খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

দ্বিতীয় বিৱৰণ 20

1যুদ্ধ কৰিবলৈ যাওঁতে শত্রু পক্ষত আপোনালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি আপোনালোকে ভয় নকৰিব; কিয়নো, আপোনালোকৰ ঈশ্বৰ যিহোৱা, যি জনে মিচৰ দেশৰ পৰা আপোনালোকক বাহিৰ কৰি আনিছে, তেওঁ আপোনালোকৰ লগত আছে।

2যেতিয়া আপোনালোকে যুদ্ধলৈ যাবলৈ সাজু হ’ব, পুৰোহিতে আগবাঢ়ি আহি সৈন্যদলক উদ্দেশ্যি ক’ব,

3“হে ইস্ৰায়েলীয়াসকল, শুনা, আজি তোমালোকৰ শত্রুবোৰৰ লগত যুদ্ধ কৰিবলৈ তোমালোক ওচৰ চাপিছা; তোমালোকৰ হৃদয়ত সাহস নেহেৰুৱাবা; ভয় নকৰিবা বা কম্পিত নহ’বা আৰু শত্রুপক্ষক দেখি ভয়ত ত্ৰাসিত নহ’বা।

4কিয়নো, তোমালোকক ৰক্ষা কৰিবলৈ আৰু শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোকৰ ঈশ্বৰ যিহোৱায়েই তোমালোকৰ লগত গৈছে।”

5তাৰ পাছত বিষয়াসকলে সৈন্যবোৰক ক’ব, “তোমালোকৰ মাজত নতুন ঘৰ সাজি প্ৰতিষ্ঠা নকৰাকৈ থকা কোনো লোক আছে নেকি? যদি আছে, তেন্তে তেওঁ নিজৰ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, মৰিলে, আন কোনোবাই সেই ঘৰ প্ৰতিষ্ঠা কৰিব।

6দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ নকৰাকৈ কোনো লোক আছে নেকি? তেৱোঁ নিজ ঘৰলৈ উলটি যাওঁক। নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে তাৰ ফল ভোগ কৰিব।

7বিয়াৰ সম্বন্ধ হোৱাৰ পাছত বিয়া নকৰাকৈ থকা কোনো লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে সেই ছোৱালীক বিয়া কৰিব।”

8সেই বিষয়াসকলে পুনৰ ক’ব যে, “তোমালোকৰ মাজত কোনো ভয়াতুৰ বা সাহস নথকা হৃদয়ৰ লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওঁক; নহ’লে আন ইস্রয়েলীয়া ভাইসকলৰ মনোবল তেওঁৰ হৃদয়ৰ দৰে ভাঙি পৰিব।”

9সৈন্যসকলৰ ওচৰত কথা কোৱা শেষ কৰি বিষয়াসকলে সৈন্যদলৰ ওপৰত সেনাপতি নিযুক্ত কৰিব।

10আপোনালোকে কোনো নগৰ আক্রমণ কৰিবলৈ যাওঁতে, প্ৰথমতে সেই ঠাইৰ লোকসকলৰ ওচৰত শান্তিৰ প্রস্তাৱ আগবঢ়াব।

11যদি তেওঁলোকে প্রস্তাৱ গ্রহণ কৰে আৰু তেওঁলোকৰ দুৱাৰবোৰ আপোনালোকলৈ মুকলি কৰি দিয়ে, তেন্তে সেই ঠাইৰ সকলো লোক আপোনালোকৰ অধীনত ক্রীতদাস হ’ব আৰু আপোনালোকৰ কাৰণে কার্য কৰিবলৈ বাধ্য হ’ব।

12কিন্তু যদি শান্তিৰ প্রস্তাৱ প্রত্যাখান কৰে আৰু তাৰ পৰিবর্তে আপোনালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তেতিয়া আপোনালোকে সেই নগৰ অৱৰোধ কৰিব।

13আপোনালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া আপোনালোকক জয়ী কৰিব আৰু সেই ঠাই আপোনালোকৰ হাতত তুলি দিব, তেতিয়া নগৰৰ সকলো পুৰুষকে আপোনালোকে বধ কৰিব।

14কিন্তু মহিলাসকলক, শিশুসকলক আৰু পশুপাল আদি কৰি সেই নগৰত থকা আন সকলো বস্তু আপোনালোকে লুটদ্রব্যৰ সামগ্রীৰূপে নিজৰ কাৰণে নিব পাৰিব। শত্রুবোৰৰ দেশৰ পৰা লুট কৰা যি সকলো বস্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিব, তাক আপোনালোকে ভোগ কৰিব পাৰিব।

15যিবোৰ নগৰ আপোনালোকৰ দেশৰ পৰা অনেক দূৰৈত আছে, যিবোৰ আপোনালোকৰ ওচৰৰ জাতিবোৰৰ নগৰ নহয়, সেইবোৰৰ প্রতি আপোনালোকে সেইদৰে কৰিব।

16কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে এই জাতিবোৰৰ যি সকলো নগৰ আপোনালোকক দিব, সেইবোৰ ঠাইৰ কোনো প্ৰাণীকে আপোনালোকে জীৱিত নাৰাখিব;

17কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে আপোনালোকে হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলক সম্পূর্ণভাৱে ধ্বংস কৰি পেলাব।

18এনে নহওঁক যে যি ঘৃণনীয় কার্য তেওঁলোকে নিজৰ দেৱতাবোৰৰ পূজাৰ উদ্দেশ্যে কৰে, সেইবোৰ আপোনালোককো শিকাব। তাতে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিব।

19আপোনালোকে অনেক দিন ধৰি যেতিয়া কোনো নগৰ অৱৰোধ কৰি ৰাখি অধিকাৰ কৰিবলৈ যুদ্ধ কৰি থাকিব, তেতিয়া তাত থকা গছবোৰ কুঠাৰৰে কাটি নষ্ট নকৰিব। কিয়নো সেই গছবোৰৰ ফল আপোনালোকে খাব পাৰিব। সেয়ে আপোনালোকে গছবোৰ নাকাটিব। পথাৰৰ গছবোৰ জানো মানুহ যে, সেইবোৰক আপোনালোকে অৱৰোধ কৰিব?

20কিন্তু যিবোৰ গছৰ ফল খাব পৰা নাযায় বুলি জানিব, কেৱল তেনে গছহে কাটি নষ্ট কৰিব পাৰিব আৰু যি ঠাইৰ লোকসকলে আপোনালোকৰ লগত যুদ্ধ কৰিব, তেওঁলোকৰ পতন নোহোৱালৈকে সেই গছবোৰক আপোনালোকে আত্মৰক্ষাৰ গড় কৰি ব্যৱহাৰ কৰিব পাৰিব।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath