পাঁচনি সকলৰ কৰ্ম 13
1আন্তিয়খিয়াত থকা মণ্ডলীত কেইজনমান ভাৱবাদী আৰু উপদেশক আছিল৷ তেওঁলোক বাৰ্ণব্বা, চিমোন, যি জনক নিগ্ৰ বোলে, কুৰীণীৰ লুকীয়, হেৰোদ ৰজাৰ লগত প্ৰতিপালিত হোৱা মনহেম আৰু চৌল৷
2যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, “যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷”
3তাতে তেওঁলোকে লঘোন দি প্ৰাৰ্থনা কৰি, সেই দুজনৰ ওপৰত হাত দি পঠিয়াই দিলে৷
4এইদৰে পবিত্ৰ আত্মাৰ বাধ্য হৈ বাৰ্ণব্বা আৰু চৌল চিলুকিয়ালৈ গ’ল; তাৰ পৰা জাহাজেৰে কুপ্ৰ দ্বীপলৈ গ’ল৷
5তাতে চালামী নগৰ পাই, ইহুদী সকলৰ নাম-ঘৰবোৰত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিলে৷ সেই সময়ত যোহনো তেওঁলোকৰ পৰিচাৰক হৈ আছিল৷
6এইদৰে তেওঁলোকে সেই দ্বীপটোৰ চাৰিওফালে ফুৰি পাফঃ নগৰলৈকে গ’ল, তাতে বাৰ-যীচু নামেৰে যি এজন যিহুদী মানুহ মায়াবী আৰু ভাঁৰিকোৱা ভাববাদী আছিল, তেওঁক দেখা পালে৷
7তেওঁ সেই দ্বীপৰ অধিপতি বুদ্ধিমান চৰ্জ্জিয় পৌলৰ লগত আছিল৷ সেই অধিপতিয়ে ঈশ্বৰৰ বাক্য শুনিবলৈ ইচ্ছা কৰি চৌল আৰু বাৰ্ণব্বাক মাতি পঠিয়ালে৷
8কিন্তু ইলুমাই, অৰ্থাৎ সেই মায়াবীয়ে (কিয়নো এয়ে তেওঁৰ নামৰ অৰ্থ) অধিপতিক বিশ্বাসৰ পৰা আতৰাই অনাৰ উদ্দেশ্যেৰে তেওঁলোকৰ প্ৰতিৰোধ কৰিলে৷
9তাতে চৌল, যি জনক পৌলো বোলে, তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, তেওঁলৈ স্হিৰ দৃষ্টিৰে চালে
10আৰু কলে, “হেৰৌ সকলো কপট আৰু দুষ্কৰ্মেৰে পৰিপূৰ্ণ হোৱাটো, চয়তানৰ পুতেক আৰু সকলো প্রকাৰ ধাৰ্মিকতাৰ শত্ৰু, তই প্ৰভুৰ সৰল পথ বিপৰীত কৰিবলৈ ৰখা নাই নে?
11আৰু এতিয়া চা, প্ৰভুৰ হাত তোৰ ওপৰত আছে আৰু তই কিছু সময়লৈকে সুৰ্য্য নেদেখি অন্ধ হৈ থাকিবি৷” তেতিয়াই ইলুমাইৰ চকু জলকতবক লাগিল আৰু অন্ধকাৰময় হ’ল; তেতিয়া তেওঁক হাতত ধৰি নিবলৈ তেওঁ মানুহ বিচাৰিবলৈ ধৰিলে৷
12এই ঘটনা দেখি, সেই অধিপতিয়ে প্ৰভুৰ উপদেশত বিস্ময় মানি বিশ্বাস কৰিলে৷
13ইয়াৰ পাছত পৌল আৰু তেওঁৰ লগৰ কেইজনে পাফঃ নগৰৰ পৰা সমুদ্ৰ-পথেদি পাম্ফুলিয়া দেশৰ পৰ্গা নগৰলৈ গ’ল৷ কিন্তু যোহনে তেওঁলোকক এৰি, যিৰূচালেমলৈ উলটি আহিল৷
14পৌল আৰু তেওঁৰ লগৰ কেইজনে পৰ্গাৰ পৰা যাত্ৰা কৰি পিচিদিয়া দেশৰ আন্তিয়খিয়া নগৰ পাই তাতে বিশ্ৰামবাৰে নাম-ঘৰত সোমাই বহিল৷
15তাতে বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলৰ বাক্য পঢ়াৰ পাছত, নাম-ঘৰৰ অধিকাৰী সকলে তেওঁলোকৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হে ভাই সকল, মানুহবোৰলৈ তোমালোকৰ যদি কোনো উদগণিৰ কথা আছে, তেনেহলে সেই বিষয়ে কোৱা৷”
16তেতিয়া পৌলে উঠি, হাতেৰে ইংগিত দি কলে, “হে ইস্ৰায়েলীয়া মানুহবোৰ আৰু হে ঈশ্বৰ ভয়কাৰী লোক সকল, শুনক৷
17এই ইস্ৰায়েলী সকলৰ ঈশ্বৰে আমাৰ ওপৰ-পুৰুষ সকলক মনোনীত কৰিলে আৰু মিচৰ দেশত প্ৰবাসী হৈ থকা সময়ত মানুহবোৰৰ উন্নতি সাধন কৰি, তাৰ পৰা নিজ পৰাক্ৰমেৰে তেওঁলোকক বাহিৰ কৰি আনিলে৷
18আৰু দুকুৰিমান বছৰলৈকে মৰুপ্ৰান্তত তেওঁলোকক পিতৃৰ নিচিনাকৈ প্ৰতিপালন কৰিলে৷
19পাছত তেওঁ কনান দেশৰ সাত জাতিক উচ্ছেদ কৰি, তেওঁলোকৰ দেশখনক উত্তৰাধিকাৰ স্বৰূপে ইস্ৰায়েলী সকলক দিলে৷
20এইদৰে প্ৰায় চাৰি শ পঞ্চাশ বছৰ পাৰ হৈ গ’ল৷ তাৰ পাছত, চমূৱেল ভাববাদীৰ সময়লৈকে বিচাৰকৰ্তা সকলক নিযুক্ত কৰিলে৷
21পাছত তেওঁলোকে এজন ৰজা বিচৰাত, ঈশ্বৰে বিন্যামীন ফৈদৰ কীচৰ পুত্ৰ চৌলক চল্লিশ বছৰলৈকে ৰাজত্ব কৰিবলৈ দিলে৷
22ইয়াৰ পাছত ঈশ্বৰে ৰজাৰ শাসনৰ পৰা তেওঁক আতৰাই, তেওঁলোকৰ ৰজা হবলৈ দায়ুদক মনোনীত কৰিলে৷ আৰু দায়ুদৰ বিষয়ে ঈশ্বৰে সাক্ষ্য দি কলে, ‘মোৰ মনৰ দৰে এজনক, অৰ্থাৎ যিচয়ৰ পুত্ৰ দায়ুদক পালোঁ; তেওঁ মোৰ সকলো ইচ্ছা পূৰ্ণ কৰিব৷’
23এই জন মানুহৰ বংশৰ পৰা ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ দৰে এজন ত্ৰাণকৰ্তা, অৰ্থাৎ যীচুক ইস্ৰায়েলী লোকৰ আগত উপস্থিত কৰিলে৷
24যীচু অহাৰ আগেয়ে, যোহনে ইস্ৰায়েলী লোক সকলৰ আগত মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে৷
25যোহনে তেওঁৰ কাৰ্য সম্পন্ন কৰোঁতে, এই কথা কৈছিল, ‘আপোনালোকে মোক কোন বুলি ভাবিছে? মই সেই জন নহওঁ৷ কিন্তু শুনক, এনে এজন মোৰ পাছত আহি আছে, যি জনৰ চৰণৰ পাদুকাৰ বান্ধ খুলিবৰো মই যোগ্য নহওঁ৷’
26হে ভাই সকল, হে অব্ৰাহামৰ বংশৰ সন্তান সকল আৰু আপোনালোকৰ মাজৰ ঈশ্বৰ ভয়কাৰী সকল, আমালৈ এই পৰিত্রাণৰ বাক্য পঠোৱা হৈছে৷
27কিয়নো যিৰূচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্তা সকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰামবাৰত পঢ়া ভাববাদী সকলৰ বাক্যকো নুবুজি, যীচুক দোষাৰোপ কৰি, সেই বাক্য পূৰ্ণ কৰিলে৷
28আনকি প্ৰাণদণ্ডৰ কোনো কাৰণ বিচাৰি নাপাই, তেওঁক বধ কৰিবলৈ পীলাতৰ আগত নিবেদন কৰিলে,
29আৰু তেওঁৰ বিষয়ে যি যি কথা লিখা আছিল; তেওঁলোকে সেই সকলোকে সম্পন্ন কৰি তেওঁক কাঠৰ পৰা নমাই মৈদামত শুৱাই থলে৷
30কিন্তু ঈশ্বৰে তেওঁক মৃতবোৰৰ মাজৰ পৰা তুলিলে
31আৰু গালীল প্ৰদেশৰ পৰা যিৰূচালেমলৈ তেওঁৰ লগত অহা সকলক তেওঁ অনেক দিনলৈ দেখা দি থাকিল৷ তেওঁলোকেই এতিয়া লোক সকলৰ আগত তেওঁৰ সাক্ষী হৈ আছে৷
32গতিকে আমাৰ পূৰ্ব-পুৰুষ সকলৰ আগত ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ বিষয়ে, আমি আপোনালোকক এই শুভবাৰ্তা জনাইছো:
33ঈশ্বৰে যীচুক মৃত্যুৰ পৰা তুলি, সেই প্ৰতিজ্ঞা আমাৰ সন্তান সকললৈ সিদ্ধ কৰিলে৷ এই বিষয়ে গীতমালাৰ দুই নম্বৰ গীতত লিখা আছে, বোলে, ‘তুমি মোৰ পুত্ৰ, আজি মই তোমাক জন্ম দিলোঁ৷’
34ঈশ্বৰে যীচুক যে মৃতবোৰৰ মাজৰ পৰা তুলিলে, আগলৈ ক্ষয় নাপাবলৈহে তুলিলে৷ এই বিষয়ে ঈশ্বৰে কৈছিলঃ ‘দায়ুদৰ ওচৰত যি যি পবিত্ৰ বিধান আৰু সত্য প্ৰতিশ্ৰুতি দিছিলোঁ, সেই সকলো মই তোমালোকক দিম৷’
35এইদৰে আন গীতত তেওঁ কৈছে, ‘তুমি তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷’
36কিয়নো দায়ুদে ঈশ্বৰৰ ইচ্ছাৰ দৰে সেৱা কৰি, তেওঁৰ সময়ত মানুহবোৰৰ উপকাৰ সাধন কৰিলে আৰু মহা-নিদ্ৰা গ’ল, আৰু তেওঁক পিতৃপুৰুষ সকলৰ সৈতে মৈদামত থোৱা হোৱাত ক্ষয় পালে,
37কিন্তু যি জনক ঈশ্বৰে তুলিলে, সেই জনে ক্ষয় নাপালে৷
38এই কাৰণে, হে ভাই সকল, সেই জনৰ দ্বাৰাই আপোনালোকৰ আগত পাপ মোচনৰ ন্যায় বিষয়ৰ গ্ৰহণীয়তা প্ৰচাৰ কৰা হৈছে৷
39আৰু মোচিৰ বিধানৰ দ্বাৰাই যি যি দোষৰ পৰা আপোনালোকে ন্যায্যতা প্ৰদান কৰিব পৰা নাই; সেই আটাই দোষৰ পৰা যীচুত বিশ্বাস কৰাৰ দ্বাৰাই সকলোৱে মুক্ত হয়, ইয়াক আপোনালোকে জানি লওঁক৷
40এতেকে সাৱধান হওক, যাতে কোনো ভাৱবাদী সকলৰ পু্স্তকত লিখা এই বাক্য মতে আপোনালোকলৈ যেন নঘটে, ভাববাদী সকলে কৈছে -
41‘হে হেয়জ্ঞানকাৰী সকল, তোমালোকে চোৱা, বিস্ময় মানা, আৰু অন্তৰ্হিত হোৱা; এনে কৰ্ম মই তোমালোকৰ দিনত কৰিম, কিয়নো যি কৰ্মৰ বিৱৰণ কোনোৱে তোমালোকক কলেও, তোমালোকে সেই বিৱৰণ কোনোমতে বিশ্বাস নকৰিবা৷’
42পাছত পৌল আৰু বাৰ্ণব্বা ওলাই যাবলৈ ধৰোতে, মানুহবোৰে নিবেদন কৰি ক’লে, “অহা বিশ্ৰাম-বাৰতো এইদৰে প্ৰচাৰ কৰা হওক৷”
43তেতিয়া নাম-ঘৰৰ সমাজ ভাঙিলত, অনেক ইহুদী আৰু ইহুদী ধৰ্ম লোৱা ভক্ত সকলে পৌল আৰু বাৰ্ণব্বাক অনুসৰণ কৰিলে, তাতে তেওঁলোকৰ সৈতে কথা-বতৰা হৈ, ঈশ্বৰৰ অনুগ্ৰহত থিৰ হৈ থাকিবলৈ তেওঁলোকক উদগণি দিলে৷
44তাৰ পাছৰ বিশ্ৰামবাৰত নগৰৰ প্ৰায় সকলো মানুহে ঈশ্বৰৰ বাক্য শুনিবলৈ গোট খালে৷
45কিন্তু ইহুদী সকলে লোক সকলক দেখি, ঈৰ্ষাৰে পুৰ হৈ নিন্দা কৰি কৰি পৌলে কোৱা কথা অৱমাননা কৰিলে৷
46তাতে পৌল আৰু বাৰ্ণব্বাই সাহসেৰে কলে, “প্ৰথমতে আপোনালোকক ঈশ্বৰৰ বাক্য কোৱা উচিত আছিল৷ কিন্তু আপোনালোকে নিজকে দুৰ কৰি অনন্ত জীৱনৰ অযোগ্য দেখুৱালে, সেয়ে চাওক, আমি অনা-ইহুদী লোক সকলৰ মাজলৈ ঘুৰিলোঁ৷
47কিয়নো প্ৰভুৱে আমাক এনে আজ্ঞা দিলে, ‘তোমাক মই অনা-ইহুদী লোকৰ পোহৰ কৰি থলোঁ, যেন তুমি জগতৰ সীমালৈকে পৰিত্রাণস্বৰূপ হোৱা৷”
48অনা-ইহুদী লোকে ইয়াকে শুনি আনন্দিত হৈ ঈশ্বৰৰ বাক্যৰ প্ৰশংসা কৰিলে৷ যি সকলক অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল, সেই সকলোৱে বিশ্বাস কৰিলে৷
49এইদৰে প্ৰভুৰ বাক্য সেই ঠাইৰ গোটেই অঞ্চলত বিয়পি গ’ল৷
50কিন্তু ইহুদী সকলে, ভক্ত ভদ্ৰ মহিলা সকলক আৰু নগৰৰ প্ৰধান লোকক উচটাই, পৌল আৰু বাৰ্ণব্বাক তাড়না কৰি, তেওঁলোকৰ সীমাৰ পৰা খেদাই দিলে।
51তাতে তেওঁলোকে ভৰিৰ ধুলি সিহঁতৰ অহিতে জোকাৰি পেলাই, ইকনিয় নগৰলৈ গ’ল৷
52আৰু শিষ্য সকল আনন্দেৰে আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল৷
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath