৃণা নকৰিব, কাৰণ আপোনালোক তেওঁৰ দেশত বিদেশী হৈ আছিল।

8আপোনালোকৰ মাজত বাস কৰাৰ পাছত তৃতীয় পুৰুষৰ পৰা তেওঁলোক যিহোৱাৰ সমাজত সোমাব পাৰিব।

9শত্রুসকলৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি ওলাই যোৱা সময়ত, সকলো মন্দৰ পৰা আপোনালোকে নিজক দূৰৈত ৰাখিব।

10আপোনালোকৰ মাজত যদি কোনো পুৰুষ ৰাতি ঘটা ঘটনাৰ কাৰণে অশুচি হয়, তেন্তে সি ছাউনিৰ বাহিৰলৈ যাব লাগিব; ছাউনিৰ ভিতৰলৈ ঘূৰি নাহিব।

11সন্ধিয়া হৈ আহিলে তেওঁ নিজে পানীত গা ধুব। সূৰ্য মাৰ যোৱাৰ পাছত তেওঁ ছাউনিলৈ ঘূৰি যাব পাৰিব।

12পায়খানাৰ কাৰণে আপোনালোকে ছাউনিৰ বাহিৰত এটা ঠাই ঠিক কৰি ল’ব লাগিব।

13আপোনালোৰ সা-সামগ্রীৰ মাজত মাটি খান্দিবলৈ এখন খন্তি থাকিব। পায়খানা কৰাৰ আগতে আপোনালোকে তাৰে গাত কৰি মলখিনি আকৌ মাটিৰে ঢাকি দিব।

14আপোনালোকক ৰক্ষা কৰিবলৈ, আৰু আপোনালোকৰ শত্রুবোৰক আপোনালোকৰ হাতত তুলি দিবলৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ছাউনিৰ মাজত অহা-যোৱা কৰে। সেই কাৰণে, আপোনালোকে ছাউনি পবিত্ৰ কৰি ৰাখিব লাগিব যাতে আপোনালোকৰ মাজত কোনো অশুচি বস্তু দেখি তেওঁ আপোনালোকৰ পৰা বিমুখ হৈ নাযায়।

15কোনো দাসে যদি নিজৰ গৰাকীৰ পৰা পলাই আহি আপোনালোকৰ ওচৰত আশ্রয় লয়, আপোনালোকে তাক তাৰ গৰাকীৰ হাতত শোধাই নিদিব।

16সেই দাসে যি কোনো এখন নগৰত আপোনালোকৰ মাজত, য’তে বাস কৰিব বিচাৰে, তাতে বাস কৰিবলৈ দিব। তাক উপদ্ৰৱ নকৰিব।

17ইস্ৰায়েলৰ যুৱতীসকলৰ মাজত যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়; ইস্ৰায়েলীয়া পুৰুষৰ মাজতো যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়।

18পুৰষ হওঁক বা মহিলাই হওঁক, যি জনে বেশ্যাৰ জীৱন কটায়, তেওঁৰ উপার্জনৰ ধন কোনো সঙ্কল্প-সিদ্ধিৰ অৰ্থে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ নানিব; কাৰণ সেই ধৰণৰ পুৰুষ আৰু মহিলাক আপোনালোকৰ ঈশ্বৰ যিহোৱাই ঘৃণা কৰে।

19আপোনালোকে কোনো ইস্রায়েলীয়া ভাইক সুদ লৈ ধাৰ নিদিব - সেই সুদ ধনৰ ওপৰতে হওঁক বা খোৱা-বস্তুৰ ওপৰতে হওঁক নাইবা অন্য যি কোনো বস্তুৰ ওপৰতে হওঁক।

20অন্য জাতিৰ লোকসকলৰ পৰা আপোনালোকে ধাৰ দি সুদ ল’ব পাৰে, কিন্তু, কোনো ইস্রায়েলীয়া ভাইৰ পৰা নোৱাৰে। এইদৰে চলিলে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, সেই দেশত আপোনালোকে যিহতে হাত দিব, সকলো কাৰ্যতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।

21আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যদি আপোনালোকে কোনো সঙ্কল্প কৰে, তেন্তে তাক পূৰণ কৰিবলৈ পলম নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পৰা তাক নিশ্চয়ে আদায় কৰিব; তাক পূৰণ নকৰিলে আপোনালোকৰ পাপ হ’ব।

22কিন্তু সঙ্কল্প নকৰিলে, তাত কোনো পাপ নহ’ব।

23আপোনালোকৰ মুখৰ পৰা যি সঙ্কল্পৰ কথা ক’ব, তাক আপোনালোকে পূৰণ কৰিবই লাগিব, কাৰণ আপোনালোকে স্ব-ইচ্ছাৰে নিজ মুখেৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত সেই প্ৰতিজ্ঞা কৰিছে।

24আনৰ দ্ৰাক্ষাবাৰীলৈ গৈ আপোনালোকে ইচ্ছামতে হেঁপাহ পলুৱাই আঙুৰ খাব পাৰিব, কিন্তু লৈ যোৱাৰ বাবে আপোনালোকৰ পাত্ৰত অলপো নল’ব।

25অন্যৰ শস্যক্ষেত্রত গৈ আপোনালোকে নিজ হাতেৰে থোক ছিঙিব পাৰিব, কিন্তু শস্যত কাচি লগাব নোৱাৰিব।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath