2 বংশাৱলি 5
1এইদৰে যিহোৱাৰ গৃহৰ বাবে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হ’ল। পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই ঈশ্বৰৰ গৃহৰ ভঁৰালত হ’ল।
2তাৰ পাছত চলোমনে দায়ূদৰ নগৰ সেই চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুকটি আনিবৰ কাৰণে ইস্ৰায়েলৰ বৃদ্ধসকলক, ফৈদৰ মুখীয়ালসকলক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ অধ্যক্ষসকলক যিৰূচালেমত গোট খুৱালে।
3তাতে সপ্তম মাহত উৎসৱৰ সময়ত ইস্ৰায়েলৰ সকলো লোকে ৰজাৰ ওচৰলৈ আহি গোট খালে।
4তাতে ইস্ৰায়েলৰ সকলো বৃদ্ধলোক আহিল আৰু লেবীয়াসকলে নিয়ম-চন্দুকটি তুলি ল’লে।
5তেওঁলোকে নিয়ম চন্দুক, সাক্ষাৎ কৰা তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তু ল’লে৷ এই সকলো বস্তু লেবীয়া ফৈদৰ পুৰোহিতসকলে লৈ আনিলে।
6তাতে চলোমন ৰজাই, তেওঁৰ ওচৰত গোট খোৱা ইস্ৰায়েলৰ গোটেই মণ্ডলীৰ সৈতে নিয়ম-চন্দুকৰ আগত ভেড়া, গৰু আদি বলিদান কৰি আছিল; সেয়ে বাহুল্যৰ কাৰণে অসংখ্য আৰু অগণ্য আছিল।
7পাছত পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুকটি গৃহৰ অন্তঃস্থানলৈ অৰ্থাৎ মহা পবিত্ৰ স্থানলৈ লৈ গৈ কৰূব দুটাৰ ডেউকাৰ তলত তাৰ নিজ ঠাইত স্থাপন কৰিলে।
8কিয়নো কৰূব দুটাই নিয়ম-চন্দুকৰ ওপৰত ডেউকা মেলি আছিল আৰু দুটাই চন্দুকটি আৰু তাৰ কঢ়িওৱা কানমাৰিবোৰ ঢাকি ধৰিছিল।
9সেই দুডাল কানমাৰি ইমান দীঘল আছিল, যে তাৰ মূৰ অন্তঃস্থানৰ আগত পবিত্ৰ স্থানৰ পৰা দেখা যায় কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়৷ সেয়ে আজিলৈকে সেই ঠাইত আছে।
10মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকলে ওলাই অহা কালত, যিহোৱাই তেওঁলোকে সৈতে এটি নিয়ম-চুক্তি পতা সময়ত, হোৰেব পৰ্ব্বতত মোচিয়ে চন্দুকটিৰ ভিতৰত যি দুখন ফলি ৰাখিছিল, তাৰ বাহিৰে তাত আৰু একো নাছিল।
11পাছত পুৰোহিতসকল সেই পবিত্ৰ স্থানৰ পৰা ওলাই আহিল৷ উপস্থিত হোৱা পুৰোহিতসকলে নিজকে পবিত্ৰ কৰিছিল; তেওঁলোকে নিজকে আন দলৰ পৰা পৃথক কৰি ঈশ্বৰে তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক বিচৰা আগতে তেওঁলোকে নিজকে আনুষ্ঠানিক ভাবে পবিত্ৰকৰণ কৰিছিল৷
12আৰু যি লেবীয়াসকলৰ গায়ক আছিল, তেওঁলোক অৰ্থাৎ আচফ, হেমন, যিদূথূন আৰু তেওঁলোকৰ পুত্ৰ ও ভাইসকল সকলোৱে মিহি শণ সূতাৰ বস্ত্ৰ পিন্ধি, হাতত তাল, নেবল আৰু বীণা লৈ, যজ্ঞবেদীৰ পূব ফালে থিয় হৈ আছিল৷ তেওঁলোকৰ লগত এশ বিশ জন পুৰোহিতে থাকি তুৰী বজাই আছিল।
13তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷
14সেই মেঘৰ কাৰণে পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হ’ব নোৱাৰা হ’ল, কিয়নো ঈশ্বৰৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ আছিল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath