2 ৰাজাৱলি 25
1চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ, দশম মাহৰ দহ দিনৰ দিনা, বেবিলনৰ ৰজা নবূখদনেচৰে তেওঁৰ সকলো সৈন্যসামন্তক লৈ যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেওঁ নগৰৰ বিপৰীতে ছাউনি পাতি চাৰিওফালে নগৰ অৱৰোধৰ এটা ওখ দেৱাল নির্মাণ কৰিলে।
2এইদৰে চিদিকিয়াৰ ৰাজত্বৰ এঘাৰ বছৰলৈকে নগৰখন অৱৰোধ কৰি ৰাখিছিল।
3সেই বছৰৰে চতুৰ্থ মাহৰ নৱম দিনা নগৰত ইমান ভীষণভাৱে আকাল হ’ল যে, দেশৰ লোকসকলৰ কাৰণে খাবলৈ একোৱে নাছিল।
4পাছত নগৰৰ দেৱালৰ কোনো এক ঠাই ভঙা হ’ল। যদিও কলদীয়াসকলে তেতিয়াও নগৰখন ঘেৰি ৰাখিছিল, তথাপিও ৰাতি যিহূদাৰ সকলো যোদ্ধাই ৰজাৰ উদ্যানৰ ওচৰত থকা দুই দেৱালৰ মাজৰ দুৱাৰেদি পলাই গ’ল আৰু ৰজা অৰাবাৰ ফালে পলাই গ’ল।
5কলদীয়া সৈন্য সকলে ৰজাৰ পাছত খেদি গৈ যিৰীহোৰ ওচৰৰ যর্দন নদীৰ উপত্যকাৰ সমথলত তেওঁক ধৰিলে; তেওঁৰ সকলো সৈন্য-সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
6তেওঁলোকে ৰজা চিদিকিয়াক বন্দী কৰি ৰিব্লাত বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ আনিলে। তাত তেওঁৰ ওপৰত শাস্তিৰ আজ্ঞা দিলে।
7সৈন্যসকলে চিদিকিয়াৰ চকুৰ সন্মুখতে তেওঁৰ পুত্রসকলক বধ কৰিলে। তাৰ পাছত চিদিকিয়াৰ চকু দুটা কাঢ়ি তেওঁক পিতলৰ শিকলিৰে বান্ধি বেবিলনলৈ লৈ গ’ল।
8বেবিলনৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ পঞ্চম মাহৰ সপ্তম দিনা, বাবিলৰ ৰজা নবুখদনেচৰৰ ৰজাৰ এজন দাস দেহৰক্ষীৰ অধিনায়ক নবুজৰদান যিৰূচালেমলৈ আহিল।
9তেওঁ যিহোৱাৰ গৃহত, ৰাজগৃহত আৰু যিৰূচালেমৰ সকলো ঘৰতে জুই লগাই দিলে। নগৰৰ প্রধান প্রধান অট্টালিকাবোৰ জুই দি পুৰিলে।
10দেহৰক্ষীৰ অধিনায়ক জনৰ অধীনত সকলো বেবিলনীয় সৈন্যদলে যিৰূচালেমৰ চাৰিওফালৰ দেৱাল ভাঙি পেলালে।
11নগৰত বাকী থকা লোকসকল আৰু যি সকল বেবিলনৰ ৰজাৰ পক্ষত গৈছিল, অৱশিষ্ট সাধাৰণ জনগণ আছিল, তেওঁলোক সকলোকে দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে বন্দী কৰি লৈ গ’ল।
12কিন্তু দ্ৰাক্ষাবাৰী চোৱা-চিতা আৰু পথাৰবোৰত খেতি কৰিবলৈ কেইজনমান দুখীয়া মানুহক তেওঁ দেশত এৰি থৈ গ’ল।
13কলদীয়াসকলে যিহোৱাৰ গৃহৰ পিতলৰ স্তম্ভবোৰ, পাত্র থোৱা আধাৰবোৰ আৰু পিতলৰ সমুদ্ৰ-পাত্ৰটো ডোখৰ ডোখৰকৈ ভাঙি সেই পিতল বেবিলনলৈ লৈ গ’ল।
14তাৰ বাহিৰেও সকলো পিয়লা, হেতা, চাকিৰ শলিতা পৰিস্কাৰ কৰা চেপেনা, চামুচ আৰু মন্দিৰৰ পৰিচৰ্যা কামৰ বাবে ব্যৱহাৰ কৰা পিতলৰ আন-আন সকলো বস্তুও লৈ গ’ল।
15ছাঁই আঁতৰোৱাৰ পিয়লা, সোণ আৰু ৰূপৰ তৈয়াৰী পাত্রবোৰ আৰু আঙঠা ধৰা, তেজ পেলোৱা পাত্ৰ, সোণৰ পাত্ৰৰ সোণ, আৰু ৰূপৰ পাত্ৰৰ ৰূপ, ৰজাৰ দেহৰক্ষীৰ অধিনায়কে লৈ গ’ল।
16যিহোৱাৰ গৃহৰ কাৰণে চলোমনে যি দুটা স্তম্ভ, সমুদ্ৰ-পাত্ৰ আৰু পাত্র ৰখা আধাৰবোৰ অধিক পিতলৰে তৈয়াৰ কৰিছিল; সেই পিতলৰ ওজন কৰিব পৰা নাছিল।
17এটা স্তম্ভৰ উচ্চতা আছিল ওঠৰ হাত; তাৰ শীর্ষ মূৰটোত পিতলেৰে নির্মিত এটা গম্বুজ আছিল। সেই শীর্ষভাগৰ চৌদিশ পিতলৰ জালি আৰু ডালিমৰ কাৰুকার্যৰে সজোৱা আছিল আৰু তাৰ উচ্চতা তিনি হাত আছিল। আনটো স্তম্ভও প্রথমটোৰ দৰে জালিৰ কাৰুকার্যৰে একে অাছিল।
18ইহুদীসকলৰ প্রধান পুৰোহিত চৰায়া, দ্বিতীয় পুৰোহিত চফনিয়া আৰু তিনিজন দুৱাৰ-ৰক্ষকক দেহৰক্ষীৰ অধিনায়কে বন্দী কৰি লৈ গ’ল।
19সেই নগৰৰ পৰা তেওঁ যোদ্ধাসকলৰ ওপৰত নিযুক্ত এজন কৰ্মচাৰীক আৰু তেতিয়াও নগৰতে থকা ৰজাৰ পাচঁজন পৰামর্শদাতাক বন্দী কৰি নিলে। তাৰোপৰি সৈন্যদলত নিযুক্ত কৰাৰ বিশেষ দায়িত্বত থকা ৰজাৰ সেনাধ্যক্ষজনৰ সৈতে নগৰত থকা দেশৰ ষাঠিজন গণ্যমান্য ব্যক্তিকো ধৰি নিলে।
20দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে তেওঁলোকক ৰিব্লাত থকা বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ গ’ল।
21বেবিলনৰ ৰজাই হমাৎ দেশৰ ৰিব্লাত এই সকলো লোককে বধ কৰিলে। এইদৰে যিহূদাৰ লোকসকলক বন্দী কৰি নিজ দেশৰ পৰা দূৰলৈ লৈ যোৱা হ’ল।
22বেবিলনৰ ৰজা নবূখদনেচৰে যি সকল লোকক যিহূদা দেশত এৰি থৈ গৈছিল, তেওঁলোকৰ ওপৰত নবুজাৰদানে চাফনৰ নাতি অহীকামকৰ পুত্ৰ গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিলে।
23পাছত যেতিয়া বেবিলনৰ ৰজাই গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিছে বুলি যিহূদাৰ বাকী কেইজনমান সেনাধ্যক্ষ আৰু তেওঁলোকৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোকে অৰ্থাৎ নথনিয়াৰ পুত্ৰ ইশ্মায়েল, কাৰেহৰ পুত্ৰ যোহানন, নটোফাতীয়া তনহূমতৰ পুত্ৰ চৰায়া, মাখাথীয়াৰ পুত্ৰ যাজনিয়া আৰু তেওঁলোকৰ লোকসকল মিস্পাত গদলিয়াৰ ওচৰলৈ আহিল।
24গদলিয়াই তেওঁলোকক আৰু তেওঁলোকৰ লোকসকলৰ ওচৰত শপত খাই ক’লে, “আপোনালোকে কলদীয়া অধিকাৰীসকললৈ ভয় নকৰিব; আপোনালোকে দেশত বাস কৰি বেবিলনৰ ৰজাৰ বশ্যতা স্বীকাৰ কৰক, তাতে আপোনালোকৰ ভাল হ’ব।”
25কিন্তু সপ্তম মাহত ইলীচামাৰ নাতি, নথনিয়াৰ পুত্র ইশ্মায়েলে দহ জন মানুহক লগত লৈ গদলিয়াৰ লগতে যিহূদাৰ যি সকল লোক আৰু কলদীয়াসকল তেওঁৰ লগত মিস্পাত আছিল, সকলোকে আক্রমণ কৰি বধ কৰিলে। এই ইশ্মায়েল এজন ৰাজবংশীয় লোক আছিল।
26সেয়ে বেবিলনীয়াসকলৰ ভয়ত যিহূদাৰ সৰুৰ পৰা বৰলৈকে সকলো আৰু সেনাধ্যক্ষসকল মিচৰলৈ গুছি গ’ল।
27পৰৱর্তী সময়ত যিহূদাৰ ৰজা যিহোয়াখীনৰ বন্দী অৱস্থাৰ সাতত্ৰিশ বছৰত বেবিলনৰ ৰজা ইবীল-মৰোদকে ৰাজত্ব আৰম্ভ কৰিছিল। তেওঁ বাৰ মাহৰ সাতাইশ দিনৰ দিনা যিহোৱাখীনক কাৰাগাৰৰ পৰা মুকলি কৰি দিলে।
28তেওঁ যিহোৱাখীনৰ লগত ভালভাৱে কথা ক’লে আৰু তেওঁৰ লগত বেবিলনত থকা আন আন ৰজাসকলতকৈ তেওঁক অধিক সন্মানীয় আসন দিলে।
29ইবীল-মৰোদকে যিহোৱাখীনৰ পৰা কাৰাগাৰৰ কাপোৰ খুলি পেলালে আৰু যিহোৱাখীনে নিজৰ জীৱনৰ বাকী দিনবোৰত সদায় ৰজাৰ মেজত খোৱা-বোৱা কৰি কটালে।
30জীৱিত কাললৈকে প্রতিদিনৰ কাৰণে ৰজাই তেওঁক এক খাদ্য খৰছ প্রদান কৰিছিল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath