1 বংশাৱলি 5
1ৰূবেণ ইস্ৰায়েলৰ প্রথম সন্তান আছিল, তেওঁ আছিল ইস্রায়েলৰ প্রথম পুত্র; কিন্তু তেওঁৰ পিতৃৰ শয্যা কলুষিত কৰা বাবে তেওঁ নিজৰ জেষ্ঠাধিকাৰ হেৰুৱাইছিল, আৰু ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ সন্তানক সেই অধিকাৰ দিয়া হৈছিল। সেয়ে বংশাৱলীত তেওঁৰ নাম জেষ্ঠৰ শ্ৰেণীত লিখা নহ’ল।
2যিহূদা তেওঁৰ ভাইসকলৰ মাজত শক্তিশালী আছিল, আৰু নেতা তেওঁৰ পৰাই হ’ল; কিন্তু জ্যেষ্ঠাধিকাৰ যোচেফৰ হ’ল।
3ইস্ৰায়েলৰ প্ৰথম পুত্ৰ ৰূবেণৰ সন্তান সকল হ’ল, হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী।
4যোৱেলৰ বংশধৰ এওঁলোক: যোৱেলৰ পুত্র চিময়ীয়া, চিময়িয়াৰ পুত্র গোগ, গোগৰ পুত্র চিমিয়ী,
5চিমিয়ীৰ পুত্র মীখা, মীখাৰ পুত্র ৰায়া, ৰায়াৰ পুত্র বাল,
6বালৰ পুত্র বেৰা, তেওঁক অচূৰৰ ৰজা তিলগৎ-পিলনেচৰ বন্দী কৰি লৈ গৈছিল। তেওঁ ৰূবেণীয়াসকলৰ নেতা আছিল।
7যেতিয়া তেওঁলোকৰ বংশাৱলী লিপিৱদ্ধ কৰা হৈছিল, তেতিয়া নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁৰ ভাই সকল হ’ল: প্ৰধান যিয়ীয়েল, জখৰিয়া,
8যোৱেলৰ পুত্র চেমা, চেমাৰ পুত্র আজজ, আজজৰ পুত্র বেলা। তেওঁলোক নবো আৰু বাল-মিয়োনলৈকে অৰোয়েৰত বাস কৰিছিল,
9আৰু তেওঁলোক পূবদিশে ফৰাৎ নদীৰ পৰা মৰুপ্রান্তৰ কাষলৈকে বাস কৰিছিল, কাৰণ গিলিয়দ দেশত তেওঁলোকৰ পশুবোৰ বৃদ্ধি হৈছিল।
10চৌলৰ ৰাজত্বৰ সময়ত তেওঁলোকে হাগৰীয়াসকলক আক্রমণ কৰি পৰাজিত কৰিলে। তেওঁলোক হাগৰীয়াসকলৰ তম্বুত আৰু গিলিয়দৰ পূব দিশৰ আটাই দেশত বাস কৰিছিল।
11তেওঁলোকৰ ওচৰত বাচান দেশৰ পৰা চলখালৈকে গাদৰ সন্তান সকলে বাস কৰিছিল।
12যোৱেল তেওঁলোকৰ গোষ্ঠীৰ মূৰব্বী আছিল, আৰু চাফম আন এটা গোষ্ঠীৰ মূৰব্বী আছিল; তাৰ পাছত যনয় আৰু চাফট মূৰব্বী হ’ল। এওঁলোক বাচানত আছিল।
13তেওঁলোকৰ পিতৃ-বংশৰ সম্পৰ্কীয় সাত জন হ’ল, মীখায়েল, মচুল্লম, চেবা, যোৰয়, যক্কন, জীয়া, আৰু এবৰ।
14উল্লেখিত এই ব্যক্তিসকল অবীহয়িলৰ বংশধৰ আছিল: হূৰীৰ পুত্র অবীহয়িল আছিল। যাৰোহৰ পুত্র হূৰী আছিল। গিলিয়দৰ পুত্র যাৰোহ আছিল। মীখায়েলৰ পুত্র গিলিয়দ আছিল। যিচীচয়ৰ পুত্র মীখায়েল আছিল। যহদোৰ পুত্র যিচীচয় আছিল। বূজৰ পুত্র যহদো আছিল।
15গূনীৰ পুত্র অব্দীয়েল, অব্দীয়েলৰ পুত্র অহী তেওঁলোকৰ পিতৃ-বংশৰ মূল ব্যক্তি আছিল।
16তেওঁলোক গিলিয়দত, বাচানৰ নগৰত, আৰু চাৰোণৰ সীমালৈকে চৰণীয়া ঠাইত বাস কৰিছিল।
17যিহূদাৰ ৰজা যোথম আৰু ইস্ৰায়েলৰ ৰজা যাৰবিয়াম ৰাজত্বৰ সময়ত তেওঁলোকৰ সকলোৰে বংশাৱলী লিপিৱদ্ধ কৰি ৰখিছিল।
18ৰূবেণৰ, গাদীয়াৰ, আৰু মনচিৰ আধা গোষ্ঠীৰ মাজৰ চৌৱাল্লিশ হাজাৰ সৈন্যক যুদ্ধৰ বাবে প্রশিক্ষণ দিয়া হৈছিল, তেওঁলোকে ঢাল, তৰোৱাল কঢ়িয়াইছিল, আৰু ধনু মাৰিছিল।
19তেওঁলোকে হাগৰীয়া, যটূৰ, নাফীচ, আৰু নোদবক আক্রমণ কৰিছিল।
20তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে ঈশ্বৰীয় সহায় পাইছিল। এইদৰে হাগৰীয়াসকল আৰু তেওঁলোকৰ লগত থকা সকলোকে তেওঁলোকে পৰাজিত কৰিলে। কিয়নো তেওঁলোকে যুদ্ধত ঈশ্বৰৰ আগত কাতৰোক্তি কৰিলে আৰু তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনিলে, কাৰণ তেওঁলোকে তেওঁত বিশ্বাস কৰিছিল।
21তেওঁলোকৰ জীৱ-জন্তুবোৰ তেওঁলোকে আটক কৰিলে, তাৰ ভিতৰত পঞ্চাশ হাজাৰ উট, দুই লাখ পঞ্চাশ হাজাৰ মেৰ-ছাগ, দুই হাজাৰ গাধ, আৰু এক লাখ মানুহ।
22কাৰণ তেওঁলোকৰ হৈ ঈশ্বৰে যুদ্ধ কৰিছিল, সেয়ে বহুতো শত্রুক তেওঁলোকে হত্যা কৰিছিল। এইদৰে বন্দী কৰি নিয়া সময়লৈকে তেওঁলোকৰ ঠাই সমূহত তেওঁলোকে বাস কৰিছিল।
23মনচিৰ আধা গোষ্ঠীৰ লোকসকলে বাচান দেশৰ পৰা বাল-হৰ্মোন , আৰু চনীৰলৈকে বাস কৰিছিল।
24তেওঁলোকৰ নিজ নিজ বংশৰ নেতাসকল হ’ল: এৰফ, যিচী, ইজ্ৰীয়েল, যিৰিমিয়া, হোদবিয়া, আৰু যহদিয়েল। এওঁলোক বলৱান, সাহসী, নাম জ্বলা, আৰু নিজ নিজ পিতৃ-বংশৰ নেতা আছিল।
25কিন্তু তেওঁলোক পূৰ্বপুৰুষৰ ঈশ্বৰৰ প্রতি অবিশ্ৱাসী আছিল। ঈশ্ৱৰে তেওঁলোকৰ সন্মুখত যাক ধ্বংস কৰিছিল, সেই দশৰ তেনে দেৱ-দেৱীবোৰক তেওঁলোকে আৰাধনা কৰিছিল।
26সেয়ে অজৰীয়াৰ ৰজা পূলক ইস্ৰায়েলৰ ঈশ্বৰে অস্থিৰ কৰিলে, তিলগৎ-পিলনেচৰ বুলি কোৱা হয়। তেওঁ ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধাগোষ্ঠীৰ লোকসকলক হাবোৰ, হাৰা, গোজনৰ নদীলৈকে লৈ গ’ল; আজিলৈকে তেওঁলোকে সেই ঠাইতে আছে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath