1 চমূৱেল 31
1পাছত পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে, তাতে ইস্ৰায়েল লোকসকল ফিলিষ্টীয়া সকলৰ সন্মুখৰ পৰা পলাল আৰু গিলবোৱা পৰ্বতত বহু লোক মৰিল।
2পলেষ্টীয়াসকলে চৌল আৰু তেওঁৰ পুত্ৰসকলৰ নিচেই ওচৰলৈ খেদি গ’ল। তাতে ফিলিষ্টীয়া সকলে তেওঁৰ পুত্ৰ যোনাথন, অবীনাদব, আৰু মল্কীচুৱাক বধ কৰিলে।
3চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ’ল, আৰু ধনুৰ্দ্ধৰসকলে তেওঁক আগুৰি ধৰিলে। তাতে তেওঁ ধনুৰ্দ্ধৰ সকলৰ আগত অতিশয় ত্ৰাসযুক্ত হ’ল।
4তেতিয়া চৌলে নিজৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল ফাকৰ পৰা উলিয়াই ল’ আৰু তাৰে মোক সৰকি যোৱাকৈ খোচ; নহলে অচুন্নৎ সকলে আহি সৰকি যোৱাকৈ মোক খুচিব, আৰু মোক অপমান কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে অতিশয় ভয় পোৱাৰ কাৰণে মান্তি নহ’ল; এই কাৰণে চৌলে নিজৰ তৰোৱাল উলিয়াই ল’লে আৰু তাৰে ওপৰত তেওঁ পৰিল।
5তাতে তেওঁৰ অস্ত্ৰবাহকে যেতিয়া দেখিলে যে, চৌল মৰিল; তেতিয়া তেৱোঁ একেদৰে নিজৰ তৰোৱালত পৰিল আৰু তেওঁৰে সৈতে তেৱোঁ মৰিল।
6এইদৰে একেদিনাই চৌল, তেওঁৰ অস্ত্ৰবাহক আৰু তেওঁৰ তিনিজন পুত্ৰ একেলগে মৰিল।
7পাছত যেতিয়া উপত্যকাত থকা আৰু যৰ্দ্দনৰ সিটো পাৰত থকা লোকসকলে দেখিলে যে, ইস্ৰায়েলী লোকসকল পলাল আৰু চৌলৰ লগতে তেওঁৰ পুত্ৰ সকল মৰিল; তেতিয়া তেওঁলোকো নগৰবোৰ এৰি পলাই গ’ল। তাতে পলেষ্টীয়াসকলে আহি সেই ঠাইবোৰত বাস কৰিব ধৰিলে।
8পাছদিনা যেতিয়া পলেষ্টীয়াসকলে মৃত লোকসকলৰ পোচাকবোৰ খুলি নিবলৈ আহিল, তেতিয়া তেওঁলোকে দেখিলে যে গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ তিনি জন পুত্ৰ পৰি আছে।
9পাছত তেওঁলোকে তেওঁৰ মুৰ কাটিলে আৰু তেওঁৰ কবচ খুলি ল’লে। তাৰ পাছত পলেষ্টীয়াসকলৰ ওচৰলৈ খবৰ পঠিয়াই দিলে আৰু তেওঁলোকৰ দেৱতাৰ মূৰ্তি থকা মন্দিৰবোৰলৈও এই খবৰ পঠিয়ালে।
10সিহঁতে তেওঁৰ সাজ অষ্টাৰেৎ দেবীৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ শৰীৰটো বৈৎচানৰ গড়ত আৰি হ’ল।
11পলেষ্টীয়াসকলে চৌললৈ কৰা এই কৰ্মৰ বাতৰি যেতিয়া যাবেচ-গিলিয়দ নিবাসী সকলে শুনিলে,
12তেতিয়া তেওঁলোকৰ যুজাৰু লোকসকল উঠি আহিল আৰু গোটেই ৰাতি গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ শৱবোৰ বৈৎচানৰ গড়ৰ পৰা নমাই যাবেচলৈ লৈ গ’ল। পাছত তেওঁলোকে তাতে সেইবোৰ পুৰিলে।
13তেওঁলোকৰ অস্থিবোৰ লৈ যাবেচত থকা ঝাওঁ গছজোপাৰ তলত পুতি থলে, আৰু সাত দিন লঘোন দিলে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath