খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

2 চমূৱেল 3

1চৌলৰ বংশ আৰু দায়ূদৰ বংশৰ মাজত বহুকাল ধৰি যুদ্ধ হ’ল৷ দায়ুদ ক্ৰমে বলৱান হৈ উঠিল, কিন্তু চৌলৰ বংশ হ’লে ক্ৰমে শক্তিহীন হৈ আহিল।

2হিব্ৰোণত দায়ূদৰ কেইবাজনো পুত্ৰ জন্মিল। তেওঁৰ বৰ পুত্ৰ অম্নোন, যিজ্ৰিয়েলীয়া অহীনোৱমৰ সন্তান;

3তেওঁৰ দ্বিতীয় পুত্ৰ কিলিয়াব, কৰ্মিলীয়া মৃত নাবলৰ ভাৰ্য্যা অবীগলৰ সন্তান৷ তৃতীয় অবচালোম, গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ সন্তান৷

4চতুৰ্থ পুত্ৰ অদোনীয়া, হগ্গীতৰ সন্তান৷ পঞ্চম পুত্ৰ চফটিয়া, অবীটলৰ সন্তান,

5আৰু ষষ্ঠ পুত্ৰ যিত্ৰিয়ম, দায়ূদৰ তিৰোতা ইগ্লাৰ সন্তান। এই সকলো হিব্ৰোণত দায়ূদৰ ঔৰসত জন্মিল।

6যি সময়ত দায়ূদৰ বংশ আৰু চৌলৰ বংশৰ মাজত যুদ্ধ চলি আছিল, সেই সময়ত অবনেৰে চৌলৰ বংশৰ পক্ষে নিজকে পৰাক্ৰমী দেখুৱাইছিল।

7কিন্তু অয়াৰ জীয়েক ৰিস্পা নামেৰে চৌলৰ এজনী উপপত্নী আছিল৷ তাইৰ বিষয়ে ঈচবোচতে অবনেৰক ক’লে, “তুমি মোৰ পিতৃৰ উপপত্নীত কিয় গমন কৰিলা?”

8ঈচ্‌বোচতৰ এই কথাত অবনেৰে অতিশয় ক্ৰুদ্ধ হৈ ক’লে, “মই জানো যিহূদাৰ ফলীয়া কুকুৰৰ মূৰ? আজিলৈকে মই তোমাৰ পিতৃ চৌলৰ বংশলৈ আৰু তেওঁৰ ভাই-বন্ধুসকললৈ দয়া কৰি আছোঁ আৰু তোমাক দায়ূদৰ হাতত শোধাই দিয়া নাই৷ তথাপি তুমি আজি সেই তিৰোতাজনীৰ বিষয়ে মোক দোষী কৰিছা।

9দায়ূদৰ আগত যিহোৱাই খোৱা শপতৰ দৰে যদি মই তেওঁলৈ কাৰ্য নকৰোঁ, তেনেহলে অবনেৰক তাতকৈয়ো অধিক দণ্ড দিয়ক,

10চৌলৰ পৰিয়ালৰ পৰা ৰাজ্য হস্তান্তৰ কৰিব আৰু দানৰ পৰা বেৰ-চেবা লৈ, সমগ্র ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত সিংহাসন স্থাপন কৰিব।”

11তাতে ঈচবোচতে অবনেৰক পুনৰ কোনো কথা ক’ব নোৱাৰিলে; কাৰণ অবনেৰলৈ তেওঁ ভয় কৰিলে।

12পাছত অবনেৰে দায়ূদৰ ওচৰলৈ তেওঁৰ পক্ষ হৈ কবলৈ দূতবোৰ পঠিয়াই দি কোৱালে বোলে, “এই দেশ কাৰ? আপুনি যদি মোৰ লগত এটি চুক্তি কৰে, তেন্তে চাওঁক মই গোটেই ইস্ৰায়েলক আপোনাৰ ফাললৈ নিবলৈ আপোনাৰ সহায় হম।”

13দায়ূদে ক’লে, বাৰু, মই তোমাৰ লগত এটি চুক্তি কৰিম, কেৱল এটি বিষয় মই তোমাৰ পৰা বিচাৰো যে যেতিয়া তুমি মোক দেখা কৰিবলৈ আহিবা, তেতিয়া প্ৰথমে চৌলৰ জীয়েক মীখলক নানিলে, মোক দেখা নাপাবা।

14তেতিয়া দায়ূদে চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ ওচৰলৈ দূত পঠিয়াই কোৱালে, বোলে, “যাক মোলৈ বাগ্দান কৰা হ’ল, মোৰ সেই মীখলক মোক দিয়া, যাৰ বাবে মই পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ- চৰ্ম্ম দিলোঁ।”

15তাতে ঈচ্‌বোচতে মানুহ পঠিয়াই লয়িচৰ পুত্ৰ পল্টীয়েল নামেৰে মীখলৰ স্ৱামীৰ পৰা তাইক লৈ আহিল।

16তেতিয়া তাইৰ স্ৱামীয়ে তাইৰ পাছে পাছে কান্দি কান্দি বহূৰীমলৈকে তাইৰ লগত আহিল। পাছত অবনেৰে তেওঁক ক’লে, “যোৱা, ঘৰলৈ উভটি যোৱা।” তাতে তেওঁ উভটি গ’ল।

17পাছত অবনেৰে ইস্ৰায়েলৰ বৃদ্ধ লোকসকলৰ লগত কথোপকথন কৰি ক’লে, “দায়ূদক তোমালোকৰ ওপৰত ৰজা পাতিবলৈ তোমালোকে পূৰ্বতে চেষ্টা কৰিছিলা।

18এতিয়া তাকে কৰাহঁক৷ কিয়নো যিহোৱাই দায়ূদৰ বিষয়ে কৈছিল, বোলে, ‘মই নিজ দাস দায়ূদৰ হতুৱাই মোৰ প্ৰজা ইস্ৰায়েলক পলেষ্টীয়াসকলৰ হাতৰ পৰা আৰু তেওঁলোকৰ সকলো শত্ৰুৰ হাতৰ পৰাও উদ্ধাৰ কৰিম’।”

19অবনেৰে বিন্যামীনৰ লোকসকলৰ লগত ব্যক্তিগতভাৱে কথা হ’ল৷ তাৰ পাছত ইস্ৰায়েল বংশ ও বিন্যামীনৰ গোটেই বংশই যি সম্পূর্ণ কৰিবলৈ ইচ্ছা কৰিছিল, সেই বিষয়ে অবনেৰে দায়ূদৰ আগত জনাবৰ বাবে হিব্ৰোণলৈ গ’ল।

20এইদৰে দায়ূদক দেখা কৰিবলৈ অবনেৰে তেওঁৰ বিশজন লোকক নিজৰ লগত লৈ হিব্ৰোণলৈ আহিল। তাতে দায়ূদে অবনেৰ আৰু তেওঁৰ লগৰ লোকসকলৰ বাবে ভোজ পাতিলে।

21অবনেৰে দায়ূদৰ ওচৰত বাখ্যা কৰি ক’লে, মই উঠি গৈ মোৰ প্ৰভু মহাৰাজৰ গুৰিলৈ ইস্ৰায়েলৰ সকলোকে গোটাই আনোগৈ, যেন তেওঁলোকে আপোনাৰে সৈতে এটি চুক্তি কৰিব আৰু আপুনি আপোনাৰ মনৰ ইচ্ছাৰ দৰে যেন সকলোৰে ওপৰত ৰাজত্ব কৰিব। পাছত দায়ূদে অবনেৰক বিদাই দিয়াত, তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।

22তাৰ পাছত দায়ূদৰ সৈন্যসকল আৰু যোৱাবে কোনো ঠাইত লুটকৰি উভটি অহিছিল আৰু তেওঁলোকে লগত বহুত লুট দ্ৰব্য আনিছিল৷ তেতিয়া অবনেৰ দায়ূদৰ লগত হিব্ৰোণত নাছিল৷ কিয়নো দায়ূদে তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।

23যেতিয়া যোৱাব আৰু তেওঁৰ লগৰ আটাই সৈন্যদলৰ সৈতে আহিল, লোকসকলে যোৱাবক ক’লে, “নেৰৰ পুত্ৰ অবনেৰ ৰজাৰ ওচৰলৈ আহিছিল; আৰু ৰজাই তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।”

24তেতিয়া যোৱাবে ৰজাৰ আগলৈ আহি ক’লে, আপুনি কি কৰিলে? চাওঁক, অবনেৰে আপোনাৰ ওচৰলৈ আহিছিল! আপুনি তাক বিদায় দি কিয় শান্তিৰে যাবলৈ দিলে?

25আপুনি নাজানে জানো, যে নেৰৰ পুত্ৰ অবনেৰকে আপোনাক ভূলাবলৈ আৰু আপোনাৰ পৰিকল্পনাসমূহ উদ্‌ঘাতন কৰিবলৈ আৰু আপুনি যি যি কৰি আছে, সেই সকলোৰ বিষয়ে বুজিবলৈহে তেওঁ আহিছিল।

26যেতিয়া যোৱাবে দায়ূদৰ ওচৰৰ পৰা বাহিৰ ওলাই আহিল, তেতিয়া তেওঁ অবনেৰৰ পাছত দূত পঠিয়াই দিলে আৰু তেওঁলোকে গৈ চিৰা নাদৰ ওচৰৰ পৰা অবনেৰক ওভোটাই আনিলে, কিন্তু দায়ূদে এই কথাৰ বুজ নাপালে।

27যেতিয়া অবনেৰ হিব্ৰোণলৈ ঘূৰি আহিল, যোৱাবে তেওঁক গুপুতে কথা ক’বৰ ছলেৰে নগৰৰ দুৱাৰৰ ভিতৰলৈ তেওঁক এফলীয়াকৈ লৈ গৈ, নিজ ভায়েক অচাহেলৰ ৰক্তপাতৰ কাৰণে, সেই ঠাইতে তেওঁৰ পেটত এনেকৈ আঘাত কৰিলে, যে তেওঁৰ তাতেই মৃত্যু হ’ল।

28যেতিয়া দায়ূদে সেই কথা শুনিলে, তেতিয়া তেওঁ ক’লে, “নেৰৰ পুত্ৰ অবনেৰ ৰক্তপাতৰ বিষয়ে মই আৰু মোৰ ৰাজ্য যিহোৱাৰ দৃষ্টিত সদাকাললৈকে নিৰ্দ্দোষী।

29সেই ৰক্তপাতৰ দোষ যোৱাবৰ আৰু তাৰ গোটেই পিতৃ-বংশৰ ওপৰত পৰোক৷ আৰু যোৱাবৰ দেশত প্ৰমেহ ৰোগী, কুষ্ঠী, লাখুটিত ভৰ দিওঁতা, তৰোৱালৰ দ্বাৰায় পৰা, বা খাবলৈ নোপোৱা, এনে প্ৰকাৰৰ লোকৰ অভাব নহওঁক।”

30এইদৰে যোৱাবে আৰু তেওঁৰ ভায়েক অবীচয়ে, গিবিয়োনৰ যুদ্ধত নিজৰ ভাই অচাহেলক বধ কৰাৰ কাৰণে অবনেৰক বধ কৰিলে।

31পাছত দায়ূদে যোৱাব আৰু তেওঁৰ লগত থকা সকলো লোকক ক’লে, তোমালোকে তোমালোকৰ কাপোৰ ফালি কঁকালত চট পিন্ধা আৰু শোক কৰি কৰি অবনেৰৰ শৱৰ আগে আগে চলা। আৰু দায়ুদ ৰজাও মৰা শৱৰ চাঙৰ পাছে পাছে গ’ল৷

32পাছত তেওঁলোকে হিব্ৰোণত অবনেৰক মৈদাম দিলে৷ সেই সময়ত ৰজাই অবনেৰৰ মৈদামৰ ওচৰত বৰ মাতেৰে ক্ৰন্দন কৰিলে আৰু আন সকলো লোকেও কান্দিলে।

33ৰজাই অবনেৰৰ বিষয়ে বিলাপ কৰি গীত গালে, “অবনেৰো অজ্ঞানৰ দৰে মৰিব লাগেনে?

34তোমাৰ হাত বন্ধা নাছিল৷ তোমাৰ ভৰিতো বেড়ী লগোৱা নাছিল৷ অন্যায় কৰোঁতা লোকৰ আগত পতিত হোৱা জনৰ দৰে তুমি পতিত থ’লো।” পাছত সকলো লোকে তেওঁৰ কাৰণে পুনৰাই ক্ৰন্দন কৰিলে।

35পাছত আটাই লোকে বেলি থাকোঁতেই দায়ূদক ভোজন কৰাবলৈ আহিলত, দায়ূদে এই শপত খালে, “বেলি মাৰ নৌ যাওঁতে মই যদি পিঠা বা আন কিবা বস্তুৰেই আস্বাদ লওঁ, তেন্তে ঈশ্বৰে মোক অমুক আৰু তাতোকৈয়ো অধিক দণ্ড দিয়ক।”

36তাতে সকলো লোকে তেওঁৰ এই ব্যৱহাৰ দেখি সন্তোষ পালে; আৰু ৰজাই যি যি কৰিছিল, তাতো সকলো লোকে সন্তোষ পাইছিল।

37আৰু নেৰৰ পুত্ৰ অবনেৰক বধ কৰা কথাত ৰজাৰ যে অনুমতি নাই, তাক সকলো লোকে আৰু সকলো ইস্ৰায়েলেও সেই দিনা বুজি পালে।

38পাছে ৰজাই তেওঁৰ দাসবোৰক ক’লে, আজি যে ইস্ৰায়েলৰ মাজত প্ৰধান আৰু মহান লোক এজন পতিত হ’ল, তাক জানো তোমালোকে নাজানা নে?

39অভিষিক্ত ৰজা হ’লেও আজি মই দূৰ্ব্বল৷ এইকেইজনলোক আৰু চৰূয়াৰ পুত্ৰসকল মোৰ বাবে অতি পাষবিক৷ যিহোৱাই কুকৰ্ম কৰাসকলক তেওঁলোকৰ অসৎ ব্যৱহাৰৰ কাৰণে পাব লগীয়া উচিত প্ৰতিফল দিয়ক।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath