2 ৰাজাৱলি 16
1ইস্রায়েলত ৰমলিয়াৰ পুত্ৰ পেকহৰ সোঁতৰ বছৰ বয়সৰ সময়ত, যিহূদাত যোথমৰ পুত্ৰ আহজে ৰাজত্ব আৰম্ভ কৰিছিল।
2আহজ বিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ ধৰি তেওঁ যিৰূচালেমত ৰাজত্ব কৰিছিল; পূর্বপুৰুষ দায়ুদে যেনেকৈ তেওঁৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ভাল কার্য কৰিছিল, ৰজা আহজে তেনে কার্য কৰা নাছিল।
3কিন্তু তাৰ পৰিবর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; এনেকি যিহোৱাই যি সকলোক জাতিক ইস্ৰায়েলীয়াসকলৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ঘিণলগীয়া ৰীতিবোৰৰ দৰে তেৱোঁ নিজৰ পুত্ৰক হোমবলি উৎসর্গ কৰিছিল।
4তেওঁ পূজাৰ ওখ ঠাইবোৰত, পাহাৰৰ ওপৰত আৰু প্ৰত্যেক সেউজীয়া ডাল-পাতৰ গছৰ তলত বলি উৎসর্গ কৰিছিল আৰু ধূপ জ্বলাইছিল।
5অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা পেকহে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যিৰূচালেমলৈকে আহিল আৰু ৰজা আহজৰ সৈতে নগৰখন বেৰি ধৰিলে; কিন্তু আহজক জয় কৰিব নোৱাৰিলে।
6সেই সময়ত অৰামৰ ৰজা ৰচীনে এলৎ নগৰৰ পৰা যিহুদী লোকসকলক খেদাই দি এলৎ নগৰ পুণৰায় অৰামৰ অধীনলৈ আনিলে। তাৰ পাছত ইদোমীয়াসকলে এলতলৈ আহি বাস কৰিবলৈ ধৰিলে আৰু আজিলৈকে তেওঁলোকে তাত নিবাস কৰি আছে।
7পাছত আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচৰ ওচৰলৈ এই কথা ক’বলৈ মানুহ পঠিয়াই দিলে, “মই আপোনাৰ দাস আৰু আপোনাৰ পুত্ৰ হওঁ; অৰামৰ ৰজা আৰু ইস্ৰায়েলৰ ৰজাই মোক আক্রমণ কৰিছে। আপুনি আহি তেওঁলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰক।”
8আহজে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালত পোৱা সোণ আৰু ৰূপ লৈ উপহাৰ হিচাবে অচূৰৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে।
9তেতিয়া অচূৰৰ ৰজাই তেওঁৰ কথাত মান্তি হ’ল আৰু দম্মেচকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰি তাক জয় কৰিলে। সেই ঠাইৰ লোকসকলক বন্দী কৰি কীৰলৈ লৈ গ’ল আৰু অৰামৰ ৰজা ৰচীনক বধ কৰিলে।
10পাছত ৰজা আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচক সাক্ষাৎ কৰিবলৈ দম্মেচকলৈ গ’ল; তেওঁ দম্মেচকত এটা যজ্ঞবেদী দেখি তাৰ নক্সা, নমুনাৰ লগতে সেইটো তৈয়াৰ কৰাৰ সম্পূর্ণ পৰিকল্পনা ঊৰিয়া পুৰোহিতৰ ওচৰলৈ পঠাই দিলে।
11সেয়ে দম্মেচকৰ পৰা ৰজা আহজে পঠোৱা সকলো পৰিকল্পনাৰ দৰেই ঊৰিয়া পুৰোহিতে এটা যজ্ঞবেদী নির্ম্মাণ কৰিলে আৰু ৰজা আহজ দম্মেচকলৈ উলটি অহাৰ আগেয়ে, সেই কাম কৰি শেষ কৰিলে।
12দম্মেচকৰ পৰা ঘূৰি আহি ৰজাই সেই যজ্ঞবেদী দেখিলে আৰু ওচৰলৈ গৈ তাৰ ওপৰত বলি উৎসর্গ কৰিলে।
13তেওঁ সেই যজ্ঞবেদীৰ ওপৰত নিজৰ হোমবলি, শস্য উৎসর্গ আৰু নিজৰ পেয় উৎসর্গ ঢালিলে; নিজৰ সমজুৱা বলিৰ তেজো ছটিয়াই দিলে।
14তেওঁ যিহোৱাৰ সন্মুখত থকা পিতলৰ যজ্ঞবেদীটো তেওঁ মন্দিৰৰ আগৰ পৰা, অৰ্থাৎ যিহোৱাৰ গৃহ আৰু নতুন বেদীৰ মাজ ঠাইৰ পৰা আঁতৰাই আনি নতুন বেদীৰ উত্তৰ ফালে স্থাপন কৰিলে।
15পাছত আহজ ৰজাই ঊৰিয়া পুৰোহিতক এই নির্দেশ দিলে যে, “ডাঙৰ বেদীটোৰ ওপৰত ৰাতিপুৱাৰ হোমবলি আৰু সন্ধিয়া শস্য উৎসর্গ কৰিব; তাৰ উপৰি ৰজাৰ হোমবলি আৰু শস্য উৎসর্গ, দেশৰ সকলো লোকৰ হোমবলি, তেওঁলোকৰ শস্য আৰু পেয় উৎসর্গ কৰিব; সকলো হোমবলি আৰু আন আন সকলো বলি উৎসর্গৰ তেজ আপুনি সেই যজ্ঞবেদীৰ ওপৰত ছটিয়াই দিব। কিন্তু পিতলৰ যজ্ঞবেদীটো ঈশ্বৰৰ সহায় লাভৰ অর্থে মই ব্যৱহাৰ কৰিম।”
16ঊৰিয়া পুৰোহিতে আহজ ৰজাৰ নির্দেশ অনুসাৰে সকলো কাম কৰিলে।
17তাৰ পাছত ৰজা আহজে পাত্র থোৱা আধাৰবোৰৰ খলাপা আৰু প্রক্ষালন পাত্রবোৰ আধাৰবোৰৰ পৰা আতৰালে। তেওঁ পিতলেৰে তৈয়াৰী ষাঁড়বোৰৰ ওপৰত যি ডাঙৰ সমুদ্র পাত্রটো বহোৱা আছিল, সেইটোও তেওঁ নমাই আনিলে আৰু এটা শিলৰ ভিত্তিৰ ওপৰত বহুৱালে।
18যিহোৱাৰ গৃহত বিশ্ৰাম দিনৰ উদ্দেশ্যে মন্দিৰত চালি দি তেওঁলোকে যি ঠাই তৈয়াৰ কৰিছিল, অচূৰৰ ৰজাৰ ভয়ত ৰজা আহজে সেই চালি খুলি পেলালে আৰু যিহোৱাৰ গৃহৰ বাহিৰৰ ফালে ৰজা সোমাবৰ কাৰণে যি বিশেষ প্রৱেশদ্বাৰ কৰা হৈছিল, তাকো বন্ধ কৰি দিলে।
19ৰজা আহজৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
20পাছত ৰজা আহজ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পদত তেওঁৰ পুত্ৰ হিষ্কিয়া ৰজা হ’ল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath