2 বংশাৱলি 4
1তাৰ উপৰিও তেওঁ পিতলৰ এটা যজ্ঞবেদী নিৰ্মান কৰিলে; সেয়ে দীঘে বিশ হাত, বহলে বিশ হাত আৰু ওখই দহ হাত আছিল।
2তেওঁ সমুদ্ৰ-পাত্ৰটো সাঁচত ঢালি তাক সাজিলে৷ সেই পাত্ৰটো ঘূৰণীয়া আছিল৷ তাৰ এখন কাণৰ পৰা আনখনলৈ দশ হাত বহল আছিল৷ তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি বা ঘেৰ ত্ৰিশ হাত আছিল৷
3পাত্ৰখনৰ কানৰ তলৰ প্ৰত্যেক হাত জোখৰ ভিতৰত, দহোটাকৈ ষাঁড়গৰুৰ আকৃতি আছিল৷ পাত্ৰটো ঢলা সময়ত সেই গৰুৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।
4আৰু সেই সমুদ্ৰ-পাত্ৰটো বাৰটা গৰুৰ ওপৰত ৰখা হ’ল, সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূৱলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত বহুউৱা হ’ল আৰু সেইবোৰৰ পাছফাল ভিতৰফালে আছিল।
5সেই পাত্ৰখন চাৰি আঙুল ডাঠ; আৰু তাৰ কাণ বাটিৰ কাণ ও কনাৰি ফুলৰ নিচিনাকৈ সজা হ’ল৷ তাত তিনি হাজাৰ বৎ ধৰে।
6তেওঁ দহোটা প্ৰক্ষালন-পাত্ৰও সাজিলে; তাৰে পাঁচোটা সোঁ ফালে আৰু পাঁচোটা বাওঁফালে ধোৱাপখলা কৰিবৰ বাবে হ’ল; সেইবোৰত তেওঁলোকে উৎসৰ্গ কৰিব লগীয়া হোম-বলিৰ বস্তুবোৰ ধোৱে৷ কিন্তু সমুদ্ৰ-পাত্ৰটো হ’লে, পুৰোহিতসকলে গা ধুবৰ বাবে হ’ল।
7আৰু তেওঁ বিধিমতে সোণৰ দহোটা দীপাধাৰ সাজিলে; তাৰ পাঁচোটা সোঁফালে আৰু পাঁচোটা বাওঁফালে মন্দিৰত স্থাপন কৰিলে।
8তেওঁ দহখন মেজ সাজি, তাৰ পাঁচখন সোঁফালে আৰু পাঁচখন বাওঁফালে মন্দিৰৰ ভিতৰত ৰাখিলে৷ আৰু পেয় দ্ৰব্য ঢালিবৰ বাবে সোণৰ এশ বাটি সাজিলে।
9তাত বাজে তেওঁ পুৰোহিতসকলৰ চোতাল, বৰ চোতাল আৰু চোতালৰ দুৱাৰ যুগুত কৰিলে আৰু সেই দুৱাৰবোৰত পিতলৰ পতা মাৰিলে।
10আৰু তেওঁ সমুদ্ৰ-পাত্ৰটো গৃহৰ সোঁকাষে পূৱদিশে দক্ষিণমুৱাঁকৈ স্থাপন কৰিলে।
11ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা আৰু তেজ ছটিওৱা পাত্ৰ হীৰমে নিৰ্ম্মাণ কৰিলে। এইদৰে হূৰমে চলোমন ৰজাৰ বাবে ঈশ্বৰৰ গৃহত কৰা কাৰ্যবোৰ কৰি সামৰিলে।
12তেওঁ সেই স্তম্ভ দুটা, সেই স্তম্ভৰ মুৰৰ ঘূৰণীয়া ভাগ দুটা আৰু মাথলা দুটা সেই স্তম্ভৰ মুৰৰ মাথলেৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে দুখন জালৰ আকৃতিৰ বস্তু আছিল৷
13আৰু সেই দুখন জালৰ আকৃতিৰ বস্তুৰ বাবে চাৰিশ ডালিম, অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘুৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ আকৃতিৰ বস্তুৰ বাবে দুশাৰী ডালিম সাজিলে৷
14তেওঁ আধাৰবোৰ, সেই আধাৰবোৰৰ ওপৰত ৰাখিবলৈ প্ৰক্ষালন পাত্ৰবোৰ,
15এটা সমুদ্ৰ-পাত্ৰ আৰু তাৰ তলৰ গৰু বাৰটা সাজিলে।
16ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, ত্ৰিশূল আদি সকলো সঁজুলি, তেওঁৰ প্ৰধান শিল্পকৰ হীৰমে চলোমন ৰজাৰ কাৰণে যিহোৱাৰ গৃহৰ বাবে চকচকিয়া পিতলেৰে সাজিলে।
17ৰজাই যৰ্দ্দনৰ সমথলত চুক্কোৎ আৰু চৰেদাৰ মাজত থকা আলতীয়া মাটিত তাক ঢলালে।
18আৰু চলোমনে যিবোৰ পাত্ৰ সাজিলে, সেই আটাইবোৰ অনেক আছিল; কিয়নো সেইবোৰ পিতলৰ ওজন কিমান, তাক জনা নগ’ল।
19আৰু চলোমনে ঈশ্বৰৰ গৃহৰ সকলো বস্তু নিৰ্ম্মাণ কৰালে অৰ্থাৎ সোণৰ বেদী, দৰ্শন-পিঠা থবৰ বাবে মেজ কেইখন;
20আৰু অন্তঃস্থানৰ সন্মুখত বিধিমতে জ্বলাবৰ বাবে প্ৰদীপে সৈতে নিৰ্ম্মল সোণৰ দীপাধাৰবোৰ শুদ্ধ সোণৰ আছিল;
21সোণৰ ফুল, প্ৰদীপ, শলাকানি-কটা, সকলোৱেই অতি শুদ্ধ সোণৰ৷
22নিৰ্ম্মল সোণৰ কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা আৰু এঙেৰা ধৰা; আৰু গৃহৰ প্ৰবেশস্থানৰ বিষয়ে ক’বলৈ গ’লে, অতি পবিত্ৰ স্থানৰ ভিতৰৰ দুৱাৰ আৰু গৃহৰ অৰ্থাৎ মন্দিৰৰ দুৱাৰ সোণৰ আছিল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath