1 ৰাজাৱলি 3
1চলোমনে মিচৰৰ ৰজা ফৰৌণৰ জীয়েকৰ সৈতে বিবাহৰ দ্ৱাৰাই নিজৰ বাবে সম্বন্ধ স্থাপন কৰিলে৷ তেওঁ ফৰৌণৰ জীয়েকক লৈ আহিল, আৰু তেওঁক নিজৰ গৃহ, যিহোৱাৰ গৃহ আৰু যিৰূচালেমৰ চাৰিওফালৰ দেৱাল সম্পূৰ্ণকৈ নিৰ্মাণ নহোৱালৈকে, দায়ুদৰ নগৰত ৰাখিলে।
2লোকসকলে পবিত্ৰ ঠাইবোৰতহে বলিদান কৰিছিল; কাৰণ সেই কাললৈকে যিহোৱাৰ নামেৰে কোনো গৃহ নিৰ্ম্মাণ কৰা হোৱা নাছিল।
3চলোমনে পবিত্ৰ স্থানবোৰত বলিদান দিয়া আৰু ধূপ জ্বলোৱাৰ বাহিৰে, তেওঁ নিজ পিতৃ দায়ূদৰ বিধি অনুসাৰে চলিছিল, তেওঁ যিহোৱাক প্ৰেম কৰিছিল।
4পাছত ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিয়োনলৈ গ’ল, কিয়নো সেই ঠাই আটাইতকৈ প্ৰধান পবিত্ৰ ঠাই আছিল৷ চলোমনে তাত থকা যজ্ঞবেদীৰ ওপৰত এক হাজাৰ হোম-বলি দিলে।
5গিবিয়োনতে যিহোৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে; তেওঁ ক’লে, “খোজা! মই তোমাক কি বৰ দিম।”
6তেতিয়া চলোমনে ক’লে, “আপোনাৰ দাস মোৰ পিতৃ দায়ূদে সত্যতা, ধাৰ্মিকতা আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, সেইদৰে আপুনি তেওঁক অতিশয় দয়া কৰিলে৷ বিশেষকৈ তেওঁক এনে মহা-অনুগ্ৰহ কৰিলে যে, আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰও দিলে।
7এতিয়া, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদৰ পদত আপোনাৰ এই দাসক ৰজা পাতিলে, কিন্তু মই সৰু ল’ৰা মাথোন৷ মই বাহিৰলৈ ওলাব আৰু অানকি ভিতৰলৈ সোমাবলৈকো নাজানো।
8আপোনাৰ এই দাস, আপুনি মনোনীত কৰা আপোনাৰ দাসবোৰৰ মাজত আছে; তেওঁলোক মহাজাতি, সংখ্যাত অগণন বা গণিব নোৱাৰা।
9এতেকে আপোনাৰ প্ৰজাসকলৰ বিচাৰ কৰিবৰ অৰ্থে, আপোনাৰ এই দাসক ভাল বেয়া বুজিবলৈ জ্ঞানযুক্ত মন দিয়ক৷ কিয়নো আপোনাৰ এনে বৃহৎ জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
10চলোমনে এনে বৰ খোজাত, প্ৰভুৱে তেওঁৰ প্ৰাৰ্থনাত সন্তোষ পালে।
11তেতিয়া ঈশ্বৰে তেওঁক ক’লে, “কিয়নো তুমি এনে বিষয় বিচাৰিলা, আৰু নিজৰ কাৰণে দীঘল আয়ুস বা ঐশ্বৰ্য্য বা তোমাৰ শত্ৰুৰ প্ৰাণ নুখুজিলা, কিন্তু সুবিচাৰ কৰিবলৈ নিজৰ কাৰণে জ্ঞান বিচাৰিলা,
12এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব।
13ইয়াৰ বাহিৰেও তুমি নোখোজা সেই ঐশ্বৰ্য্য আৰু সন্মান তোমাক দিলা। তোমাৰ সমস্ত জীৱন কালত ৰজাসকলৰ মাজত কোনো তোমাৰ তুল্য নহ’ব।
14তুমি যদি তোমাৰ পিতৃ দায়ূদে চলাৰ দৰে মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা, তেনেহ’লে মই তোমাৰ আয়ুস আৰু দীঘল কৰিম।”
15তেতিয়া চলোমনে সাৰ পাই দেখিলে যে, সেয়া সপোনহে আছিল। পাছত তেওঁ যিৰূচালেমলৈ আহি যিহোৱাৰ নিয়ম-চন্দুকটিৰ সন্মুখত থিয় হ’ল৷ তাতে তেওঁ হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু নিজ সকলো দাসবোৰৰ কাৰণে এটা ভোজ পাতিলে।
16সেই সময়ত দুজনী বেশ্যা মহিলা ৰজাৰ ওচৰলৈ আহি তেওঁৰ সন্মুখত থিয় হ’ল।
17তেওঁলোকৰ এজনীয়ে ক’লে, “হে মোৰ প্ৰভু, মই আৰু এই জনী মহিলাই দুয়ো একে ঘৰতে থাকোঁ আৰু মই এয়ে সৈতে ঘৰত থকা কালত এটি ল’ৰা প্ৰসৱ কৰিলোঁ।
18পাছত মই প্ৰসৱ কৰা তৃতীয় দিনা এই জনী মহিলায়ো এটি ল’ৰা প্ৰসৱ কৰিলে৷ তেতিয়া আমি একে লগে আছিলোঁ৷ ঘৰত আমাৰ লগত আন কোনো মানুহ নাছিল, কেৱল ঘৰত আমি দুজনীয়ে আছিলোঁ।
19পাছত ৰাতি এইৰ ল’ৰাটি মৃত্যু হ’ল, কাৰণ এই তাৰ ওপৰত শুলে।
20তাতে তাই মাজনিশা উঠি, আপোনাৰ এই বেটী টোপনিত থাকোঁতে, মোৰ ল’ৰাটি মোৰ কাষৰ পৰা নি নিজৰ বুকুত শুৱালে আৰু নিজৰ মৰা ল’ৰাটি আনি মোৰ বুকুত শুৱাই হ’ল।
21পাছত ৰাতিপুৱা মই মোৰ ল’ৰাটিক পিয়াহ দিবলৈ উঠি দেখিলোঁ যে, সি মৰা৷ কিন্তু ৰাতিপুৱা মই ভালকৈ চাওঁতে দেখিলোঁ যে, সি মই জন্ম দিয়া ল’ৰাটি নহয়।”
22তেতিয়া দ্বিতীয় জনী মহিলাই ক’লে, “নহয়, জীয়াই থকা ল’ৰাটি মোৰ, মৰা জনহে তোমাৰ ল’ৰা।” তেতিয়া প্ৰথম জনীয়ে ক’লে, “নহয় নহয়, মৰা ল’ৰাটি তোমাৰ, জীয়াই থকা জনহে মোৰ।” এই দৰে তেওঁলোক দুয়োজনীয়ে ৰজাৰ আগত নিবেদন কৰিলে।
23তেতিয়াই ৰজাই ক’লে, “এইজনীয়ে কৈছে, ‘জীয়াই থকা ল’ৰাটি মোৰ, মৰা ল’ৰাটি তোমাৰ’, আৰু আন জনীয়ে কৈছে, ‘নহয় নহয়, মৰা ল’ৰাটি তোমাৰ, জীয়াই থকা ল’ৰাটো মোৰ।”
24তেতিয়া ৰজাই আজ্ঞা কৰিলে, “মোলৈ এখন তৰোৱাল আনা।” তেতিয়া ৰজাৰ আগলৈ এখন তৰোৱাল অনা হ’ল।
25তেতিয়া ৰজাই ক’লে, “এই জীয়াই থকা লৰাটিক দুডোখৰ কৰি, এজনীক এফাল আৰু আন জনীক এফাল দিয়া।”
26তেতিয়া জীয়াই থকা ল’ৰাটি যি জনী মহিলাৰ আছিল, তেওঁ তেওঁৰ ল’ৰাটিলৈ দয়া-মমতাৰে উপচি পৰিল, তেওঁ ৰজাক নিবেদন কৰি ক’লে, “হে মোৰ প্ৰভু, বিনয় কৰোঁ, জীয়া ল’ৰাটি এইকে দিয়ক, ল’ৰাটি কোনোমতেই বধ নকৰিব৷” কিন্তু আন জনীয়ে ক’লে, “সি মোৰো নহওঁক তোমাৰো নহওঁক৷ তোমালোকে তাক দুডোখৰ কৰা।”
27তেতিয়া ৰজাই উত্তৰ দি ক’লে, “এই জনীকে জীয়া ল’ৰাটি দিয়া আৰু কোনো মতে তাক বধ নকৰিবা৷ এই জনীয়েই তাৰ মাতৃ।”
28ৰজাই এই যি বিচাৰ নিস্পত্তি কৰিলে, সেই বিষয়ে শুনি গোটেই ইস্ৰায়েলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে, বিচাৰ কৰিবৰ অৰ্থে তেওঁত ঈশ্বৰে দিয়া জ্ঞান আছে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath