খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

2 ৰাজাৱলি 23

1পাছত ৰজা যোচিয়াই মানুহ পঠাই যিহূদা আৰু যিৰূচালেমৰ সকলো বৃদ্ধ পৰিচাৰকসকলক মাতি একত্রিত কৰিলে।

2যিহূদা আৰু যিৰূচালেমৰ সকলো লোকক, পুৰোহিত আৰু ভাববাদীসকলক, সাধাৰণ লোকৰ পৰা গণ্যমান্য ব্যক্তি সকলোকে লগত লৈ ৰজা যিহোৱাৰ গৃহলৈ গ’ল। তাৰ পাছত তেওঁ যিহোৱাৰ গৃহত যি বিধান পুস্তকখন পোৱা গৈছিল, তাৰ সকলো কথা লোকসকলক পঢ়ি শুনালে।

3স্তম্ভটোৰ ওচৰত থিয় হৈ ৰজা যোচিয়ই যিহোৱাৰ পথত চলি সকলো মন আৰু প্ৰাণেৰে যিহোৱাৰ সকলো আজ্ঞা, বিধান আৰু নির্দেশবোৰ মানি চলিবৰ কাৰণে এক প্ৰতিজ্ঞা কৰিলে। এই পুস্তকখনত লিখা বিধানৰ সকলো কথা নিশ্চয়কৈ পালন কৰিবলৈ যিহোৱাৰ সন্মুখত এক প্ৰতিজ্ঞা কৰিলে। তাতে সকলো লোকে ৰজাৰ কথাত সহমত হৈ থিয় দিলে।

4ৰজাই তেতিয়া যিহোৱাৰ মন্দিৰৰ পৰা বাল দেৱতা আৰু আচেৰা, আকাশৰ সকলো তৰাবোৰৰ সেৱা-পূজাৰ কাৰণে সজা পাত্ৰবোৰ বাহিৰ কৰিবৰ কাৰণে প্রধান পুৰোহিত হিল্কিয়াক, তেওঁৰ অধীনত থকা আন আন পুৰোহিতসকলক আৰু দ্বাৰ-ৰক্ষকসকলক আদেশ দিলে। তেওঁ সেইবোৰ যিৰূচালেমৰ বাহিৰত কিদ্ৰোণ উপত্যকাৰ মুকলি ঠাইত পুৰি দিলে আৰু ছাঁইবোৰ বৈৎএললৈ লৈ গ’ল।

5যিহূদাৰ নগৰবোৰৰ ওখ ঠাইত থকা মঠবোৰত ধূপ জ্বলাবৰ কাৰণে আৰু যিৰূচালেমৰ চাৰিওফালৰ ঠাইবোৰত বাল দেৱতা, সূর্য, চন্দ্র, গ্রহ-নক্ষত্র, আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ ৰজাসকলে যি সকলো মূর্তিপূজাকাৰী পুৰোহিতসকলক মনোনীত কৰিছিল, তেওঁলোকক তেওঁ সেই ঠাইবোৰৰ পৰা আতৰালে।

6তেওঁ যিহোৱাৰ গৃহৰ পৰা আচেৰা মূৰ্ত্তিটো বাহিৰ কৰি, যিৰূচালেমৰ পৰা কিদ্ৰোণ উপত্যকালৈ নি তাত পুৰি পেলালে। তাৰ পাছত তাক কোবাই কোবাই গুড়ি কৰি তাৰ ধূলি সাধাৰণ জনতাৰ মৈদামৰ ওপৰত ছটিয়াই দিলে।

7যিহোৱাৰ গৃহত দেৱদাসসকল থকা কোঁঠাবোৰ তেওঁ ভাঙি পেলালে। সেই কোঁঠাবোৰত মহিলাসকলে আচেৰাৰ কাৰণে কাপোৰ বৈছিল।

8ৰজা যোচিয়াই যিহূদাৰ নগৰবোৰৰ সকলো পুৰোহিতক যিৰূচালেমলৈ আনিলে আৰু গেবাৰ পৰা বেৰ-চেবা পর্যন্ত যি সকলো ওখ ঠাইৰ মঠবোৰত পুৰোহিতসকলে ধূপ জ্বলাইছিল, তেওঁ সেই সকলোবোৰ ঠাই অপবিত্র কৰি দিলে। তেওঁ দুৱাৰবোৰৰ ওচৰত থকা ওখ ঠাইৰ মঠবোৰ ধ্বংস কৰিলে; যিৰূচালেম নগৰৰ যিহোচূৱা নামৰ এজন ৰাজ্যপালে নির্মাণ কৰা যিহোচূৱা দুৱাৰৰ প্রৱেশ পথত যি সকলো ওখ ঠাইত মঠবোৰ আছিল, তেওঁ সেই সকলোকে ভাঙি পেলালে। এই মঠবোৰ নগৰলৈ সোমাই যোৱা নগৰৰ প্রধান দুৱাৰৰ বাওঁফালে আছিল।

9ওখ ঠাইৰ মঠবোৰৰ পুৰোহিতসকলক যদিও যিৰূচালেমত যিহোৱাৰ যজ্ঞবেদীত সেৱা-কার্য কৰিবলৈ দিয়া হোৱা নাছিল, কিন্তু তেওঁলোকে আন পুৰোহিতসকলৰ দৰে খমীৰ নিদিয়া পিঠা খাব পাৰিছিল।

10কোনেও যাতে মোলক দেৱতাৰ উদ্দেশ্যে নিজৰ পুতেক বা জীয়েকক হোমবলি দিব নোৱাৰে, সেয়ে ৰজা যোচিয়াই বিন-হিন্নোমৰ উপত্যকাত থকা তোফৎ নামৰ পূজাৰ ঠাইক অপবিত্র কৰি দিলে।

11যিহূদাৰ ৰজাসকলে যি সকলো ঘোঁৰা আৰু ৰথবোৰ সূর্যৰ পূজাৰ অর্থে দিছিল, যোচিয়াই সেই ঘোঁৰাবোৰক দূৰ কৰিলে আৰু ৰথবোৰ পুৰি পেলালে। ঘোঁৰাবোৰক নাথন-মেলক নামৰ এজন গৃহাধ্যক্ষৰ কোঁঠাৰ ওচৰত, যিহোৱাৰ গৃহৰ প্রৱেশ পথৰ ওচৰৰ এডোখৰ ঠাইত ঘোঁৰাবোৰক ৰখা হৈছিল।

12ৰাজপ্রাসাদৰ চালত ৰজা আহজৰ ওপৰ কোঁঠালিৰ ওপৰত যিহূদাৰ ৰজাসকলে যি সকলো বেদী নির্মাণ কৰিছিল আৰু যিহোৱাৰ মন্দিৰৰ দুখন চোতালত মনচিয়ে যি বেদীবোৰ নির্মাণ কৰিছিল, ৰজা যোচিয়াই সেই সকলোবোৰ ভাঙি পেলালে। তেওঁ সেইবোৰ ভাঙি টুকুৰা-টুকুৰ কৰি কিদ্ৰোণ উপত্যকাত পেলাই দিলে।

13ভ্রষ্টাচাৰ পাহাৰৰ দক্ষিণে যিৰূচালেমৰ পূবফালে যি সকলো মঠ ওখ ঠাইবোৰত আছিল, সেইবোৰক যোচিয়াই অপবিত্র কৰিলে। ইস্রায়েলৰ ৰজা চলোমনে চীদোনীয়াসকলৰ ঘৃণ্য দেৱী অষ্টাৰেতৰ কাৰণে, মোৱাবীয়াসকলৰ ঘৃণ্য দেৱতা কমোচৰ কাৰণে আৰু অম্মোনৰ লোকসকলৰ ঘৃণ্য দেৱতা মিল্কমৰ কাৰণে এই সকলো ওখ ঠাইৰ মঠবোৰ তৈয়াৰ কৰিছিল।

14ৰজা যোচিয়াই পূজাৰ শিলৰ স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মুৰ্ত্তিবোৰো কাটি পেলালে। সেই ঠাইবোৰ মানুহৰ অস্থিৰে পূর্ণ কৰি ঢাকি দিলে।

15ইস্রায়েলক পাপ কার্যত লিপ্ত কৰোঁৱা নবাটৰ পুত্র যাৰবিয়ামে বৈৎএলত যি বেদী আৰু ওখ ঠাইৰ মঠ নির্মাণ কৰিছিল, তাক যোচিয়াই ভাঙি পেলালে। তেওঁ মঠৰ বেদী জুইৰে পুৰি তাক মাৰি মাৰি গুড়া কৰি পেলালে। আচেৰা মুৰ্ত্তিটোও জুইৰে পুৰিলে।

16তাৰ পাছত তেওঁ চাৰিওফালে চালে আৰু পাহাৰৰ কাষত থকা সমাধিস্থল দেখা পালে। তেওঁ মানুহ পঠাই সেই সমাধিবোৰৰ পৰা অস্থিবোৰ উলিয়াই অনালে আৰু সেইবোৰ বেদীৰ ওপৰত পুৰি তাক অপবিত্র কৰিলে। ঈশ্বৰৰ লোকে যি সকলো ঘটনাৰ কথা পূর্বে ঘোষণা কৰিছিল, যিহোৱাৰ সেই বাক্য অনুসাৰেই এই সকলো হ’ল।

17ৰজাই সুধিলে, “মই সেই যি স্তম্ভটো দেখা পাইছো, সেইটো কি?” নগৰৰ লোকসকলে ক’লে, “সেইটো ঈশ্বৰৰ লোকৰ মৈদাম। ঈশ্বৰৰ সেই লোকে যিহূদাৰ পৰা আহি বৈৎএলৰ বেদীৰ বিৰুদ্ধে যি যি ঘোষণা কৰিছিল, আপুনিও ঠিক তাকেই কৰিছে।”

18তেতিয়া ৰজা যোচিয়াই ক’লে, “সেইটো থাকিবলৈ দিয়া; কোনেও যেন তেওঁৰ হাড়বোৰ আঁতৰ নকৰে।” সেয়ে লোকসকলে তেওঁৰ হাড়বোৰ আৰু যি ভাববাদী চমৰিয়াৰ পৰা আহিছিল, তেওঁৰ হাড়বোৰ যেনেদৰে আছিল, তেনেদৰেই ৰাখিলে।

19চমৰিয়াৰ নগৰবোৰত থকা সকলো মন্দিৰ আৰু ওখ ঠাইৰ মঠবোৰ, যি সকলোবোৰ ইস্ৰায়েলৰ ৰজাসকলে নির্মাণ কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, যোচিয়াই সেইবোৰ দূৰ কৰি দিলে আৰু তেওঁ বৈৎএলত কৰা সকলো কর্মৰ দৰেই সেইবোৰলৈকো কৰিলে।

20মঠবোৰৰ সকলো পুৰোহিতকে যোচিয়াই সেই বেদীবোৰৰ ওপৰত বধ কৰিলে আৰু সেইবোৰৰ ওপৰত মানুহৰ হাড়বোৰ পুৰিলে। তাৰ পাছত তেওঁ যিৰূচালেমলৈ ঘূৰি গ’ল।

21ৰজাই সকলো লোকক এই আজ্ঞা দিলে, “বিধান-পুস্তকখনত যেনেকৈ লিখা আছে, তেনেকৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ‘নিস্তাৰ-পৰ্ব্ব’ পালন কৰক।

22ইস্রায়েলৰ বিচাৰকর্তাসকলৰ শাসন কালত অথবা ইস্রায়েল আৰু যিহূদাৰ ৰজাসকলৰ আমোলত এনে ধৰণৰ নিস্তাৰ-পৰ্ব্ব পালন কেতিয়াও কৰা হোৱা নাছিল।

23কিন্তু ৰজা যোচিয়াৰ ৰাজত্বৰ ওঠৰ বছৰত যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে এই নিস্তাৰ-পৰ্ব্ব পালন কৰা হ’ল।

24ইয়াৰ বাহিৰেও, যোচিয়াই ভূত পোহা বা মৃত আত্মাৰ লগত পৰামর্শ কৰা সকলক আঁতৰাই পঠালে। তেওঁ পাৰিবাৰিক দেৱমূর্তিবোৰ, প্রতিমাবোৰ, যিহূদা আৰু যিৰূচালেমত যিবোৰ ঘৃণনীয় বস্তু দেখা পালে, সেই সকলোবোৰ দূৰ কৰিলে। পুৰোহিত হিল্কিয়াই যিহোৱাৰ গৃহত বিধান লিখা যি পুস্তকখন পাইছিল, তাৰ কথাবোৰ যেন পালন কৰা হয়, সেয়ে যোচিয়াই এই কার্য কৰিছিল।

25তেওঁ তেওঁৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে মোচিৰ বিধান অনুসাৰে যিহোৱাৰ পথত চলিছিল। তেওঁৰ আগত বা পাছত আন কোনো ৰজা তেওঁৰ দৰে নাছিল।

26তথাপিও, মনচিয়ে যি সকলো কাম কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, সেইবোৰৰ কাৰণে যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ যি ভয়ঙ্কৰ ক্রোধ প্রজ্বলিত হৈ উঠিছিল, সেই ক্ৰোধৰ পৰা তেওঁ নুঘূৰিল।

27সেইবাবে যিহোৱাই ক’লে, “মই মোৰ দৃষ্টিৰ পৰা ইস্ৰায়েলক যেনেকৈ দূৰ কৰিলোঁ, তেনেকৈ যিহূদাকো দূৰ কৰিম। মই যি নগৰক মনোনীত কৰি লৈছিলোঁ, সেই যিৰূচালেমক আৰু যি গৃহৰ সম্বন্ধে মই কৈছিলোঁ, ‘মোৰ নাম তাত থাকিব’ সেই গৃহক মই অগ্রাহ্য কৰিম।

28যোচিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?

29যোচিয়াৰ ৰাজত্বৰ সময়ত মিচৰৰ ফৰৌণ-নখোৱে ইউফ্রেটিচ নদীৰ তীৰত অচূৰৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেতিয়া ৰজা যোচিয়াই যুদ্ধত নখোক লগ পাবলৈ গ’ল আৰু তাতে নখোৱে তেওঁক মগিদ্দোত বধ কৰিলে।

30যোচিয়াৰ দাসবোৰে তেওঁৰ শৱটো ৰথত তুলি মগিদ্দোৰ পৰা যিৰূচালেমলৈ লৈ আনিলে আৰু তেওঁৰ নিজৰ মৈদামনিত মৈদাম দিলে। পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক অভিষেক কৰি তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।

31তেইশ বছৰ বয়সত যিহোৱাহজ ৰজা হৈছিল। তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।

32যিহোৱাহজে তেওঁৰ পূর্বপুৰুষসকলৰ দৰে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে।

33ফৰৌণ নখোৱে তেওঁক হমাৎ দেশৰ ৰিব্লাত শিকলিৰে বান্ধি আটক কৰি ৰাখিলে, যাতে তেওঁ যিৰূচালেমত ৰাজত্ব কৰিব নোৱাৰে। তাৰ পাছত ফৰৌণ নখোৱে যিহূদা দেশক প্রায় এশ কিক্কৰ ৰূপ আৰু এক কিক্কৰ সোণ জৰিমনা দিবলৈ নিৰূপণ কৰিলে।

34ফৰৌণ নখোৱে যোচিয়াৰ আন এজন পুত্ৰ ইলিয়াকীমক তেওঁৰ পিতৃ যোচিয়াৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলাই যিহোয়াকীম ৰাখিলে। কিন্তু তেওঁ যিহোৱাহজক মিচৰলৈ লৈ গ’ল আৰু তাতে যিহোৱাহজৰ মৃত্যু হ’ল।

35যিহোয়াকীমে ফৰৌণ নখোৰ দাবী অনুসাৰে তেওঁক সেই ৰূপ আৰু সোণ দিলে; ফৰৌণৰ নির্দেশত তেওঁ ধন দিয়াৰ কাৰণে মাটিৰ কৰ নিৰূপণ কৰিলে; ফৰৌণ নখোক দিবলৈ দেশৰ লোকসকলৰ মাজত প্রতিজনকে সোণ আৰু ৰূপ দিবৰ কাৰণে তেওঁ বাধ্য কৰিলে।

36যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল জবীদা। তেওঁ ৰূমা-নিবাসী পদায়াৰ জীয়েক আছিল।

37যিহোৱাকীমে তেওঁৰ পূর্বপুৰুষসকলৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath