2 কৰিন্থীয়া 2
1সেয়েহে কিছুমান দুখজনক পৰিস্থিতিৰ বাবে পুনৰাই আপোনালোকৰ ওচৰলৈ নাযাওঁ বুলি মই নিজৰ বিষয়ত বিবেচনা কৰিলোঁ৷
2কিয়নো মই যদি আপোনালোকক বেজাৰ দিওঁ তেনেহলে মোক আনন্দিত কৰোঁতা কোন থাকিব? কেৱল মোৰ দ্বাৰাই বেজাৰ পোৱা সেই লোকেই থাকিব?
3আৰু এই সকলোবোৰ কথা লিখিলোঁ, যাতে যেতিয়া মই আহিম, তেতিয়া যি জনৰ ওচৰৰ পৰা আমি আনন্দ পোৱা উচিত, সেই জনৰ পৰা যেন দুখ পাবলগীয়া নহয়। কিয়নো আপোনালোকৰ বিষয়ে মোৰ দৃঢ় বিশ্বাস এই যে, আমাৰ আনন্দত আপোনালোক সকলোৱে আনন্দিত হব।।
4বহু কষ্ট, মনো-বেদনা, আৰু চকুৰপানীৰে আপোনালোকলৈ লিখিলোঁ। মই আপোনালোকক দুখ দিবলৈ বিচৰা নাই, কিন্তু বুজাবলৈ বিচাৰিছোঁ যে, মই আপোনালোকক কিমান প্ৰেম কৰোঁ।
5কিন্তু কোনোৱে যদি দুখ দি থাকে, তেনেহলে তেওঁ অকল মোক দুখ দিলে এনে নহয়; বেছি বঢ়াই নকলেও মই এটা কথা কওঁ যে, তেওঁ আপোনালোক সকলোকে দুখ দিলে।
6এনে মানুহলৈ অধিক ভাগ লোকে দিয়া শাস্তিয়েই যথেষ্ট।
7এতেকে তাতকৈ এনে মানুহক আপোনালোকে ক্ষমা কৰক আৰু সান্ত্বনা দিয়া উচিত। নহলে তেওঁ হয়তো অতিৰিক্ত মনৰ দুখত হতাশ হৈ পৰিব।
8মই আপোনালোকক উৎসাহিত কৰিছোঁ, এনে ব্যক্তিক যে আপোনালোকে এতিয়াও প্ৰেম কৰে, ইয়াকে মুকলিভাবে বুজিব দিয়ক৷
9কিয়নো সকলো বিষয়ত আপোনালোক আজ্ঞাধীন হয় নে নহয়, তাৰ প্ৰমাণ পোৱাৰ আশয়েৰে লিখিলোঁ।
10যদি আপোনালোকে কোনো এজনৰ দোষ ক্ষমা কৰে, তেনেহলে ময়ো সেইদৰে ক্ষমা কৰোঁ৷ এই কাৰণে মই যদি কিবা ক্ষমা কৰিলোঁ, তেনেহলে যি ক্ষমা কৰিলোঁ, খ্ৰীষ্টৰ সাক্ষাতে আপোনালোকৰ কাৰণেই ইয়াক কৰিলোঁ;
11কিয়নো চয়তানে যেন আমাৰ ওপৰত ছল নাপায়৷ কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ।
12খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে মই ত্রোৱা নগৰলৈ আহোতে, যদিও প্ৰভুৰ দ্বাৰাই মোলৈ এখন দুৱাৰ মুকলি কৰা হৈছিল,
13মোৰ ভাই তীতক তাতে লগ নোপোৱাত, মোৰ আত্মাত একো শান্তি নাপালোঁ; সেয়েহে তেওঁলোকক এৰি বিদায় লৈ মাকিদনিয়ালৈ আহিলোঁ।
14কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে।
15কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ।
16যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে?
17কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ; কিন্তু অকপটতাৰে কোৱাৰ দৰে, আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে, আমি ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath