খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

2 চমূৱেল 11

1পাছত বসন্তকাল আহিল, যি কালত ৰজাসকলে যুদ্ধলৈ যায়, এনে কালতেই দায়ূদে যোৱাবক, লগত তেওঁৰ দাসবোৰ আৰু গোটেই ইস্ৰায়েলৰ সৈন্যসকলক পঠিয়ালে৷ তেওঁলোকে গৈ অম্মোনৰ সৈন্যসকলক বিনাশ কৰি ৰব্বা নগৰ অধিকাৰ কৰি ল’লে৷ কিন্তু দায়ুদ যিৰূচালেমতেই থাকিল।

2পাছত এদিন সন্ধিয়া সময়ত, দায়ূদে শয্যাৰ পৰা উঠি তেওঁৰ ৰাজগৃহৰ চালৰ ওপৰত ঘূৰি ফুৰি আছিল৷ তাতে তাৰ পৰা চাই এগৰাকী মহিলাক গা ধুই থকা দেখিলে; মহিলা গৰাকী দেখিবলৈ অতি শুৱনি আছিল।

3তেতিয়া কোনে এই মহিলা গৰাকীৰ বিষয়ে জানিব, তাৰ বুজ-বিচাৰ ল’বলৈ দায়ূদে মানুহ পঠিয়ালে৷ কোনো এজনে ক’লে, “তেওঁ ইলীয়ামৰ জীয়েক বৎচেবা আৰু হিত্তীয়া ঊৰিয়াৰ পত্নী জানো নহয়?”

4তেতিয়া দায়ূদে দূত পঠিয়াই তেওঁক অনোৱালে আৰু যেতিয়া তেওঁ দায়ূদৰ ওচৰলৈ আহিল, তেতিয়া দায়ূদে তেওঁৰ লগত শয়ন কৰিলে, কিয়নো সেই মহিলাই নিজ অশৌচৰ পৰা শুচি হৈছিল৷ তাৰ পাছত তাই নিজৰ ঘৰলৈ উভটি গ’ল।

5পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হোৱাত, তেওঁ মানুহ পঠিয়াই দায়ূদক এই বাতৰি দি ক’লে বোলে, “মই গৰ্ভৱতী হ’লো।”

6তেতিয়া দায়ূদে যোৱাবৰ ওচৰলৈ কৈ পঠিয়ালে বোলে, “হিত্তীয়া ঊৰিয়াক মোৰ ওচৰলৈ পঠিয়াই দিয়া।” তাতে যোৱাবে ঊৰিয়াক দায়ূদৰ ওচৰলৈ পঠিয়াই দিলে।

7যেতিয়া ঊৰিয়া তেওঁৰ ওচৰলৈ আহিল, দায়ূদে তেওঁক যোৱাবৰ বিষয়ে, সৈন্যসকলৰ আৰু যুদ্ধৰ বাতৰি সুধিলে।

8দায়ূদে ঊৰিয়াক ক’লে, “তুমি নিজ ঘৰলৈ যোৱা আৰু নিজৰ ভৰি ধুই পেলোৱা।” তাতে ঊৰিয়া ৰজাৰ ঘৰৰ পৰা ওলাই গ’ল আৰু তেওঁ ওলাই যোৱাৰ পাছত ৰজাই তেওঁলৈ এটি উপহাৰ দি পঠিয়ালে৷

9কিন্তু ঊৰিয়াই নিজ প্ৰভুৰ দাসবোৰৰ সৈতে ৰাজগৃহৰ দুৱাৰ-মুখতে শুই থাকিল, নিজৰ ঘৰলৈ বুলি আৰু নামি নগ’ল।

10পাছত ঊৰিয়া নিজৰ ঘৰলৈ নোযোৱা কথা দায়ূদৰ আগত লোক সকলে জনোৱাত দায়ূদে উৰিয়াক ক’লে, “তুমি যাত্ৰা কৰি অহা নাই নে? তেন্তে নিজৰ ঘৰলৈ তুমি কিয় নগ’লা?”

11তাতে ঊৰিয়াই দায়ূদক ক’লে, “নিয়ম চন্দুকটি, ইস্ৰায়েলসকল আৰু যিহূদা তম্বুত বাস কৰি আছে আৰু মোৰ প্ৰভু যোৱাব আৰু মোৰ প্ৰভুৰ দাসবোৰ মুকলি পথাৰত ছাউনি পাতি আছে৷ তেন্তে মই জানো ভোজন-পান কৰিবলৈ আৰু পত্নীৰ সৈতে শয়ন কৰিবলৈ নিজৰ ঘৰলৈ যাব পাৰোঁ? আপোনাৰ জীৱনৰ আৰু আপোনাৰ জীয়া প্ৰাণৰ শপত, মই এনে কৰ্ম কৰিব নোৱাৰো।”

12তেতিয়া দায়ূদে ঊৰিয়াক ক’লে, “তুমি আজিও ইয়াতে থাকা, কাইলৈ মই তোমাক বিদায় দিম।” তাতে উৰিয়াই সেইদিনা আৰু তাৰ পাছ দিনাখনো যিৰূচালেমত থাকিল।

13আৰু দায়ূদে যেতিয়া তেওঁক নিমন্ত্ৰণ কৰিলে, তেওঁৰ সাক্ষাতে ভোজন পান কৰোঁৱাই তেওঁক মতলীয়া কৰালে৷ তথাপি তেওঁ সন্ধ্যাৰ সময়ত নিজ প্ৰভুৰ দাসবোৰৰ লগত নিজ শয্যাত শুবলৈ বাহিৰলৈ গ’ল; তেওঁ নিজৰ ঘৰলৈ নামি নগ’ল।

14পাছত ৰাতিপুৱা দায়ূদে যোৱাবলৈ এখন পত্ৰ লিখিলে আৰু ঊৰিয়াৰ হাতত দি পঠিয়ালে।

15দায়ূদে পত্ৰখনত ইয়াকে লিখিছিল বোলে, “তোমালোকে ঊৰিয়াক আটাইতকৈ প্ৰবল যুদ্ধৰ সন্মুখত ৰাখি থবা আৰু সি যেন আঘাত পাই মৰে সেই বাবে তোমালোক তাৰ পৰা পাছ হুঁহকি যাবা।”

16পাছত যোৱাবে নগৰ অৱৰোধ হোৱা সময়ত, যি ঠাইত আটাইতকৈ শক্তিশালী শত্ৰু আছে বুলি জানিছিল, সেই ঠাইতে ঊৰিয়াক হ’ল।

17পাছে নগৰত থকা লোকসকলে বাহিৰ ওলাই যোৱাবৰ সৈন্যসকলৰ লগত যুদ্ধ কৰাত, লোকসকলৰ মাজৰ অৰ্থাৎ দায়ূদৰ সৈন্যসকলৰ মাজৰ কিছুলোক পতিত হ’ল আৰু তাতে হিত্তীয়াৰ ঊৰিয়াৰো মৃত্যু হ’ল।

18যেতিয়া যোৱাবে দূত পঠিয়াই সেই যুদ্ধৰ সকলো বিৱৰণ দায়ূদক জনালে,

19তেওঁ দূতক আজ্ঞা দি কৈছিল, বোলে, “তুমি ৰজাৰ আগত ৰণৰ আটাই বাতৰি কৈ এটোৱাৰ পাছত,

20যদি ৰজাই খং উঠি তোমাক কয়, তোমালোকে যুদ্ধ কৰোঁতে নগৰৰ গড়ৰ ইমান ওচৰ চাপি কিয় গৈছিলা? তেওঁলোকে গড়ৰ ওপৰৰ পৰা কাঁড় মাৰিব বুলি তোমালোকে নাজানিছিলা নে?

21যিৰূব্বেচতৰৰ পুত্ৰ অবীমেৰকক কোনে বধ কৰিলে? এগৰাকী মহিলাই গড়ৰ ওপৰৰ পৰা জাঁত শিলৰ ওপৰৰ চলা তেওঁৰ ওপৰত পেলালে, যাতে তেওঁৰ মৃত্যু হয়, সেইদৰে তেওঁ তেবেচত নমৰিল নে? গতিকে তোমালোকে গড়ৰ ইমান ওচৰলৈ কিয় গৈছিলা? তেতিয়া তুমি নিশ্চয় কবা, ‘আপোনাৰ দাস হিত্তীয়াৰ ঊৰিয়াও মৰিল’৷”

22পাছে সেই দূতে গৈ দায়ূদৰ গুৰিত উপস্থিত হৈ, যোৱাবে কৈ পঠোৱা সকলো কথা তেওঁৰ আগত জনালে।

23সেই দূতে দায়ূদক ক’লে, “সেই শত্ৰুসকল আমাতকৈ পাচত আমাৰ বিৰুদ্ধে প্ৰবল হৈ পথাৰলৈ আমাৰ ওচৰলৈকে ওলাই আহিছিল; তেতিয়া আমি নগৰৰ দুৱাৰ-মুখলৈকে সিহঁতৰ পাছে পাছে খেদি গৈছিলোঁ৷

24কাঁড়মৰা লোকসকলে গড়ৰ ওপৰৰ পৰা আপোনাৰ দাসবোৰলৈ কাঁড় মাৰিলে; তাতে মহাৰাজৰ কেতবোৰ দাস মৰিল আৰু আপোনাৰ দাস হিত্তীয়াৰ ঊৰিয়াও মৰিল।”

25তেতিয়া দায়ূদে সেই দূতক ক’লে, “তুমি গৈ যোৱাবক এইদৰে ক’বা, ‘ইয়াত তুমি অসন্তোষ নকৰিবা কিয়নো তৰোৱালে যেনেকৈ এজনক, তেনেকৈ আনজনকো গ্ৰাস কৰে; তুমি নগৰৰ বিৰুদ্ধে আৰু ঘোৰ যুদ্ধ কৰি তাক উচ্ছন্ন কৰা। এইদৰে তেওঁক আশ্বাস দিবা।

26পাছে উৰিয়াৰ পত্নীয়ে নিজ স্বামী ঊৰিয়াৰ মৃত্যু-সম্বাদ পাই তেওঁ স্বামীৰ বাবে গভীৰ শোক কৰিলে।

27পাছে শোকৰ দিন শেষ হোৱাত, দায়ূদে মানুহ পঠিয়াই তেওঁক নিজৰ ঘৰলৈ অনালে, তাতে তেওঁ তেওঁৰ পত্নী হৈ তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে৷ কিন্তু দায়ূদে কৰা সেইকৰ্মত যিহোৱাই অসন্তুষ্ট হ’ল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath