2 পিতৰ 2
1অতীতত ইস্ৰায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব যিয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক কিনি ললে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব।
2অনেকে সেই ভণ্ড শিক্ষক সকলৰ লম্পট আচৰণ অনুসৰণ কৰিব; তেওঁলোকৰ প্রৰোচনাত মানুহে সত্যৰ পথৰ বিষয়ে নিন্দা কৰিব।
3তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
4স্বর্গৰ দূত সকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হবলৈ তেওঁ সেই সকলক নৰকত পেলাই দিলে।
5ঈশ্বৰে সেই পুৰণি জগতকো এৰি দিয়া নাছিল; ঈশ্বৰৰ প্রতি ভক্তিহীন লোক সকলৰ ওপৰলৈ তেওঁ জলপ্লাৱন আনিলে; কেৱল নোহ আৰু তেওঁৰ লগত আন সাত জনক তেওঁ ৰক্ষা কৰিলে। এই নোহে লোক সকলক ধাৰ্মিকতাৰ পথত চলাৰ সম্বন্ধে প্রচাৰ কৰিছিল।
6চদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি ঈশ্বৰে সেই নগৰৰ লোক সকলক বিচাৰ কৰি শাস্তি দিছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ভাবী কালত ঈশ্বৰৰ ভক্তিহীন লোকৰ শেষ অৱস্থা কি হ’ব তাকেই উদাহৰণ স্বৰূপে স্থাপন কৰিলে।
7কিন্তু লোটক তেওঁ ৰক্ষা কৰিছিল। লোট ধাৰ্মিক লোক আছিল। সেই নগৰৰ বিধানহীন মানুহবোৰৰ অনৈতিক চাল-চলনত তেওঁ অতি ব্যথিত হৈছিল।
8সেই ধাৰ্মিক লোক জনে বিধানহীন মানুহবোৰৰ মাজত বাস কৰিছিল আৰু তেওঁৰ ধার্মিক আত্মাই প্রতিদিনে এই লোক সকলৰ অধার্মিক কার্যবোৰ দেখি আৰু সেইবোৰৰ বিষয়ে শুনি যন্ত্রণা ভোগ কৰিছিল।
9গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে।
10এই দণ্ড বিশেষভাৱে তেওঁলোকৰ বাবে, যি সকলে অশুচিতাৰ মাংসিক অভিলাষবোৰত চলে আৰু প্রভুৰ কতৃত্বক হেয়জ্ঞান কৰে। এই ভণ্ড শিক্ষক সকল দু:সাহসী আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলে। তেওঁলোকে এনে কি স্বর্গৰ দূত সকলকো নিন্দা কৰিবলৈ ভয় নকৰে।
11সকলো মনুষ্যতকৈয়ো স্বর্গৰ দূত সকল অধিক শক্তিশালী আৰু ক্ষমতাশালী, তথাপি প্রভুৰ ওচৰত তেওঁলোকৰ সম্বন্ধে কোনো দোষ, অভিযোগ উপস্থাপন নকৰে।
12কিন্তু জ্ঞানহীন, বুদ্ধিহীন পশুবোৰ নিজৰ স্বভাৱগত বাসনাৰ অধীন, যাৰ জন্ম মৰিবৰ বাবেই হৈছে; ভণ্ড শিক্ষক সকলো এনে বিচাৰ-বুদ্ধিহীন পশুৰ নিচিনা; তেওঁলোকে যি নাজানে, সেই বিষয়ে নিন্দা কৰে। নিজৰ মন্দতাতে সিহঁত ধ্বংস হৈ যাব।
13নিজৰ মন্দ কামৰ বেচ হিচাপে সিহঁতে কষ্টভোগ কৰিব। এই লোক সকলে দিনৰ বেলা অন্যায় কাম কৰি আনন্দ কৰে। সেই সকল আপোনালোকৰ মাজত অপৰিস্কাৰ দাগ আৰু কলঙ্ক স্বৰূপ। তেওঁলোকে আপোনালোকৰ লগত ভোজন-পান কৰি নিজৰ প্রতাৰণাপূর্ণ সুখ উপভোগ কৰে;
14সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ মন কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত।
15এই ভণ্ড শিক্ষক সকলে পোন পথ ত্যাগ কৰি অপথে গৈছে। তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মক অনুসৰণ কৰে; বিলিয়মে মন্দ কার্যক প্ৰেম কৰিলে আৰু তাৰে বেচ পাবলৈ উচিত দেখিছিল।
16কিন্তু বিলিয়মে তেওঁৰ অপৰাধৰ কাৰণে এটা গাধৰ পৰা কঠোৰ ধমক পালে। গাধ পশু হোৱা বাবে কথা কব নোৱাৰে। কিন্তু সেই গাধই মানুহৰ মাতেৰে কথা কৈ ভাৱবাদীৰ মূর্খ কার্যত বাধা দিছিল।
17এই লোক সকল পানী নথকা নাদৰ নিচিনা আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁলোকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।
18কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।
19এই ভণ্ড শিক্ষক সকলে তেওঁলোকক স্বাধীনতা দিয়াৰ প্ৰতিজ্ঞা কৰে, কিন্তু নিজেই সেই সকলো নিন্দনীয় কামৰ দাস হৈ থাকে। কাৰণ যিহে এজন মানুহক জয় কৰি পৰিচালনা কৰে, তেওঁ তাৰে দাস হয়।
20কিয়নো প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টক গভীৰভাৱে জনাৰ ফলত জগতৰ মন্দতাৰ পৰা হাত সাৰি অহাৰ পাছতো যেতিয়া সেই একেই পাপৰ জীৱনলৈ পুণৰাই ঘূৰি যায়, তেনেহলে তেওঁলোকৰ প্রথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হব।
21কাৰণ যি পবিত্র বিধান তেওঁলোকে লাভ কৰিছিল, তাৰ পৰা যদি উলটি যায়, তেনেহলে তেওঁলোকৰ বাবে সেই ধাৰ্মিকতাৰ পথ নজনাই ভাল আছিল।
22তেওঁলোকৰ ক্ষেত্রত এই প্রবাদ সত্য হৈছে, “কুকুৰে নিজৰ বমিলৈ ঘূৰে আৰু গাহৰিক ধুউৱা হলেও সি বোকালৈকে আকৌ উলটি যায়।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath