1 যোহন 4
1হে প্ৰিয়সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল।
2অাপোনালোকে ঈশ্বৰৰ আত্মাক এনেদৰে জানিব পাৰিব, যীচু খ্ৰীষ্ট যে মাংসত আহিল, এই কথা যিবোৰ আত্মাই স্বীকাৰ কৰে, সেই আত্মা ঈশ্বৰৰ;
3আৰু যি আত্মাই যীচুক স্বীকাৰ নকৰে, সেইবোৰ ঈশ্বৰৰ নহয়; সেয়ে খ্ৰীষ্টৰ শত্ৰুৰ আত্মা৷ এই বিষয়ে আপোনালোকে শুনিছে, এইবোৰ ইতিমধ্যে জগতত এতিয়া উপস্থিত হৈ আছে।
4হে প্ৰিয় সন্তানসকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মা বোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।
5এই আত্মাবোৰ জগতৰ; এই কাৰণে জগতৰ কথাহে কয় আৰু জগতৰ লোক সকলেও এইবোৰৰ কথা শুনে।
6আমি হ’লে ঈশ্বৰৰ লোক; যিজনে ঈশ্বৰক জানে, তেওঁ আমাৰ কথা শুনে; যিজন ঈশ্বৰৰ নহয়, তেওঁ আমাৰ কথা নুশুনে৷ ইয়াৰ দ্বাৰাই আমি সত্যৰ আত্মা আৰু ভ্ৰান্তিৰ আত্মাক জানিব পাৰোঁ।
7হে প্ৰিয় লোকসকল আহক, আমি পৰস্পৰে প্ৰেম কৰোঁহক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়৷ যি কোনোৱে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে।
8যিজনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে; কিয়নো ঈশ্বৰেই প্ৰেম।
9ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে, তেওঁক জগতলৈ পঠালে, ইয়াতে আমাৰ বাবে ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হ’ল৷
10ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়; কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ’বলৈ নিজ পুত্ৰক পঠাই দিলে, ইয়াতেই প্ৰেম আছে।
11হে প্ৰিয়সকল, ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেনেহলে আমিও পৰস্পৰে প্ৰেম কৰা উচিত।
12ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; আমি যদি পৰস্পৰে প্ৰেম কৰোঁ, তেনেহলে ঈশ্বৰ আমাৰ লগত থাকে আৰু তেওঁৰ প্ৰেম আমাৰ মাজত সিদ্ধ হয়।
13আমি জানোঁ যে, তেওঁ আমাৰ মাজত আছে; আৰু আমিও তেওঁৰ লগত আছোঁ৷ এই বিষয়ে আমি জানো, কাৰণ ঈশ্বৰে তেওঁৰ আত্মাক আমাৰ বাবে দান কৰিলে৷
14আমি দেখিছোঁ আৰু সাক্ষ্য দিছোঁ যে, পিতৃয়ে জগতৰ ত্ৰাণকৰ্তা হ’বলৈ তেওঁৰ পুত্ৰক পঠাই দিলে৷
15যীচু যে ঈশ্বৰৰ পুত্ৰ; ইয়াক যিজনে স্বীকাৰ কৰে, ঈশ্বৰ তেওঁত থাকে আৰু তেৱোঁ ঈশ্বৰত থাকে।
16আমালৈ ঈশ্বৰৰ প্ৰেম আছে, এই কথা আমি জানোঁ আৰু বিশ্বাসো কৰোঁ। ঈশ্বৰ প্ৰেম আৰু যি জন প্ৰেমত থাকে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে।
17এই প্ৰেমে আমাৰ ক্ষেত্ৰত এনেদৰে পূর্ণতা পালে যে, আমি সোধ-বিচাৰৰ দিনা আত্মবিশ্ৱাসী হৈ থিয় হব পাৰিম; কিয়নো তেওঁ যেনেকুৱা, আমিও এই জগতত তেনেকুৱাই আছোঁ।
18প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে; কাৰণ ভয়ৰ সৈতে শাস্তি জড়িত থাকে৷ কিন্তু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধতা লাভ কৰা নাই৷
19আমি প্ৰেম কৰোঁ, কাৰণ তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে৷
20কোনোৱে যদি কয়, ‘মই ঈশ্বৰক প্ৰেম কৰোঁ’, কিন্তু তেওঁ যদি নিজ ভাইক ঘৃণা কৰে, তেনেহলে তেওঁ মিছলীয়া; কিয়নো ভাইক যদি তেওঁ দেখিও প্ৰেম কৰা নাই, তেনেহলে যি জনক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে।
21যিজনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম কৰক; এই আজ্ঞা আমি তেওঁৰ পৰা পালোঁ।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath