খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

1 ৰাজাৱলি 14

1সেই সময়ত যাৰবিয়ামৰ পুত্ৰ অবিয়া বেমাৰত পৰিছিল।

2তেতিয়া যাৰবিয়ামে নিজৰ পত্নীক ক’লে, “হেৰা উঠা, তোমাক যেন আন লোকে মোৰ পত্নী বুলি চিনি নাপাই, তাৰ বাবে তুমি ছদ্মবেশ ধৰা, আৰু চীলোলৈ যোৱা; কিয়নো যি অহীয়া ভাববাদীয়ে, এই জাতিৰ ওপৰত মই ৰজা হোৱাৰ কথা কৈছিল, তেওঁ সেই ঠাইত আছে।

3তুমি তোমাৰ হাতত দহোটা পিঠা, কিছু মুৰমুৰিয়া পিঠা আৰু এটেকেলি মৌ লৈ অহীয়াৰ ওচৰলৈ যোৱা; ল’ৰাটিৰ কি ঘঠিব, তেওঁ সেই বিষয়ে তোমাক ক’ব।”

4তেতিয়া যাৰবিয়ামৰ পত্নীয়ে সেইদৰে কৰিলে আৰু তেওঁ উঠি চীলোত থকা অহীয়াৰ ঘৰলৈ গ’ল। সেই সময়ত অহীয়াই চকুৰে নেদেখা হৈছিল, কাৰণ তেওঁৰ অতি বয়স হোৱাত তেওঁৰ চকু দৃষ্টিহীন হৈছিল।

5তেতিয়া যিহোৱাই অহীয়াক ক’লে, “চোৱা, যাৰবিয়ামৰ পত্নীয়ে নিজৰ ল’ৰাটিৰ বিষয়ে সুধিবলৈ তোমাৰ ওচৰলৈ আহিব, কিয়নো ল’ৰাটি বেমাৰত পৰিছে; তুমি তাইক অমোক তমোকৰ কথা কবা; কাৰণ তাই যেতিয়া আহিব, তেতিয়া আন মহিলাৰ বেশ ধৰিব।”

6পাছত তাই দুৱাৰেদি সোমাই অহা লগে লগে, অহীয়াই তাইৰ ভৰিৰ শব্দ শুনা পালে। তেতিয়া তেওঁ ক’লে, “হে যাৰবিয়ামৰ পত্নী, ভিতৰলৈ আহাঁ৷ তুমি কিয় আন মহিলাৰ বেশ ধৰিছা? তোমাক অশুভ কথা ক’বলৈ মই আজ্ঞা পালোঁ।

7তুমি গৈ যাৰবিয়ামক কোৱাগৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই প্ৰজাসকলৰ মাজৰ পৰা তোমাক ওখ পদত নিযুক্ত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ৷

8মই দায়ুদৰ বংশৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দিলোঁ; তথাপি মোৰ দাস দায়ূদে মোৰ আজ্ঞা পালন কৰিছিল, আৰু মোৰ দৃষ্টিত যি ন্যায়, অকল তাকেই কৰিবলৈ নিজৰ সকলো মনৰ সৈতে মোৰ পাছত চলিছিল, তুমি তেওঁৰ দৰে হবলৈ নোৱাৰিলা৷

9কিন্তু তোমাৰ পূৰ্বৰ সকলো লোকতকৈয়ো তুমি অধিক কুকৰ্ম কৰিলা। বিশেষকৈ মোক খঙত উত্তেজিত হ’বলৈ, তুমি গৈ ইতৰ দেৱতাবোৰ আৰু সাঁচত ঢলা প্ৰতিমাবোৰ নিৰ্মাণ কৰিলা আৰু মোক হ’লে পিঠিৰ পাছলৈ পেলাই দিলা।

10এই হেতুকে চোৱা, মই তোমাৰ বংশলৈ অমঙ্গল ঘটাম আৰু তোমাৰ সম্বন্ধীয়া প্ৰত্যেকজন পুৰুষক ইস্ৰায়েলৰ মাজৰ বন্দী আৰু মুক্ত অৱস্থাত থকা লোকসকলক সম্পূৰ্ণৰূপে উচ্ছন্ন কৰিম, যিদৰে মানুহে গোবৰৰ সাৰ শেষ নোহোৱালৈকে জ্ৱলাই থাকে৷

11তোমাৰ পৰিয়ালৰ যি লোকৰ এই নগৰত মৃত্যু হ’ব, তাক কুকুৰবোৰে খাব; আৰু যি জন লোক নগৰৰ বাহিৰত মৰিব, তাক আকাশৰ চৰাইবোৰে খাব, কিয়নো মই যিহোৱাই এই কথা কৈছো।

12এই হেতুকে, হে যাৰবিয়ামৰ পত্নী, তুমি উঠি ঘৰলৈ যোৱা। তুমি গৈ যেতিয়াই নগৰত ভৰি দিবা, তেতিয়াই অবিয়াৰ মৃত্যু হ’ব।

13তেতিয়া তাৰ কাৰণে সমুদায় ইস্ৰায়েলে বিলাপ কৰি তাক মৈদাম দিব৷ কিয়নো যাৰবিয়ামৰ সমন্ধীয়া কেৱল এওঁহে মৈদাম পাব, কিয়নো যাৰবিয়ামৰ বংশৰ মাজৰ পৰা এওঁতহে কিছু সদ্‌স্বভাৱ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পক্ষত পোৱা গ’ল।

14তদুপৰি যিদিনা যিহোৱাই নিজে ইস্ৰায়েলৰ ওপৰত এজন ৰজা উৎপন্ন কৰিব; সেই দিনাই তেওঁ যাৰবিয়ামৰ বংশক উচ্ছন্ন কৰিব; আৰু আজিয়েই সেই দিন আৰু এতিয়াই উচ্ছন্ন কৰা সময়।

15কিয়নো যিহোৱাই ইস্ৰায়েলক পানীৰ সোঁতত লৰি থকা নলৰ দৰে আঘাত কৰিব আৰু তেওঁ ইস্ৰায়েলক, তেওঁলোকৰ পূর্বপুৰুষসকলক দিয়া উত্তম দেশৰ পৰা উঘালি, নদীৰ সিপাৰে সিঁচৰিত কৰিব কাৰণ তেওঁলোকে নিজ নিজ আচেৰা মুৰ্ত্তি নিৰ্মাণ কৰি যিহোৱাৰ খং উঠাবলৈ উত্তেজিত কৰিলে৷

16যাৰবিয়ামে যি যি পাপ কৰিলে আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলৰ সন্তান সকলে যি পাপ কৰিলে, সেইবোৰ পাপৰ কৰণে তেওঁ ইস্ৰায়েলক ত্যাগ কৰিব।”

17পাছত যাৰবিয়ামৰ পত্নী উঠি গৈ তিৰ্চালৈ আহিল৷ তাই দুৱাৰ-ডলিত ভৰি দিয়া মাত্ৰকে ল’ৰাটি মৰিল।

18তেতিয়া যিহোৱাই নিজৰ দাস অহীয়া ভাববাদীৰ মুখেৰে কোৱাৰ দৰে সমুদায় ইস্ৰায়েলে তাক মৈদাম দিলে আৰু তাৰ কাৰণে বিলাপ কৰিলে।

19যাৰবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, অৰ্থাৎ তেওঁ কেনেকৈ যুদ্ধ কৰিছিল আৰু কি প্ৰকাৰে ৰাজ্য শাসন কৰিছিল, চোৱা, তেওঁৰ বিৱৰণ ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তক খনত লিখা আছে।

20যাৰবিয়ামে বাইশ বছৰ ৰাজত্ব কৰি, তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল৷ তাৰ পাছত তেওঁৰ পুত্ৰ নাদব তেওঁৰ পদত ৰজা হ’ল।

21সেই সময়ত চলোমনৰ পুত্ৰ ৰহবিয়াম যিহূদা দেশৰ ওপৰত ৰাজত্ৱ কৰিছিল৷ ৰহবিয়ামে একচল্লিশ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিহোৱাই নিজ নাম স্থাপন কৰিবৰ অৰ্থে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মনোনীত কৰা নগৰ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম অম্মোনীয়া নয়মা।

22যিহূদাই যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলে কৰা কাৰ্যতকৈয়ো তেওঁলোকৰ দ্বাৰাই তেওঁৰ অন্তৰ্জ্বালা অধিককৈ জন্মালে।

23কিয়নো তেওঁলোকে প্ৰত্যেক ওখ পৰ্বতত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত নিজৰ কাৰণে পবিত্ৰ ঠাইবোৰ, স্তম্ভ, আৰু আচেৰা মূৰ্ত্তিবোৰ যুগুত কৰিলে৷

24সেই দেশত ৰতিক্রিয়া কৰা পুৰুষসকলো আছিল। যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা যি জাতি দূৰ কৰিছিল, সেই জাতিৰ ঘিণলগীয়া কাৰ্যবোৰৰ দৰে তেওঁলোকে কাৰ্য কৰিব ধৰিলে।

25পাছত ৰহবিয়ামৰ ৰাজত্বৰ পঞ্চম বছৰত মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰুদ্ধে উঠি আহিল৷

26তেওঁ যিহোৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল; তেওঁ সকলো বস্তুৱে লৈ গ’ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ’ল।

27তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল কৰাই ৰাজগৃহৰ দুৱাৰ-ৰখীয়া প্ৰহৰীবোৰৰ অধ্যক্ষসকলৰ হাতত শোধাই দিলে।

28তাতে যেতিয়াই ৰজাই যিহোৱাৰ গৃহত সোমাই প্ৰহৰীবোৰে সেই ঢালবোৰ কঢ়িয়াই লৈ যায়; পাছত আকৌ পুনৰায় প্ৰহৰীৰ কোঁঠালিলৈ ঘূৰাই লৈ আহে।

29ৰহবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?

30ৰহবিয়াম আৰু যাৰবিয়াম ৰজাৰ মাজত সদায় যুদ্ধ লাগি আছিল।

31পাছত ৰহবিয়াম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজ পূর্বপুৰুষসকলৰ লগত দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ মাকৰ নাম অম্মোনীয়া নয়মা; পাছত তেওঁৰ পুত্ৰ অবিয়াম তেওঁৰ পদত ৰজা হ’ল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath