খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

পাঁচনি সকলৰ কৰ্ম 22

1হে ভাই আৰু পিতৃসকল, এতিয়া আপোনালোকৰ আগত মই নিজৰ পক্ষে যি উত্তৰ দিম, সেই বিষয়ে শুনকচোন৷

2যেতিয়া লোকসকলে ইব্ৰী ভাষাৰে কথা কোৱা শুনিলে, তেতিয়া তেওঁলোক নিমাত হ’ল৷ তেওঁ কলে,

3“মই যিহুদী মানুহ, কিলিকিয়া দেশৰ তাৰ্চ নগৰ মোৰ ওপজা ঠাই, কিন্তু এই নগৰত প্ৰতিপালিত হৈ, গমলীয়েল অধ্যাপকৰ চৰণত ঠিকমতে আমাৰ পূৰ্ব-পুৰুষ সকলৰ পৰা প্ৰচলিত বিধানৰ শিক্ষা পালোঁ; আৰু আজি আপোনালোক যেনে হৈ আছে, ময়ো সেইদৰে ঈশ্বৰলৈ উৎসাহী হৈ আছিলোঁ ;

4আৰু এই পথৰ পুৰুষ আৰু মহিলা সকলক বান্ধি বন্দীশালত শোধাই দি, আনকি মৰণলৈকে তেওঁলোকৰ ওপৰত তাড়না কৰিছিলোঁ৷

5এই বিষয়ে মহা-পুৰোহিত আৰু পৰিচাৰক সকলৰ সমাজ খনো মোৰ সাক্ষী আছে৷ তেখেত সকলৰ পৰাই পত্ৰ লৈ, দম্মেচকত যি সকল এই পথৰ ভাই আছিল, সেই লোকসকলক দণ্ড দি বান্ধি যিৰূচালেমলৈ আনিবৰ কাৰণে তালৈ যাত্ৰাও কৰিছিলোঁ৷

6কিন্তু মই যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে, দুপৰীয়া সময়ত অকস্মাতে আকাশৰ পৰা উজ্বল পোহৰ আহি মোৰ চাৰিওফালে প্ৰকাশিত হ’ল৷

7তাতে মই মাটিত বাগৰি পৰিলোঁ আৰু ‘হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?’ মোলৈ কোৱা এনে বাণী শুনিলোঁ৷

8মই উত্তৰ দিলোঁ, “হে প্ৰভু, আপুনি কোন?” তেওঁ মোক ক’লে, ‘তুমি যি জনক তাড়না কৰিছা, মই সেই নাচৰতীয়া যীচু৷’”

9মোৰ সঙ্গীসকলেও সেই পোহৰ দেখিবলৈ পালে, কিন্তু মোক কথা কোৱা জনৰ মাত শুনা নাছিল৷

10পাছত মই সুধিলোঁ, ‘প্ৰভু, মই কি কৰিব লাগিব’? প্ৰভুৱে মোক ক’লে, ‘উঠা আৰু দম্মেচকলৈ যোৱা; তাতে তুমি কৰিবলগীয়া যি যি আছে, সেই সকলোবোৰৰ বিষয়ে তোমাক তাতে কোৱা হ’ব৷’

11সেই পোহৰৰ প্ৰতাপৰ কাৰণে মই দেখা পোৱা নাছিলোঁ, সেয়েহে সঙ্গীসকলৰ হাতত ধৰি দম্মেচকলৈ গ’লো৷

12পাছে সেই নগৰ নিবাসী ইহুদী সকলৰ মাজত সুখ্যাতি পোৱা অননিয় নামেৰে বিধানৰ ভক্ত এজনক লগ পালোঁ৷

13পাছত তেওঁ আহি মোৰ ওচৰত থিয় হৈ কলে, ‘হে ভাই চৌল, দৃষ্টি পোৱা৷’ সেই মুহুৰ্ততে মই তেওঁক দেখা পালোঁ৷

14পাছত তেওঁ মোক কলে, ‘আমাৰ ওপৰ-পুৰুষ সকলৰ ঈশ্বৰে তোমাক মনোনীত কৰিলে, যাতে তুমি ঈশ্বৰৰ ইচ্ছা জানা আৰু ধাৰ্মিক জনক দেখা পোৱা৷ এতিয়া তেওঁৰ মুখৰ বাক্য শুনা;

15কাৰণ যি যি দেখিলা, শুনিলা, সকলো মানুহৰ আগত তেওঁলৈ তাৰ সাক্ষী হ’বা৷

16এতিয়া কিয় পলম কৰিছা? উঠা, তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ, নিজৰ পাপ ধুই পেলোৱা৷’

17তাৰ পাছত মই যিৰূচালেমলৈ উলটি আহি মন্দিৰত প্ৰাৰ্থনা কৰি থাকোতে মুৰ্চ্ছা গ’লো৷

18তাতে তেওঁ মোক কোৱা শুনিলো, ‘তুমি লৰালৰিকৈ যিৰূচালেমৰ পৰা বেগাই ওলাই যোৱা, কিয়নো এই মানুহবোৰে তুমি মোৰ বিষয়ে দিয়া সাক্ষ্য গ্ৰহণ নকৰিব৷’

19মই ক’লো, ‘হে প্ৰভু, মই যে প্ৰত্যেক নাম-ঘৰত সোমাই তোমাক বিশ্বাস কৰা সকলক কোবাই কোবাই বন্দীশালত থৈছিলোঁ

20আৰু তোমাৰ সাক্ষী স্তিফানৰ ৰক্তপাতৰ সময়ত, ময়ো নিজে ওচৰত থিয় হৈ সন্মতি দি, তেওঁক বধ কৰা সকলৰ কাপোৰ ৰাখিছিলোঁ৷’

21কিন্তু তেওঁ মোক কলে, ‘যোৱা, কিয়নো মই তোমাক দুৰৈত থকা অনা-ইহুদী সকলৰ ওচৰলৈ পঠিয়াম৷’

22এইখিনিলৈকে তেওঁৰ কথা শুনি, তেওঁলোকে চিঞৰি কলে, “এনে মানুহক পৃথিৱীৰ পৰা দূৰ কৰক: কিয়নো সি জীয়াই থকাৰ যোগ্য নহয়৷”

23তেওঁলোকে ৰিঙিয়াই ৰিঙিয়াই, নিজৰ নিজৰ কাপোৰ পেলাই, ওপৰলৈ ধুলি উৰুৱাই থাকোঁতে,

24হাজাৰৰ সেনাপতিয়ে পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে আৰু তেওঁৰ অহিতে মানুহবোৰে কি কাৰণত এনেদৰে আটাহ পাৰিছে, সেই বিষয়ে জানিবলৈ তেওঁক চাবুকেৰে কোবাই সুধিবলৈ আজ্ঞা দিলে৷

25পাছত তেওঁক চাবুকেৰে কোবাবলৈ চামৰাৰ ফিটাৰে বন্ধা হ’ল, তেতিয়া পৌলে ওচৰত থিয় হৈ থকা এশৰ সেনাপতিক কলে, “বিনা দণ্ডাজ্ঞাৰে ৰোমীয়া মানুহক চাবুকেৰে কোবাবলৈ আইন মতে আপোনালোকৰ ক্ষমতা আছে নে?”

26এশৰ সেনাপতিয়ে এই কথা শুনি হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ কলে, “আপুনি কি কৰিবলৈ উদ্যত হৈছে? কিয়নো এই মানুহ জন এগৰাকী ৰোমীয়া নাগৰিক৷”

27তেতিয়া হাজাৰৰ সেনাপতিয়ে আহি তেওঁক কলে, “মোক কোৱাচোন, তুমি এগৰাকী ৰোমীয়া নাগৰিক নে?” পৌলে কলে, “হয়”৷

28হাজাৰৰ সেনাপতিয়ে উত্তৰ দিলে, “মই ভালেমান ধন ভৰিহে নাগৰিকত্ব লাভ কৰিছিলোঁ৷” কিন্তু পৌলে কলে, “মই জন্মতেই এজন ৰোমীয় নাগৰিক৷”

29তেতিয়া যি সকলে তেওঁৰ সোধ-বিচাৰ কৰিবলৈ উদ্যত হৈছিল, তেওঁলোকে তেতিয়াই তেওঁৰ ওচৰৰ পৰা গুচি গ’ল আৰু হাজাৰৰ সেনাপতিয়ে পৌল এগৰাকী ৰোমীয়া নাগৰিক বুলি জানি ভয় খালে, কাৰণ তেওঁ নিজে তেওঁক বন্ধাইছিল৷

30পাছদিনা ইহুদী সকলে পৌলক কি অপবাদ দিছিল, হাজাৰৰ সেনাপতিয়ে তাৰ নিশ্চয়তা জানিব বিচাৰিলে৷ গতিকে তেওঁক বান্ধোনৰ পৰা মুকলি কৰি দিলে আৰু প্ৰধান পুৰোহিত সকল আৰু মহাসভাৰ সকলোকে গোট খাবলৈ আজ্ঞা দিলে৷ পাছত তেওঁ পৌলক নমাই আনি তেওঁলোকৰ মাজত উপস্থিত কৰালে৷

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath