খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

1 চমূৱেল 30

1তৃতীয় দিনা দায়ুদ আৰু তেওঁৰ লোকসকল চিক্লগ আহি পালে; তাতে তেওঁলোকে দেখিলে যে, অমালেকীয়াসকলে আহি চিক্লগ আৰু নেগেভত উপদ্ৰৱ কৰিছে, আৰু চিক্লগত সোমাই আক্ৰমণ কৰি, জুইৰে পুৰিছে;

2আৰু তাৰ ভিতৰত থকা তিৰোতা আদি সৰু বৰ সকলোকে বন্দী কৰি লৈ গৈছে। সিহঁতে কাকো বধ নকৰিলে, কিন্তু সকলোকে লগত লৈ নিজৰ বাটেৰে তেওঁলোক গ’ল।

3যেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকল সেই নগৰলৈ আহিল, তেতিয়া নগৰখন জুইৰে পুৰি পেলোৱা হৈছে আৰু তাত থকা মহিলা, সন্তান আৰু জীয়ৰীবোৰক বন্দী কৰি লৈ গৈছে।

4তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ লোকসকলে বৰ মাতেৰে এনেদৰে কান্দিলে যে, শেষত কান্দিবলৈকো তেওঁলোকৰ শক্তি নোহোৱা হ’ল।

5তেওঁলোকে দায়ূদৰ দুই ভাৰ্যা, যিজ্ৰিয়েলীয়া অহীনোৱম আৰু কৰ্মিলীয়া মৃত নাবলৰ তিৰোতা অবিগলকো বন্দী কৰি নিছিল।

6তেতিয়া দায়ুদ মহাসঙ্কটত পৰিল; কিয়নো প্ৰতিজনৰ লোকৰ মন নিজৰ নিজৰ পুতেক-জীয়েকসকলৰ কাৰণে বেজাৰত আছিল, সেয়ে লোকসকলে দায়ূদক শিল দলিয়াই মাৰিবৰ বাবে আলোচনা কৰিবলৈ ধৰিলে। কিন্তু দায়ূদে তেওঁৰ ঈশ্বৰ যিহোৱাত নিজক সবল কৰিলে।

7পাছত দায়ূদে অহীমেলকৰ পুত্ৰ অবিয়াথৰ পুৰোহিতক ক’লে, “এতিয়া অনুগ্ৰহ কৰি এতিয়া মোৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহা।” তাতে অবিয়াথৰে দায়ূদৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহিলে।

8তেতিয়া যিহোৱাৰ পৰা নিৰ্দেশনা পাবৰ বাবে দায়ূদে প্ৰাৰ্থনা কৰি সুধিলে, “মই যদি তেওঁলোকক ধৰিবৰ বাবে খেদি যাওঁ, তেনেহলে তেওঁলোকক লগ পাম নে? তাতে যিহোৱাই তেওঁক ক’লে, “তেওঁলোকৰ পাছে পাছে খেদি যোৱা, তাতে অৱশ্যে তেওঁলোকক লগ পাবা, আৰু নিশ্চয়ে তেওঁলোকৰ পৰা সকলোকে উদ্ধাৰো কৰিব পাৰিবা।”

9তেতিয়া দায়ুদ আৰু তেওঁৰ লগত ছশ লোক ওলাই গ’ল, তেওঁলোকে গৈ বিচোৰ জুৰি পালে; তাতে তেওঁলোকৰ কিছুমান লোক পাছ পৰি গ’ল।

10কিন্তু দায়ুদ আৰু তেওঁৰ সঙ্গী চাৰি শ লোকে শত্ৰুবোৰৰ পাছত খেদি গ’ল; তাতে পাছ পৰি যোৱা দুশ লোক থাকি গ’ল, তেওঁলোক অতি ক্লান্ত হোৱা বাবে বিচোৰ জুৰি পাৰ হ’ব পৰা নাছিল।

11তাতে তেওঁলোকে পথাৰত এজন মিচৰীয়া লোকক বিচাৰি পালে আৰু লোকজনক দায়ূদৰ ওচৰলৈ লৈ আহিল। তেওঁলোকে লোকজনক খাবলৈ খোৱা বস্তু আৰু পানী দিলে, তাতে লোকজনে সেইবোৰ খালে।

12বিশেষকৈ তেওঁলোকে তেওঁক এটা ডিমৰুৰ পিঠা আৰু দুথোপা শুকান দ্ৰাক্ষাগুটি খাবলৈ দিলে, সেইবোৰ খোৱাৰ পাছত তেওঁ পুনৰ শক্তি পালে; কিয়নো তেওঁ তিনি দিন-ৰাতি একো খোৱা নাছিল।

13পাছত দায়ূদে তাক সুধিলে, “তই কাৰ মানুহ? আৰু ক’ৰ পৰা আহিলি?” সি ক’লে, “মই অমালেকীয়াৰ এজন বন্দী মিচৰীয়া ডেকা মানুহ; আজি তিনি দিন হ’ল, মই নৰিয়াত পৰা বাবে মোৰ গৰাকীয়ে মোক এৰি গ’ল।

14আমি কৰেথীয়াসকলৰ নেগেভ অঞ্চলত উপদ্ৰৱ চলাইছলোঁ; যিহূদাৰ অধিকাৰত থকা আৰু কালেবৰ অধিকাৰত নেভেগ অঞ্চলত আক্ৰমণ কৰিছিলোঁ। আমি চিক্লগ জ্ৱলাই দিছিলোঁ।”

15পাছত দায়ূদে তাক সুধিলে, “তই সেই দলৰ ওচৰলৈ মোক নমাই লৈ যাব পাৰিবি নে?” তাতে সি ক’লে, “আপুনি মোক বধ নকৰোঁ বুলি আৰু মোৰ গৰাকীৰ হাততো শোধাই নিদিওঁ বুলি যদি ঈশ্বৰৰ নামেৰে শপত খাই, তেন্তে মই সেই দলৰ ওচৰলৈ আপোনাক নমাই লৈ যাম।”

16পাছত সেই মিচৰীয়াজনে দায়ূদক নমাই লৈ গ’ল; সেই সময়ত তেওঁলোকে গোটেই দেশত উৎসৱ পাতি ভোজন পান কৰি আছিল।

17তেতিয়া দায়ূদে তেওঁলোকক আক্ৰমণ কৰিলে; সন্ধিয়াৰ পৰা পাছদিনালৈকে তেওঁলোকৰ লগত যুদ্ধ কৰি তেওঁলোকক হত্যা কৰিলে। তাত চাৰি শ লোক উটত উঠি পলাই গ’ল, তেওঁলোকৰ বাহিৰে সকলো লোক নিহত হ’ল।

18অমালেকীয়াসকলে যিবোৰ লৈ গৈছিল, সেই সকলো দায়ূদে উভতাই পালে আৰু নিজৰ দুজনী ভাৰ্যাকো তেওঁ উভতাই পালে।

19তেওঁ সৰু বা ডাঙৰ, একোৱেই নেহেৰুৱালে, পুতেক-জীয়েক আদি কৰি লুটদ্ৰব্যৰ সকলোখিনি উভতাই পালে। তেওঁলোকে যিবোৰ লুট কৰি নিছিল, সেই সকলোখিনিয়ে দায়ূদে উভতাই আনিলে।

20আৰু দায়ূদে সিহঁতৰ সকলো গৰু আৰু মেৰ-ছাগৰ জাকবোৰ নিজৰ কাৰণে ল’লে, আৰু লোকসকলে সেই পশুবোৰ উদ্ধাৰ কৰি অনা আন পশুৰ জাকৰ আগে আগে খেদি নি ক’লে, “এইবোৰ দায়ূদে লুট কৰি অনা বস্তু।”

21পাছত তেওঁলোক ক্লান্ত হৈ পৰা বাবে দায়ূদৰ লগত যাব নোৱৰা যি দুশ লোকক তেওঁলোকে বিচোৰ জুৰিৰ পাৰত এৰি থৈ গৈছিল, সেই লোকসকলৰ ওচৰ আহি পালে। তাতে সেই লোকসকলে দায়ুদ আৰু লগতে তেওঁৰ লগত অহা আটাই লোকক আগবঢ়াই নিবলৈ ওলাল; তেতিয়া দায়ূদে তেওঁলোকক মঙ্গলবাদ কৰিলে।

22কিন্তু দায়ূদৰ লগত যোৱা লোকসকলৰ মাজৰ দুৰ্জন আৰু অধম প্রকৃতিৰ কিছুমানে লোকে ক’লে, “সিহঁত আমাৰ লগত যোৱা নাই; গতিকে উভতাই অনা লুটদ্ৰব্যৰ একোকে সিহঁতক নিদিওঁ; কেৱল আমি সিহঁতৰ প্ৰতিজনক নিজ নিজ তিৰোতা আৰু ল’ৰা-ছোৱালীহে দিম, সিহঁত ইয়াকে লৈ আতৰি যাওক।”

23তেতিয়া দায়ূদে ক’লে, “হে ভাইসকল, এনে ধৰণৰ কাৰ্য কৰা উচিত নহয়। যিহোৱাই আমাক যি দিলে, সেয়া এবাৰ ভাবি চোৱা। তেওঁ আমাৰ বিৰুদ্ধে অহা সৈন্যসকল আমাৰ হাতত শোধাই দিলে।

24কোনে নো এই বিষয়ে তোমালোকৰ কথা শুনিব? কিয়নো যুদ্ধলৈ যোৱা লোকে যেনে ভাগ পাব, বস্তুৰ ওচৰত থকা লোকেও তেনে ভাগ পাব; দুয়ো সমান ভাগ পাব।”

25সেইদিনৰে পৰা এই কথা ইস্ৰায়েলৰ কাৰণে বিধি আৰু শাসন-প্ৰণালী হ’ল; এয়ে আজিলৈকে চলি আছে।

26পাছত দায়ুদ যেতিয়া চিক্লগলৈ আহিল, তেতিয়া তেওঁ নিজ বন্ধু যিহূদাৰ বৃদ্ধ লোকসকলৰ ওচৰলৈ গ’ল। তাতে তেওঁ লুটি অনা বস্তুৰ কিছু অংশ তেওঁলোকলৈ পঠিয়াই দি ক’লে, “চোৱা, যিহোৱাৰ শত্ৰুবোৰৰ পৰা লুটি অনা বস্তুৰ মাজৰ পৰা এয়ে তোমালোকৰ কাৰণে পঠোৱা উপহাৰ।”

27বৈৎএল, দক্ষিণ অঞ্চলৰ ৰামোৎ, যত্তীৰ,

28অৰোয়েৰ, চিফমোৎ, ইষ্টমোৱা,

29ৰাখল, যিৰহমেলীয়া, কেনীয়াসকলৰ নগৰবোৰ,

30হৰ্মা, কোৰ-আচন, অথাক,

31আৰু হিব্ৰোণ আদি যি যি ঠাইত দায়ুদ আৰু তেওঁৰ লোকসকল থকিছিল, সেই সকলো ঠাইৰ যুদ্ধাৰুসকলৰ ওচৰলৈ তেওঁ এইবোৰ পঠিয়াই দিলে।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath