2 ৰাজাৱলি 9
1ইলীচা ভাৱবাদীয়ে শিষ্য ভাববাদীসকলৰ মাজৰ এজনক মাতি ক’লে, “যাত্রাৰ বাবে সাজু হোৱা আৰু ৰামোৎ-গিলিয়দলৈ যোৱা। তেলৰ এই সৰু বটলটো তোমাৰ লগত লোৱা।”
2সেই ঠাই পালে তুমি নিমচীৰ নাতি অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূক বিচাৰিবা; তেওঁৰ ওচৰলৈ গৈ তেওঁক তেওঁৰ সঙ্গীসকলৰ মাজৰ পৰা আঁতৰাই এটা ভিতৰৰ কোঁঠালিলৈ লৈ যাবা।
3তাৰ পাছত এই বটলটোৰ পৰা অলপমান তেল লৈ তেওঁৰ মূৰত ঢালি দি ক’বা যে, “যিহোৱাই এই কথা কৈছে, ‘ইস্ৰায়েলৰ ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।’ তাৰ পাছত তুমি দুৱাৰখন মেলি দৌৰ মাৰিবা, পলম নকৰিবা।”
4সেইদৰেই সেই যুৱক ভাববাদীজন ৰামোৎ-গিলিয়দলৈ গ’ল।
5সেই ঠাই পাই তেওঁ দেখিলে সেনাবাহিনীৰ সেনাপতিসকল এঠাইত বহি আছে। যুৱক ভাৱবাদীজনে ক’লে, “সেনাপতি মহাশয়, মই আপোনাৰ বাবে এটা খবৰ লৈ আহিছোঁ।” যেহূৱে উত্তৰ দি সুধিলে, “সেই খবৰ আমাৰ মাজৰ কোনজনৰ কাৰণে?” তেওঁ ক’লে, “সেনাপতি মহাশয়, আপোনাৰ কাৰণেই।”
6তাতে যেহূ উঠি ঘৰৰ ভিতৰলৈ গ’ল। তেতিয়া সেই ভাৱবাদীয়ে যেহূৰ মূৰত তেল ঢালি দি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘যিহোৱাৰ লোকসকলৰ ওপৰত অর্থাৎ ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।
7তোমাৰ প্ৰভু আহাবৰ বংশক তুমি বিনষ্ট কৰিবা। ঈজেবলৰ হাতেৰে মোৰ দাসবোৰৰ অর্থাৎ ভাববাদীসকলৰ আৰু যিহোৱাৰ আন সকলো দাসবোৰৰ যি ৰক্তপাত কৰা হ’ল, তাৰ প্ৰতিশোধ মই যেন লব পাৰোঁ।
8আহাবৰ বংশৰ সকলোৱেই বিনষ্ট হ’ব; দাস হওঁক বা স্বাধীন হওঁক, আহাবৰ বংশৰ প্ৰতিজন ল’ৰা শিশুক মই বিনষ্ট কৰিম।
9মই তেওঁৰ বংশক নবাটৰ পুতেক যাৰবিয়ামৰ বংশৰ নিচিনা আৰু অহিয়াৰ পুতেক বাচাৰ বংশৰ নিচিনা কৰিম।
10কুকুৰবোৰে ঈজেবলক যিজ্ৰিয়েলৰ এলেকাত খাই পেলাব আৰু তাইক মৈদাম দিবলৈ কোনো নহ’ব।’” এইবুলি কৈ যুবক ভাৱবাদীজনে দুৱাৰ খুলি দৌৰি পলাল।
11যেহূৱে বাহিৰলৈ আহি যেতিয়া তেওঁৰ সঙ্গী প্ৰভুৰ সেনাপতিসকলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁলোকৰ এজনে তেওঁক সুধিলে, “সকলো ঠিকেই আছে নে? সেই বলীয়াটো আপোনাৰ ওচৰলৈ কিয় আহিছিল?” যেহূৱে ক’লে, “আপোনালোকেতো সেই মানুহক চিনি পায় আৰু তেওঁ কেনে ধৰণৰ প্রলাপ বকে, তাকো জানে।”
12তেওঁলোকে ক’লে, “নহয়, আমি সেইবোৰ একো নাজানো। আমাক সকলো কথা খুলি কওঁক।” যিহূৱে তেতিয়া ক’লে, “তেওঁ মোক এই কথা ক’লে যে, যিহোৱাই এইদৰে কৈছে: “ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিছোঁ।”
13তেতিয়া সেই সেনাপতিসকলৰ প্রত্যেকেই লগে লগে নিজৰ গাৰ পৰা ওপৰৰ কাপোৰখন লৈ খটখটিৰ ওপৰত যেহূৰ ভৰিৰ তলত পাৰি দিলে। তাৰ পাছত তেওঁলোকে শিঙা বজাই চিঞঁৰি ক’বলৈ ধৰিলে, “যেহূ ৰজা হ’ল।”
14এইদৰে নিমচীৰ নাতি, অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূৱে যোৰামৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। সেই সময়তে ৰজা যোৰাম আৰু সমগ্র ইস্ৰায়েলবাসীয়ে অৰামৰ ৰজা হজায়েলৰ হাতৰ পৰা ৰামোৎ-গিলিয়দ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল।
15কিন্তু অৰামৰ ৰজা হজায়েলৰ সৈতে যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে যোৰামক যি আঘাত কৰিছিল, তাৰ পৰা সুস্থ হ’বলৈ ৰজা যোৰাম যিজ্ৰিয়েললৈ উভটি আহিছিল। তাৰ পাছত যেহূৱে যোৰামৰ দাস, সঙ্গী সেনাপতি সকলক ক’লে, “আপোনালোকৰো যদি এয়ে মত হয়, তেন্তে যিজ্ৰিয়েলত এই কথা জনাবলৈ কোনো লোকক নগৰৰ পৰা ওলাই যাব নিদিব।”
16তাৰ পাছত যেহূৱে এখন ৰথত উঠি যিজ্ৰিয়েললৈ গ’ল; কিয়নো সেই ঠাইত যোৰাম শয্যাত পৰি আছিল। সেই সময়ত যিহূদাৰ ৰজা অহজিয়াও যোৰামক চাবৰ কাৰণে তালৈ নামি গৈছিল।
17যেহূৰ সৈন্য দলক অহা দেখি যিজ্ৰিয়েলৰ ওখ দুৰ্গৰ ওপৰত থিয় হৈ পহৰা দিয়া প্রহৰীজনে চিঞঁৰি উঠিল, “মই এদল মানুহ অহা দেখিছোঁ।” তেতিয়া যোৰামে ক’লে, “এজন অশ্বাৰোহীক তেওঁলোকৰ ওচৰলৈ পঠাই দিয়া আৰু তেওঁ গৈ তেওঁলোকক সুধিবলৈ ক’বা, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?”
18পাছত সেইদৰে এজন অশ্বাৰোহী যেহূৰ সাক্ষাৎ হ’বলৈ ওলাই গ’ল আৰু তেওঁক ক’লে, “ৰজাই সুধিছে, আপোনালোক শান্তিভাৱেৰে আহিছে নে?” তাতে যেহূৱে ক’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহাঁ।” সেই প্রহৰীজনে তেতিয়া ৰজাক খবৰ দিলে, “সেই বার্তাবাহকজন গৈ তেওঁলোকৰ ওচৰ পালে, কিন্তু তেওঁ এতিয়ালৈকে উভটি অহা নাই।”
19তেতিয়া ৰজাই দ্বিতীয় আন এজন অশ্বাৰোহীক পঠালে; তেওঁ সেই সৈন্য দলৰ ওচৰলৈ গৈ ক’লে, “ৰজাই এই কথা কৈছে, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?” যেহূৱে উত্তৰ দি’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহা।”
20সেই প্রহৰীজনে পুনৰায় খবৰ দিলে, “সেই বার্তাবাহক জনেও গৈ তেওঁলোকক লগ পালে, কিন্তু তেৱোঁতো এতিয়ালৈকে উভটি অহা নাই। ৰথ চলোৱাটো দেখি ভাব হৈছে নিমচীৰ নাতিয়েক যেহূৱে ৰথ চলাইছে। কিয়নো তেওঁ বলিয়াৰ দৰে ৰথ চলাইছে।”
21তেতিয়া যোৰামে ক’লে, “মোৰ ৰথ যুগুত কৰা।” তেওঁলোকে তেওঁৰ ৰথ যুগুত কৰাৰ পাছত ইস্ৰায়েলৰ ৰজা যোৰাম আৰু যিহূদাৰ ৰজা অহজিয়াই নিজৰ নিজৰ ৰথত উঠি যেহূক লগ পাবলৈ ওলাই গ’ল। তেওঁলোকে যেহূক যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত লগ পালে।
22যোৰামে যেহূক দেখামাত্ৰকে সুধিলে, “যেহূ, তুমি শান্তিভাৱেৰে আহিছা নে?” তেওঁ ক’লে, “আপোনাৰ মা ঈজেবলৰ ব্যভিচাৰী কার্যৰ প্রতিমাপূজা আৰু মায়াকর্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে?”
23এই কথা শুনি যোৰামে নিজৰ ৰথ ঘূৰাই পলাবলৈ ধৰিলে আৰু অহজিয়াক ক’লে, “অহজিয়া, ই বিশ্বাসঘাতক।”
24তেতিয়া যেহূৱে নিজৰ সমস্ত বলেৰে সৈতে ধনুৰ জোঁৰ টানি, যোৰামৰ দুই কান্ধৰ মাজত কাঁড়ডাল মাৰি পঠালে। সেই কাঁড় গৈ ৰজা যোৰামৰ হৃদপিণ্ডৰ মাজেদি সৰকি গ’ল আৰু তেওঁ কুঁজা হৈ ৰথতে পৰি গ’ল।
25তেতিয়া যেহূৱে তেওঁৰ সেনাপতি বিদকৰক ক’লে, “তেওঁক তুলি নি যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত পেলাই দিয়া। মনত পেলোৱাছোন! মই আৰু তুমি যেতিয়া একেলগে তেওঁৰ পিতৃ আহাবৰ পিছত ৰথেৰে গৈছিলোঁ, তেতিয়া যিহোৱাই আহাবৰ বিৰুদ্ধে এই ভাৱবাণী কৈছিল:
26‘মই যিহোৱাই কৈছো, যোৱাকালি মই নাবোতৰ আৰু তেওঁৰ পুতেকসকলৰ তেজ দেখিলোঁ আৰু এই মাটিতেই মই নিশ্চয়কৈ তোমাক তাৰ প্ৰতিফল দিম।’ এই হেতুকে তুমি এতিয়া যিহোৱাৰ কথা অনুসাৰে তেওঁক তুলি লৈ সেই মাটিত পেলাই দিয়া।”
27যি ঘটিল, তাকে দেখি যিহূদাৰ ৰজা অহজিয়াই বৈৎ-হাগগানৰ পথেদি পলাই গ’ল। যেহূৱে তেওঁৰ পাছে পাছে খেদি গৈ চিঞৰিলে, “তেওঁকো ৰথৰ ভিতৰত বধ কৰা।” তেতিয়া তেওঁলোকে যিব্লিয়ামৰ ওচৰৰ গূৰলৈ উঠি যোৱা পথত তেওঁক আঘাত কৰিলে। অহজিয়াই মগিদ্দোলৈ পলাই গ’ল আৰু তাতে তেওঁ মৰিল।
28তেওঁৰ দাসবোৰে তেওঁক ৰথত তুলি যিৰূচালেমলৈ লৈ গ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ ওপৰ-পিতৃসকলৰ লগত তেওঁৰ মৈদামত তেওঁক মৈদাম দিলে।
29আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ একাদশ বছৰত অহজিয়া যিহূদাৰ ৰজা হৈছিল।
30তাৰ পাছত যেহূ যিজ্ৰিয়েললৈ গ’ল। ঈজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু কেশ-বিন্যাসেৰে নিজক শোভিত কৰি খিড়িকিয়েদি চালে।
31যেহূ যেতিয়া দুৱাৰেদি সোমাই আহিল, তেতিয়া ঈজেবলে তেওঁক ক’লে, “তুমি শান্তিৰে আহিলা নে জিম্ৰী, নিজৰ প্রভুৰ হত্যাকাৰী?”
32তেতিয়া যেহূৱে ওপৰলৈ খিড়িকিৰ ফালে চাই ক’লে, “মোৰ পক্ষত কোন আছে? কোন কোন আছে?” তাতে দুই তিনিজন নপুংসকে ওপৰৰ পৰা বাহিৰলৈ চালে।
33যেহূৱে ক’লে, “তেওঁক তললৈ পেলাই দিয়া।” তেতিয়া তেওঁলোকে ঈজেবলক তললৈ পেলাই দিলে; তাতে ঈজেবলৰ কিছু তেজ দেৱালত আৰু ঘোঁৰাবোৰৰ গাত ছিটিকি পৰিল আৰু যেহূৰ ৰথৰ ঘোঁৰাবোৰে তেওঁক ভৰিৰে গচকিলে;
34তাৰ পাছত যেহূ ৰাজগৃহৰ ভিতৰলৈ গৈ ভোজন-পান কৰিলে; তেতিয়া তেওঁ ক’লে, “এই শাও পোৱা মহিলাগৰাকীক এতিয়া চোৱা; তাইক লৈ মৈদাম দিয়াগৈ; কিয়নো তাই ৰজাৰ জীয়েক।”
35লোকসকলে যেতিয়া ঈজেবলক মৈদাম দিবৰ কাৰণে ওলাই গ’ল, তেতিয়া মূৰৰ লাউখোলা, ভৰি আৰু হাতৰ বাহিৰে তেওঁৰ একোকে নাপালে।
36সেয়ে তেওঁলোকে উভটি গৈ যেহূক এই বাতৰি দিলে; তাতে তেওঁ ক’লে, “যিহোৱাই তেওঁৰ দাস তিচবীয়া এলিয়াৰ দ্বাৰাই ঠিক এই কথাই কৈছিল যে, ‘যিজ্ৰিয়েলৰ মাটিত কুকুৰবোৰে ঈজেবলৰ মঙহ খাব,
37আৰু সেই মাটিত ঈজেবলৰ শৱ গোবৰৰ দৰে পৰি থাকিব; তাতে কোনেও ক’ব নোৱাৰিব যে, ‘এইটো ঈজেবলৰ দেহ’।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath