খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

2 চমূৱেল 4

1যেতিয়া চৌলৰ পুত্ৰ ঈচ্‌বোচতে অবনেৰ’ৰ মৃত্যু হিব্ৰোণত হোৱা কথাষাৰ শুনিলে, তেওঁৰ হাত দূৰ্ব্বল হ’ল আৰু আটাই ইস্ৰায়েল চিন্তিত হ’ল।

2চৌলৰ পুত্ৰৰ দুজন সৈন্যবৰ্গৰ দলপতি আছিল৷ এজনৰ নাম বানা আৰু আন জনৰ নাম ৰেখব; তেওঁলোক বিন্যামীনৰ বংশৰ বেৰোতীয়া ৰিম্মোনৰ পুত্ৰ; কিয়নো বেৰোতা বিন্যামীনৰ আধিপত্যৰ মাজৰো এজন বুলি গণিত হৈছিল

3আৰু বেৰোতীয়াসকল গিত্তয়িমলৈ পলাই গৈ সেই ঠাইতে আজিলৈকে প্ৰবাস কৰি আছে।

4চৌলৰ পুত্ৰ যোনাথনৰ, দুয়োখন ভৰি খোৰা হোৱা এজন পুত্ৰ আছিল। যিজ্ৰিয়েলৰ পৰা যেতিয়া চৌল আৰু যোনাথনৰ মৃত্যুৰ সম্বাদ আহিছিল, তেতিয়া ল’ৰাজনৰ পাঁচ বছৰ বয়স আছিল৷ সেই ল’ৰাজনৰ শুশ্ৰূষাকাৰিণীয়ে তাক লৈ পলাই গৈছিল৷ কিন্তু শুশ্ৰূষাকাৰিণীয়ে বেগেৰে পলাই যাওঁতে যোনাথনৰ পুত্ৰ পৰি আঘাত পোৱাত খোৰা হৈছিল। তাৰ নাম মফিবোচৎ আছিল।

5পাছত বেৰোতীয়া ৰিম্মোনৰ সেই দুজন পুত্ৰ ৰেখব আৰু বানাই দিনৰ টান ৰ’দৰ কালত যাত্ৰা কৰি ঈচ্‌বোচতৰ ঘৰ পালেগৈ, তেতিয়া দুপৰ বেলাৰ সময়, যেতিয়া তেওঁ জিৰণি লৈ আছিল।

6তাতে ঘেহুঁধান চালি থকা সময়ত, দুৱাৰত ৰখীয়া হৈ থকা এগৰাকি মহিলাই টোপনি যোৱাত, ৰেখব আৰু বানাই নিৰৱে তাইৰ কাষেৰে পাৰ হৈ গ’ল৷

7তাতে তেওঁৰ শোৱা কোঠালিত নিজ খাটত শুই থাকোঁতেই, তেওঁলোকে ভিতৰলৈ সোমাই গৈ আঘাত কৰি তেওঁক বধ কৰিলে৷ পাছত তেওঁৰ মূৰ কাটি, সেই মূৰ লৈ অৰাবাৰ বাটেদি ওৰে ৰাতি যাত্ৰা কৰিলে।

8তেওঁলোকে ঈচ্‌বোচতৰ মূৰটো হিব্ৰোণত থকা দায়ূদৰ ওচৰলৈ নি ৰজাক ক’লে, “চাওঁক, আপোনাৰ প্ৰাণ নাশৰ চেষ্টা কৰা চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ মুৰ এইয়া। যিহোৱাই আজি মোৰ প্ৰভু মহাৰাজৰ পক্ষে চৌল আৰু তেওঁৰ বংশৰ ওপৰত প্ৰতিকাৰ সাধিলে।”

9কিন্তু দায়ূদে বেৰোতীয়া ৰিম্মোনৰ পুতেক ৰেখব আৰু তাৰ ককায়েক বানাক এই উত্তৰ দি ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সকলো সঙ্কটৰ পৰা মোৰ প্ৰাণ উদ্ধাৰ কৰিলে, সেই যিহোৱাৰ জীৱনৰ শপত,

10যেতিয়া কোনো এজন মানুহে বৰ ভাল খবৰ আনিছো বুলি ভাবি মোক কৈছিল, ‘চাওঁক, চৌল মৰিল’, তেতিয়া মই তেওঁক ধৰি চিক্লগত বধ কৰিলোঁ আৰু এইটোৱেই বাতৰি অনাৰ বাবে তেওঁক মই দিয়া তেওঁৰ পুৰস্কাৰ আছিল।

11পাছত, দুষ্টবোৰে এজন নিৰ্দোষীলোকক তেওঁৰ ঘৰৰ ভিতৰত সোমাই তেওঁ খাটত শুই থাকোতে তেওঁক যদি বধ কৰে, তেনেহ’লে তোমালোকৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ তাতকৈ অধিক নল’ম নে? আৰু তোমালোকক পৃথিৱীৰ পৰা উচ্ছন্ন নকৰিম নে?”

12তেতিয়া দায়ূদে তেওঁৰ ডেকাসকলক আজ্ঞা কৰাত, তেওঁলোকক বধ কৰি তেওঁলোকৰ হাত-ভৰি কাটি পেলালে আৰু হিব্ৰোণৰ পুখুৰীৰ পাৰত তেওঁলোকৰ শৱ আৰি হ’ল৷ কিন্তু তেওঁলোকে ঈচ্‌বোচতৰ মূৰটো লৈ হিব্ৰোণত থকা অবনেৰ’ৰ মৈদামতে মৈদাম দিলে।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath