1 ৰাজাৱলি 4
1চলোমন গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা আছিল।
2এওঁলোক তেওঁৰ বিষয়া আছিল: চাদোকৰ পুত্ৰ অজৰিয়া পুৰোহিত আছিল৷
3চীচাৰ পুত্ৰ ইলীহোৰফ আৰু অহিয়া ৰাজ-লিখক আছিল৷ অহীলূদৰ পুত্ৰ যিহোচাফট্ ইতিহাস-লিখক আছিল৷
4যিহোয়াদাৰ পুত্ৰ বনায়া সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল৷ চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল৷
5নাথনৰ পুত্ৰ অজৰীয়া বিষয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷ নাথনৰ পুত্ৰ জাবুদ পুৰোহিত আৰু ৰজাৰ সুহৃদ বন্ধু আছিল৷
6অহীচাৰ ৰাজঘৰগিৰি আৰু অব্দাৰ পুত্ৰ আদোনীৰাম বন্দী কাম কৰোৱাসকলৰ ওপৰত অধ্যক্ষ আছিল।
7চলোমনে গোটেই ইস্ৰায়েলৰ ওপৰত নিযুক্ত কৰা বাৰ জন বিষয়া আছিল, তেওঁলোকে ৰজাৰ আৰু ৰাজগৃহৰ বাবে খোৱা বস্তুৰ যোগান ধৰিছিল৷ বছৰৰ ভিতৰত এমাহৰ সম্বল যোগান ধৰাৰ ভাৰ প্ৰতিজনৰ ওপৰত আছিল।
8তেওঁলোকৰ নামবোৰ আছিল: ইফ্ৰয়িম পৰ্ব্বতৰ বিন-হূৰ,
9মাকচত বিন-ডেকাৰ, চালবীম, বৈৎচেমচত আৰু এলোন বৈৎ-হানন আছিল;
10আৰু অৰুব্বোতত বিন-হেচদ, তেওঁৰ অধীনত চোকো আৰু হেফৰ প্ৰদেশ আছিল৷
11অবীনাদব সমুদায় দোৰ জিলাত আছিল, তেওঁ চলোমনৰ জীয়েক টাফতক বিয়া কৰাইছিল,
12তানক আৰু মগিদ্দোত অহীলূদৰ পুত্ৰ বানাৰ আৰু চৰ্তনৰ ওচৰত যিজ্ৰিয়েলৰ তলত থকা গোটেই বৈৎ-চান অৰ্থাৎ পৰা আবেল-মহোলা আৰু যকমিয়ামৰ সিটো দিশলৈকে অধিকাৰ কৰি আছিল। অধিকাৰ আছিল৷
13ৰামোৎ-গিলিয়দত বিন-গেবৰ, তেওঁৰ অধীনত গিলিয়দত থকা মনচিৰ পুত্ৰ যায়ীৰৰ আটাই গাওঁ আৰু বাচানত থকা অর্গোব অঞ্চল অৰ্থাৎ গড়েৰে বেষ্টিত আৰু পিতলৰ ডাং থকা ষাঠিখন ডাঙৰ নগৰ আছিল,
14মহনয়িমত ইদ্দোৰ পুত্ৰ অহীনাদব আছিল৷
15নপ্তালীত অহীমাচ, তেৱোঁ চলোমনৰ জীয়েক বাচমতক বিয়া কৰিছিল,
16আচেৰত আৰু বালোতত হূচয়ৰ পুত্ৰ বানা,
17ইচাখৰত পাৰূহৰ পুত্ৰ যিহোচাফট আছিল৷
18বিন্যামীনত এলাৰ পুত্ৰ চিমিয়ী,
19আৰু গিলিয়দ দেশত, অৰ্থাৎ ইমোৰীয়াসকলৰ চীহোন ৰজাৰ দেশত উৰীৰ পুত্ৰ গেবৰ আৰু বাচানৰ ওগ ৰজা; সেই দেশত কেৱল তেৱেঁই বিষয়া আছিল।
20যিহূদা আৰু ইস্ৰায়েল সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য আছিল৷ তেওঁলোকে ভোজন-পান আৰু ৰং ধেমালি কৰিছিল।
21চলোমনে ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰ দেশৰ সীমালৈকে, সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল৷ তেওঁলোকে চলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁৰ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল।
22চলোমনৰ প্ৰতিদিনৰ আহাৰত প্রয়োজন হৈছিল, দ্ৰব্য ত্ৰিশ কোৰ উত্তম মিহি আটাগুড়ি আৰু ষাঠি কোৰ সাধাৰণ আটাগুড়ি,
23দহোটা পুষ্ট ষাঁড় গৰু, চৰণীয়া পথাৰৰ পৰা অনা গৰু বিশটা আৰু এশ টা মেৰ-ছাগ; ইয়াৰ উপৰিও হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু আৰু পুষ্ট পক্ষী।
24কিয়নো তেওঁ টিপচহৰ পৰা গাজালৈকে, ফৰাৎ নদীৰ ইপাৰে থকা সমূদায় দেশৰ, নদীৰ ইপাৰে থকা সকলো ৰজাৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁৰ চাৰিওফালৰ অঞ্চল শান্তিপূৰ্ণ আছিল৷
25চলোমনৰ ৰাজত্বৰ সকলো সময়ত, প্ৰতিজনে দানৰ পৰা বেৰ-চেবালৈকে, যিহূদা আৰু ইস্ৰায়েলত নিজ দ্ৰাক্ষালতাৰ আৰু নিজ নিজ ডিমৰু গছৰ তলত নিৰ্ভয়ে বাস কৰিছিল।
26চলোমনৰ ৰথৰ কাৰণে চল্লিশ হাজাৰ ঘোঁৰাশাল আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল।
27প্ৰতিজন বিষয়াই চলোমন ৰজাৰ কাৰণে আৰু তেওঁৰ মেজলৈ অহা সকলোৰে কাৰণে নিজ নিজ নিৰূপিত মাহত খোৱা সমল যোগাইছিল৷ তেওঁলোকে কোনো বস্তুৰ নাটনি হ’বলৈ দিয়া নাছিল৷
28তেওঁলোকৰ প্ৰতিজনে নিজ নিজ নিৰূপিত কাৰ্যৰ দৰে, সাধাৰণ আৰু বেগী ঘোঁৰাৰ কাৰণে, দিবলগীয়া ঠাইলৈ যৱ ধান আৰু খেৰ আনিছিল।
29ঈশ্বৰে চলোমনক অতিশয় অধিক জ্ঞান আৰু বুদ্ধি দিলে আৰু সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অধিক বিষয় বুজিবলৈ এক বহল মন দিলে।
30তাতে চলোমনৰ জ্ঞান পূব দেশত থকা সকলো লোক আৰু মিচৰীয়া লোকসকলৰ জ্ঞানতকৈ অত্যাধিক হ’ল।
31তেওঁ সকলোতকৈ জ্ঞানৱান; তেওঁ ইজ্ৰাহীয়া এথন, মাহোলৰ পুত্ৰ হেমন, কলকোল আৰু দৰ্দা, এই সকলোতকৈয়ো অধিক জ্ঞানৱান হ’ল। আৰু তেওঁৰ যশস্যা চাৰিওফালে থকা সকলো জাতিৰ মাজত বিয়পি গ’ল।
32তেওঁ তিনি হাজাৰ নীতি বাক্য কৈছিল আৰু তেওঁৰ গীতৰ সংখ্যা এক হাজাৰ পাঁচ টা আছিল।
33তেওঁ লিবানোনত থকা এৰচ গছৰ পৰা গড়ৰ গাত গজা এচোব বনলৈকে সকলো গছৰ বিষয়ে বর্ণনা কৰিছিল৷ তেওঁ পশু, পক্ষী, উৰগ জন্তু আৰু মাছৰ বিষয়েও ব্যাখ্যা কৰিছিল।
34সকলো দেশৰ লোকে চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ আহিছিল। যি জনে তেওঁৰ জ্ঞানৰ কথা শুনিছিল, তেৱেঁই পৃথিৱীৰ ৰজাসকলক তেওঁৰ ওচৰলৈ পঠিয়াই দিছিল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath