2 বংশাৱলি 35
1পাছত যোচিয়াই যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিলে; আৰু লোকসকলে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনত নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিলে।
2তেওঁ পুৰোহিত সকলক তেওঁলোকৰ নিজ নিজ কৰিব লগীয়া কামত লগালে আৰু যিহোৱাৰ গৃহৰ সেৱকীয়া কাম কৰিবলৈ তেওঁলোকক আস্বাস দিলে।
3আৰু যি লেবীয়াসকল গোটেই ইস্ৰায়েলৰ শিক্ষক আৰু যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ লোক আছিল, তেওঁলোকক তেওঁ ক’লে, “ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনে নিৰ্ম্মাণ কৰা গৃহত তোমালোকে পবিত্ৰ চন্দুকটো ৰাখা৷ তোমালোকে নিজৰ কান্ধত আৰু ইয়াক চাৰিওঁফালে ভাৰ বৈ থাকিব নালাগিব৷ এতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ স্তুতি আৰাধনা কৰা আৰু তেওঁৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ সেৱা কৰা।
4আৰু তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ ৰজা দায়ূদে লিখা আৰু তেওঁৰ পুত্ৰ চলোমনে লিখাৰ দৰে পালক্ৰমে নিজক সংগঠিত কৰা।
5আৰু তোমালোকৰ ভাই প্ৰজাসকলৰ পিতৃ-বংশৰ অংশ অনুসাৰে তোমালোক পবিত্ৰ স্থানত থিয় হোৱা; লোকসকলৰ প্ৰত্যেক অংশৰ বাবে লেবীয়াসকলৰ পিতৃ-বংশৰ এক এক অংশ হ’ব।
6তোমালোকে নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিয়া আৰু নিজক শুচি কৰা৷ মোচিৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্য অনুসাৰে কাৰ্য কৰিবলৈ নিজৰ ভাইসকলৰ বাবে আয়োজন কৰা।”
7যোচিয়াই উপস্থিত হোৱা প্ৰজাসকলৰ সকলোকে কেৱল নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে জাকৰ পৰা লেখৰ ত্ৰিশ হাজাৰ ভেড়া আৰু ছাগলী পোৱালি দিলে৷ আৰু তাৰ বাহিৰে তিনি হাজাৰ ভতৰা দিলে; এই সকলোকে ৰজাৰ সম্পত্তিৰ পৰা দিয়া হ’ল।
8আৰু তেওঁৰ প্ৰধান লোকসকলে ইচ্ছা মনেৰে লোকসকলক, পুৰোহিতসকলক আৰু লেবীয়াসকলক উৎসৰ্গ কৰিবৰ অৰ্থে পশু দান কৰিলে, বিশেষকৈ হিল্কিয়া, জখৰিয়া আৰু যিহীয়েল, ঈশ্বৰৰ গৃহৰ এই অধ্যক্ষ কেইজনে পুৰোহিতসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে দুই হাজাৰ ছশ ভেড়া ও ছাগলী পোৱালি আৰু তিনিশ ষাঁড় দিলে।
9আৰু লেবীয়াসকলৰ অধ্যক্ষ কননিয়া আৰু তেওঁৰ দুজন ভায়েক চময়িয়া আৰু নথনেল আৰু হচবিয়া, যিয়ীয়েল অাৰু যোজাবদ, তেওঁলোকে লেবীয়াসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে পাঁচ হাজাৰ ভেড়া ও ছাগলী পোৱালি আৰু পাঁচশ ভতৰা দিলে।
10এইদৰে সেৱকীয়া কাৰ্যৰ ঠিক ঠাক হোৱাত, ৰজাৰ আজ্ঞা অনুসাৰে পুৰোহিতসকল নিজ নিজ ঠাইত আৰু লেবীয়াসকল নিজ নিজ পাল অনুসাৰে থিয় হ’ল।
11পাছত নিস্তাৰ-পৰ্ব্বৰ আটাই বলি দিয়া হ’ল, পুৰোহিতসকলে তেওঁলোকৰ হাতৰ পৰা তেজ লৈ ছটিয়ালে আৰু লেবীয়াসকলে পশুবোৰৰ ছাল বখলিয়ালে।
12মোচিৰ পুস্তকত লিখাৰ দৰে, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবৰ অৰ্থে তেওঁলোকে প্ৰজাসকলৰ পিতৃ-বংশবোৰৰ অংশ অনুসাৰে সকলোকে দিবৰ কাৰণে, দগ্ধ কৰিবলগীয়া ভাগ এৰুৱাই ল’লে আৰু ষাঁড়বোৰকো সেই একে দৰেই কৰিলে।
13পাছত তেওঁলোকে বিধিমতে নিস্তাৰ-পৰ্ব্বৰ বলি খৰিকাত লগাই জুইত দিলে৷ কিন্তু পবিত্ৰীকৃত হিচাপে আন পশুৰ মাংস কেৰাহীত, টৌত আৰু জকাত সিজালে আৰু সকলো লোকক লৰালৰিকৈ বাঁটি দিলে।
14পাছত তেওঁলোকে তেওঁলোকৰ বাবে আৰু পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে; কিয়নো হাৰোণৰ সন্তান পুৰোহিতসকলে হোম-বলিৰ তেজাল অংশ পোৰোঁতে ৰাতিলৈকে লাগি থাকিব লগীয়া হৈছিল৷ এইদৰে লেবীয়াসকলে নিজৰ আৰু হাৰোণৰ সন্তান পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে।
15আৰু দায়ুদ, আচফ, হেমন আৰু ৰজাৰ দৰ্শক যিদূথূনে আজ্ঞা কৰাৰ দৰে আচফৰ সন্তান গায়ক সকল নিজ নিজ ঠাইত আছিল আৰু দুৱৰীসকল প্ৰত্যেক দুৱাৰত আছিল; নিজ নিজ কাম এৰি যাবলৈ তেওঁলোকৰ প্ৰয়োজন নহ’ল, কিয়নো তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকৰ বাবে আয়োজন কৰিছিল।
16এইদৰে ৰজা যোচিয়াৰ আজ্ঞা অনুসাৰে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ আৰু যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত হোম ৰাখিবলৈ যিহোৱাৰ সকলো সেৱকীয়া কাম সেই দিনাই পৰিপাটিকৈ কৰা হ’ল।
17এই কাৰণে উপস্থিত থকা ইস্ৰায়েলৰ সন্তান সকলে সেই সময়ত নিস্তাৰ-পৰ্ব্ব কৰিলে আৰু তাৰ পাছত সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ উৎসৱ পালন কৰিলে।
18চমূৱেল ভাববাদীৰ দিনৰে পৰা ইস্ৰায়েলত এনে ধৰণৰ নিস্তাৰ-পৰ্ব্ব কেতিয়াও পালন কৰা নাছিল; আনকি যোচিয়া, পুৰোহিসকল, লেবীয়াসকল, উপস্থিত হোৱা গোটেই যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল আৰু যিৰূচালেম-নিবাসীসকলে যেনেকৈ নিস্তাৰ-পৰ্ব্ব পালন কৰিছিল, ইস্ৰায়েলৰ কোনো ৰজাই তেনেকৈ পালন কৰা নাছিল।
19যোচিয়াৰ ৰাজত্বৰ অষ্টাদশ বছৰলৈকে এই নিস্তাৰ-পৰ্ব্ব পালন কৰা হ’ল।
20এই সকলোৰে পাছত যোচিয়াই মন্দিৰৰ শৃংখলা আনি ঠিক কৰাত, মিচৰৰ ৰজা নখোৱে ফৰাৎ নদীৰ ওচৰত থকা কৰ্কমীচত যুদ্ধ কৰিবলৈ আহিল, আৰু যোচিয়াই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে।
21কিন্তু নখোৱে তেওঁৰ দূত পঠিয়াই কৈ পঠিয়ালে, বোলে, “হে যিহূদাৰ ৰজা, তোমাৰ লগত মোৰ কি সম্পৰ্ক আছে? মই আজি তোমাৰ বিৰুদ্ধে অহা নাই; কিন্তু যি বংশৰ লগত মোৰ ৰণ হ’ব, তেওঁলোকৰ বিৰুদ্ধে আহিছোঁ৷ আৰু ঈশ্বৰে মোক ইয়াক বেগাই কৰিবলৈ আজ্ঞা দিলে, মোৰ লগত থকা ঈশ্বৰে তোমাক বিনষ্ট নকৰিবৰ বাবে, তেওঁলৈ হস্তক্ষেপ কৰাৰ পৰা তুমি ক্ষান্ত হোৱা।”
22তথাপি যোচিয়াই তেওঁৰ পৰা বিমুখ হ’বলৈ অমান্তি হ’ল৷ তেওঁৰ লগত যুদ্ধ কৰিবলৈ তেওঁ ছদ্মবেশ ধৰিলে৷ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা যি বাক্য নখোৱে কৈছিল, সেই কথা তেওঁ নুশুনিলে; সেই কাৰণে তেওঁ মগিদ্দোৰ উপত্যকাত যুদ্ধ কৰিবলৈ গ’ল।
23তাতে ধনুৰ্দ্ধৰসকলে ৰজা যোচিয়ালৈ কাঁড় মাৰি আঘাত কৰিলে, তেতিয়া ৰজাই তেওঁৰ দাসবোৰক ক’লে, “মোক আঁতৰাই নিয়া; কিয়নো মই বেয়াকৈ আঘতপ্ৰাপ্ত হলোঁ।”
24তেতিয়া তেওঁৰ দাসবোৰে ৰথৰ পৰা তেওঁক উলিয়াই তেওঁৰ ওপৰেঞ্চি ৰথ এটাত তুলি দিলে৷ তেওঁলোকে তেওঁক যিৰূচালেমলৈ আনিলে, য’ত তেওঁৰ মৃত্যু হ’ল৷ তেওঁৰ ওপৰ-পিতৃসকলৰ মৈদামবোৰত তেওঁক মৈদাম দিয়া হ’ল। পাছত সমুদায় যিহূদা আৰু যিৰূচালেমে যোচিয়াৰ কাৰণে শোক কৰিলে।
25আৰু যিৰিমিয়াই যোচিয়াৰ বাবে বিলাপ কৰিলে; তাতে সকলো গায়ক আৰু গায়িকাই নিজ নিজ বিলাপত যোচিয়াৰ বিষয়ে গান কৰে, আজিলৈকে সেই গান চলি আছে৷ তেওঁলোকে তাকে ইস্ৰায়েলত দৈনন্দিন পালন কৰিবলগীয়া এক নিয়ম কৰিলে; আৰু চোৱা, সেয়ে বিলাপ-পুস্তকখনত লিখা আছে।
26যোচিয়াৰ অৱশিষ্ট বৃত্তান্ত, যিহোৱাৰ ব্যৱস্থাত লিখামতে কৰা তেওঁৰ উত্তম কাৰ্যবোৰ
27আৰু তেওঁৰ আদ্যোপান্ত বিৱৰণ ইস্ৰায়েলৰ আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath