খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

2 চমূৱেল 2

1তাৰ পাছত দায়ূদে যিহোৱাক সুধিলে আৰু ক’লে, “মই যিহূদাৰ কোনো এখন নগৰলৈ উঠি যাম নে?” তাতে যিহোৱাই তেওঁক ক’লে, “উঠি যোৱা।” দায়ূদে সুধিলে, “মই কোন খন নগৰলৈ যাব লাগিব?” যিহোৱাই উত্তৰ দি ক’লে, “হিব্ৰোণলৈ।”

2এই হেতুকে দায়ূদে তেওঁৰ নিজ দুজনী ভাৰ্য্যা, যিজ্ৰীয়েলৰ অহীনোৱম আৰু কৰ্মিলীয়া মৃত নাবলৰ তিৰোতা অবীগলক লগত লৈ সেই ঠাইলৈ গ’ল।

3দায়ূদে তেওঁৰ লগত থকা লোকসকলক লগত ল’লে আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ পৰিয়ালৰ সৈতে হিব্ৰোণৰ সেই নগৰবোৰত বাস কৰিবলৈ ধৰিলে৷

4তেতিয়া যিহূদাৰ পৰা লোকসকল আহিল আৰু দায়ূদক যিহূদা বংশৰ ওপৰত ৰজা অভিষেক কৰিলে। তেওঁলোকে দায়ূদক ক’লে, “যাবেচ-গিলিয়দৰ লোকসকলে চৌলক মৈদাম দিলে৷”

5তেতিয়া দায়ূদে যাবেচ-গিলিয়দৰ লোকসকলৰ ওচৰলৈ দূত পঠাই তেওঁলোকক এইবুলি কোৱালে, “তোমালোকে নিজ প্ৰভু চৌলক মৈদাম দি, আনুগত্য দেখুৱাই যি দয়া ব্যৱহাৰ কৰিলা, তাৰ বাবে তোমালোক যিহোৱাৰ আশীৰ্ব্বাদ-প্ৰাপ্ত থ’লো।

6এতিয়া যিহোৱাই তোমালোকলৈ আনুগত্য অংগীকাৰ আৰু বিশ্ৱস্ততাৰে ব্যৱহাৰ কৰক৷ আৰু তোমালোকে সেই কাৰ্য কৰা হেতুকে, ময়ো তোমালোকলৈ সেই দয়াৰ বাবে অনুগ্ৰহ কৰিম।

7এই হেতুকে এতিয়া তোমালোকৰ হাত সবল হওঁক আৰু সাহিয়াল হোৱা, কিয়নো তোমালোকৰ প্ৰভু চৌলৰ মৃত্যু হোৱাত, যিহূদা বংশই তেওঁলোকৰ ওপৰত মোকেই ৰজা অভিষেক কৰিলে।”

8ইয়াৰ ভিতৰতে নেৰৰ পুত্ৰ যি অবনেৰ চৌলৰ সেনাপতি আছিল, তেওঁ চৌলৰ পুত্ৰ ঈচ্‌বোচতক মহনয়িমলৈ লৈ গ’ল।

9তেওঁ ঈচবোচতক গিলিয়দৰ, অচুৰীয়াসকলৰ, যিজ্ৰিয়েলৰ, ইফ্ৰয়িমৰ, বিন্যামীনৰ আৰু গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।

10চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ চল্লিশ বছৰ বয়সত ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰি দুবছৰলৈ ৰাজ্য শাসন কৰিলে৷ কিন্তু যিহূদাৰ বংশ দায়ূদৰ পাছত চলোঁতা আছিল।

11দায়ূদে হিব্ৰোণত যিহূদা-বংশৰ ওপৰত সাত বছৰ ছমাহ ৰাজত্ব কৰিলে।

12এদিন নেৰৰ পুত্ৰ অবনেৰ আৰু চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ দাসবোৰে মহনয়িমৰ পৰা গিবিয়োনলৈ গৈছিল৷

13এনেতে চৰূয়াৰ পুত্ৰ যোৱাব আৰু দায়ূদৰ দাসবোৰ ওলাই গিবিয়োনৰ পুখুৰীৰ ওচৰত তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল৷ এদল পুখুৰীৰ ইপাৰে আন দল পুখুৰীৰ সিপাৰে বহিল।

14তেতিয়া অবনেৰে যোৱাবক ক’লে, “বিনয় কৰোঁ, ডেকাসকলে উঠি আমাৰ আগত যুদ্ধ-ক্ৰীড়া কৰক।” তেতিয়া যোৱাবে ক’লে, “তেওঁলোক উঠক।”

15তেতিয়া সেই ডেকা লোকসকলে সংখ্যা অনুসাৰে, চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ আৰু বিন্যামীনৰ পক্ষে বাৰজন আৰু দায়ূদৰ দাসবোৰৰ বাৰজন, উঠি একে লগে গোট খালে।

16সিহঁত প্ৰতিজনে নিজৰ অহিতে যুদ্ধ কৰাজনৰ মূৰত ধৰি কাষত তৰোৱালেৰে খোচাত, সকলো একেলগে মৰা পৰিল; এই হেতুকে সেই ঠাই “হিল্কৎ-হচুৰীম” বা “তৰোৱালবোৰৰ ক্ষেত্ৰ” নামেৰে প্ৰখ্যাত হ’ল; সেয়ে গিবিয়োনত আছে।

17পাছত সেইদিনা ঘোৰ যুদ্ধ হোৱাত, অবনেৰ আৰু ইস্ৰায়েল লোকসকল দায়ূদৰ দাসবোৰৰ আগত পৰাজিত হ’ল।

18সেই ঠাইত যোৱাব, অবীচয় আৰু অচাহেল নামেৰে চৰূয়াৰ এই তিনিজন পুত্ৰ আছিল৷ অচাহেল বনৰীয়া হৰিণৰ নিচিনা বেগী আছিল।

19পাছত অচাহেলে সোঁ কি বাওঁফালে নুঘূৰি অবনেৰৰ পাছে পাছে খেদি গ’ল।

20তেতিয়া অবনেৰে পিছলৈ ঘূৰি চাই সুধিলে, “তুমি অচাহেল হোৱানে?” তেওঁ কলে, “মই হওঁ।”

21তাতে অবনেৰে তেওঁক ক’লে, “তুমি সোঁহাতে বা বাওঁহাতে ঘূৰি, সৌ ডেকাসকলৰ কোনো এজনক ধৰি তেওঁ পিন্ধা গাৰ কৱচ লোৱাগৈ।” কিন্তু অচাহেলে তেওঁৰ পাছত খেদি যোৱাৰ পৰা ঘূৰিবলৈ মান্তি নহ’ল।

22গতিকে অবনেৰে অচাহেলক পুনৰায় ক’লে, “মোৰ পাছৰ পৰা ঘূৰা; মই কিয় তোমাক আঘাত কৰি মাটিত পেলাম? আৰু তাকে কৰিলে তোমাৰ ককায়েৰ যোৱাবৰ আগত মই কিদৰে মুখ দেখুৱাম?”

23তথাপি অচাহেলে ঘূৰিবলৈ মান্তি নহ’ল; এইকাৰণে অবনেৰে বৰছাৰ কুৰাৰে তেওঁৰ পেটত এনেকৈ খুচিলে যে, কুৰাডাল পিঠিয়েদি বাহিৰ ওলাল৷ তেতিয়া তেওঁ সেই ঠাইতে পৰি তেতিয়াই মৰিল৷ যি ঠাইত অচাহেল পৰি মৃত্যু হৈছিল, সেই ঠাইত যিমান লোক আহিল, সেই সকলো তাতেই থিয় হৈ ৰ’ল।

24কিন্তু যোৱাব আৰু অবীচয়ে অবনেৰৰ পাছে পাছে খেদি গ’ল। পাছত বেলি মাৰ যাওঁতে, তেওঁলোকে গিবিয়োন মৰুপ্ৰান্তৰ বাটৰ ওচৰত থকা গীহৰ সন্মুখৰ অম্মা পৰ্ব্বত পালেগৈ৷

25পাছত বিন্যামীনৰ সন্তান সকলে অবনেৰৰ পাছত যাবৰ বাবে গোট খাই এটা পৰ্ব্বতৰ টিঙত থিয় হৈ ৰ’ল।

26তেতিয়া অবনেৰে যোৱাবক মাতি ক’লে, “তৰোৱালে জানো সদাকাল গ্ৰাস কৰিব পাৰিব? শেষত ইয়াৰ ফল যে অতি তিক্ত হ’ব, তাক তুমি নাজানানে? এই হেতুকে তুমি নিজ ভাইসকলৰ পাছে পাছে খেদি অহাৰ পৰা ওভোটাবলৈ, নিজৰ লোকসকলক কিমান কাললৈ আজ্ঞা নিদিয়াকৈ থাকিবা?”

27তেতিয়া যোৱাবে ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তুমি কথা নোকোৱা হ’লে, ৰাতিপুৱাই লোকসকলে নিশ্চয়ে গুচি গ’লহেঁতেন আৰু প্ৰতিজনে নিজ নিজ ভাইৰ পাছত খেদি নগ’লহেঁতেন!”

28তেতিয়া যোৱাবে শিঙা বজোৱাত, সকলো মানুহ ৰ’ল আৰু ইস্ৰায়েলৰ পাছত কোনেও খেদি নগ’ল আৰু যুদ্ধও নকৰিলে।

29তাৰ পাছত অবনেৰ আৰু তেওঁৰ লোকসকলে অৰাবায়েদি গোটেই ৰাতি যাত্ৰা কৰিলে। তেওঁলোকে যৰ্দ্দন পাৰ হৈ পাছদিনা ৰাতিপুৱা যাত্ৰা কৰি মহনয়িম গৈ পালে।

30তেতিয়া যোৱাবে অবনেৰৰ পাছত খেদি যোৱাৰ পৰা উভতি আহিল আৰু আটাই লোকক তেওঁ গোট খুৱালে; কিন্তু দায়ূদৰ ঊন্নৈশজন সৈন্য আৰু অচাহেলকক নাপালে।

31কিন্তু দায়ূদৰ দাসবোৰে বিন্যামীন আৰু অবনেৰৰ লোকসকলক এনেকৈ আঘাত কৰিলে যে, তেওঁলোকৰ তিনিশ ষাঠিজন লোক মৰিল।

32তেতিয়া লোকসকলে অচাহেলক তুলি কৰিলে যে, বৈৎলেহেমত থকা তেওঁৰ পিতৃৰ মৈদামতে মৈদাম দিলে৷ যোৱাব আৰু তেওঁৰ লোকসকল ওৰে ৰাতি যাত্ৰা কৰি ৰাতিপুৱা হিব্ৰোণ পালেগৈ।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath