খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

2 চমূৱেল 1

1চৌলৰ মৃত্যুৰ পাছত, দায়ূদে অমালেকীয়া সকলক বধ কৰি ঘূৰি আহিল আৰু চিক্লগত দুদিন থাকিল।

2পাছত তৃতীয় দিনত, চৌলৰ সেনাবাহিনীৰ ছাউনিৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল; তেওঁৰ মুৰত মাটি লাগি আছিল। তেওঁ দায়ূদৰ ওচৰলৈ আহি শিৰনত হৈ প্রণাম কৰিলে।

3তেতিয়া দায়ূদে তেওঁক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেওঁ উত্তৰ দি ক’লে, “মই ইস্ৰায়েলৰ সেনা ছাউনিৰ পৰা পলাই আহিছোঁ।”

4দায়ূদে তেওঁক সুধিলে, “তাত কি হ’ল, সেই বিষয়ে মোক কোৱাচোন।” তেওঁ ক’লে, “লোকসকল যুদ্ধৰ পৰা পলাল, অনেক পতিত হ’ল। লোকসকলৰ মাজত অনেক লোক মৰিল। চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰো মৃত্যু হ’ল।”

5তেতিয়া দায়ূদে সেই সম্বাদ দিয়া ডেকা লোক জনক সুধিলে, “চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ যে মৃত্যু হ’ল, সেই বিষয়ে তুমি কেনেকৈ জানিলা?”

6তেতিয়া সেই ডেকা লোক জনে ক’লে, “ঘটনাক্ৰমে মই গিলবোৱা পৰ্ব্বতত আছিলোঁ আৰু তাতে চৌলে বৰছাৰ ওপৰত ভৰ দি আছিল আৰু ৰথ ও অশ্বাৰোহীসকলে তেওঁৰ পাছে পাছে বৰকৈ খেদি খেদি প্রায় তেওঁৰ ওচৰ চাপি আহিছিল।

7তেতিয়া তেওঁ ঘূৰি মোক দেখি মাতিলে। তেতিয়া মই উত্তৰ দি ক’লো, “মই ইয়াত আছোঁ৷”

8তেওঁ মোক সুধিলে, “তুমি কোন?” মই তেওঁক ক’লো, “মই এজন অমালেকীয়া লোক।”

9তেতিয়া তেওঁ মোক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ ওচৰত থিয় হৈ মোক বধ কৰা কাৰণ মোক শিৰামূৰিয়ে ধৰিছে, যদিও মোত এতিয়াও প্ৰাণ আছে।”

10তেতিয়া মই গৈ তেওঁৰ ওচৰত থিয় হৈ তেওঁক বধ কৰিলোঁ; কিয়নো তেওঁ পৰাজিত হোৱাৰ পাছত যে পুনৰ তেওঁ আৰু জীয়াই নাথাকিব, সেই বিষয়ে মই নিশ্চয়ে জানিছিলোঁ৷ এতিয়া মই তেওঁৰ মূৰৰ কিৰীটি আৰু বাহুৰ বাজু লৈ, এই ঠাইত মোৰ প্ৰভুৰ ওচৰলৈ লৈ আহিছোঁ।”

11তেতিয়া দায়ূদে নিজ কাপোৰ ধৰি ফালিলে আৰু তেওঁৰ লগৰ আটাই লোকসকলেও সেই দৰে কৰিলে।

12চৌল, তেওঁৰ পুত্ৰ যোনাথন আৰু যিহোৱাৰ প্ৰজা ইস্ৰায়েল বংশ তৰোৱালত পতিত হোৱাৰ বাবে তেওঁলোকে শোক কৰি কৰি কান্দিলে আৰু সন্ধ্যালৈকে লঘোনে থাকিল।

13পাছত দায়ূদে সেই বাতৰি অনা ডেকা মানুহজনক ক’লে, “তুমি ক’ৰ মানুহ?” তেওঁ উত্তৰ দি ক’লে, “মই এজন প্রবাসী অমালেকীয়া মানুহ।”

14দায়ূদে তেওঁক ক’লে, “তুমি যিহোৱাৰ অভিষিক্তজনক বধ কৰিবৰ অৰ্থে নিজ হাত মেলিবলৈ ভয় নকৰিলা, ই কেনে কথা?”

15দায়ূদে ডেকাসকলৰ মাজৰ এজনক মাতি এই আজ্ঞা দি ক’লে, “তুমি ওচৰলৈ গৈ তেওঁক বধ কৰা।” গতিকে সেই লোকজনে গৈ তেওঁক প্ৰহাৰ কৰি আঘাত কৰিলে৷ তাতে সেই অমালেকীয়াজনৰ মৃত্যু হ’ল।

16তেতিয়া দায়ূদে সেই মৃত অমালেকীয়াজনক ক’লে, “তোমাৰ ৰক্তপাতৰ দোষ তোমাৰ নিজ মূৰতেই থাকক; কিয়নো, ‘ময়েই যিহোৱাৰ অভিষিক্ত জনক বধ কৰিলোঁ’ এইবুলি তোমাৰ নিজ মুখেৰেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিলা।”

17তেতিয়া দায়ূদে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন, এই মৃতকেইজনৰ বিষয়ে বিলাপেৰে গীত গালে।

18তেওঁ যিহূদাৰ সন্তান সকলক এই ধনুগীত শিকাবলৈ দিলে; চোৱা, যি গীত যাচেৰ পুস্তকখনিত লিখা আছে।

19হে ইস্ৰায়েল, তোমাৰ উচ্চস্থানবোৰত ৰত্ন দুটি বধ কৰা হ’ল! হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল!

20গাত’ত এই বিষয় প্ৰকাশ নকৰিবা, অস্কিলোনৰ বাটত এই বিষয় প্ৰচাৰ নকৰিবা; কৰিলে পলেষ্টীয়াসকলৰ জীয়ৰীসকলে আনন্দ কৰিব, অচুন্নৎসকলৰ জীয়ৰীসকলে উল্লাস কৰিব।

21হে গিলবোৱা পৰ্ব্বত, তোমাৰ ওপৰত নিয়ৰ বা বৰষুণ নহওক, বা উত্তোলনীয় নৈবেদ্যৰ পথাৰ নহওঁক, কিয়নো সেই ঠাইত বীৰসকলৰ ঢাল পেলোৱা হ’ল। তেলেৰে অভিষিক্ত নোহোৱা চৌলৰ ঢাল পেলোৱা হ’ল৷

22হত হোৱা লোকসকলৰ তেজ আৰু বীৰসকলৰ দেহৰ পৰা যোনাথনৰ ধনু বিমুখ নহৈছিল, চৌলৰ তৰোৱালো শুদাই ঘূৰি নাহিছিল।

23চৌল আৰু যোনাথন, জীৱন কালত প্ৰিয় আৰু সন্তোষজনক আছিল, আৰু মৰণৰ কালতো তেওঁলোক পৃথক নহ’ল; তেওঁলোক ঈগল পক্ষীতকৈয়ো বেগী আছিল, তেওঁলোক সিংহতকৈয়ো বলৱান আছিল।

24হে ইস্ৰায়েলৰ জীয়ৰীসকল, চৌলৰ বাবে ক্ৰন্দন কৰা, তেওঁ তোমালোকক ৰঙা বৰণীয়া বস্ত্ৰ পিন্ধাই ভূষিত কৰিছিল, তেওঁ তোমালোকৰ বস্ত্ৰৰ ওপৰত সোণৰ অলঙ্কাৰ পিন্ধাইছিল।

25হায় হায়, যুদ্ধৰ মাজত বীৰসকল কেনেকৈ পতিত হ’ল! তোমাৰ উচ্চ স্থানবোৰত যোনাথন হত হ’ল৷

26হে মোৰ ভাই যোনাথন, তোমাৰ বাবে মই দুখিত হৈছোঁ৷ তুমি মোলৈ অতি মৰমীয়াল আছিলা৷ নাৰীসকলৰ প্ৰেমতকৈয়ো তোমাৰ প্ৰেম মোৰ পক্ষে চমৎকাৰ আছিল।

27হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল আৰু যুদ্ধৰ অস্ত্ৰবোৰ যুদ্ধক্ষেত্ৰত নষ্ট হ’ল!”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath