খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

1 কৰিন্থীয়া 1

1ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা খ্ৰীষ্ট যীচুৰ আমন্ত্রিত পাঁচনি পৌল আৰু আমাৰ ভাই চোন্থিনিৰ পৰা এই পত্র।

2এই পত্র কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী; খ্রীষ্ট যীচুৱে পবিত্র কৰি যি সকলক পবিত্র লোক হবলৈ আমন্ত্রণ কৰিলে, তেওঁলোকৰ আৰু সকলো ঠাইতে যি সকল লোকে আমাৰ অর্থাৎ তেওঁলোকৰ আৰু আমাৰো প্ৰভু খ্রীষ্ট যীচুৰ নামত প্রার্থনা কৰে, সেই সকলোৰে সমীপলৈ।

3আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।

4খ্রীষ্ট যীচুত ঈশ্বৰে যি অনুগ্রহ আপোনালোকক দান কৰিলে, তাৰ কাৰণে মই সদায় মোৰ ঈশ্বৰক ধন্যবাদ দিওঁ।

5আপোনালোক খ্রীষ্ট যীচুত সকলো বিষয়ত সকলো ধৰণৰ বক্তৃতা দিয়াৰ ক্ষমতাৰে আৰু জ্ঞানত উপচি পৰিছে।

6তেওঁ আপোনালোকক উপচাই দিছে আৰু এইদৰেই আপোনালোকৰ মাজত খ্রীষ্ট সম্পর্কীয় সাক্ষ্য সত্যৰূপে প্রমাণিত হৈ আছে।

7সেই কাৰণে আপোনালোকৰ আত্মিক বৰৰ কোনো অভাৱ নাই আৰু আমাৰ প্রভু যীচু খ্রীষ্ট প্রকাশিত হোৱা দিনলৈ আপোনালোকে আগ্রহেৰে অপেক্ষা কৰি আছে।

8তেওঁ আপোনালোকক শেষলৈকে বলৱন্ত কৰিব, যাতে আমাৰ প্রভু যীচু খ্রীষ্টৰ সেইদিন পর্যন্ত আপোনালোক নিৰ্দোষী, পবিত্ৰ হৈ থাকিব।

9ঈশ্বৰ বিশ্বাসী; তেৱেঁই আপোনালোকক তেওঁৰ পুত্র, আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে।

10কিন্তু মোৰ প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়।

11মোৰ ভাই-ভনী সকল, মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে, আপোনালোকৰ মাজত নানা বাক-বিতণ্ডা হৈ আছে।

12এতিয়া মই এই কথা কবলৈ বিচাৰিছোঁ যে, আপোনালোক প্রতিজনে কয় “মই পৌলৰ দলৰ” অথবা “মই আপল্লোৰ দলৰ” নাইবা “মই কৈফাৰ” বা “মই খ্রীষ্টৰ দলৰ।”

13তেনেহলে খ্রীষ্টক ভাগ কৰা হৈছে নেকি? পৌলক জানো আপোনালোকৰ কাৰণে ক্রুচত দিয়া হৈছিল? আপোনালোকে জানো পৌলৰ নামেৰে বাপ্তিস্ম লৈছিল?

14মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ যে ক্ৰীষ্প আৰু গায়ৰ বাহিৰে আপোনালোকৰ আন কোনো এজনকো মই বাপ্তিস্ম দিয়া নাই।

15গতিকে কোনেও কব নোৱাৰিব যে আপোনালোকে মোৰ নামেৰে বাপ্তিস্ম লৈছে।

16অৱশ্যে হয়, স্তিফানাৰ পৰিবাৰৰ লোক সকলকো মই বাপ্তিস্ম দিছোঁ। এওঁলোকৰ বাহিৰে আন কোনো এজনক বাপ্তিস্ম দিছোঁ বুলি মোৰ মনত নপৰে।

17কিয়নো খ্রীষ্টই মোক বাপ্তিস্ম দিবৰ কাৰণে নহয়, কিন্তু শুভবার্তা প্রচাৰ কৰিবৰ কাৰণেহে পঠাইছে। খ্রীষ্টৰ ক্ৰুচৰ পৰাক্রম যেন বিফল নহয়, সেয়ে তেওঁ মোক এই শুভবার্তা মানুহৰ জ্ঞানেৰেও প্রচাৰ কৰিবলৈ পঠোৱা নাই।

18বিনাশৰ পথত চলা লোক সকললৈ ক্ৰুচৰ শিক্ষা মূর্খতা। কিন্তু ঈশ্বৰে পৰিত্ৰাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ।

19কাৰণ এইদৰে লিখা আছে: “মই জ্ঞানী সকলৰ জ্ঞান নষ্ট কৰিম; মই বুদ্ধিমান সকলৰ বুদ্ধি ব্যর্থ কৰিম”

20কিন্তু জ্ঞানী লোক ক’ত? পণ্ডিত লোকেই বা ক’ত? এই জগতৰ তার্কিক লোক বা ক’ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই?

21সেয়ে ঈশ্বৰৰ নিজ জ্ঞানত যেতিয়া জনিলে যে জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নাজানিলে, তেতিয়া প্রচাৰৰ মূর্খতাৰ দ্বাৰাই যি সকলে বিশ্বাস কৰে, সেই সকলক উদ্ধাৰ কৰাত ঈশ্বৰ সন্তুষ্ট হ’ল।

22ইহুদী সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে আৰু গ্রীক সকলে প্রজ্ঞাৰ অন্বেষণ কৰে।

23কিন্তু আমি হ’লে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰোঁ। ইহুদী লোক সকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতাস্বৰূপ।

24কিন্তু ইহুদী লোকেই হওক বা গ্রীক লোকেই হওক, ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে, আমি তেওঁলোকৰ ওচৰত খ্রীষ্টক ঈশ্বৰৰ শক্তি আৰু জ্ঞানস্বৰূপে প্রচাৰ কৰোঁ।

25কাৰণ ঈশ্বৰৰ যি মূর্খতা, সেয়া মানুহৰ জ্ঞানতকৈ অধিক জ্ঞানসম্পন্ন আৰু ঈশ্বৰৰ যি দুর্বলতা, সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী।

26ভাই-ভনী সকল, ঈশ্বৰে যে আপোনালোকক আহ্বান কৰিছে, সেই বিষয়ে অলপ ভাৱি চাওক। মানুহৰ বিচাৰত আপোনালোক বহুতেই জ্ঞানী আছিল, এনে নহয়; ক্ষমতাসম্পন্ন ব্যক্তিও যে আছিল, এনে নহয় নাইবা অনেকে যে অভিজাত বংশত জন্মিছিল, তেনেও নহয়।

27কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে।

28জগতত যি তুচ্ছ আৰু ঘৃণিত, যাৰ কোনো মূল্যই নাই, সেই সকলক ঈশ্বৰে মনোনীত কৰিলে যাতে জগতৰ মূল্যৱান সকলক তেওঁ মূল্যহীন কৰিব পাৰে।

29ঈশ্বৰে এই কাম কৰিলে যাতে কোনো মানুহে তেওঁৰ ওচৰত অহংকাৰ কৰিব নোৱাৰে।

30কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হ’ল। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা, পবিত্রতা আৰু মুক্তি।

31সেয়েহে শাস্ত্রত লিখা আছে, “যি জনে গর্ব কৰে, তেওঁ প্রভুতেই গর্ব কৰক।”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath