খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

2 ৰাজাৱলি 4

1এদিন শিষ্য ভাববাদী দ’লৰ এজনৰ ভার্য্যাই কান্দি কান্দি ইলীচাৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ দাস মোৰ স্বামীৰ মৃত্যু হ’ল আৰু আপুনি জানে যে, আপোনাৰ দাস এজন যিহোৱাৰ ভয়কাৰী লোক আছিল। এতিয়া মহাজনে মোৰ পুত্ৰ দুটিক তেওঁৰ দাস কৰিবৰ কাৰণে লৈ যাবলৈ আহিছে।”

2ইলীচাই তেওঁক সুধিলে, “মইনো তোমাক কিদৰে সহায় কৰিব পাৰোঁ? বাৰু, মোক কোৱাচোন, তোমাৰ ঘৰত কি আছে?” মহিলাগৰাকীয়ে ক’লে, “এবাটি তেলৰ বাহিৰে আপোনাৰ দাসীৰ ঘৰত একোৱেই নাই।”

3তেতিয়া ইলীচাই ক’লে, “তুমি তোমাৰ সকলো প্রতিবেশীসকলৰ পৰা কিছুমান খালী পাত্র ধাৰলৈ আনিবলৈ ওলাই যোৱা। যিমান সম্ভৱ হয়, সিমান বেছিকৈ আনিবা।

4তাৰ পাছত তুমি তোমাৰ ল’ৰা দুজনৰে সৈতে ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিবা আৰু সেই পাত্ৰবোৰত তেল ঢালিবা। এটা এটাকৈ পাত্ৰবোৰ ভৰি পৰাৰ পাছত একাষৰিয়াকৈ থবা।”

5তেতিয়া মহিলাগৰাকী ইলীচাৰ ওচৰৰ পৰা গুছি গ’ল; তেওঁ নিজৰ ল’ৰা দুটিক লৈ ঘৰত সোমাই দুৱাৰ বন্ধ কৰি দিলে। ল’ৰা দুজনে তেওঁৰ ওচৰলৈ পাত্রবোৰ আনিবলৈ ধৰিলে আৰু তেওঁ সেইবোৰত তেল ঢালিয়েই থাকিল।

6সকলোবোৰ পাত্ৰ ভৰাৰ পাছত তেওঁ এজন পুতেকক ক’লে, “আন এটা পাত্ৰ লৈ আনা।” ল’ৰাজনে ক’লে, “আৰু একো পাত্ৰই বাকী নাই।” তেতিয়া তেল পৰা বন্ধ হৈ গ’ল।

7তাৰ পাছত মহিলাগৰাকীয়ে আহি ঈশ্বৰৰ লোকৰ আগত সকলোবোৰ কথা ক’লে; তেওঁ ক’লে, “যোৱা, সেই তেল বেচি তোমাৰ ধাৰ পৰিশোধ কৰা আৰু অৱশিষ্ট যি থাকিব, তাৰে তোমাৰ আৰু ল’ৰাহঁতৰ জীৱিকা চলাবা।”

8এদিন ইলীচাই খোজ কাঢ়ি চুনেমলৈ গৈছিল। সেই ঠাইত বাস কৰা এগৰাকী ধনী মহিলাই তেওঁক নিজৰ ঘৰত আহাৰ গ্রহণ কৰিবলৈ বৰকৈ মিনতি কৰাত, তেওঁ তাত আহাৰ কৰিলে। পাছত তেওঁ যিমানবাৰ চুনেমৰ মাজেদি যায়, সিমানবাৰ সেই ঘৰত খোৱা-বোৱা কৰিবলৈ সোমায়।

9মহিলাগৰাকীয়ে তেওঁৰ স্বামীক ক’লে, “এই যি লোকজন প্রায়ে আমাৰ বাটেদি অহা-যোৱা কৰে, মই এতিয়া বুজিব পাৰিছোঁ যে, তেওঁ ঈশ্বৰৰ এজন পবিত্ৰ লোক।

10আহঁক না, আমি ছাদৰ ওপৰতে এটি সৰু কোঁঠালি সাজি তাৰ ভিতৰত তেওঁৰ কাৰণে এখন বিচনা, মেজ, চকী আৰু এটা চাকি ৰাখি থওঁ; তাতে তেওঁ আমাৰ ইয়ালৈ আহিলে, সেই কোঁঠালিত থাকিব পাৰিব।”

11এদিন ইলীচা যেতিয়া পুনৰ আহিছিল, তেওঁ সেই ওপৰ কোঁঠালিত গৈ বিশ্রাম লৈছিল।

12তেওঁ তেওঁৰ দাস গেহজীক ক’লে, “তুমি সেই চূনেমীয়া মহিলাগৰাকীক মাতা।” তাতে দাসজনে মহিলাগৰাকীক মাতিলে আৰু মহিলাগৰাকী আহি তেওঁৰ আগত থিয় হ’ল।

13তেতিয়া ইলীচাই তেওঁৰ দাসক ক’লে, “তেওঁক কোৱা, ‘আপুনি আমাৰ কাৰণে এই সকলো কষ্ট কৰিলে, এতিয়া আপোনাৰ কাৰণে আমি কি কৰিব পাৰোঁ? ৰজা বা প্রধান সেনাধ্যক্ষৰ ওচৰত আমি আপোনাৰ কাৰণে কিবা অনুৰোধ কৰিমনে?’” উত্তৰত মহিলাগৰাকীয়ে ক’লে, “মই মোৰ নিজৰ পৰিয়ালৰ মাজত ভালে আছোঁ।”

14ইলীচাই ক’লে, “তেন্তে আমি তেওঁৰ কাৰণে কি কৰিব পাৰোঁ?” গেহজীয়ে উত্তৰ দিলে, “অৱশ্যে, তেওঁৰ কোনো পুত্র নাই আৰু তেওঁৰ স্বামীও বৃদ্ধ হ’ল।”

15ইলীচাই ক’লে, “তেওঁক মাতি আনা।” তেতিয়া গেহজীয়ে চুনেমীয়ানীক মাতি আনিলে আৰু তেওঁ আহি দুৱাৰ মুখত থিয় হ’ল।

16ইলীচাই ক’লে, “অহা বছৰৰ এই সময়ত আপুনি কোলাত এটি পুত্ৰ সন্তান ল’বলৈ পাব।” মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্ৰভু, হে ঈশ্বৰৰ লোক, আপোনাৰ দাসীক মিছা আশা নিদিব।”

17পাছত মহিলাগৰাকী গর্ভৱতী হ’ল আৰু ইলীচাই যেনেকৈ কৈছিল ঠিক সেইদৰেই পিছৰ বছৰৰ একে সময়ত তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে।

18ল’ৰাটি ডাঙৰ হ’বলৈ ধৰিলে। এদিন তেওঁৰ পিতৃ যেতিয়া শস্য দোৱা লোকসকলৰ লগত আছিল, তেতিয়া সি তাৰ বাপেকৰ ওচৰলৈ গ’ল।

19ল’ৰাটিয়ে বাপেকক ক’লে, “ওহ! মোৰ মূৰটো, মোৰ মূৰটো।” বাপেকে এজন দাসক ক’লে, “ইয়াক দাঙি মাকৰ ওচৰলৈ লৈ ব’লা।”

20সেই দাসে যেতিয়া তাক দাঙি আনি মাকৰ ওচৰত দিলেহি, সি দুপৰীয়া পর্যন্ত মাকৰ কোলাতে বহি থাকিল আৰু তাৰ পাছত তাৰ মৃত্যু হ’ল।

21তেতিয়া মাকে ল’ৰাটিক ওপৰলৈ নি ঈশ্বৰৰ লোকজনৰ বিচনাত শুৱাই থলে। তাৰ পাছত দুৱাৰ বন্ধ কৰি তেওঁ বাহিৰলৈ ওলাই আহিল।

22তেওঁ গিৰীয়েকক মাতি ক’লে, “আপুনি এতিয়াই এজন দাস আৰু এটা গাধ মোৰ ওচৰলৈ পঠাই দিয়ক। মই তৎক্ষণাত ঈশ্বৰৰ লোকজনৰ ওচৰলৈ গৈ আকৌ ঘূৰি আহিম।”

23তেওঁৰ গিৰিয়েকে ক’লে, “তুমি তেওঁৰ ওচৰলৈ আজিয়েই কিয় যাব বিচাৰিছা? আজিটো ন-জোন নহয়, বিশ্ৰামবাৰও নহয়।” তেওঁ উত্তৰ দি’লে, “তাতে ভালেই হ’ব।”

24তাৰ পাছত তেওঁ গাধৰ ওপৰত আসন সজাই নিজৰ দাসক ক’লে, “সোনকালে চলাই নিয়া; মই নকওঁমানে তুমি লাহে লাহে নচলাবা।”

25এইদৰে তেওঁ ওলাই গ’ল আৰু কৰ্মিল পৰ্ব্বতত ঈশ্বৰৰ লোকৰ ওচৰলৈ আহিল। ঈশ্বৰৰ লোকে মহিলাগৰাকীক দূৰৈতে দেখি, নিজৰ দাস গেহজীক ক’লে, “সৌৱা, চোৱা, চূনেমীয়া মহিলাগৰাকী;

26তুমি দৌৰি তেওঁৰ ওচৰলৈ যোৱা আৰু সোধা যে, ‘আপুনি, আপোনাৰ স্বামী আৰু আপোনাৰ ল’ৰাটি সকলোৱে কুশলে আছে নে?’ তাই উত্তৰ দি’লে, “হয় ভালে আছে।”

27পাছত তেওঁ কর্ম্মিল পৰ্ব্বতত ঈশ্বৰৰ লোকজনৰ ওচৰ পাই তেওঁৰ ভৰিত খামোচি ধৰিলে। তাতে তেওঁক আঁতৰাই আনিবলৈ গেহজী ওচৰ চাপি অহাত, ঈশ্বৰৰ লোকে ক’লে, “তেওঁক অকলে থাকিবলৈ দিয়া; কিয়নো তেওঁৰ মন বিষাদেৰে ভৰা; কিন্তু যিহোৱাই মোৰ পৰা তাক গুপুতে ৰাখিছে, মোক একোকে নজনালে।”

28মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্ৰভু, মই জানো আপোনাৰ ওচৰত এটি ল’ৰা খুজিছিলোঁ? মই জানো আপোনাক কোৱা নাছিলো, ‘মোক মিছা আশা নিদিব’?”

29তেতিয়া ইলীচাই গেহজীক ক’লে, “তোমাৰ কাপোৰ কঁকালত গুজি লৈ মোৰ এই লাখুটিডাল লোৱা আৰু মহিলাগৰাকীৰ ঘৰলৈ যোৱা। কোনো মানুহক লগ পালে, তেওঁক মঙ্গলবাদ নকৰিবা আৰু কোনোবাই মঙ্গলবাদ কৰিলেও তাৰ উত্তৰ নিদিবা। মোৰ লাখুটিডাল ল’ৰাটিৰ মুখৰ ওপৰত ৰাখিবা।”

30কিন্তু ল’ৰাৰ মাকে ক’লে, “জীৱিত যিহোৱা আৰু আপোনাৰ শপত খাই কওঁ, মই আপোনাক এৰি নাযাওঁ।” সেয়ে ইলীচাই উঠি মহিলাগৰাকীৰ পাছে পাছে যাবলৈ ধৰিলে।

31গেহজীয়ে তেওঁলোকৰ আগে আগে গৈ ল’ৰাটিৰ মুখৰ ওপৰত সেই লাখুটিডাল ৰাখিলে, কিন্তু কোনো সাৰ-সুৰৰ লক্ষণ পোৱা নগ’ল। সেয়ে, গেহজীয়ে ইলীচাক লগ ধৰিবৰ বাবে উভটি গ’ল আৰু তেওঁক ক’লে, “ল’ৰাটি সাৰ পোৱা নাই।”

32পাছত ইলীচাই ঘৰলৈ আহি দেখিলে যে, তেওঁৰ বিচনাতে মৃত ল’ৰাটি শুৱাই থোৱা আছে।

33তেতিয়া তেওঁ অকলেই ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।

34তাৰ পাছত তেওঁ বিচনাৰ ওপৰত উঠি ল’ৰাটিৰ মুখৰ ওপৰত নিজৰ মুখ, চকুৰ ওপৰত নিজৰ চকু আৰু হাতৰ তলুৱাৰ ওপৰত হাত ৰাখি শুই দিলে; তেওঁ ল’ৰাটিৰ ওপৰত যেতিয়া দীঘল দি পৰিল, তেতিয়া ল’ৰাটিৰ গা গৰম হৈ উঠিল।

35তাৰ পাছত ইলীচাই নামি আহি ঘৰৰ ভিতৰতে অহা যোৱা কৰি ফুৰিলে; পাছত পুনৰায় বিচনাত উঠি গৈ ল’ৰাটিৰ ওপৰত দীঘল হৈ পৰিল। তাতে ল’ৰাটিয়ে সাতবাৰ হাঁচি মাৰি চকু মেলি চালে!

36তেতিয়া ইলীচাই গেহজীক মাতি ক’লে, “চূনেমীয়ানীক মাতা!” তাতে গেহজীয়ে তেওঁক মাতি আনিলে। মহিলাগৰাকী কোঁঠালিটোলৈ অহাত ইলীচাই ক’লে, “তোমাৰ ল’ৰাটিক লোৱা।”

37তেতিয়া মহিলাগৰকী সোমাই আহি তেওঁৰ ভৰিত পৰিল আৰু মাটিত মুখ দি উবুৰি হৈ তেওঁক প্ৰণিপাত কৰিলে। তাৰ পাছত পুতেকক তুলি লৈ তেওঁ বাহিৰলৈ ওলাই গ’ল।

38তাৰ পাছত ইলীচা পুনৰ গিলগললৈ ঘূৰি গ’ল; সেই সময়ত সেই ঠাইত আকাল হৈছিল; তেতিয়া শিষ্য ভাববাদীসকলৰ এটা দল তেওঁৰ আগত বহি আছিল; তেওঁ নিজৰ দাসক ক’লে, “ডাঙৰ চৰুটো জুইৰ ওপৰত বহাই দি শিষ্য-ভাৱবাদীৰ দলটোৰ কাৰণে আঞ্জাৰে চুৰুহা ৰান্ধা।”

39তেতিয়া তেওঁলোকৰ মাজৰ এজনে শাক তুলি আনিবৰ কাৰণে পথাৰলৈ গ’ল। তেওঁ ফলেৰে ভৰা বনৰীয়া লতা দেখা পাই তাৰ ফল ছিঙি কোঁচত ভৰাই আনিলে; তাৰ পাছত সেইবোৰ কাটি চুৰুহাত দিলে; কিন্তু সেইবোৰ কি আছিল, তাক তেওঁলোকে নাজানিলে।

40পাছত তেওঁলোকে সেই আঞ্জা লোক সমূহক খাবলৈ বাকি দিলে; কিন্তু লোক সকলে সেই আঞ্জা মুখত দিয়া মাত্ৰকে চিঞৰি উঠিল, “হে ঈশ্বৰৰ লোক, চৰুত মৃত্যু আছে!” তেওঁলোকে সেই আঞ্জা পুনৰ খাব নোৱাৰিলে।

41তেতিয়া ইলীচাই ক’লে, “অলপমান ময়দা লৈ আনা।” তেওঁ সেই ময়দাখিনি চৰুত পেলাই দি ক’লে, “এতিয়া এইখিনি লোকসকলে খাবৰ কাৰণে তেওঁলোকৰ মাজত বাকি দিয়া।” তাতে চৰুত ক্ষতিকাৰক একোৱেই নাথাকিল।

42এবাৰ বাল-চালিচাৰ পৰা এজন মানুহে ঈশ্বৰৰ লোকৰ কাৰণে প্ৰথমে কটা শস্যৰ পৰা যৱ ধানৰ বিশটা পিঠা আৰু বস্তা ভৰাই নতুন শস্য আনিলে। ইলীচাই ক’লে, “এইবোৰ লোকসকলক খাবলৈ বিলাই দিয়া।”

43তেওঁৰ দাসে ক’লে, “কি! মই ইয়াক এশজন লোকৰ আগত থম নে?” ইলীচাই উত্তৰত ক’লে, “তুমি লোকসকলক ইয়াকে খাবলৈ দিয়া; কিয়নো যিহোৱাই কৈছে, ‘তেওঁলোকে খাব আৰু কিছু বাকীও থাকিব।’”

44সেই দাসে তেতিয়া তাক নি লোকসকলৰ আগত ৰাখিলে। যিহোৱাই যিদৰে কৈছিল, সেইদৰেই তেওঁলোকে তাক খালে আৰু কিছু বাকীও থাকিল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath