2 চমূৱেল 6
1দায়ূদে পুনৰাই ইস্ৰায়েলৰ আটাই মনোনীত লোকক লৈ ত্ৰিশ হাজাৰজন লোকক গোটালে।
2তাৰ পাছত দায়ুদ আৰু তেওঁৰ লগত থকা আটাই লোক উঠি যিহূদাত থকা বালিৰ পৰা, ঈশ্বৰৰ নাম অৰ্থাৎ কৰূব দুটা মাজত বহা বাহিনীসকলৰ যিহোৱাৰ নামেৰে প্ৰখ্যাত সেই ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ যাত্ৰা কৰিলে।
3পাছত তেওঁলোকে ঈশ্বৰৰ নিয়ম-চন্দুক এখন নতুন ৰথত তুলি ল’লে৷ তেওঁলোকে এই নিয়ম-চন্দুক পৰ্ব্বতত থকা অবীনাদবৰ ঘৰৰ পৰা উলিয়াই আনিলে৷ অবীনাদবৰ পুত্ৰ উজ্জা আৰু অহিয়োৱে সেই নতুন ৰথ চলাই আনিলে।
4তেওঁলোকে পৰ্ব্বতত থকা অবীনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুকে সৈতে ৰথখন উলিয়াই আনিলে৷ অহিয়ো নিয়ম-চন্দুকৰ আগে আগে গ’ল।
5তেতিয়া দায়ুদ আৰু ইস্ৰায়েলৰ আটাই বংশই দেবদাৰু কাঠেৰে সজা নানা ধৰণৰ বাদ্যযন্ত্ৰ নেবল, খঞ্জৰী, খুটিতাল আৰু ভোটতাল আদি বজাই যিহোৱাৰ আগত গুণানুকীর্তন কৰিলে৷
6যেতিয়া তেওঁলোকে নাখুনৰ মৰণা মৰা ঠাই পালে তাতে গৰুহাল পিছল খোৱাত, উজ্জাই হাত মেলি যিহোৱাৰ সেই নিয়ম-চন্দুকটি ধৰিলে৷
7তেতিয়া উজ্জাৰ প্ৰতি যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল৷ তেওঁৰ ভ্ৰান্তিৰ কাৰণে ঈশ্বৰে সেই ঠাইতে তেওঁক আঘাত কৰিলে৷ তাতে উজ্জাৰ সেই ঠাইত ঈশ্বৰৰ নিয়ম-চন্দুকটিৰ কাষতে মৃত্যু হ’ল।
8যিহোৱাই উজ্জাক আঘাত কৰাৰ কাৰণে দায়ূদে মনত বেজাৰ পালে আৰু তেওঁ সেই ঠাইৰ নাম পেৰচ-উজ্জা ৰাখিলে৷ আজিলৈকে সেই ঠাইৰ নাম পেৰচ-উজ্জা’ই আছে।
9সেই দিনা দায়ূদৰ যিহোৱাৰ প্ৰতি ভয় লাগিল৷ তেওঁ ক’লে “যিহোৱাৰ নিয়ম-চন্দুক মোৰ ওচৰলৈ কেনেকৈ আহিব?”
10এই হেতুকে দায়ূদে তেওঁৰ লগত যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ সেই নিয়ম চন্দুকটি গাতীয়া ওবেদ-ইদোমৰ ঘৰত থলেগৈ।
11যিহোৱাৰ নিয়ম-চন্দুকটি গাতীয়া ওবেদ-ইদোমৰ ঘৰত তিনি মাহ থাকিল৷ তাতে যিহোৱাই ওবেদ-ইদোমক আৰু তেওঁৰ গোটেই ঘৰখনক আশীৰ্ব্বাদ কৰিলে।
12তাৰ পাছত “যিহোৱাই ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ওবেদ-ইদোমৰ ঘৰ আৰু তেওঁৰ যি যি আছে, সেই সকলোকে আশীৰ্ব্বাদ কৰিলে” এই বুলি দায়ূদৰ আগত কোৱা হ’ল। তেতিয়া দায়ূদে গৈ ওবেদ ইদোমৰ ঘৰৰ পৰা আনন্দেৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ লৈ আনিলে।
13যেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি কঢ়িয়াই অনা লোকসকলে ছখোজ আগবাঢ়ি গ’ল, তেওঁ এটা বলদগৰু আৰু এটা হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে।
14আৰু দায়ূদে শণ সূতাৰ এখন এফোদ পিন্ধি যিহোৱাৰ আগত পাৰে মানে নাচিলে৷
15এইদৰে দায়ুদ আৰু ইস্ৰায়েলৰ সকলো বংশই জয়ধ্বনি কৰি কৰি আৰু শিঙাৰ বাদ্য বজাই বজাই যিহোৱাৰ নিয়ম-চন্দুকটি লৈ আনিলে।
16তেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে খিড়িকি দুৱাৰেদি চাই আছিল৷ যিহোৱাৰ আগত দায়ুদ ৰজাক ডেও দি নাচি থকা দেখি, মনতে তেওঁক তুচ্ছ জ্ঞান কৰিলে।
17পাছত তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকটি ভিতৰলৈ আনি, দায়ূদে তাৰ ঠাই স্থাপন কৰি ৰখা তম্বুৰ মজিয়াৰ মাজত ৰাখিলে৷ আৰু দায়ূদে যিহোৱাৰ সাক্ষাতে হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
18পাছে হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ শেষ হোৱাৰ পাছত দায়ূদে বাহিনীসকলৰ যিহোৱাৰ নামেৰে লোকসকলক আশীৰ্ব্বাদ কৰিলে।
19আৰু সকলো লোকৰ মাজত অৰ্থাৎ ইস্ৰায়েলৰ গোটেই লোক সকলৰ মাজত থকা প্ৰত্যেক পুৰুষ আৰু স্ত্ৰীক এটা পিঠা, এটুকুৰা মঙহ আৰু এলদা এলদা শুকান দ্ৰাক্ষাগুটি বিলাই দিলে। পাছত সকলো লোক নিজ নিজ ঘৰলৈ গুচি গ’ল।
20তেতিয়া দায়ূদে নিজৰ পৰিয়ালক আশীৰ্ব্বাদ কৰিবৰ বাবে উভটি আহিল৷ চৌলৰ জীয়েক মীখলে, দায়ূদক আগবঢ়াবলৈ ওলাই গৈ ক’লে, “আজি ইস্ৰায়েলৰ ৰজা কেনে গৌৰৱান্বিত হ’ল! যেনেকৈ কোনো অমার্জিত চিত্তৰ লোক নিলাজৰ দৰে বিবস্ত্ৰ হয়, তেনেকৈ তেওঁ আজি নিজ দাসবোৰৰ মাজৰ বেটীসকলৰ আগত বিবস্ত্ৰ হ’ল!”
21তেতিয়া দায়ূদে সমিধান দি মীখলক ক’লে, “তোমাৰ পিতৃ আৰু তেওঁৰ সকলো বংশৰ ওপৰত যিহোৱাৰ প্ৰজা ইস্ৰায়েল লোকৰ অধ্যক্ষপদত মোক যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মনোনীত কৰিলে, সেই যিহোৱাৰ সাক্ষাতেই মই তাকেই কৰিলোঁ। এই হেতুকে মই সেই যিহোৱাৰ সাক্ষাতেই আমোদ কৰিম৷
22মই ইয়াতকৈয়ো আৰু ‘লঘু’ হ’ম আৰু মোৰ নিজ দৃষ্টিত আৰু হীন হ’ম, কিন্তু তুমি যি বেটীসকলৰ কথা কলা, সিহঁতৰ আগতেই নিলাজৰ দৰে অমার্জিত চিত্তৰ লোক হৈ আদৰ পোৱা হ’ম।”
23এতেকে চৌলৰ জীয়েক মীখলৰ মৰণ কাললৈকে কোনো সন্তান নহ’ল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath