পাঁচনি সকলৰ কৰ্ম 10
1চীজাৰিয়া নগৰত ইটালীয়া নামৰ সৈন্য দলৰ কৰ্ণীলিয় নামেৰে এজন এশৰ সেনাপতি আছিল৷
2তেওঁ এজন ভক্ত লোক আছিল, তেওঁৰ ঘৰৰ সকলোৱে ঈশ্বৰলৈ ভয় ৰাখিছিল৷ তেওঁ আন লোক লোকক দান কৰিছিল আৰু সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল৷
3এদিন আবেলি প্ৰায় তিনি মান বজাত, দৰ্শনত “হে কৰ্ণীলিয়!” বুলি তেওঁক মাতা ঈশ্বৰৰ এজন দূতক স্পষ্টকৈ দেখিলে৷
4তেতিয়া কৰ্ণীলিয়ই দূতলৈ তধা লাগি চাই ভয় খাই কলে, “কি কয় প্ৰভু?” দূতে তেওঁক কলে, “তোমাৰ প্ৰাৰ্থনা আৰু দান সোৱঁৰণীয় ৰূপে ঈশ্বৰৰ আগত গ্ৰহণীয় হ’ল৷
5এতিয়া যাফোলৈ মানুহ পঠিয়াই চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি পঠোৱা,
6তেওঁ সাগৰৰ তীৰত নিবাস কৰা চিমোন নামৰ মুচিয়াৰৰ ঘৰত আলহী হৈ আছে৷”
7এনেদৰে কৰ্ণীলিয়ক কৈ স্বৰ্গৰ দূত গুচি গ’ল, তাৰ পাছত তেওঁ নিজৰ ঘৰৰ দুজন লগুৱা আৰু আলপৈচান ধৰা সকলৰ মাজৰ ভক্ত সৈন্য এজনক মাতি আনি,
8তেওঁলোকক সকলো কথা তেওঁ বুজাই কলে, আৰু যাফোলৈ পঠাই দিলে৷
9পাছদিনা বাৰ মান বজাত তেওঁলোকে নগৰৰ ওচৰ পালে, সেই সময়ত পিতৰে প্ৰাৰ্থনা কৰিবৰ বাবে ঘৰৰ ওপৰলৈ উঠিছিল৷
10তেতিয়া তেওঁৰ ভোক লগাত খাবলৈ ইচ্ছা কৰিলে, কিন্তু লোক সকলে আহাৰ যুগুত কৰি থাকোতে তেওঁ মূৰ্ছিত হৈ পৰিল;
11আৰু আকাশ খন মুকলি হৈ, চাৰি চুকত ধৰি পৃথিৱীলৈ নমাই দিয়া ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ নমা দেখিলে৷
12তাত সকলো বিধৰ চাৰিঠেঙীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাইবোৰ আছিল৷
13তেতিয়া তেওঁলৈ এনে বাণী হ’ল বোলে: “উঠা, মাৰি খোৱা৷”
14কিন্তু পিতৰে কলে, “হে প্ৰভু, এনে নহওক; কিয়নো মই কোনো ধৰণৰ বৰ্জিত আৰু অশুচি বস্তু কেতিয়াও খোৱা নাই৷”
15দ্বিতীয় বাৰ তেওঁলৈ এই বাণী হ’ল: “ঈশ্বৰে যিহকে শুচি কৰিলে, তাক তুমি বৰ্জিত নুবুলিবা৷”
16এইদৰে তিনি বাৰ ঘটিল আৰু সেই পাত্ৰ তেতিয়াই আকাশৰ ওপৰলৈ তুলি নিয়া হ’ল৷
17তেতিয়া পিতৰে যি দৰ্শন দেখিলে; সেই দৰ্শনৰ অৰ্থ কি হ’ব পাৰে ইয়াকে চিন্তা কৰি থাকোতেই, কৰ্ণীলিয়ই পঠোৱা মানুহ কেইজনে সুধি সুধি চিমোনৰ ঘৰলৈ আহি দুৱাৰমুখত থিয় হ’ল,
18আৰু মাত লগাই সুধিলে, “বোলে সেই চিমোন ইয়াত থাকে নে যি জনৰ প্ৰখ্যাত নাম পিতৰ?”
19তেতিয়া পিতৰে সেই দৰ্শনৰ কথা ভাবি থাকোতেই, আত্মাই তেওঁক কলে, “চোৱা, তিনি জন মানুহে তোমাক বিচাৰিছে৷
20তুমি উঠা আৰু নামি যোৱা৷ তেওঁলোকে সৈতে সংশয় নকৰি যোৱা; কিয়নো মইহে তেওঁলোকক পঠালোঁ৷”
21তেতিয়া পিতৰে নামি গৈ সেই মানুহকেইজনক কলে, “তোমালোকে যি জনক বিচাৰিছা, সেই জন ময়েই৷ তোমালোকে কি কাৰণত আহিলা?”
22তেওঁলোকে কলে, “কৰ্ণীলিয় নামেৰে ধাৰ্মিক আৰু ঈশ্বৰক উপাসনা কৰা আৰু গোটেই ইহুদী জাতিৰ আগত সুখ্যাতি পোৱা এনে এজন এশৰ সেনাপতিয়ে আপোনাক তেওঁৰ ঘৰলৈ মতাই নি, আপোনাৰ পৰা কথা শুনিবলৈ স্বৰ্গৰ পবিত্ৰ দূতৰ দ্বাৰাই ঈশ্বৰৰ আদেশ পাইছে৷”
23তেতিয়া পিতৰে তেওঁলোকক ৰাতিটো তেওঁৰ তাতে থকাৰ ব্যৱস্হা কৰি দিলে৷ পাছদিনা তেওঁ যাফোত থকা ভাই সকলৰ মাজৰ কেইজনমানক লগত লৈ তেওঁলোকৰ সৈতে যাত্ৰা কৰিলে৷
24তাৰ পাছদিনা তেওঁলোকে চীজাৰিয়ালৈ আহিল৷ কৰ্ণীলিয়ই নিজৰ জ্ঞাতি আৰু আত্মীয় বন্ধু সকলক গোট খুৱাই তেওঁলোকলৈ অপেক্ষা কৰি আছিল৷
25পিতৰ ঘৰত সোমাওঁতে কৰ্ণীলিয়ই দেখা কৰি তেওঁক সন্মান জনাবলৈ চৰণত পৰি প্ৰণাম কৰিলে৷
26কিন্তু পিতৰে তেওঁক তুলি ধৰি কলে, “উঠা; ময়ো মানুহহে৷”
27তাৰ পাছত যেতিয়া পিতৰে তেৱেঁ সৈতে কথা কৈ কৈ ঘৰত সোমাল, বহু মানুহ গোট খাই থকা দেখি,
28তেওঁলোকক কলে, “বিধান বিহীন জাতিৰ কোনো মানুহৰ লগ লোৱা নাইবা তেওঁৰ তালৈ যোৱা যে যিহুদী মানুহৰ বাবে নিষেধ, ইয়াক আপোনালোকে জানে৷ কিন্তু কোনো মানুহক বৰ্জিত বা অশুচি নুবুলিবলৈ ঈশ্বৰে মোক দেখুৱালে৷
29এই হেতুকে মোক মাতোতে কোনো আপত্তি নকৰাকৈ মই আহিলোঁ৷ গতিকে এতিয়া সুধিছোঁ, কিয়নো আপোনালোকে মোক মাতিলে৷”
30তেতিয়া কৰ্ণীলিয়ই কলে, “আজি চাৰি দিন হ’ল ঠিক এই সময়ত অৰ্থাৎ আবেলি তিনি মান বজাত প্ৰাৰ্থনা কৰি আছিলোঁ; তেতিয়া চাওক, উজ্জ্বল বস্ত্ৰ পিন্ধা এজন মানুহ মোৰ আগত থিয় হ’ল৷
31তেওঁ কলে, ‘হে কৰ্ণীলিয়, তোমাৰ প্ৰাৰ্থনা শুনা গ’ল আৰু তুমি দুখীয়াক দিয়া দান ঈশ্বৰৰ আগত সোঁৱৰণ কৰা হ’ল৷
32এতেকে যাফোলৈ মানু্হ পঠিয়াই, সাগৰৰ দাঁতিত চিমোন নামেৰে এজন মুচিয়াৰৰ ঘৰত আলহী হৈ থকা চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি অানা গৈ’৷
33এই হেতুকে মই তেতিয়াই আপোনাৰ তালৈ মানুহ পঠালোঁ৷ আপুনি যে এতিয়া আহি পালে, ভাল কৰিলে৷ এতেকে প্ৰভুৱে যি আজ্ঞা আপোনাক দিলে, সেই সকলো বিষয় শুনিবলৈ আমি সকলোৱে এতিয়া ঈশ্বৰৰ সাক্ষাতে উপস্থিত আছোঁ৷”
34তেতিয়া পিতৰে মাত দিলে আৰু কলে, “ইয়াকে মই নিশ্চয়কৈ উপলদ্ধি কৰিছোঁ যে, ঈশ্বৰে কাৰো পক্ষপাতীত্ব নকৰে৷
35বৰং সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধাৰ্মিক আচৰণ কৰে, সেই জন তেওঁৰ গ্ৰহণযোগ্য হয়৷
36যি জন সকলোৰে প্ৰভু, সেই যীচু খ্ৰীষ্টৰ দ্বাৰাই মিলনৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে, ঈশ্বৰে যি বাক্য ইস্ৰায়েলৰ লোক সকললৈ পঠালে,
37আৰু যোহনে বাপ্তিস্মৰ কথা ঘোষণা কৰাৰ পাছত, গালীল প্ৰদেশৰ পৰা আৰম্ভ হৈ গোটেই যিহুদীয়ালৈকে বিয়পি গ’ল, সেই বাক্য আপোনালোকে নিজেও বুজি আছে৷
38সেয়ে এই যে, যেনেকৈ ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মা শক্তি আৰু মহিমাৰে অভিষিক্ত কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷
39আৰু ইহুদী সকলৰ গাৱেঁ-ভুয়ে গৈ আৰু যিৰূচালেমতো তেওঁ যি যি কৰ্ম কৰিছিল, সেই সকলো কৰ্মৰ সাক্ষী আমি আছোঁ৷ এই যীচুকেই তেওঁলোকে কাঠত ওলোমাই বধ কৰিলে৷
40কিন্তু এইজনকে প্ৰকাশিত কৰিবলৈ ঈশ্বৰে তেওঁক তৃতীয় দিনা তুলিলে,
41আটাই মানুহৰ আগত নহয়, কিন্তু তেওঁ মৃত বিলাকৰ মাজৰ পৰা উঠাৰ পাছত তেৱেঁ সৈতে ভোজন-পান কৰা ঈশ্বৰৰ মনোনীত সাক্ষী যি আমি, আমাৰ আগতহে প্ৰকাশিত হবলৈ দিলে৷
42জীৱিত আৰু মৰা দুয়োৰো বিচাৰকৰ্তা হবলৈ ঈশ্বৰে যি জনক নিযুক্ত কৰিলে, তেৱেঁই সেই জনা, এই কথা সকলো লোকৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিলে৷
43তেওঁৰ পক্ষে সকলো ভাববাদীয়েও সাক্ষ্য দিয়ে যাতে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ-মোচন পায়৷
44পিতৰে এই কথা কৈ থাকোতেই, শুনি থকা সকলোৰে ওপৰত পবিত্ৰ আত্মা আহিল৷
45তাতে পিতৰৰ লগত অহা চুন্নৎ হোৱা বিশ্বাসী সকলে অনা-ইহুদী সকলৰ ওপৰতো পবিত্ৰ আত্মা বাকি দিয়া দেখি বিস্ময় মানিলে৷
46কাৰণ সেই অনা-ইহুদী সকলে নানা ভাষাৰে কথা কৈ ঈশ্বৰৰ স্তুতি কৰা তেওঁলোকে শুনিবলৈ পালে৷ তেতিয়া পিতৰে উত্তৰ দি কলে,
47“আমাৰ নিচিনাকৈ পবিত্ৰ আত্মা পোৱা এওঁলোক বাপ্তাইজিত নহবলৈ কোনোবাই জলক বাধা দিব পাৰে নে?”
48তেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ নামেৰে তেওঁলোকক বাপ্তাইজিত হবলৈ আজ্ঞা দিলে৷ পাছত সেই ঠাইতে তেওঁলোকক কিছুদিন থাকিবলৈ তেওঁ মিনতি কৰিলে৷
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath