খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

2 বংশাৱলি 31

1এইদৰে আটাইবোৰ শেষ হোৱাৰ পাছত, সেই ঠাইত উপস্থিত থকা সকলো ইস্ৰায়েল লোকে যিহূদাৰ নগৰবোৰলৈ গ’ল আৰু স্তম্ভবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ কাটিলে আৰু গোটেই যিহূদাত, বিন্যামীনত, ইফ্ৰয়িমত আৰু মনচিত থকা ওখ ঠাইবোৰ আৰু যজ্ঞবেদীবোৰ নিঃশেষে ভাঙি পেলালে। তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ আধিপত্য আৰু নগৰলৈ উলটি আহিল।

2আৰু হিষ্কিয়াই হোমাৰ্থক আৰু মঙ্গলাৰ্থক বলিদান, পৰিচৰ্যা, স্তুতিগান আৰু যিহোৱাৰ ছাউনিৰ নানা দুৱাৰত প্ৰশংসা কৰিবলৈ পুৰোহিত লেবীয়াসকলক নিজ নিজ কাৰ্য অনুসাৰে পাল অনুক্ৰমে নিজ নিজ পালত নিযুক্ত কৰিলে।

3আৰু যিহোৱাৰ ব্যৱস্থাত লিখাৰ দৰে হোমৰ কাৰণে, ৰাতিপুৱা আৰু সন্ধ্যাবেলা হোমৰ কাৰণে আৰু বিশ্ৰাম-বাৰ, ন-জোন আৰু পৰ্ব্ব-সম্বন্ধীয় হোমৰ কাৰণে, ৰজাৰ সম্পত্তিৰ পৰা দান কৰিব লগা ভাগ তেওঁ নিৰূপণ কৰিলে।

4আনকি পুৰোহিত আৰু লেবীয়াসকল যেন যিহোৱাৰ ব্যৱস্থাত আসক্ত থাকে, এই কাৰণে তেওঁলোকৰ ভাগ তেওঁলোকক দিবলৈ যিৰূচালেমত থকা লোকসকলক আজ্ঞা দিলে।

5এই আজ্ঞা দেশত ব্যাপ্ত হোৱা মাত্ৰকে ইস্ৰায়েলৰ সন্তান সকলে শস্য, দ্ৰাক্ষাৰস, তেল আৰু মৌ আদি ভূমিত উৎপন্ন হোৱা সকলো বস্তুৰ প্ৰথম ভাগ অধিক অধিক পৰিমাণে আনিলে।

6আৰু ইস্ৰায়েলৰ ও যিহূদাৰ যি সন্তান সকলে যিহোদাৰ নানা নগৰত বাস কৰিছিল, তেওঁলোকেও গৰু আৰু ভেড়া ও ছাগলীৰ দহ ভাগৰ এভাগ আনি দ’ম কৰি হ’ল, যিবোৰ তেওঁলোকৰ ঈশ্বৰ যিহোৱালৈ উৎসৰ্গ কৰিবলৈ অনা হৈছিল।

7তৃতীয় মাহত তেওঁলোকে দ’মৰ প্ৰথম জাপ পেলাই সপ্তম মাহত সমাপ্ত কৰিলে।

8যেতিয়া হিষ্কিয়া আৰু অধ্যক্ষসকলে আহি দ’মবোৰ দেখিলে, যিহোৱাক আৰু তেওঁৰ প্ৰজাসকল ইস্ৰায়েলক ধন্যবাদ দিলে।

9তেতিয়া হিষ্কিয়াই সেই বোৰ দ’মৰ বিষয়ে পুৰোহিত আৰু লেবীয়াসকলক সুধিলে।

10তাতে চাদোকৰ বংশৰ অজৰিয়া প্ৰধান পুৰোহিতে তেওঁক এই উত্তৰ দিলে, “যেতিয়াৰে পৰা লোকসকলে যিহোৱাৰ গৃহলৈ উপহাৰ আনিবলৈ ধৰিলে, তেতিয়াৰে পৰা আমি হেপাহ পলুৱাই খাইছোঁ আৰু অনেক বাকি থাকিও গ’ল; কিয়নো যিহোৱাই তেওঁৰ প্ৰজাসকলক আশীৰ্ব্বাদ কৰিলে৷ এই হেতুকে এই বৰ বৰ দ’মবোৰ বাকী থাকিল।”

11তেতিয়া, হিষ্কিয়াই যিহোৱাৰ গৃহত কেতবোৰ কোঁঠালি যুগুত কৰিবলৈ আজ্ঞা দিয়াত তেওঁলোকে সেইবোৰ যুগুত কৰিলে।

12তেতিয়া তেওঁলোকে উপহাৰ, দশম ভাগ আৰু পবিত্ৰীকৃত বস্তুবোৰ বিশ্বাসীৰূপে ভিতৰলৈ আনিলে৷ সেইবোৰৰ ওপৰত প্ৰথম ভঁৰালী লেবীয়া কননীয়া আৰু দ্বিতীয় ভঁৰালী তেওঁৰ ভায়েক চিমিয়ী আছিল।

13আৰু যিহীয়েল, অজৰিয়া, নহৎ, অচাহেল, যিৰীমোৎ, যোজাবদ, ইলীয়েল, যিস্মখিয়া, মহৎ আৰু বনায়া, এওঁলোকক হিষ্কিয়া ৰজাৰ আৰু ঈশ্বৰৰ গৃহৰ অধ্যক্ষ অজৰিয়া আজ্ঞাতে কননীয়া আৰু তেওঁৰ ভায়েকক চিমিয়ীৰ অধীনত নিযুক্ত কৰা হ’ল।

14আৰু যিম্নাৰ পুত্ৰ কোৰি নামেৰে যি লেবীয়া মানুহ পূৱ ফালৰ দুৱাৰৰ দুৱৰী আছিল, যিহোৱাই পোৱা উপহাৰ আৰু মহা পবিত্ৰ বস্তুবোৰ বিলাবৰ অৰ্থে, ঈশ্বৰৰ উদ্দেশ্যে ইচ্ছামতে মুক্তহস্তে দিয়া বস্তুবোৰৰ ওপৰত তেওঁ অধ্যক্ষ হ’ল।

15তেওঁৰ অধীনত এদন, মিন্যামীন, যেচুৱা, চময়ীয়া, অমৰীয়া আৰু চফনিয়া এওঁলোকেই পুৰোহিতসকলৰ নগৰবোৰত থাকিল৷ তেওঁলোকৰ বিভাগ অনুযায়ী সৰু কি বৰ, দৰকাৰী কি অদৰকাৰী ভাইসকলক পাল অনুসাৰে উপহাৰৰ ভাগ বাতি দিবলৈ নিৰূপিত কাৰ্যত নিযুক্ত হ’ল।

16যিসকলে বিভাগীয় পাল ক্ৰমে নিজ নিজ কৰিবলগীয়া কাৰ্য কৰিবলৈ দিনে দিনে যিহোৱাৰ গৃহত সোমায় - আনকি বংশাৱলী তালিকাত নাম লিখা তিনি বছৰ আৰু তাতোকৈ অধিক বয়সীয়া পুৰুষসকলকো এই বস্তুবোৰ বিলোৱা হয়।

17আৰু পুৰোহিতসকলৰ তালিকাৰ বিষয়ে হ’লে সেয়ে তেওঁলোকৰ পিতৃ বংশৰ অনুসাৰে আছিল আৰু লেবীয়াসকলৰ তালিকাত পাল ক্ৰমে নিজ নিজ কৰিব লগীয়া কাৰ্য অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ নাম লিখা আছিল।

18আৰু তেওঁলোকৰ আটাই শিশু, তিৰোতা, ল’ৰা, ছোৱালীৰ নাম লিখা তালিকাৰ বিষয়ে হ’লে, সেয়ে গোটেই সমাজলৈ যায়; কিয়নো তেওঁলোকে পবিত্ৰ বস্তুলৈ বিশ্বাসীৰূপে ব্যৱহাৰ কৰিছিল।

19আৰু হাৰোণৰ সন্তান যি পুৰোহিতসকলে নিজ নিজ নগৰৰ চাৰিওফালে থকা পথাৰত বাস কৰে, তেওঁলোকৰ প্ৰত্যেক নগৰৰ নাম লিখাই দিয়া কেতবোৰ মানুহে পুৰোহিতসকলৰ আটাই পুৰুষক, আৰু লেবীয়াসকলৰ মাজত তালিকাত নাম লিখা সকলো মানুহক ভাগ বিলাই দিয়ে।

20হিষ্কিয়াই যিহূদাৰ সকলোফালে এইদৰেই কৰিলে৷ আৰু নিজ যিহোৱাৰ দৃষ্টিত যি উত্তম, ন্যায় আৰু সত্য, সেই সকলো সম্পন্ন কৰিলে।

21আৰু তেওঁ নিজ ঈশ্বৰক বিচাৰ কৰিবৰ কাৰণে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা-কৰ্ম, ব্যৱস্থা আৰু আজ্ঞাৰ বিষয়ে যি যি কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে, সেইবোৰ নিজৰ সকলো মনেৰে কৰি কৃতকাৰ্য্য হ’ল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath