1 পিতৰ 1
1মই পিতৰ, যীচু খ্ৰীষ্টৰ মনোনীত পাঁচনি, যি সকল প্ৰবাসী লোক পন্ত, গালাতীয়া, কোপ্পাদকিয়া, এচিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে, তেখেত সকলৰ সমীপলৈ৷
2এতিয়া পিতৃ ঈশ্ৱৰৰ পূৰ্বজ্ঞান অনুসাৰে যীচু খ্ৰীষ্টৰ আজ্ঞাধীন হ’বলৈ পবিত্ৰ আত্মাৰ দ্ৱাৰাই শুচি কৰা হ’ল আৰু তেওঁৰ তেজ ছটিয়াই দিয়া হ’ল৷ আপোনালোকলৈ অনুগ্ৰহ হওক আৰু আপোনালোকৰ শান্তি বৃদ্ধি হওক৷
3ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু অজৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে;
4সেই উত্তৰাধিকাৰ স্বৰ্গত আপোনালোকৰ কাৰণে সঞ্চিত আছে; ই চিৰস্থায়ী, কলঙ্কিত নহয়; শুদ্ধ৷
5শেষৰ কালত প্ৰকাশিত হ’বলৈ যুগুত হোৱা পৰিত্রাণৰ কাৰণে, ঈশ্বৰৰ শক্তিত আপোনালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈ আছে।
6যদিও এতিয়া বিভিন্ন দুখ-কষ্টই আপোনালোকক শোকৰ অনুভৱ আনি দিছে, তথাপি এই কথা ভাবি আপোনালোকে অানন্দ কৰক৷
7অাপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷
8তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷
9এতিয়া আপোনালোকৰ নিজৰ বিশ্বাসৰ ফল আপোনালোকে গ্ৰহণ কৰিছে, সেয়া আপোনালোকৰ আত্মাৰ পৰিত্রাণ৷
10যি ভাববাদী সকলে আপোনালোকৰ কাৰণে নিৰূপিত অনুগ্ৰহৰ বিষয়ে ভাববাণী কৰিছিল, তেখেত সকলে সেই পৰিত্রাণৰ বিষয়ে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল৷
11কেনেকুৱা ধৰণৰ পৰিত্ৰাণ আহিবলগীয়া আছিল, সেই বিষয়ে তেখেত সকলে অনুসন্ধান কৰি জানিব বিচাৰিছিল৷ এই বিষয়ে খ্ৰীষ্টৰ আত্মাই কোৱা সেই কাল বা সময়ৰ কথাও অনুসন্ধান কৰি জানিবলৈ বিচাৰিছিল৷ খ্ৰীষ্টৰ প্ৰতি ঘটিবলগীয়া দুখভোগ আৰু পাছত তেওঁলৈ আহিবলগীয়া মহিমাবোৰৰ বিষয়ে সেই আত্মাই তেখেত সকলক আগতীয়াকৈ কৈছিল৷
12এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেখেত সকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰতি আপোনালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷
13এতেকে মনৰ কঁকাল বান্ধক৷ আপোনাৰ চিন্তা শান্ত হওক৷ যীচু খ্ৰীষ্ট প্ৰকাশিত হোৱা কালত আপোনালোকলৈ যি অনুগ্ৰহ দিয়া হ’ব, সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভাৰসা ৰাখক৷
14আজ্ঞাধীন হোৱা সন্তান সকলৰ যেনে উপযুক্ত, তেনেকৈ আপোনালোক পুৰ্ব্বৰ অজ্ঞান অৱস্থাৰ অভিলাষৰ অনুৰূপ নহব৷
15আপোনালোকক আমন্ত্ৰণ কৰা জন যেনে পবিত্ৰ, আপোনালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হওক৷
16কিয়নো লিখা আছে , ‘তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।’
17আৰু যি জনে পক্ষপাত নকৰাকৈ প্ৰত্যেক জনৰ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰে, তেওঁক যদি পিতৃ বুলি মাতিছে, তেনেহলে আপোনালোকৰ জীৱন-যাপনৰ কাল ভক্তিৰে নিয়াব৷
18আপোনালোকে জানে যে, আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ-ব্যৱহাৰৰ পৰা, আপোনালোক সোণ, ৰূপ আদিৰ ক্ষয়ণীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ’ল, এনে নহয়,
19কিন্তু নিৰ্দোষী আৰু নিষ্কলঙ্ক মেৰ-পোৱালি স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ’ল৷
20জগত স্থাপনৰ পুৰ্ব্বৰে পৰা তেওঁ মনোনীত আছিল, কিন্তু কালৰ শেষত, তেওঁ আপোনালোকৰ কাৰণে প্ৰকাশিত হ’ল;
21তেওঁৰ দ্বাৰাই আপোনালোক, মৃত লোকৰ মাজৰ পৰা তেওঁক তোলোঁতা আৰু গৌৰৱ দিওঁতা ঈশ্বৰৰ বিশ্বাসকাৰী লোক হ’ল; তাতে আপোনালোকৰ বিশ্বাস আৰু দৃঢ় আস্থা ঈশ্ৱৰত আছে।
22আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ আত্মা শুচি কৰিবলৈ , পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক।
23কিয়নো আপোনালোক ক্ষয়ণীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, ঈশ্বৰৰ জীৱনময় আৰু চিৰকাল স্থায়ী যি বাক্য, সেই বাক্যৰ দ্বাৰাই নতুন জন্ম পোৱা হৈছে।
24কাৰণ মৰ্ত্ত্যমাত্ৰেই তৃণ সদৃশ আৰু তাৰ সকলো গৌৰৱ তৃণৰ ফুল সদৃশ। তৃণ শুকাই আৰু ফুলো সৰে;
25কিন্তু প্ৰভুৰ বাক্য চিৰকাল থাকে; যি বাক্য আপোনালোকৰ আগত প্ৰচাৰ কৰা হ’ল, এয়ে সেই শুভবাৰ্তাৰ বাক্য।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath