খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

পাঁচনি সকলৰ কৰ্ম 8

1স্তিফানক বধ কৰা কথাত চৌলৰো সন্মতি আছিল। সেই সময়ত যিৰূচালেমত থকা মণ্ডলীৰ বিৰুদ্ধে বৰ তাড়না হৈছিল আৰু পাঁচনি সকলৰ বাহিৰে আন বিশ্বাসী সকল সমগ্র যিহূদা আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে সিচঁৰিত হৈ গ’ল।

2ভক্ত লোক সকলে স্তিফানক মৈদাম দিলে আৰু তেওঁৰ কাৰণে বৰকৈ ক্রন্দন কৰিলে।

3কিন্তু চৌলে ঘৰে ঘৰে গৈ পুৰুষ আৰু মহিলাক বলেৰে ধৰি আনি বন্দীশালত থৈ মণ্ডলীত উৎপাত কৰিব ধৰিলে।

4কিন্তু, যি সকল বিশ্বাসী সিচঁৰিত হৈ গ’ল, তেওঁলোকে সকলো ঠাইতে শুভবার্তাৰ বাক্য প্রচাৰ কৰিলে।

5ফিলিপে চমৰীয়া নগৰলৈ গৈ খ্ৰীষ্টৰ কথা ঘোষণা কৰিবলৈ ধৰিলে।

6তাতে ফিলিপে কৰা আচৰিত কৰ্মবোৰ শুনি আৰু দেখি লোক সকলে একান্ত মনেৰে তেওঁৰ কথা শুনিব ধৰিলে।

7কিয়নো অশুচি আত্মাই ধৰা অনেক মানুহৰ পৰা ভূতবোৰে আটাহ পাৰি ওলাই গল; বহুতো পক্ষাঘাত ৰোগী আৰু খোৰা লোক সকলক সুস্থ কৰা হল।

8তাতে সেই নগৰত মহা আনন্দ হ’ল।

9সেই নগৰতে আগেয়ে মায়াকর্ম্ম অভ্যাস কৰা চিমোন নামেৰে এজন মানুহ আছিল। সেই মানুহ জনে চমৰীয়া বাসীৰ আগত নিজকে বৰ এজন লোক বুলি দাবী কৰি চমক লগাইছিল।

10সৰুৰ পৰা ডাঙৰলৈকে সকলো চমৰীয়া বাসীয়ে তেওঁৰ কথাত মনোযোগ দিছিল; তেওঁলোকে কৈছিল, “এই জন ঈশ্বৰৰ মহান শক্তিশালী ব্যক্তি”।

11তেওঁ ভালেমান দিন ধৰি মায়াকর্ম্মৰে চমক দেখুৱাৰ কাৰণে মানুহবোৰে তেওঁক মানিছিল।

12কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰাত তেওঁলোকে বিশ্বাস কৰিলে আৰু বিশ্বাস কৰা সকলো পুৰুষ আৰু মহিলাক যীচু খ্ৰীষ্টৰ নামত বাপ্তিস্ম দিয়া হ’ল।

13পাছত সেই চিমোনে নিজেও বিশ্বাস কৰি বাপ্তিস্ম ল’লে; তাৰ পাছত তেওঁ ফিলিপৰ লগত থাকি আচৰিত চিন আৰু কার্যবোৰ সিদ্ধ হোৱা দেখি বিস্ময় মানিলে।

14চমৰীয়া বাসীয়ে এনেদৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা শুনি যিৰূচালেমত থকা পাঁচনি সকলে পিতৰ আৰু যোহনক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে।

15পিতৰ আৰু যোহনে সেই ঠাইলৈ আহি তাত থকা লোক সকলে যেন পবিত্ৰ আত্মা পায়, তাৰ বাবে প্ৰাৰ্থনা কৰিলে।

16কিয়নো তেতিয়ালৈকে তেওঁলোকৰ ওপৰত পবিত্ৰ আত্মা অহা নাছিল; কেৱল তেওঁলোকক প্ৰভু যীচুৰ নামত বাপ্তিস্মহে দিয়া হৈছিল৷

17পাছত পাঁচনি সকলে লোক সকলৰ ওপৰত হাত থলে আৰু তেওঁলোকে তেতিয়া পবিত্ৰ আত্মা পালে।

18চিমোনে যেতিয়া দেখিলে যে পাঁচনি সকলে হাত দিয়াত পবিত্ৰ আত্মা দান কৰা হৈছে, তেতিয়া তেওঁ পাঁচনি সকলক ধন যাচি কলে,

19“এই শক্তি মোকো দিয়ক, ময়ো যেন যি জনৰ ওপৰতে হাত ৰাখো, তেওঁ যেন পবিত্ৰ আত্মা পায়।”

20কিন্তু পিতৰে চিমোনক ক’লে, “তুমি আৰু তোমাৰ ধন ধ্বংস হওক; কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়।

21আমাৰ এই কামত তোমাৰ কোনো ভাগ বা অংশ নাই, যিহেতু ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়।

22তুমি এই দুষ্টতাৰ পৰা মন-পালটন কৰা আৰু প্রভুৰ ওচৰত প্রার্থনা কৰা; হয়তো তোমাৰ মনৰ এই মন্দ চিন্তা তেওঁ ক্ষমাও কৰিব পাৰে।

23কিয়নো মই দেখিছোঁ, তোমাৰ মন তিতা পিত্তৰ নিচিনা আৰু তুমি পাপৰ বন্ধনত আছা।”

24তেতিয়া চিমোনে উত্তৰ দিলে, “আপোনালোকে যি কৈছে, তাৰ কোনো কথাই মোৰ জীৱনত যেন নঘটে, এই কাৰণে আপোনালোকেই মোৰ বাবে প্রার্থনা কৰক।”

25এইদৰে পিতৰ আৰু যোহনে প্রভুৰ বিষয়ে সাক্ষ্য দি বাক্য প্রচাৰ কৰি যিৰূচালেমলৈ উলটি আহিল; বাটত তেওঁলোকে চমৰীয়া সকলৰ বিভিন্ন গাৱঁত শুভবার্তা প্রচাৰ কৰিলে।

26পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক কলে, “উঠা, দক্ষিণ ফাললৈ যি পথ যিৰূচালেমৰ পৰা গাজালৈ নামি গৈছে, সেই পথেদি নামি যোৱা” (এই পথটো মৰুভূমিৰ মাজত আছিল) ৷

27তেতিয়া ফিলিপে প্রস্তুত হৈ সেই বাটেদি গ’ল। বাটত ইথিওপিয়া দেশৰ এজন মানুহক লগ পালে; তেওঁ ইথিওপিয়াৰ ৰাণী কান্দাকীৰ সকলো ধন-সম্পদ চোৱা-চিতা কৰিবলৈ ক্ষমতা পোৱা নপুংসক ৰাজকর্মচাৰী আছিল। ঈশ্বৰৰ ভজনা কৰিবলৈ তেওঁ যিৰূচালেমলৈ আহিছিল।

28তেওঁ নিজৰ ৰথত বহি উভটি গৈ থাকোতে যিচয়া ভাববাদীৰ পুস্তক পঢ়ি গৈছিল।

29এনে সময়তে আত্মাই ফিলিপক কলে, “তুমি কাষলৈ গৈ সেই ৰথৰ লগে লগে যোৱা।”

30তেতিয়া ফিলিপে ওচৰলৈ লৰি গৈ, তেওঁ যিচয়া ভাববাদীৰ পুস্তক পঢ়া শুনি সুধিলে, “আপুনি যি পঢ়িছে, সেই বিষয়ৰ অর্থ জানো বুজি পাইছে?”

31তেওঁ ক’লে- “কোনোবাই মোক বুজাই নিদিলে, মই কেনেকৈ বুজি পাম?” তাতে তেওঁ ফিলিপক ৰথত উঠি তেওঁৰ সৈতে বহিবলৈ অনুৰোধ কৰিলে।

32ধৰ্মশাস্ত্ৰৰ যি অংশটো তেওঁ পঢ়িছিল, সেয়া এই- “মাৰিবলৈ নিয়া মেৰ-পোৱালিৰ নিচিনাকৈ তেওঁক আনিলে আৰু নোম কটীয়াৰ আগত মেৰ-পোৱালি নিজম হৈ থকাৰ দৰে তেওঁ নিজৰ মুখ নেমেলিলে।

33তেওঁ অপমানিত হোৱা কালত, ন্যায়-বিচাৰ কৰা নহ’ল, তেওঁৰ বংশৰ কথা কোনে কব? কিয়নো পৃথিৱীৰ পৰা তেওঁৰ জীৱন লৈ যোৱা হ’ল।”

34এই কথা পঢ়ি নপুংসকে ফিলিপক সুধিলে, “অনুৰোধ কৰিছোঁ, ভাববাদীয়ে কাৰ বিষয়ে এই কথা কৈছে, ক’ব নে? নিজৰ বিষয়ে নে অন্য কাৰোবাৰ বিষয়ে কৈছে?”

35তেতিয়া ফিলিপে মাত লগাই যিচয়া পুস্তকৰ এই শাস্ত্রাংশৰ পৰা আৰম্ভ কৰি তেওঁৰ আগত যীচুৰ শুভবার্তা প্রচাৰ কৰিলে।

36এইদৰে বাটত যাওঁতে যাওঁতে এডোখৰ জলাশয়ৰ ওচৰ পোৱাত নপুংসকে কলে, “চাওক, ইয়াতে পানী আছে; গতিকে বাপ্তিস্ম লোৱাত এতিয়া মোৰ কি বাধা আছে?”

37ফিলিপে কলে, “যদি সমস্ত মনেৰে বিশ্বাস কৰিছা, তেনেহলে বাধা নাই।” তেতিয়া বিষয়াজনে কলে, “যীচু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, ইয়াক মই বিশ্বাস কৰিছোঁ।”

38তাতে বিষয়াজনে ৰথ ৰাখিবলৈ আজ্ঞা কৰিলে৷ ফিলিপ আৰু নপুংসক বিষয়াজন পানীত নামিল; ফিলিপে তেওঁক বাপ্তিস্ম দিলে।

39যেতিয়া তেওঁলোক পানীৰ পৰা উঠিল, প্রভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গল; তাতে নপুংসকে তেওঁক পুনৰ দেখা নাপালে৷ তেওঁ আনন্দ মনেৰে নিজ বাটে গুছি গ’ল।

40কিন্তু ফিলিপ পুনৰ আচদোদ নগৰত উপস্থিত হ’ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবার্তা প্রচাৰ কৰি চীজাৰিয়া পালে।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath