2 কৰিন্থীয়া 9
1কিয়নো পবিত্ৰ লোক সকলৰ পৰিচৰ্যা কৰা কাৰ্যৰ বিষয়ে মই আপোনালোকলৈ লিখাৰ প্ৰয়োজন নাই৷
2মই আপোনালোকৰ কামনা জানো, যাৰ বিষয়ে মই মাকিদনিয়া সকলৰ আগত আপোনালোকৰ পক্ষে গৌৰৱ কৰিছিলোঁ৷ মই তেখেত সকলক কৈছিলোঁ যে, এবছৰৰ আগৰ পৰাই আখায়া প্ৰস্তুত হৈ আছিল; আৰু আপোনালোকৰ সেই আগ্ৰহে অধিক ভাগ মানুহক প্ৰভাৱত পেলালে।
3এতিয়া মই আপোনালোকৰ ওচৰলৈ ভাই সকলক পঠালোঁ, যাতে আপোনালোকৰ পক্ষে আমাৰ সেই গৌৰৱ যেন ব্যৰ্থ নহয় আৰু মই যেনেকৈ কৈছিলোঁ, আপোনালোকে তেনেকৈ যেন প্ৰস্তুত হৈ থাকে৷
4নহ’লে মাকিদনিয়াৰ পৰা মোৰ লগত অহা কোনো মানুহে যদি আপোনালোকক অপ্ৰস্তুত পায়, তেনেহলে আমি আপোনালোকৰ প্ৰতি সেই দৃঢ় আশা ৰখাত, আমি লাজত পৰিম - মই আপোনালোকৰ বিষয়ে এনে একো কথা নকওঁ, কাৰণ আপোনালোকৰ বিশ্ৱাসৰ ওপৰত মই নিশ্চিত হৈ আছোঁ৷
5সেই কাৰণে মই ভাই কেইজনক উৎসাহিত কৰিবলৈ প্ৰয়োজন দেখি, আপোনালোকৰ ওচৰত পঠিয়াম বুলি ভাবিলোঁ; আপোনালোকে যি পূৰ্বৰে পৰা প্ৰতিজ্ঞা কৰা সেই আশীৰ্বাদ স্বৰূপ দান, সেই বিষয়ে তেখেত সকলে আপোনালোকৰ ওচৰলৈ আহি যেন আয়োজন কৰে৷ এই বিনামূলীয়া আশীর্বাদ দানৰ দৰে যেন যুগুত থাকে, কিন্তু আপোনালোকে বাধ্যত পৰি দান কৰিলে, এনে যেন নহয়৷
6কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।
7প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক৷ মনোদুখেৰে যেন নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে- কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।
8ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷
9এই বিষয়ে যি দৰে লিখাও আছে, “তেওঁ নিজ ধন-সম্পত্তি দৰিদ্ৰ সকলক বিলাই দি, দান কৰিলে; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে৷”
10যি জনে কঠীয়া সিচোতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগাই, তেৱেঁই আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব;
11এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।
12কিয়নো এই দান দি পৰিচৰ্যা কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে, অকল এয়ে নহয়, কিন্তু ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশ্যেও উপচি পৰিছে৷
13আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই নিযুক্ত কৰা হ’ল; আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে৷
14তেওঁলোকে আপোনালোকলৈ অতিশয় হাবিয়াহ কৰি আছে আৰু আপোনালোকৰ কাৰণে প্ৰার্থনাত আছে, কিয়নো ঈশ্বৰৰ সেই মহৎ অনুগ্ৰহ আপোনালোকৰ ওপৰত আছে৷
15ঈশ্বৰৰ বৰ্ণনাতীত দানৰ কাৰণে তেওঁৰ ধন্যবাদ হওক।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath