পাঁচনি সকলৰ কৰ্ম 16
1তাৰ পাছত পৌল দর্বী আৰু লুস্ত্ৰা চহৰলৈ গ’ল। তাতে তীমথিয় নামৰ এজন খ্রীষ্টৰ শিষ্য আছিল। তীমথিয়ৰ মাতৃ আছিল এগৰাকী যিহুদী খ্রীষ্টীয় বিশ্বাসীনী মহিলা আৰু পিতৃ গ্রীক লোক আছিল।
2লুস্ত্ৰা আৰু ইকনিয় চহৰৰ ভাই সকলে তীমথিয়ক অতি প্রশংসা কৰিছিল।
3পৌলে যাত্রাত তীমথিয়কো নিজৰ লগত লৈ যাবলৈ বিচাৰিলে আৰু সেয়ে তেওঁক চুন্নৎ কৰালে; কাৰণ সেই অঞ্চলবোৰত ইহুদী লোক আছিল আৰু তেওঁলোকে তীমথিয়ৰ পিতৃ গ্রীক জাতিৰ বুলি জানিছিল।
4পাছত তেওঁলোক নগৰবোৰৰ মাজেদি যাওঁতে যিৰূচালেমত পাঁচনি আৰু পৰিচাৰক সকলে লিখি দিয়া নিৰ্দেশনাবোৰ পালন কৰিবলৈ মণ্ডলীবোৰক জনালে।
5এইদৰে মণ্ডলীবোৰ বিশ্বাসত দৃঢ় হৈ দিনে দিনে লেখত বৃদ্ধি পাবলৈ ধৰিলে।
6পবিত্ৰ আত্মাই পৌল আৰু তেওঁৰ সংগী সকলক এচিয়া দেশত বাক্য প্রচাৰ কৰিবলৈ বাধা দিলে, তেতিয়া তেওঁলোক ফিৰুগিয়া আৰু গালাতীয়াৰ অঞ্চলবোৰৰ মাজেদি গ’ল।
7আৰু মূচিয়াৰ সীমান্ত অঞ্চলত আহি তেওঁলোকে বিথুনিয়া গাওঁলৈ যাবৰ বাবে চেষ্টা কৰিলে, কিন্তু প্রভু যীচুৰ আত্মাই তেওঁলোকক যাবলৈ নিদিলে।
8সেয়েহে, তেওঁলোকে মূচিয়া পাৰ হৈ ত্রোৱা নগৰলৈ গুচি গ’ল।
9নিশা পৌলে এটা দর্শন দেখিলে যে, এজন মাকিদনিয়া মানুহে থিয় হৈ তেওঁক মিনতি কৰি কৈছে “মাকিদনিয়ালৈ আহি আমাক সহায় কৰা।”
10পৌলে এই দর্শন পোৱাৰ পাছত আমি শীঘ্রেই মাকিদনিয়ালৈ যাবৰ কাৰণে প্রস্তুত হ’লো। কাৰণ, আমি বুজি পালোঁ যে মাকিদনিয়াৰ লোক সকলৰ আগত শুভবার্তা প্রচাৰ কৰিবৰ বাবে ঈশ্বৰে আমাক মাতিছে।
11পাছত ত্রোৱা এৰি আমি জাহাজেৰে পোনে পোনে চামথাকীলৈ গলো আৰু পিছদিনা নিয়াপলি নগৰলৈ আহিলোঁ।
12তাৰ পৰা আমি মাকিদনিয়াৰ ফিলিপী নগৰলৈ গলো। ফিলিপী নগৰ খন সেই এলেকাৰ এখন উল্লেখনীয় নগৰ আৰু ই এক ৰোমান উপনিৱেশ। আমি এই নগৰত বহু দিন থাকিলো।
13বিশ্রামবাৰে আমি নগৰৰ দুৱাৰৰ বাহিৰেদি নদীৰ কাষলৈ গলো; ভাৱিছিলো, তাত নিশ্চয় প্ৰাৰ্থনা কৰিবৰ বাবে ঠাই আছে৷ তাতে যি মহিলা সকল আহি একেলগে মিলিত হৈছিল, পাছত আমি তেওঁলোকৰ কাষত বহি কথা কবলৈ ধৰিলো।
14সেই মহিলা সকলৰ মাজত থুয়াতীৰা চহৰৰ ঈশ্বৰৰ উপাসনা কৰা লুদীয়া নামৰ এগৰাকী মহিলাও আছিল আৰু তেওঁ বেঙুনীয়া কাপোৰৰ ব্যৱসায় কৰিছিল। তেওঁ আমাৰ কথা শুনি আছিল। তাতে পৌলে যি কথা কৈ আছিল, সেই কথা মন দি শুনিবলৈ প্রভুৱে লুদীয়াৰ হৃদয় মুকলি কৰিলে।
15তাতে লুদীয়া আৰু পৰিয়ালৰ সকলোৱে বাপ্তিস্ম ললে আৰু আমাক অনুৰোধ কৰি ক’লে, “যদিহে মোক আপোনালোকে প্রভুৰ বিশ্বাসকাৰিণী বুলি বিবেচনা কৰে তেনেহলে মোৰ ঘৰত আহি থাককহি।” এইদৰে তেওঁ আমাক বৰকৈ জোৰ কৰিলে।
16এদিন আমি যেতিয়া প্ৰাৰ্থনাৰ ঠাইলৈ গৈ আছিলোঁ, তেতিয়া এক অশুচি আত্মাই লম্ভা এজনী অল্পবয়সীয়া ছোৱলী আমাৰ আগত আহি উপস্থিত হ’ল। অশুচি আত্মাৰ প্রভাৱত তাই ভৱিষ্যতৰ কথা কব পাৰিছিল আৰু এনেদৰে তাই মালিকবোৰক বহু লাভৱান কৰিছিল।
17এই ছোৱালী জনীয়ে পৌল আৰু আমাৰ পিছে পিছে আহিল আৰু উচ্চস্বৰে ক’লে “এই মানুহবোৰ সর্বোপৰি ঈশ্বৰৰ দাস। তেওঁলোকে পৰিত্রাণৰ পথৰ বিষয়ে আপোনালোকৰ আগত ঘোষণা কৰিছে।”
18এইদৰে তাই ভালেমান দিনলৈকে কৈ আছিল। শেষত পৌলে বিৰক্ত হৈ, পিছলৈ ঘূৰি সেই আত্মাক ক’লে, “মই তোক যীচু খ্রীষ্টৰ নামত আজ্ঞা দিছোঁ, তাইৰ পৰা বাহিৰ ওলা।” তেতিয়া লগে লগে সেই ভূতৰ আত্মা বাহিৰ ওলাই গ’ল।
19তাৰ পাছত তাইৰ মালিকবোৰে যেতিয়া দেখিলে যে, তেওঁলোকৰ লাভৰ আশা নোহোৱা হ’ল, তেতিয়া তেওঁলোকে পৌল আৰু চীলক ধৰি চোঁচৰাই বজাৰলৈকে আনি শাসনকৰ্তা জনৰ ওচৰলৈ লৈ গ’ল।
20তাৰ পাছত তেওঁলোকক শাসনকর্তা সকলৰ ওচৰলৈ নি ক’লে, “এওঁলোক ইহুদী মানুহ আৰু আমাৰ নগৰত এওঁলোকে গণ্ডগোল আৰম্ভ কৰিছে।
21এওঁলোকে এনেবোৰ শিক্ষা দিছে, যিবোৰ ৰোমান নাগৰিক হিচাপে গ্রহণ কৰা বা পালন কৰা আমাৰ কাৰণে নীতি বিৰুদ্ধ।”
22তেতিয়া আন জনতাও একেলগে পৌল আৰু চীলৰ বিৰুদ্ধে থিয় হ’ল। শাসনকর্তা সকলে পৌল আৰু চীলৰ কাপোৰ ফালি সিহঁতক বেতেৰে কোবাবলৈ আদেশ দিলে।
23অতিকৈ মাৰধৰ কৰাৰ পাছত তেওঁলোকক বন্দীশালত সুমুৱাই থলে আৰু কাৰাগাৰৰ অধ্যক্ষক কঢ়া পহৰা দিবলৈ আদেশ দিলে।
24কাৰাগাৰৰ অধ্যক্ষই এই আদেশ পাই পৌল আৰু চীলক জেলৰ ভিতৰ কক্ষলৈ নি কাঠৰ বেৰিত তেওঁলোকৰ ভৰি আৱদ্ধ কৰি বান্ধি থলে।
25তেতিয়া প্রায় মাজনিশা। পৌল আৰু চীলে ঈশ্বৰৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰি স্তুতি-গীত গাই আছিল। আন কয়দী সকলেও তেওঁলোকে গোৱা স্তুতি-গীত শুনি আছিল।
26এই সময়তে হঠাৎ এক বৰ ভূমিকম্প হ’ল আৰু বন্দীশালৰ ভেঁটি পর্যন্ত কঁপি উঠিল। তেতিয়া বন্দীশালৰ সকলো দুৱাৰ আৰু কয়দী সকলৰ শিকলিৰ বান্ধবোৰ খোল খাই গ’ল।
27কাৰাগাৰৰ অধ্যক্ষই টোপনিৰ পৰা সাৰ পাই কাৰাগাৰৰ দুৱাৰবোৰ মুকলি দেখি, নিজৰ তৰোৱাল উলিয়াই আত্মঘাতী হবলৈ বিচাৰিলে। কিয়নো তেওঁ ভাৱিলে যে, কয়দীবোৰ পলাই গ’ল।
28কিন্তু পৌলে চিঞৰি বৰ মাতেৰে ক’লে, “নিজৰ ক্ষতি নকৰিব৷ আমি সকলো ইয়াতে আছোঁ।”
29তেতিয়া কাৰাগাৰৰ অধ্যক্ষই কাৰোবাক চাকি আনিবলৈ কৈ ভিতৰলৈ দৌৰি গ’ল আৰু ভয়তে কঁপি কঁপি পৌল আৰু চীলৰ আগত উবুৰি খাই পৰিল।
30তেওঁলোকক বাহিৰলৈ আনি সুধিলে, “মহাশয় সকল, পৰিত্ৰাণ পাবলৈ হ’লে মই কি কৰিব লাগিব?”
31তেওঁলোকে ক’লে, “প্রভু যীচুত বিশ্বাস কৰক, তেতিয়া আপুনি আৰু আপোনাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ লাভ কৰিব।”
32তেওঁলোকে তাৰ পাছত কাৰাগাৰৰ অধ্যক্ষৰ লগতে তেওঁৰ ঘৰৰ সকলোকে প্রভুৰ বাক্য ক’লে।
33কাৰাগাৰৰ অধ্যক্ষই সেই নিশাই পৌল আৰু চীলক লৈ গৈ তেওঁলোকৰ আঘাতৰ ঠাইবোৰ ধুই দিলে আৰু তেওঁ সপৰিয়ালে তেতিয়াই বাপ্তিস্ম গ্রহণ কৰিলে।
34তেওঁ পৌল আৰু চীলক নিজৰ ঘৰলৈ আনি খাবলৈ দিলে আৰু পৰিয়ালৰ আটায়ে ঈশ্বৰত বিশ্বাস কৰাত, তেওঁ সমস্ত পৰিয়ালে সৈতে অতিশয় আনন্দ কৰিলে।
35পিছদিনা পুৱা শাসনকর্তা সকলে পৰীয়া সকললৈ এই বার্তা দি পঠালে, “সেই মানুহকেইজনক এৰি দিয়া।”
36কাৰাগাৰৰ অধ্যক্ষই সেই কথা পৌলক জনাই ক’লে, “শাসনকর্তা সকলে আপোনালোকক এৰি দিবৰ কাৰণে আমাৰ ওচৰলৈ বার্তা পঠাইছে; গতিকে আপোনালোক এতিয়া ওলাই আহক আৰু শান্তিৰে গুছি যাওঁক।”
37কিন্তু পৌলে তেওঁলোকক ক’লে, “আমি ৰোমান নাগৰিক; আমাক বিনা বিচাৰেৰে ৰাইজৰ আগত কোবাই কাৰাবন্দী কৰি থলে। এতিয়া তেওঁলোকে আমাক গোপনে এৰি দিব বিচাৰিছে নেকি? এইটো হ’ব নোৱাৰে। তেওঁলোক নিজে ইয়ালৈ আহি আমাক বাহিৰলৈ উলিয়াই নিব লাগিব।”
38পৰীয়া সকলে শাসনকর্তা সকলৰ ওচৰলৈ গৈ এই সম্বাদ দিলে। তেতিয়া এই সম্বাদ পাই তেওঁলোকে পৌল আৰু চীলক ৰোমান লোক বুলি জানিলে আৰু তেওঁলোকে ভয় খালে।
39পাছত শাসনকর্তা সকলে আহি তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিলে আৰু বন্দীশালৰ পৰা বাহিৰলৈ আনি নগৰ এৰি যাবলৈ তেওঁলোকক অনুৰোধ কৰিলে।
40পৌল আৰু চীল কাৰাগাৰৰ পৰা ওলাই লুদীয়াৰ ঘৰলৈ গ’ল। তাতে তেওঁলোক গৈ ভাই সকলৰ লগত দেখা হ’ল আৰু তেওঁলোকক উৎসাহ উদ্দীপনা দিলে। তাৰ পাছত পৌল আৰু চীলে নগৰ এৰি গুছি গ’ল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath