খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

1 ৰাজাৱলি 1

1পাছত ৰজা দায়ুদ বুঢ়া হৈ আহিল আৰু অতিশয় বৃদ্ধ হোৱাৰ বাবে তেওঁৰ গাত অনেক কাপোৰ দিলেও উম নোপোৱা হ’ল।

2এই হেতুকে তেওঁৰ দাসবোৰে তেওঁক ক’লে, “আমাৰ প্ৰভু মহাৰাজৰ বাবে এজনী কুমাৰী যুৱতী বিচাৰি চোৱা যাওঁক। তেতিয়া তাই মহাৰাজৰ সন্মূখত থাকি ৰজাৰ আলপৈচান ধৰাৰ লগতে আমাৰ প্ৰভু মহাৰাজৰ গাত উম পাবলৈ তেওঁৰ বুকুত শয়ন কৰিব।”

3সেয়েহে তেওঁলোকে ইস্ৰায়েলৰ গোটেই অঞ্চলত সুন্দৰী ছোৱালী বিচাৰিবলৈ ধৰিলে৷ তেতিয়া তেওঁলোকে চূনেমীয়া অবীচগক বিচাৰি পালে আৰু ৰজাৰ ওচৰলৈ তেওঁক লৈ আহিল৷

4এই ছোৱালীজনী অতিশয় সুন্দৰী আছিল৷ তেওঁ ৰজাৰ আলপৈচান ধৰিলে আৰু শুশ্ৰূষা কৰিলে, কিন্তু তেওঁৰ সৈতে ৰজাই কোনো দৈহিক সম্পৰ্ক নাৰাখিলে।

5সেই কালত হগ্গীতৰ পুত্ৰ অদোনীয়াই নিজকে গৌৰৱ কৰি ক’লে, “ৰজা ময়েই হ’ম৷” এইবুলি নিজৰ আগে আগে যাবৰ বাবে পঞ্চাশ জন মানুহৰ লগতে ৰথ আৰু অশ্বাৰোহী সৈন্যবোৰ যুগুত কৰি ৰাখিলে।

6তেওঁৰ পিতৃয়ে কেতিয়াও তেওঁক কষ্ট দি এইদৰে কোৱা নাই, “তুমি কিয় এইবোৰ কৰিছা?” অদোনিয়া দেখিবলৈ বৰ সুন্দৰ আছিল, তেওঁ অৱচালোমৰ পাছত জন্মিছিল।

7তেওঁ অবিয়াথৰ পুৰোহিত আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ লগত আলোচনা কৰিলে। তেতিয়া তেওঁলোকে অদোনীয়াক অনুসৰণ কৰিলে আৰু তেওঁক সহায় কৰিলে।

8কিন্তু চাদোক পুৰোহিত, যিহোয়াদাৰ পুত্ৰ বনায়া, নাথন ভাববাদী, চিমিয়ী, ৰেয়ী আৰু যি বীৰসকল দায়ূদৰ লগত আছিল, তেওঁলোকে অদোনিয়াক অনুসৰণ নকৰিলে।

9পাছত অদোনিয়াই অয়িন-ৰোগেলৰ কাষত থকা জোহেলৎ শিলৰ ওচৰত ভেড়া, ছাগলী, ষাঁড় আৰু হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে৷ আৰু নিজ ভাই ৰাজকোঁৱৰ সকলক আৰু ৰজাৰ দাস যিহূদাৰ আটাই লোকক নিমন্ত্ৰণ কৰিলে।

10কিন্তু নাথন ভাববাদীক, বনায়াক, বীৰসকলক আৰু নিজ ভায়েক চলোমনক নিমন্ত্ৰণ নকৰিলে।

11তেতিয়া নাথনে চলোমনৰ মাক বৎচেবাক ক’লে, “আমাৰ প্ৰভু দায়ুদে নজনাকৈ হগ্গীতৰ পুতেক অদোনিয়া যে ৰজা হল, ইয়াক জানো তুমি শুনা নাই?

12এই হেতুকে আহাঁ, তুমি নিজৰ আৰু তোমাৰ পুত্ৰ চলোমনৰ প্ৰাণ ৰক্ষা কৰিবলৈ, মই এতিয়া তোমাক পৰামৰ্শ দিওঁ৷

13দায়ুদ ৰজাৰ ওচৰলৈ যোৱা; আৰু তেওঁক কোৱাগৈ, যে, ‘হে মোৰ প্ৰভু মহাৰাজ, আপুনি জানো শপত খাই আপোনাৰ দাসীক জানো কোৱা নাছিল, ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন অৱশ্যে ৰজা হ’ব আৰু তেৱেঁই মোৰ সিংহাসনত বহিব?’ তেনেহ’লে অদোনিয়াই কিয় ৰাজত্ব কৰি আছে?’

14আৰু চোৱা, সেই ঠাইত ৰজাৰ সৈতে তোমাৰ কথা শেষ নৌ হওঁতেই, মই তোমাৰ পাছত সোমাই গৈ তোমাৰ কথা নিশ্চিত কৰিম।”

15পাছত সেই মতে, বৎচেবা ভিতৰ-কোঠালিত সোমাই ৰজাৰ ওচৰলৈ গ’ল৷ ৰজা অতিশয় বৃদ্ধ হোৱাত চূনেমীয়া অবিচগে ৰজাৰ শুশ্ৰূষা কৰি আছিল।

16তেতিয়া বৎচেবাই মূৰ দোঁৱাই ৰজাৰ আগত প্ৰণিপাত কৰিলে। তেতিয়া ৰজাই সুধিলে, “তোমাক কি লাগে?”

17তাই তেওঁক ক’লে, “হে মোৰ প্ৰভু, ঈশ্বৰ যিহোৱাৰ নামেৰে শপত খাই আপোনাৰ বেটীৰ আগত কৈছিল যে, ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন ৰজা হ’ব আৰু মোৰ সিংহাসনৰ ওপৰত তেৱেঁই বহিব।’

18কিন্তু এতিয়া, হে মোৰ প্ৰভু মহাৰাজ, চাওঁক, আপুনি নজনাকৈয়েই অদোনীয়া ৰজা হ’ল৷

19অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰি সকলো ৰাজকোঁৱৰ সকলৰ লগতে অবিয়াথৰ পুৰোহিত আৰু প্ৰধান সেনাপতি যোৱাবক নিমন্ত্ৰণ কৰিলে, কিন্তু আপোনাৰ দাস চলোমনক নিমন্ত্ৰণ নকৰিলে।

20হে মোৰ প্ৰভু মহাৰাজ, আপোনাৰ পাছত মোৰ প্ৰভু মহাৰাজৰ সিংহাসনত কোন বহিব, সেই বিষয়ে আপুনিয়ে তেওঁলোকক জনাওক; তেওঁলোকে আপোনাৰ পৰাই শুনিবলৈ বাট চাই আছে।

21আপুনি যদি ইয়াকে নকৰে, তেনেহলে মোৰ প্ৰভু মহাৰাজ ওপৰ-পিতৃসকলৰ লগত যেতিয়া ওপৰ-পিতৃসকলৰ সৈতে নিদ্ৰিত হ’ব, তেতিয়া মই আৰু মোৰ পুত্ৰ চলোমন অপৰাধী হিচাবে গণিত হ’ব।”

22এইদৰে তেওঁ ৰজাৰ লগত কথা হৈ থাকোঁতেই নাথন ভাববাদী ভিতৰলৈ সোমাই আহিল।

23তেতিয়া দাসবোৰে ৰজাক ক’লে, “চাওঁক, নাথন ভাববাদী আহিছে।” পাছত ভাববাদী নাথন ৰজাৰ সন্মূখলৈ গ’ল আৰু আঁঠুকাঢ়ি ৰজাৰ আগত প্ৰণিপাত কৰিলে।

24নাথনে ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, ‘মোৰ পাছত অদোনিয়া ৰজা হ’ব আৰু মোৰ সিংহাসনত সিয়েই বহিব, এনে বুলি আপুনি ক’লে নে কি?’

25কিয়নো তেওঁ আজি নামি গৈছে আৰু অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰিছে। তেওঁ তালৈ সকলো ৰাজকোঁৱৰ, সেনাপতি আৰু অবিয়াথৰ পুৰোহিতকো নিমন্ত্রণ কৰিছে। আৰু চাওঁক, তেওঁলোকে তেওঁৰ আগত ভোজন পান কৰিছে আৰু কৈছে, ‘অদোনিয়া ৰজা চিৰজীৱি হওঁক!’

26কিন্তু আপোনাৰ দাস যি মই, মোক আৰু চাদোক পুৰোহিত, যিহোয়াদাৰ পুত্ৰ বনায়া আৰু আপোনাৰ দাস চলোমনক হ’লে তেওঁ নিমন্ত্ৰণ নকৰিলে।

27এই কাৰ্য মোৰ প্ৰভু মহাৰাজৰ আদেশত হ’ল নেকি? মোৰ প্ৰভু মহাৰাজৰ পিছত আপোনাৰ সিংহাসনত কোন বহিব, সেই বিষয়ে আপোনাৰ দাসবোৰক আপুনি জানো জনোৱা নাই?

28তেতিয়া ৰজা দায়ূদে উত্তৰ দি ক’লে, “বৎচেবাক মোৰ ওচৰলৈ মাতি আনা।” তেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহি ৰজাৰ আগত থিয় হ’ল৷

29ৰজাই শপত কৰি ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সকলো সঙ্কটৰ পৰা মোৰ প্ৰাণ মুক্ত কৰিলে, সেই জীৱন্ত যিহোৱাৰ শপত,

30‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন ৰজা হ’ব আৰু সিয়েই মোৰ পদত মোৰ সিংহাসনত বহিব,’ এই বুলি তোমাৰ আগত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম লৈ যি শপত কৰিছিলোঁ, আজিয়েই সেই দৰে কাৰ্য কৰিম।”

31তেতিয়া বৎচেবাই আঁঠুকাঢ়ি মাটিত মুৰ লগাই ৰজাৰ সন্মূখত প্ৰণিপাত কৰিলে আৰু ক’লে, “মোৰ প্ৰভু ৰজা দায়ুদ চিৰজীৱি হওঁক।”

32পাছত ৰজা দায়ুদ ক’লে, “চাদোক পুৰোহিতক, নাথন ভাববাদীক আৰু যিহোয়াদাৰ পুত্ৰ বনায়াক মোৰ ওচৰলৈ মাতি আনা৷” তেতিয়া তেওঁলোক ৰজাৰ ওচৰলৈ আহিল।

33তাতে ৰজাই তেওঁলোকক ক’লে, “তোমালোকে নিজ প্ৰভুৰ দাসবোৰক লগত লৈ, মোৰ পুত্ৰ চলোমনক মোৰ নিজৰ খছৰত তুলি গীহোনলৈ লৈ যোৱা৷

34সেই ঠাইতে ইস্রায়েলৰ ওপৰত তেওঁক ৰজা অভিষেক কৰিবলৈ চাদোক পুৰোহিত আৰু ভাববাদী নাথনক কোৱা আৰু শিঙা বজাই তোমালোকে ক’বা, ‘ৰজা চলোমন চিৰজীৱি হওক!’

35পাছত তোমালোকে তেওঁৰ পাছে পাছে উঠি আহিবা; তেওঁ আহি মোৰ সিংহাসনত বহিব; কিয়নো মোৰ সলনি তেওঁ ৰজা হ’ব, ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত অধ্যক্ষ হ’বলৈ মই তেওঁকেই নিযুক্ত কৰিলোঁ।”

36তেতিয়া যিহোয়াদাৰ পুত্ৰ বনায়াই উত্তৰ দি ৰজাক ক’লে, “সেই দৰে হওক! মোৰ প্ৰভু মহাৰাজৰ ঈশ্বৰ যিহোৱায়ো সেইদৰে হওঁক বুলি কওঁক৷

37যিহোৱা যেনেকৈ মোৰ প্ৰভু মহাৰাজৰ লগত আছিল, তেনেকৈ চলোমনৰ লগতো থাকক আৰু মোৰ প্ৰভু ৰজা দায়ূদৰ সিংহাসনতকৈ তেওঁৰ সিংহাসন মহৎ কৰক।”

38পাছত চাদোক পুৰোহিত, নাথন ভাববাদী, যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকল নামি গ’ল আৰু খছৰৰ ওপৰত চলোমনক উঠাই লৈ তেওঁলোক গীহোনলৈ গ’ল।

39পাছত চাদোক পুৰোহিতে তেলেৰে ভৰা শিংটি তম্বুৰ পৰা লৈ আহিল আৰু চলোমনক ৰজা অভিষেক কৰিলে। তেতিয়া তেওঁলোকে শিঙা বজোৱাৰ পাছত সকলো লোকে ক’লে, “ৰজা চলোমন চিৰজীৱি হওক!”

40তাৰ পাছত সকলো লোক তেওঁৰ পাছে পাছে উঠি আহিল আৰু লোক সকলে এনেদৰে বাঁহী বজালে আৰু মহা আনন্দ কৰিলে যে, তাৰ শব্দত পৃথিৱী কপিঁ উঠিল।

41তেতিয়া অদোনিয়া আৰু তেওঁৰ লগত নিমন্ত্ৰিত লোকসকলে ভোজন শেষ কৰা মাত্ৰে সেই শব্দ শুনিলে। আৰু যোৱাবে শিঙাৰ শব্দ শুনি ক’লে, “নগৰত ইমান কোলাহল কিয় হৈছে?”

42তেওঁ এই কথা কৈ থাকোতেই, অবিয়াথৰ পুৰোহিতৰ পুত্ৰ যোনাথন আহি পালে৷ তেতিয়া অদোনিয়াই তেওঁক ক’লে, “সোমাই আহা; কিয়নো তুমি ভাল পুৰুষ আৰু শুভবাৰ্তা আনিছা।”

43তেতিয়া যোনাথনে অদোনিয়াক উত্তৰ দি ক’লে, “সঁচাকৈ আমাৰ প্ৰভু ৰজা দায়ূদে চলোমনক ৰাজ-পদত নিযুক্ত কৰিলে৷

44আৰু ৰজাই চাদোক পুৰোহিতক, নাথন ভাববাদীক, যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলক তেওঁৰ লগত পঠালে৷ আৰু তেওঁলোকে তেওঁক ৰজাৰ খছৰত তুলিলে৷

45আৰু চাদোক পুৰোহিত ও নাথন ভাববাদীয়ে তেওঁক গীহোনত ৰজা অভিষেক কৰিলে আৰু তেওঁলোকে তাৰ পৰা এনেদৰে আনন্দ কৰি কৰি উঠি আহিছে যে, তাৰে গোটেই নগৰ প্ৰতিধ্বনিত হৈ উঠিল। তোমালোকে যি শব্দ শুনিছিলা, সেয়ে সেই ধ্বনি।

46আৰু চলোমন ৰাজসিংহাসনত বহিল।

47তাৰ উপৰিও ৰজাৰ দাসবোৰে আহি আমাৰ প্ৰভু ৰজা দায়ূদক এই বুলি আশীৰ্ব্বাদ কৰিলে যে, ‘আপোনাৰ ঈশ্বৰে আপোনাৰ নামতকৈয়ো চলোমনৰ নাম মহান কৰক আৰু তেওঁৰ সিংহাসন আপোনাৰ সিংহাসনতকৈয়ো মহৎ কৰক৷’ তেতিয়া ৰজাই শয্যাতে প্ৰণিপাত কৰিলে।

48আৰু ৰজায়ো এই কথা ক’লে যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওঁক; তেওঁ আজি মোৰ সিংহাসনৰ ওপৰত বহিবলৈ মোক এজন দিলে আৰু মোৰ চকুৱে তাক দেখিবলৈ পালে৷”

49তেতিয়া অদোনিয়াৰ লগত থকা নিমন্ত্রিত লোকসকলে ভয় পালে আৰু প্ৰতিজনে উঠি নিজ নিজ বাটে গুচি গ’ল।

50আৰু অদোনিয়াই চলোমনলৈ ভয় কৰি উঠি গৈ যজ্ঞবেদীৰ শিঙত ধৰিলেগৈ।

51পাছত চলোমনৰ আগত কোনোবাই এই কথা ক’লে, “চাওঁক, অদোনিয়াই চলোমন ৰজালৈ ভয় কৰিছে; কিয়নো চাওঁক, তেওঁ যজ্ঞবেদীৰ শিঙত ধৰি কৈছে, ‘ৰজা চলোমনে তেওঁৰ দাসক তৰোৱালেৰে বধ নকৰিবলৈ মোৰ আগত শপত কৰক।”

52তাতে চলোমনে ক’লে, “তেওঁ যদি নিজকে ভাল পুৰুষ বুলি দেখুৱায়, তেনেহ’লে তেওঁৰ এডালি চুলিও মাটিত নপৰিব, কিন্তু দুষ্টতা পোৱা যায়, তেন্তে তেওঁৰ প্ৰাণ যাব৷”

53এই বুলি ৰজা চলোমনে মানুহ পঠিয়াই তেওঁক যজ্ঞবেদীৰ ওপৰৰ পৰা নমাই আনিলে। তাতে তেওঁ আহি ৰজা চলোমনৰ আগত প্ৰণিপাত কৰিলে আৰু চলোমনে তেওঁক ক’লে, “তোমাৰ ঘৰলৈ যোৱা।”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath