খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

1 যোহন 1

1যি আদিৰে পৰা আছিল , যি আমি শুনিলোঁ, যি চকুৰে দেখিলোঁ, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, সেই জীৱনৰ বাক্যৰ প্ৰসংগ আমি লিখিলোঁ,

2আৰু সেই জীৱন প্ৰকাশিত আছিল , আমি দেখিছিলোঁ, সাক্ষ্য বহন কৰিছিলোঁ আৰু আপোনালোকলৈ সেই অনন্ত জীৱন ঘোষণা কৰোঁ, যি অনন্ত জীৱন পিতৃৰ সৈতে আছিল আৰু আমাৰ আগত প্ৰকাশিত হ’ল;

3সেয়া আমি দেখিলোঁ, শুনিলোঁ আৰু আপোনালোকলৈ ঘোষণাও কৰিলোঁ, গতিকে আপোনালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিব। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু তেওঁৰ পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা।

4আৰু আপোনালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেই কাৰণে আমি এইবোৰ কথা লিখিছোঁ।

5আমি যি বাৰ্তা তেওঁৰ পৰা শুনি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ, সেই বার্তাই হ’ল, ঈশ্বৰ পোহৰ আৰু তেওঁত আন্ধাৰ অকণ মানো নাই।

6সেয়েহে আমি যদি তেওঁৰে সৈতে সহভাগিতাত আছোঁ বুলি কওঁ আৰু আমি আন্ধাৰত চলোঁ, তেনেহলে আমি মিছলীয়া আৰু সত্যৰ আচৰণ আমাৰ নাই৷

7কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।

8আমাৰ পাপ নাই বুলি যদি কওঁ, তেনেহলে আমি নিজেই নিজকে ভুলাওঁ; আৰু আমাৰ অন্তৰত সত্যতা নাই।

9কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।

10আমি পাপ কৰা নাই বুলি যদি কওঁ, তেনেহলে তেওঁক মিছলীয়া পাতোঁ আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath