2 চমূৱেল 20
1সেই সময়ত সেই ঠাইতে বিন্যামীনীয়া বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন অশান্তি কৰোঁতা লোক আছিল৷ তেওঁ শিঙা বজাই ক’লে, “দায়ূদত আমাৰ কোনো ভাগ নাই আৰু যিচয়ৰ পুত্ৰত আমাৰ একো উত্তৰাধধিকাৰো নাই৷ হে ইস্ৰায়েল, আপোনালোক প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাওঁক।”
2গতিকে ইস্ৰায়েলৰ সকলো লোক দায়ূদৰ পৰা আতৰি গ’ল আৰু বিখ্ৰীৰ পুত্ৰ সেই চেবাৰ পাছত যাবলৈ ল’লে৷ কিন্তু যৰ্দ্দনৰ পৰা যিৰূচালেমলৈকে যিহূদাৰ লোকসকলে নিজ ৰজাত আসক্ত হৈ থাকিল।
3পাছত যেতিয়া দায়ুদ যিৰূচালেমলৈ নিজৰ ঘৰলৈ আহিল তেতিয়া তেওঁ ঘৰ ৰাখিবৰ অৰ্থে নিজৰ যি দহ জনী উপপত্নী থৈ গৈছিল, তেওঁলোকক আনি এটা ঘৰত পহৰা দি বন্ধ কৰি হ’ল। তেওঁ তেওঁলোকৰ প্ৰয়োজনৰ ব্যৱস্থা কৰিছিল, কিন্তু তেওঁলোকৰ সৈতে আৰু গমন নকৰিলে। এই দৰে তেওঁলোক বিধৱা অৱস্থাত মৰণ কাললৈকে আবদ্ধ হৈ থাকিল।
4তেতিয়া ৰজাই অমাচাক ক’লে, “তিনি দিনৰ ভিতৰত যিহূদাৰ লোকসকলক মতাই মোৰ ওচৰত গোট খুৱাবা; আৰু তুমি নিজেও এই ঠাইত উপস্থিত হ’বা।”
5তেতিয়া অমাচাই যিহূদাৰ লোকসকলক মতাই গোট খুৱাবলৈ গ’ল কিন্তু ৰজাই নিৰূপিত কৰা কালতকৈ তেওঁৰ অধিক পলম হ’ল।
6তেতিয়া দায়ূদে অবীচয়ক ক’লে, “এতিয়া বিখ্ৰীৰ পুত্ৰ চেবাই অবচালোমতকৈ আমাৰ অধিক অনিষ্ট কৰিব৷ তুমি তোমাৰ প্ৰভুৰ দাসবোৰক লৈ তেওঁৰ পাছে পাছে খেদি যোৱা; নহ’লে তেওঁ গড়েৰে আবৃত হোৱা কোনো নগৰ পাই আমাৰ চকুৰ আগৰ পৰা সাৰি যাব।”
7তেতিয়া যোৱাবৰ লোকসকল, লগত কৰেথীয়া আৰু পেলেথীয়া লোকসকলৰ সৈতে আৰু সকলো বীৰ পুৰুষ তেওঁৰ পাছে পাছে ওলাই গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছে পাছে খেদি যাবৰ বাবে যিৰূচালেমৰ পৰা গ’ল।
8যেতিয়া তেওঁলোকে গিবিয়োনত থকা মহা-শিলটোৰ ওচৰ পালে তেতিয়া অমাচাই তেওঁলোকক লগ কৰিবলৈ আহিল৷ যোৱাবৰ ককালত ৰণৰ সাজ বন্ধা আছিল আৰু তাতে নিজৰ ককালত বন্ধা ফাকত থকা তৰোৱালে সৈতে এগছ টঙালি আছিল৷ তেওঁ আগবাঢ়ি যাওঁতে, সেই তৰোৱাল মাটিত পৰিল।
9তেতিয়া যোৱাবে অমাচাক ক’লে, “হে মোৰ ভাই, তুমি মঙ্গলে আছা নে?” এইবুলি যোৱাবে সাদৰেৰে তেওঁৰ সোঁ হাতেৰে অমাচাৰ ডাঢ়িত ধৰি তেওঁক চুমা খাবলৈ ল’লে৷
10অমাচাই কিন্তু যোৱাবৰ বাওঁ হাতত থকা ডেগাৰলৈ মন নকৰিলে৷ তাতে যোৱাবে তাৰে তেওঁৰ পেটত খোঁচ মাৰি মাটিত তেওঁৰ নাড়ী-ভূঁৰু উলিয়াই পেলালে৷ যোৱাবে পুনৰাই তেওঁক খোঁচ নামাৰিলে আৰু তাতে অমাচাৰ মৃত্যু হ’ল। তাৰ পাছত যোৱাব আৰু তেওঁৰ ভায়েক অবীচয়ে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছত খেদি গ’ল।
11তেতিয়া অমাচাৰ ওচৰত যোৱাবৰ এজন থিয় দি থকা লোকে ক’লে, “যি জনে যোৱাবক ভাল পায় আৰু দায়ূদৰ ফলীয়া হয়, তেওঁ যোৱাবক অনুসৰণ কৰ’ক।”
12তেতিয়ালৈকে অমাচা ৰাজ বাটৰ মাজত নিজৰ তেজেৰে লেটি-পেটি হৈ পৰি আছিল৷ তেতিয়া সেই লোকজনে আটাই লোকক ৰৈ থকা দেখি, অমাচাক বাটৰ পৰা পথাৰলৈ আঁতৰাই নিলে আৰু তেওঁৰ ওপৰত এখন কাপোৰ পেলাই ঢাকি দিলে কিয়নো তেওঁৰ ওচৰেদি যোৱা সকলো লোকক থিয় হৈ ৰৈ থকা দেখিলে।
13যেতিয়া অমাচাক ৰাজবাটৰ পৰা নিয়া হ’ল, তেতিয়া আটাই লোক বিখ্ৰীৰ পুত্ৰ চেবাক খেদি যাবৰ কাৰণে যোৱাবৰ পাছে পাছে গ’ল।
14পাছত চেবাই ইস্ৰায়েলৰ সকলো ফৈদৰ মাজেদি আবেল আৰু বৈৎ-মাখালৈকে আৰু সকলো বেৰীয়াসকলৰ অঞ্চললৈকে গ’ল; আৰু তেওঁলোকেও গোট খাই তেওঁৰ পাছত গ’ল।
15তাতে তেওঁলোকে আহি বৈৎমাখাৰ আবেলত চেবাক বেৰি ধৰিলে আৰু নগৰৰ বিৰুদ্ধে এক হাদাম বান্ধিলে৷ তেতিয়া যোৱাবৰ লগত থকা সৈন্যদলৰ সকলোৱে সেই হাদাম গড়টো ভাঙিবলে চেষ্টা কৰিলে।
16তেতিয়া নগৰৰ ভিতৰৰ পৰা এজনী জ্ঞানী মহিলাই ৰিঙিয়াই ক’লে, “শুনক, অনুগ্ৰহ কৰি শুনক, হে যোৱাব! মই যেন আপোনাৰ লগত কথা-বতৰা হ’ব পাৰোঁ সেই বাবে মোৰ ওচৰলৈ আঁহক৷”
17তেতিয়া যোৱাব তাইৰ ওচৰলৈ গ’ল, তাতে সেই মহিলা গৰাকীয়ে তেওঁক সুধিলে, “আপুনি যোৱাব হয় নে?” তেওঁ উত্তৰ দি ক’লে, “হয়, মই হওঁ।” তাতে মহিলা গৰাকীয়ে ক’লে, “আপোনাৰ বেটীঁৰ কথাবোৰ শুনক।” তেওঁ ক’লে, “বাৰু কওঁক, মই শুনি আছোঁ।”
18তেতিয়া সেই মহিলা গৰাকীয়ে ক’লে, “পূৰ্বকালত লোকসকলে এই কথা কৈছিল, বোলে, ‘আবেলত নিশ্চয়কৈ দিহা অনুসন্ধান কৰক,’ আৰু পাছত সেইদৰেই কাৰ্যৰ বিষয় সিদ্ধ হ’ব।
19আমি ইস্ৰায়েলৰ মাজত আটাইতকৈ শান্ত আৰু বিশ্বাসী নগৰ এখনৰ লোক সমূহ হওঁ৷ আপুনি ইস্ৰায়েলৰ মাতৃস্বৰূপ এখন নগৰ নষ্ট কৰিবলৈ চেষ্টা কৰিছে৷ আপুনি কিয় যিহোৱাৰ উত্তৰাধিকাৰ গ্ৰাস কৰিব বিচাৰিছে?”
20তাতে যোৱাবে উত্তৰ দি ক’লে, “গ্ৰাস বা বিনষ্ট, দূৰ হওঁক, মোৰ পৰা দূৰে থাকক।
21এনে কথা নহয় কিন্তু বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ লোক দায়ুদ ৰজাৰ বিৰুদ্ধে হাত দাঙিছে৷ আপোনালোকে অকল তেওঁকে সমৰ্পণ কৰি দিয়ক আৰু তাতে মই নগৰ খনৰ পৰা গুচি যাম।” তেতিয়া সেই মহিলা গৰাকীয়ে যোৱাবক ক’লে, “চাওঁক, গড়ৰ ওপৰেদি তেওঁৰ মূৰটো আপোনালৈ পেলাই দিয়া যাব।”
22তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁৰ সকলো জ্ঞানত লোকসকলৰ ওচৰলৈ গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ মূৰ কাটি যোৱাবৰ ওচৰলৈ বাহিৰলৈ পেলাই দিলে। তেতিয়া তেওঁ শিঙা বজালে আৰু তেওঁৰ লোকসকলৰ প্ৰতিজনে সেই নগৰখন এৰি নিজ নিজ ঘৰলৈ গ’ল। পাছত যোৱাব যিৰূচালেমলৈ ৰজাৰ ওচৰলৈ ঘূৰি আহিল৷
23সেই সময়ত যোৱাব ইস্ৰায়েলৰ প্ৰধান সেনাপতি আছিল আৰু যিহোয়াদাৰ পুত্ৰ বনায়া কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷
24অদোৰাম বন্দী কাম কৰি দিব লগীয়াসকলৰ অধ্যক্ষ আছিল আৰু অহীলূদৰ পুত্ৰ যিহোচাফট্ ইতিহাস লিখক আছিল৷
25চেয়া ৰাজলিখক আৰু চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল।
26আৰু যায়ীৰীয়া ঈৰাও দায়ূদৰ মূখ্য-মন্ত্ৰী আছিল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath