1 চমূৱেল 19
1চৌলে তেওঁৰ পুত্ৰ যোনাথন আৰু তেওঁৰ সকলো দাসৰ আগত দায়ূদক বধ কৰাৰ কথা ক’লে। কিন্তু চৌলৰ পুত্ৰ যোনাথনে দায়ূদক ভাল পাইছিল।
2সেয়ে যোনাথনে দায়ূদক ক’লে, “মোৰ পিতৃ চৌলে আপোনাক বধ কৰিবলৈ চেষ্টা কৰিছে। সেয়ে ৰাতিপুৱা নিজে সাৱধান থাকিব, আৰু গোপন ঠাইত নিজে লুকাই থাকিব।
3আপুনি য’ত আছিল, মই ওলাই গৈ সেই পথাৰতে পিতৃৰ কাষত থিয় হ’ম আৰু আপোনাৰ বিষয়ে মই পিতৃক ক’ম; তাত মই যদি কিবা বিষয় জানিব পাৰোঁ, তেনেহলে আপোনাক ক’ম।”
4তাৰ পাছত যোনাথনে তেওঁৰ পিতৃ চৌলৰ আগত দায়ূদৰ বিষয়ে ভাল কথাবোৰ ক’লে, “ৰজাৰ দাস দায়ূদৰ বিৰুদ্ধে ৰজাই পাপ নকৰক, কাৰণ তেওঁ আপোনাৰ বিৰুদ্ধে পাপ কৰা নাই, আৰু তেওঁৰ সকলো কৰ্ম আপোনাৰ পক্ষে অতি মঙ্গলজনক।
5তেওঁ নিজ প্ৰাণ হাতত লৈ পলেষ্টীয়াৰ মহাবীৰক বধ কৰিলে, আৰু যিহোৱাই সকলো ইস্ৰায়েলৰ কাৰণে জয় কঢ়িয়াই আনিলে। এই সকলো দেখি আপুনি আনন্দ কৰিছিল। তেনেহলে কিয় আপুনি কোনো কাৰণ নোহোৱাকৈ দায়ূদক বধ কৰি নিৰ্দ্দোষীৰ তেজৰ বিৰুদ্ধে পাপ কৰিব খুজিছে?”
6চৌলে যোনাথনৰ কথা শুনি শপত খাই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তেওঁক বধ কৰা নহ’ব।”
7যোনাথনে দায়ূদক মাতি আনি সেই সকলো কথা তেওঁক জনালে। আৰু যোনাথনে দায়ূদক চৌলৰ ওচৰলৈ আনিলে; তাতে তেওঁ আগৰ দৰে তেওঁৰ সন্মুখত থাকিল।
8তাৰ পাছত পুনৰায় যুদ্ধ হ’ল, দায়ূদে বাহিৰলৈ ওলাই গৈ পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰি তেওঁলোকৰ মাজত মহাসংহাৰ কৰিলে; তাতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোক পলাই গ’ল।
9যি সময়ত চৌলে যাঠি হাতত লৈ নিজৰ ঘৰত বহি আছিল, আৰু দায়ূদে বাদ্য বজাই আছিল, সেই সময়ত যিহোৱাৰ পৰা অহা এটা অনিষ্টকাৰক আত্মাই তেওঁত স্থিতি ল’লে।
10চৌলে যাঠিৰে দায়ূদক বেৰৰ সৈতে শালিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ চৌলৰ সন্মুখৰ পৰা আতৰি যোৱাত, তেওঁৰ যাঠি বেৰত সোমালে। দায়ুদ পলাই গৈ সেই ৰাতি ৰক্ষা পালে।
11দায়ূদক ৰখি থাকিবলৈ তেওঁৰ ঘৰলৈ বাৰ্তাবাহক পঠালে যাতে তেওঁ ৰাতিপুৱা দায়ূদক বধ কৰিব পাৰে। দায়ূদৰ ভাৰ্যা মীখলে তেওঁক ক’লে, “আপুনি যদি আজি ৰাতিয়েই নিজ প্ৰাণ ৰক্ষা নকৰে, তেনেহলে কাইলৈ আপোনাক তেওঁ বধ কৰিব।”
12সেয়ে মীখলে খিড়িকিৰে দায়ূদক তললৈ নমাই দিলে। তাতে তেওঁ পলাই গৈ নিজকে ৰক্ষা কৰিলে।
13আৰু মীখলে গৃহ-দেৱতাৰ মুৰ্ত্তি লৈ বিচনাত থলে, আৰু তাৰ মূৰত ছাগলীৰ নোমৰ গাঁৰু এটা দি তাক কাপোৰেৰে ঢাকি ৰাখিলে।
14যেতিয়া চৌলে দায়ূদক ধৰিবলৈ বৰ্তাবাহকক পঠালে, তেতিয়া মীখলে ক’লে, “তেওঁ নৰিয়া পৰিছে।”
15তাতে চৌলে দায়ূদক চাবলৈ বৰ্তাবাহকক পঠাই ক’লে, “মই বধ কৰিবৰ কাৰণে তেওঁক বিচনাৰে সৈতে মোৰ ওচৰলৈ লৈ আহা।”
16তাতে বাৰ্তাবাহকসকল যেতিয়া ভিতৰলৈ গ’ল, তেতিয়া দেখিলে সেই গৃহ-দেৱতাৰ মূৰ্তি আৰু তাৰ মূৰত ছাগলীৰ নোমৰ গাঁৰু আছিল।
17তেতিয়া চৌলে মীখলক ক’লে, “তই মোক কিয় এইদৰে প্ৰবঞ্চনা কৰিলি? মোৰ শত্ৰুক কিয় পলাই সাৰিবলৈ দিলি?” তাতে মীখলে চৌলক উত্তৰ দিলে, “তেওঁ মোক কৈছিল, মোক যাবলৈ দে, মই কিয় তোক বধ কৰিম?”
18এইদৰে পাছত দায়ূদে পলাই গৈ ৰক্ষা পালে আৰু তেওঁ ৰামাত থকা চমূৱেলৰ ওচৰলৈ গৈ তেওঁৰ প্ৰতি কৰা ব্যৱহাৰৰ কথা তেওঁক ক’লে। তাৰ পাছত তেওঁ আৰু চমূৱেল দুয়ো গৈ নায়োতত নিবাস কৰিলে।
19পাছত চৌলক কোনোবাই ক’লে যে, “দায়ুদ ৰামাৰ নায়োতত আছে।”
20তেতিয়া চৌলে দায়ূদক ধৰিবলৈ বাৰ্তাবাহকক পঠিয়াই দিলে। পাছত তেওঁলোকে যেতিয়া ভাববাদীসকলক ভাববাণী প্ৰচাৰ কৰি থকা দেখিলে আৰু তেওঁলোকৰ মাজত চমূৱেলক মুৰব্বীৰ দৰে দেখিলে, তেতিয়া ঈশ্বৰৰ আত্মা চৌলৰ বাৰ্তাবাহকসকলৰ ওপৰলৈ আহিল আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
21যেতিয়া চৌলক এই কথা কোৱা হ’ল, তেওঁ বেলেগ বাৰ্তাবাহকসকলক পঠিয়াই দিলে আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। সেয়ে চৌলে তৃতীয়বাৰ বাৰ্তাবাহক পঠালে, আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
22তেতিয়া তেওঁ নিজে ৰামালৈ গৈ চেখুত থকা ডাঙৰ গভীৰ নাদটোৰ কাষ পালে, তেওঁ সুধিলে, “চমূৱেল আৰু দায়ুদ ক’ত আছে?” তেতিয়া কোনো এজনে আহি তেওঁক ক’লে, “তেওঁলোক ৰামাৰ নায়োতত আছে।”
23তেতিয়া চৌলে ৰামাৰ নায়োতলৈ গ’ল। ঈশ্বৰৰ আত্মা তেওঁৰ ওপৰতো আহিল, আৰু ৰামাৰ নায়োত নোপোৱালৈকে তেৱোঁ ভাববাণী প্ৰচাৰ কৰি গৈ থাকিল।
24আৰু নিজৰ কাপোৰ সোলোকাই চমূৱেলৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, গোটেই ৰাতি আৰু দিন উদং গাৰে পৰি থাকিল। এই কাৰণে লোকসকলে কলে, “চৌলো জানো ভাববাদীসকলৰ মাজৰ এজন?”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath