খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

1 চমূৱেল 1

1পৰ্বতীয়া দেশ ইফ্ৰয়িমৰ ৰামাথয়িম চোফীম অঞ্চলৰ নিবাসী ইলকানা নামেৰে এজন ব্যক্তি আছিল। তেওঁ যিৰোহমৰ পুত্র আৰু চুফ পৰিবাৰৰ আছিল। যিৰোহমৰ পিতৃ হ’ল ইলীহূ, ইলীহূৰ পিতৃ হ’ল তহূৰ, তহূৰৰ পিতৃ হ’ল চূফ। এওঁলোক ইফ্ৰয়িমৰ গোষ্ঠীৰ আছিল।

2তেওঁৰ দুজনী ভার্যা আছিল; এজনীৰ নাম হান্না আৰু আন জনীৰ নাম পিনিন্না। পিনিন্নাৰ সন্তান আছিল, কিন্তু হান্না নিঃসন্তান আছিল।

3এই ব্যক্তিজনে চীলোত বাহিনী সমূহৰ যিহোৱাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু বলিদান দিবলৈ প্ৰতি বছৰে নিজ নগৰৰ পৰা গৈছিল। সেই ঠাইত এলীৰ দুজন পুতেক হফনী আৰু পীনহচ যিহোৱাৰ পুৰোহিত আছিল।

4প্ৰতি বছৰে যেতিয়া ইলকানাই সেই দিনত বলি দিবলৈ আহে, তেতিয়া তাৰে এভাগ তেওঁ ভাৰ্যা পিনিন্নাক দিয়ে, আৰু তেওঁৰ পুতেক জীয়েক সকলকো দিয়ে।

5যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰাখিছিল; কিন্তু তেওঁৰ স্ৱামী ইলকানাই তেওঁক প্ৰেম কৰিছিল কাৰণে হান্নাক দুভাগ দিয়ে।

6যিহোৱাই তেওঁৰ গৰ্ভ বন্ধ কৰি ৰখা বাবে, সতিনীয়েকে তেওঁৰ মনত অসন্তোষ জন্মাবলৈ নানা কথাৰে তেওঁক বিৰক্ত কৰিছিল।

7বছৰৰ পিছত বছৰ ধৰি হান্না যেতিয়া পৰিয়ালৰ সৈতে যিহোৱাৰ গৃহলৈ যায়, তেতিয়া তেওঁৰ সতিনীয়ে সদায় তেওঁক বিৰক্ত কৰে; এই হেতুকে তেওঁ ভোজন নকৰি কান্দি কান্দি দিন অতিবাহিত কৰিছিল।

8তেতিয়া তেওঁৰ স্বামী ইলকানাই কয়, “হান্না তুমি কিয় কান্দিছা? তুমি কিয় আহাৰ গ্ৰহণ নকৰা? তোমাৰ হৃদয় দুখেৰে পৰিপূৰ্ণ কিয়? তোমাৰ দৃষ্টিত মই দহ জন পুত্ৰতকৈ উত্তম নহও নে?”

9এদিন তেওঁলোকে চীলোত ভোজন-পান কৰাৰ পাছত, হান্না থিয় হ’ল। সেই সময়ত যিহোৱাৰ মন্দিৰৰ দুৱাৰৰ খুটাৰ ওচৰত এলী পুৰোহিত নিজ আসনৰ ওপৰত বহি আছিল।

10তেতিয়া হান্নাই মনৰ বেজাৰত ভাগি পৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক্ৰন্দন কৰিলে।

11আৰু তেওঁ সংকল্প কৰি ক’লে, “হে বাহিনী সমূহৰ যিহোৱা, আপুনি যদি আপোনাৰ এই দাসীৰ দুখলৈ দৃষ্টি কৰি সোঁৱৰণ কৰে, আৰু আপোনাৰ দাসীক নাপাহৰি এটি পুত্ৰ-সন্তান দিয়ে, তেন্তে দাসীয়ে সি জীয়াই থকালৈকে যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ কৰিম; আৰু তাৰ মূৰত খুৰ লগোৱা নহ’ব।”

12এনেদৰে হান্নাই বহু সময় ধৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল, আৰু এলীয়ে তেওঁৰ মুখলৈ লক্ষ্য কৰি আছিল।

13সেই সময়ত হান্নাই নিৰৱে হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰি আছিল, তেওঁৰ কেৱল ওঁঠ দুটিহে লৰি আছিল, কিন্তু কোনো শব্দ শুনা নাছিল; সেয়েহে এলীয়ে তেওঁক মতলীয়া হৈছে বুলি ভাবিছিল৷

14এলীয়ে তেওঁক ক’লে, “তুমি কিমান সময় মতলীয়া হৈ থাকিবা? তোমাৰ পৰা দ্ৰাক্ষাৰস দূৰ কৰা।”

15হান্নাই উত্তৰ দি তেওঁক ক’লে, “নহয় মোৰ প্ৰভু, মই এগৰাকী অভাগিনী নাৰী, মোৰ আত্মা দুখেৰে পৰিপূৰ্ণ, মই দ্ৰাক্ষাৰস বা কোনো ৰাগীয়াল দ্ৰব্য পান কৰা নাই, কিন্তু যিহোৱাৰ আগত মোৰ মনৰ কথা ব্যক্ত কৰিছোঁ।

16আপোনাৰ এই দাসীক দুষ্ট তিৰোতা বুলি নাভাবিব; মোক নানা কথাৰে বিৰক্ত কৰাত, বেজাৰ পাই অসন্তুষ্ট মনেৰে মই যিহোৱাৰ সৈতে কথা পাতি আছিলোঁ।”

17এলীয়ে উত্তৰ দি তেওঁক ক’লে, “তুমি শান্তিৰে যোৱা; ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত তুমি যি নিবেদন কৰিলা, সেয়া তেওঁ গ্ৰহণ কৰক।”

18তেতিয়া তেওঁ ক’লে, “আপোনাৰ দৃষ্টিত আপোনাৰ দাসী অনুগ্ৰহপ্ৰাপ্ত হওক।” তাৰ পাছত হান্না সেই ঠাইৰ পৰা ওলাই গৈ আহাৰ গ্ৰহণ কৰিলে; আৰু তেওঁৰ মুখ কেতিয়াও বিবৰ্ণ নহ’ল।

19পাছত তেওঁলোক পুৱাতে উঠি যিহোৱাৰ আগত প্ৰণিপাত কৰি নিজ ঘৰ ৰামালৈ উভটি গ’ল৷ পাছত ইলকানাই নিজ ভাৰ্যা হান্নাৰ সৈতে শয়ন কৰাত যিহোৱাই তেওঁৰ নিবেদনৰ উত্তৰ দিলে।

20পাছত হান্নাই গৰ্ভধাৰণ কৰিলে, আৰু নিৰ্দিষ্ট সময়ত এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ তাক চমূৱেল বুলি মাতিলে, আৰু ক’লে, “কাৰণ মই যিহোৱাৰ পৰা ইয়াক খুজিছিলোঁ৷”

21আকৌ ইলকানা আৰু তেওঁৰ আটাই পৰিয়ালে যিহোৱাৰ উদ্দেশ্যে বাৰ্ষিক বলিদান কৰিবৰ বাবে আৰু নিজৰ সংকল্প সিদ্ধ কৰিবলৈ গ’ল।

22কিন্তু হান্না তেওঁলোকৰ লগত নগ’ল; তেওঁ তেওঁৰ স্বামীক ক’লে, “সন্তানটিয়ে যাতে যিহোৱাৰ গৃহত সদায় থাকিব পাৰে, তাৰ বাবে মই সন্তানটিয়ে পিয়াহ এৰাৰ পাছতহে তাক লৈ মই যিহোৱাৰ গৃহলৈ যাম।”

23তেতিয়া তেওঁৰ স্বামী ইলকানাই তেওঁক ক’লে, “তুমি যি ভাল দেখা, তাকে কৰা। পিয়াহ নেৰালৈকে তুমি অপেক্ষা কৰা। যিহোৱাই নিজ বাক্য সিদ্ধ কৰক।” সেয়ে সন্তানটিয়ে পিয়াহ নেৰালৈকে হান্না ঘৰতে থাকিল৷

24সন্তানটিয়ে পিয়াহ এৰাৰ পাছত, তেওঁ তিনি বছৰীয়া এটা ভতৰা গৰু, এক ঐফা আটাগুৰি, আৰু এক বটল দ্ৰাক্ষাৰস লৈ চীলোত থকা যিহোৱাৰ গৃহলৈ লৈ গ’ল। সেই সময়ত সন্তানটি বয়সত সৰু আছিল।

25তাতে তেওঁলোকে ভতৰা গৰুটো বধ কৰিলে আৰু সন্তানটোক এলীৰ ওচৰলৈ লৈ গ’ল।

26হান্নাই এলীক ক’লে, “হে মোৰ প্ৰভু, আপোনাৰ উদ্দেশ্যে এই ঠাইত থিয় হৈ প্ৰাৰ্থনা কৰা মহিলা গৰাকী ময়েই।

27এই সন্তানটিৰ উদ্দেশ্যে মই প্ৰাৰ্থনা কৰিছিলোঁ; আৰু যিহোৱাৰ আগত মই যি খুজিছিলোঁ, সেয়া তেওঁ মোক দিলে।

28সেয়ে মই যিহোৱালৈ সন্তানটিক উৎসৰ্গ কৰিলোঁ। জীৱনৰ শেষলৈকে তাক যিহোৱাৰ উদ্দেশ্যে দিয়া হ’ল।” ইলকানা আৰু তেওঁৰ পৰিয়ালে সেই ঠাইত যিহোৱাৰ প্ৰশংসা কৰিলে।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath