খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

1 কৰিন্থীয়া 13

1যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই কেৱল বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ।

2মই যদি ভাববাণী পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ।

3আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।

4প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়,

5ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷

6ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে,

7প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।

8প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, সেইবোৰ গুচিব; জ্ঞান হ’লে, সেই জনো লুপ্ত হ’ব।

9কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ;

10কিন্তু সম্পূৰ্ণতা উপস্থিত হ’লে, সেই খণ্ডবোৰ লুপ্ত হ’ব।

11যেতিয়া মই শিশু আছিলোঁ, তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ, শিশুৰ দৰে ভাবিছিলোঁ, শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ৷ যেতিয়া বয়স পালোঁ, তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ।

12কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ; কিন্তু তেতিয়া, মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ’লোঁ, তেনেকৈ সম্পূৰ্ণ ৰূপত জানিম।

13কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath