খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

2 বংশাৱলি 1

1দায়ুদৰ পুত্ৰ চলোমনে তেওঁৰ ৰাজ্যত নিজকে বলৱান কৰিলে; আৰু তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁৰ লগত থাকি, তেওঁক অতিশয় প্ৰভাৱশালী কৰিলে।

2পাছত চলোমনে গোটেই ইস্ৰায়েলৰ সহস্ৰপতি, শতপতি, বিচাৰকৰ্তাসকলক আৰু সমূহ ইস্ৰায়েলৰ মাজত থকা প্ৰতিজন মূখ্যলোকৰ সৈতে কথা ক’লে।

3পাছত চলোমন আৰু তেওঁৰ লগত থকা গোটেই সমাজ গিবিয়োনৰ ওখ ঠাইখনলৈ গ’ল; কিয়নো যিহোৱাৰ দাস মোচিয়ে মৰুপ্ৰান্তত নিৰ্ম্মাণ কৰা ঈশ্বৰীয় সাক্ষাৎ কৰা তম্বু সেই ঠাইতে আছিল।

4কিন্তু দায়ুদে কিৰিয়ৎ-যিয়াৰীমৰ পৰা যিহোৱাৰ সেই নিয়ম-চন্দুক সেই ঠাইলৈ আনিছিল যি ঠাই তাৰ বাবে যুগুত কৰি থোৱা হৈছিল, কিয়নো তেওঁ তাৰ কাৰণে যিৰূচালেমত এটা তম্বু তৰি ৰাখিছিল।

5আৰু হূৰৰ নাতিয়েক ঊৰীৰ পুত্ৰ বচলেলে নিৰ্ম্মাণ কৰা পিতলৰ যজ্ঞবেদীটো গিবিয়োনত যিহোৱাৰ আবাসৰ আগত আছিল; তাৰ ওচৰলৈকে চলোমন আৰু সমাজে সঘনে কথা সুধিবলৈ যায়।

6পাছত চলোমনে তালৈ উঠি গৈ, সাক্ষাৎ কৰা তম্বুৰ ওচৰত থকা পিতলৰ যজ্ঞবেদীটোৰ ওপৰত যিহোৱাৰ আগত এক হাজাৰ হোম-বলি উৎসৰ্গ কৰিলে।

7সেই ৰাতিয়েই ঈশ্বৰে চলোমনক দৰ্শন দি ক’লে, “মই তোমাক কি বৰ দিম, তাক খোজা?”

8তাতে চলোমনে ঈশ্বৰক ক’লে, “তুমি মোৰ পিতৃ দায়ূদক মহা অনুগ্ৰহ কৰিলা, আনকি তেওঁৰ পদত মোক ৰজা পাতিলা।

9এতিয়া হে ঈশ্বৰ যিহোৱা, তুমি মোৰ পিতৃ দায়ূদৰ আগত কোৱা বাক্য সিদ্ধ হওঁক, কিয়নো তুমি মাটিৰ ধূলিৰ নিচিনা অসংখ্য লোক সকলৰ ওপৰত মোক ৰজা পাতিলা৷

10এতিয়া মই যেন এই লোকসকলক চলাব পাৰোঁ, এই কাৰণে তুমি মোক বুদ্ধি আৰু জ্ঞান দিয়া; কিয়নো তোমাৰ এই মহা জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”

11তেতিয়া ঈশ্বৰে চলোমনক ক’লে, “এয়ে তোমাৰ মনত হৈছে, যে, তুমি কি ঐশ্বৰ্য্য, কি সম্পত্তি, কি মৰ্য্যদা, যিসকলে তোমাক ঘিণ কৰে, তেওঁলোকৰ প্ৰাণ নুখুজিলা আৰু দীৰ্ঘায়ুও নুখুজিলা, কিন্তু মই যাৰ ওপৰত তোমাক ৰজা পাতিলোঁ, মোৰ এই প্ৰজাসকলক শাসন কৰিবৰ অৰ্থে বুদ্ধি আৰু জ্ঞান খুজিলা।

12এই হেতুকে সেই বুদ্ধি আৰু জ্ঞান তোমাক দিয়া হৈছে; আৰু তোমাৰ পূৰ্বতে কোনো ৰজাৰ যেনে ধন, ঐশ্বৰ্য্য আৰু সন্মান হোৱা নাই আৰু তোমাৰ পাছতো নহ’ব, তেনে ধন, ঐশ্বৰ্য্য, আৰু সন্মানো মই তোমাক দিম।”

13পাছে চলোমনে গিবিয়োনৰ ওখ ঠাইত থকা সাক্ষাৎ কৰা তম্বুৰ আগৰ পৰা যিৰূচালেমলৈ আহিল আৰু ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি থাকিল।

14পাছে চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক গোটালে: তেওঁৰ এক হাজাৰ চাৰিশ ৰথ আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল; তেওঁ সিহঁতক নানা ৰথ-নগৰত আৰু আনকি ৰজাৰ লগত যিৰূচালেমতো ৰাখিলে।

15ৰজাই যিৰূচালেমত ৰূপ আৰু সোণক শিলৰ নিচিনা আৰু এৰচ কাঠক নিম্ন-ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে।

16আৰু চলোমনৰ যি ঘোঁৰাবোৰ আছিল, সেই ঘোঁৰাবোৰ মিচৰৰ পৰা অনা; আৰু সেই ঘোঁৰাবোৰ ৰজা-ঘৰীয়া বেপাৰীহঁতে মূল্য দি জাকে জাকে আনে।

17আৰু মিচৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম ছশ চেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম এশ পঞ্চাশ চেকল ৰূপ। এইদৰে তেওঁলোকৰ দ্বাৰাই হিত্তীয়া আৰু অৰামীয়া সকলো ৰজাৰ কাৰণেও সেইবোৰ অনা হয়।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath